Monday 23 April 2018

প্ৰসংগ: বড়োসকলৰ কিছু আত্মসমালোচনাৰ প্ৰয়োজন

যোৱা ১১ এপ্ৰিল তাৰিখে ‘আমাৰ অসম’ত প্ৰকাশিত প্ৰাঞ্জল দাসৰ ‘বড়োসকলৰ কিছু আত্মসমালোচনাৰ প্ৰয়োজন’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মতামত আগবঢ়াবলৈ মন গ’ল। প্ৰবন্ধকাৰ দাসে ঠিকেই কৈছে যে অসম ৰাজ্যৰ বাসিন্দা হিচাপে চিনাকি দিব বিচৰা কোনো মানুহেই নিজে বসবাস কৰা অঞ্চলটো আন কিবা এটা হোৱাৰ কথা কল্পনা কৰিব নোৱাৰে। নিবিচৰা সত্ত্বেও নিজে বসবাস কৰা অঞ্চল এটা নতুনকৈ গঠিত ৰাজ্য এখনত অন্তৰ্ভূক্ত হ’ব লগা হ’লে কেনেকুৱা লাগিব, ভুক্তভোগীৰ বাহিৰে আনে সম্পূৰ্ণকৈ বুজি পোৱা সম্ভৱ নহয়। দাসৰ আৰু এটা প্ৰসংগত আমি একমত। তেখেতে ভাবিবলৈ বাধ্য হৈছে যে পৃথক বড়ো ৰাজ্য গঠন কৰাৰ আঁৰত ক্ষমতালোভী কিছু জননেতাৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ কু-চক্ৰান্ত নিহিত আছে। বিটিচি চুক্তিৰ আধাৰত বিটিএডি অঞ্চলত ক্ষমতা দখল কৰিবলৈ সক্ষম নোহোৱা যিসকল বড়ো নেতাই অধিক সক্ৰিয়ভাবে পৃথক বড়ো ৰাজ্য গঠনৰ প্ৰচেষ্টা চলাইছে, তেওঁলোকৰ মাজতেই ক্ষমতা দখলৰ লালসা বেছি বুলি ক’লে নিশ্চয় অলপহে বঢ়াই কোৱা হ’ব। কিন্তু, এক সময়তে দাসে উত্থাপন কৰা কেইটামান প্ৰসংগৰ ওপৰত মাত নামাতিলে জনজাতিৰ সৈতে সম্পৰ্ক থকা বাস্তৱ পৰিস্থিতিক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা থাকি যাব।
ঐতিহাসিক ভুলৰ কুফল অসমৰ মূলসূঁতিৰ অসমীয়াসকলে আজি ভোগ কৰি আছে বুলি দাসে কৈছে আৰু পূৰ্বৰ ভুলকে খুঁচৰি থাকি অসমীয়া সমাজখনক দোষাৰোপ কৰাটো সমীচীন হ’বনে বুলি তেখেতে প্ৰশ্ন কৰিছে। আমাৰ বোধেৰে বড়োসকলকে ধৰি অসমৰ আন জনজাতিসকলে মূলসূঁতিৰ অসমীয়াসকলৰ পূৰ্বৰ ভুলবিলাক খুঁচৰি দোষাৰোপ কৰাৰ মাত্ৰা পূৰ্বৰ তুলনাত বহুখিনি হ্ৰাস পাইছে। অসমৰ জনজাতিসকলে বুজি উঠিছে যে জনজাতিসকলৰ উত্তৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত মূলসঁতিৰ অসমীয়াসকলৰ নেতৃত্বৰ ওপৰত ভৰষা কৰি আৰু লাভ নাই। উদাহৰণস্বৰূপে, অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত মূলসঁতিৰ অসমীয়াসকলৰ নেতৃত্বই ভোট বেংকৰ ৰাজনীতিৰ বাহিৰে একো নকৰে বুলি জনজাতিসকলে মানি ল’বলৈ বাধ্য হৈছে। পৃথক ৰাজ্য গঠন কৰিব পাৰিলে তেওঁলোকে সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াই নিজে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰাৰ আত্মবিশ্বাস গঢ়ি উঠিছে। 
     প্ৰবন্ধটোত দাসে কৈছে যে অসমৰ হকে মাত মতা বিশিষ্ট বুদ্ধিজীৱীসকলে বড়ো নেতৃবৃন্দক নিজৰ অৰ্হতাৰ গুণত ৰাজ্যখনৰ ক্ষমতাৰ জৰী হস্তগত কৰাৰ পৰামৰ্শ দি আহিছে। আমাৰ মতে এয়া নিশ্চয়কৈ এটা খুউব ভাল আৰু বাস্তৱিক পৰামৰ্শ। কিন্তু, জনজাতীয় মূলৰ কোনো এজন ৰাজনীতিকে ৰাজ্যখনৰ ক্ষমতা হস্তগত কৰিবলৈ হ’লে নামটোৰ পাছত উপাধিটো লগত ৰখাৰ বাহিৰে নিজকে জনজাতীয় মূলৰ পৰা কিমান দূৰ আঁতৰি আহিব লাগিব সেয়াও সমানে বাস্তৱ আৰু সত্য। দাসে তেখেতৰ যুক্তিৰ সৈতে সংগতি ৰাখি বিশিষ্ট বুদ্ধিজীৱীৰ প্ৰসংগৰে যিজন ৰাজনীতিকৰ উদাহৰণ দিছে, আমাৰ যুক্তিৰ প্ৰমাণো সেই একেজন ৰাজনীতিকৰ মাজতে বহু পৰিমাণে পোৱা যাব।
প্ৰবন্ধটোৰ শেষৰ ফালে দাসে গুৱাহাটী বিশ্ববিদ্যালয়ত যি সাংস্কৃতিক মিলনৰ উদাহৰণ দিছে সেয়া নিশ্চয়কৈ এক সুন্দৰ পৰিবেশ। পিছে মনত ৰখা দৰকাৰ যে জনজাতিসকলৰ সংস্কৃতিয়ে অ-জনজাতীয় সমাজত সন্মান লাভৰ আজি যি সুন্দৰ পৰিবেশ গঢ়ি উঠিছে সেয়া একেদিনে সম্ভৱ হোৱা নাই। এসময়ত উচ্চ বৰ্ণৰ হিন্দুসকলে জনজাতিসকলক ‘ম্লেছ’ বুলি ঘৃণা কৰিছিল (শিৱনাথ বৰ্মন, ‘অসমৰ জনজাতি সমস্যা’, বনলতা, ২০১৩, পৃষ্ঠা:৪৬)। ঘৃণাৰ পাত্ৰ হোৱা জনজাতিসকলৰ সংস্কৃতিক (তেনে পৰিবেশত ‘সংস্কৃতি’ বুলি কোৱাটোৱেই ভুল) আজিৰ পৰিবেশ পোৱাবলৈ কিমান যে সংগ্ৰাম কৰিবলগীয়া হৈছে, নতুনকৈ বৰ্ণনা কৰাৰ দৰকাৰ নাই।  সেইদৰে জনজাতিসকলে শৈক্ষিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত আজি যি পৰিবেশ আৰু নিৰাপত্তা লাভ কৰিছে সেয়াও নিৰবিচ্ছিন্ন সংগ্ৰামৰ জৰিয়তেহে সম্ভৱ হৈছে।  
     অৱশ্যে, এইটোও সত্য যে বহুসময়ত বড়োসকলকে ধৰি অসমৰ আন জনজাতিৰ বহু নেতাই তেওঁলোকে প্ৰকৃততে সম্মুখিন হোৱা সমস্যাবিলাক স্পষ্টকৈ চিনাক্ত কৰিব নোৱাৰে (প্ৰেমকান্ত মহন্ত, ‘ৰাজভগনৰ পৰা কলথোকালৈকে’, বান্ধৱ, তৃতীয় প্ৰকাশ, ২০১৮, পৃষ্ঠা: ৯৩)। একেটা জনজাতিৰ মাজতে দুটা বা ততোধিক ফৈদৰ সৃষ্টি হোৱাৰ ফলত সমস্যা চিনাক্ত কৰিব নোৱাৰা সমস্যাটো অধিক জটিল কৰি তুলিছে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ এপ্ৰিল ২০১৮]

Wednesday 11 April 2018

প্ৰসংগ: ছলমান খানৰ জে'ল


    ১৯৯৮ চনৰ অক্টোবৰ মাহত ‘হাম চাথ চাথ হ্যায়’ নামৰ চিনেমাখনৰ চিত্ৰগ্ৰহণ চলি থকাৰ সময়ত জনপ্ৰিয় অভিনেতা ছলমান খানে যোধপুৰত বিলুপ্তপ্ৰায় কৃষ্ণষাঁড় চিকাৰ কৰাৰ অপৰাধত যোধপুৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি যোৱা ৫ এপ্ৰিলত জে'ললৈ প্ৰেৰণ কৰিলে। এই ঘটনাটোৱে স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলৰ মনত বহুত দুখ দিছে। বহুতে এনেদৰও মতামত আগবঢ়াইছে যে ছলমান খানো তেজ মঙহৰ মানুহ। মানুহ মাত্ৰেই ভুল কৰেই। ছলমান খানো তাৰ ব্যতিক্ৰম নহয়। তদুপৰি তেওঁ বহু মানৱীয় কাম কৰি আহিছে, সেয়েহে তেওঁ পাঁচ বছৰ জে'লত থাকিবলগা হ’লে বহু মানুহ তেওঁৰ উপকাৰৰ পৰা বঞ্চিত হ’ব। এই সম্পৰ্কত দোষী সাব্যস্ত কৰি ন্যায়াধীশ গৰাকীয়ে আগবঢ়োৱা মন্তব্যটো অতি তাৎপৰ্যপূৰ্ণ। তেখেতে কৈছে যে জনপ্ৰিয় অভিনেতাৰ কৰ্মকাণ্ডক মানুহে অনুসৰণ কৰে।
     বৰ্তমান সময়ত জনপ্ৰিয় অভিনেতা ছলমান খানে মানৱীয়তা সম্পৰ্কে কৰা কামখিনিক তেওঁৰ ঘোৰ শত্ৰুও অৱজ্ঞা কৰিব নোৱাৰে। তেওঁৰ এই দিশটোক তেওঁৰ অনুৰাগীসকলে অনুসৰণ কৰিলে সমাজত ভাল পৰিবেশৰ সম্প্ৰসাৰণ ঘটিব। একেসময়তে তেওঁ বাৰে বাৰে কৰা নেতিবাচক কামবিলাককো তেওঁৰ অনুৰাগীসকলে অনুসৰণ নকৰিব বুলি নিশ্চয় ন দি ক’ব নোৱাৰি (বিশেষকৈ অন্ধ অনুৰাগীসকলে)তেওঁ কৰা নেতিবাচক কামবিলাকৰ বাবে তেওঁ আইনমতে শাস্তি পালে তেওঁৰ অনুৰাগীসকলে নিশ্চয় সেইবোৰ কামত তেওঁক অনুসৰণ নকৰিব।           
   এইখিনি কথা ছলমান খান বুলি নহয়, সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা  জনপ্ৰিয় মানুহ মাত্ৰেই প্ৰযোজ্য।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১২ এপ্ৰিল ২০১৮, পৃষ্ঠা: ৬]

Sunday 8 April 2018

মুক্ত বজাৰ, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আৰু আঞ্চলিকতাবাদ


ভাৰতত মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত দেশখনৰ অৰ্থ ব্যৱস্থা, সমাজ ব্যৱস্থা, সংস্কৃতি আদি সকলো দিশতে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা ক্ৰমেন্বয়ে হ্ৰাস পাই আহিছে। যিবোৰ ৰাষ্ট্ৰই স্বাধীন ৰাষ্ট্ৰ গঠন হোৱাৰ সময়তে মুক্ত বজাৰ ব্যৱস্থাক আকোঁৱালী লৈছিল, সেইবোৰ ৰাষ্ট্ৰৰ বাবে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস পোৱা পৰিস্থিতিটোক নতুন সমস্যা হিচাপে চিহ্নিত কৰিব নোৱাৰি। প্ৰথম অৱস্থাত মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ নকৰা বহু ৰাষ্ট্ৰ পাছলৈ পৰিস্থিতিৰ তাড়নাত পৰি মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰবোৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস পাই অহা পৰিস্থিতিয়ে জটিল সমস্যাৰ সৃষ্টি কৰিছে। নতুনকৈ মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰবোৰে প্ৰতিযোগিতাৰ সৈতে নতুনকৈ মুখামুখি হৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নতুন নতুন কৌশল চিন্তা কৰি থাকিবলগীয়া হয়। কিন্তু এই ৰাষ্ট্ৰবোৰে প্ৰয়োগ কৰা নতুন কৌশলসমূহ, আগৰে পৰা মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ কৌশলৰ সৈতে ফেৰ মাৰিব নোৱাৰে। ফলস্বৰূপে, আগৰে পৰে মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহে বজাৰত প্ৰভাৱ বিস্তাৰ কৰি নতুনকৈ মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহক সকলো দিশতে দুৰ্বল কৰি পেলায়।
ভাৰতবৰ্ষৰ দৰে নতুনকৈ (১৯৯১ চনত) মুক্ত বজাৰ ব্যৱস্থাক আকোঁৱালী লোৱা ৰাষ্ট্ৰসমূহে বু্জি উঠিছে যে অৰ্থনীতিৰ ক্ষেত্ৰত আৰু নতুনকৈ কৌশল চিন্তা কৰি কোনো লাভ নাই। পুঁজিপতিৰ ইচ্ছানুসৰি বিশ্বৰ উন্নয়নশীল দেশবোৰৰ অৰ্থনীতি যি দিশত গতি কৰিছে, ভাৰতৰ অৰ্থনীতিও সেই দিশতে গতি কৰিব লাগিব। সেইকাৰণে যোৱা কিছু বছৰ ধৰি বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ চিনাকি উজ্জ্বল কৰি ৰাখিবৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰখনক তল পেলাই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ অধিক কৰিবলৈ চেষ্টা কৰা দেখা হৈছে। তাৰ বাবে ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ সৈতে জড়িত সংশ্লিষ্ট মহলে তেওঁলোকৰ পূৰ্বৰ স্থিতিতকৈ কিছু নমনীয় স্থিতি গ্ৰহণ কৰিবলৈকো সাজু হৈছে। ফলত তেওঁলোকে অৰ্থনীতিৰ ক্ষেত্ৰত মুক্ত বজাৰৰ সৈতে ফেৰ মাৰিব নোৱাৰা পৰিস্থিতিটোক কিছু পৰিমানে তল পেলাবলৈ সক্ষম হৈছে।    
মুক্ত বজাৰ ব্যৱস্থাই সমগ্ৰ ভাৰতত সৃষ্টি কৰা সমস্যাবোৰৰ উপৰিও দেশখনক ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ হিচাপে চিনাকি দিব বিচৰা ধাৰণাটোৱে অসমৰ বাবে অতিৰিক্ত সমস্যা হিচাপে দেখা দিছে। নিয়োগৰ দৰে অৰ্থনৈতিক দিশত মু্ক্ত বজাৰে যদি সমগ্ৰ পৃথিৱীৰ প্ৰসংগ আনিছে, চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত অসমত স্থানীয় লোকক নিয়োগ কৰাৰ পৰিবৰ্তে সমগ্ৰ ভাৰতৰ প্ৰসংগ টানি অনা হৈছে। আদৰ্শৰ পাৰ্থক্য থকা সত্বেও অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ এটা অংশই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত জোৰ দিয়া শক্তিৰ সৈতে হাত মিলোৱাৰ ফলত দুৰ্বল আঞ্চলিকতাবাদী শিবিৰটোক অধিক দুৰ্বল কৰি পেলাইছে। এনে পৰিস্থিতিত আঞ্চলিকতাবাদী শিবিৰৰ কিছুমান নেতা আৰু বুদ্ধিজীৱীয়ে সময় আৰু স্থানৰ সুবিধা বুজি কেতিয়াবা ৰাষ্ট্ৰয়তাবাদী আৰু কেতিয়াবা আঞ্চলিকতাবাদী ভাৱধাৰাৰ বিষয়ত মাত মাতি নিজে সুবিধাজনক স্থিতিত থাকি অসমৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে।
অৰ্থনীতিৰ ক্ষেত্ৰত, যি সময়ত পৃথিৱীৰ উন্নত দেশবোৰে মুক্ত বজাৰ ব্যৱস্থাক ক্ৰমে সংকুচিত কৰিবলৈ চেষ্টা কৰিছে (যেনে-Brexit, দেশবিলাকৰ মাজত বহুমাত্ৰিক সম্পৰ্কৰ পৰিবৰ্তে দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক সম্পৰ্ক স্থাপনৰ আগ্ৰহ ইত্যাদি) সেই সময়ত ভাৰতত সম্প্ৰসাৰণ কৰিব বিচৰা হৈছে। এফালে মুক্ত বজাৰ ব্যৱস্থা আৰু আনফালে ‘এক ধৰ্ম, এক সংস্কৃতি’য়ে অসমখনক চেপি ধৰাৰ ফলত অসমৰ আঞ্চলিকতাবাদৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আহি পৰিছে। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৯ এপ্ৰিল ২০১৮]

Friday 6 April 2018

অসমত বৰ্ণবাদ আৰু শংকৰদেৱ


     যোৱা ৩০ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত ডা: অজিত বৰুৱাই তেখেতৰ ‘নাগৰিক সভাত শংকৰদেৱৰ প্ৰসংগ’ শীৰ্ষক লেখাটোত অসমত বৰ্ণবাদৰ অৱস্থিতি সম্পৰ্কত শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ প্ৰসংগ টানি আনিছে। তেখেতৰ মতে মহাপুৰুষ শংকৰদেৱে ১৬ শতিকাতে অসমৰ পৰা বৰ্ণবাদ বহুলাংশ নাইকীয়া কৰি থৈ গৈছিল বুলি ক’লে নিশ্চয় ভুল কৰা মুঠেই নহ’ব। ডা: বৰুৱাই একেটা যুক্তিকে ২০১৬ চনৰ ১১ ফেব্ৰুৱাৰীত একেখন কাকতে প্ৰকাশিত তেখেতৰ ‘বৰ্ণ-বৈষম্য: একলব্য, কৰ্ণ, আম্বদেকাৰৰ পৰা ৰৌহিতলৈকে’ শীৰ্ষক লেখাটোত দিছিল। অসমত বৰ্ণবাদৰ প্ৰসংগ আহিলেই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগ টানি আনি কোৱা হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ্ণবাদৰ পৰা অসমখনক কেতিয়াবাই মুক্ত কৰি থৈ গৈছে। সন্দেহ নাই যে সাম্প্ৰতিক সময়ত বৰ্ণবাদৰ ভিত্তিত উদ্ভৱ হৈ সমগ্ৰ ভাৰতবৰ্ষত এক জটিল পৰিস্থিতি অব্যাহত থকাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগই অসমত এক ইতিবাচক প্ৰভাৱ পেলাব। কিন্তু, এনেধৰণৰ সান্তনাই অসমৰ বৰ্ণবাদৰ ইতিহাসক বিপথে পৰিচালিত কৰিব পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তদুপৰি, শংকৰদেৱৰ তিৰোভাৱৰ পাছত তেখেতৰ উত্তৰসূৰীসকলে গুৰুজনাৰ আদৰ্শ আশানুৰূপভাবে বজাই ৰাখিবলৈ সক্ষম নোহোৱাৰ ফলত আজি তেখেতে প্ৰচলন কৰা ধৰ্মালম্বী মানুহৰ মাজতে বৰ্ণবাদৰ অৱস্থিতি দেখা গৈছে। 
     এইটো সঁচা যে ভাৰতৰ কিছুমান প্ৰদেশত বৰ্ণবাদৰ প্ৰভাৱ যিমান তীব্ৰ আছিল বা আছে, অসমত সিমান তীব্ৰ আগতেও নাছিল আৰু এতিয়াও নাই। কি কাৰণত অসমত বৰ্ণবাদ আন প্ৰদেশৰ তুলনাত কম, সেই সম্পৰ্কে পণ্ডিতসকলে বিভিন্ন ধৰণে বিশ্লেষণ আগবঢ়াইছে। ড° প্ৰফুল্ল মহন্তৰ মতে (জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, ২০০৯, পৃষ্ঠা: ২৩) তথাকথিত আৰ্য হিন্দুসকলৰ উন্নত জীৱন প্ৰণালীয়ে অসমৰ চাৰিওফালৰ জনজাতীয় লোকক ওচৰ চপাই আনিলেও জাত-পাতৰ লগত পৰিচয়হীন থলুৱা মানুহখিনিয়ে বৰ্ণবাদী ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ মুঠেই সাজু নাছিল। হীৰেন গোহাঁইৰ (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ২০১৪) মতে আহোমসকলে অসমখন শাসন কৰাৰ সময়ত অধিকাংশ জনজাতীয় গোষ্ঠীৰ লোক ভাৰতীয় সামন্তবাদী সমাজৰ অন্তৰ্ভূক্ত হৈছিল। সেই সমাজে ভাৰতীয় সামন্তবাদকে অধিক উদাৰ, মানৱীয় ৰূপলৈ পৰিৱৰ্তিত কৰিব বিছাৰিছিল। কিন্তু আহোমসকলে শাসন কৰা অঞ্চলত তেওঁলোকে সেই প্ৰক্ৰিয়াৰ ওপৰত নিজস্ব পৰম্পৰাৰ সাঁচ বহুৱাইছিল। অৰ্থাত, অসমত ভাৰতীয় বৰ্ণবাদী সমাজখন পূৰ্ণৰূপত গঢ়ি উঠাৰ ক্ষেত্ৰত আহোমসকলৰ সাঁচেই প্ৰত্যাহ্বান হিচাপে থিয় দিছিল। অসমত বৰ্ণবাদে তীব্ৰ হৈ উঠিব নোৱাৰা সম্পৰ্কত অজিত কুমাৰ গোস্বামীয়ে (‘বৰ্ণবাদ আৰু অসম’, প্ৰসেনজিৎ চৌধুৰী আৰু ইন্দিবৰ দেউৰী সম্পাদিত, যুক্তিৰ পোহৰত সমাজ, ২০১৪ পৃষ্ঠা: ৪৫-৬৪) পাঁচটা কাৰণ চিনাক্ত কৰিছে। সেইবোৰ হ’ল-(১) অসমত হিন্দু ধৰ্মই বহু পলমকৈ প্ৰৱেশ কৰিছিল, (২)অসমৰ জনজাতি প্ৰধান জনগাঁথনি, (৩)অসমৰ ভৌগোলিক অৱস্থা, (৪)শংকৰদেৱৰ প্ৰভাৱ, আৰু (৫)ইয়াৰ ৰাজনৈতিক অৱস্থা। ইয়াৰ পৰা স্পষ্ট যে শংকৰদেৱৰ প্ৰভাৱ অসমত বৰ্ণবাদে তীব্ৰভাবে গা কৰি উঠিব নোৱাৰা কাৰণবোৰৰ ভিতৰৰ এটা কাৰণহে। একমাত্ৰ মূল কাৰণ নহয়।     
     শংকৰদেৱৰ তিৰোভাৱৰ পাছত তেখতৰ উত্তৰসূৰীসকলে যে বৰ্ণবাদৰ বিৰূদ্ধে থকা তেখেতৰ আদৰ্শ বৰ্তাই ৰাখিব পৰা নাই ব্ৰহ্ম সংহতিৰ সৃষ্টিয়েই তাৰ প্ৰমাণ। শংকৰদেৱে সাতজন ধৰ্মাচাৰ্য পাতি থৈ গৈছিল। শংকৰদেৱৰ তিৰোভাৱৰ আগতে তেওঁলোক সাতোজন সমান মৰ্যাদাবিশিষ্ট আছিল। কিন্তু তাৰে মাধৱদেৱক উত্তৰাধিকাৰ দি থৈ যোৱাত দুই এজন ধৰ্মাচাৰ্য স্বাভাৱিকতে ক্ষুণ্ন হৈছিল। শংকৰদেৱৰ শিষ্যত্ব স্বীকাৰ কৰিছিল সঁচা, সেইবুলি একালৰ সমমৰ্যাদা বিশিষ্ট শিষ্য মাধৱদেৱক গুৰু অধিকাৰ হিচাপে স্বীকৃতি দিবলৈ মানসিক প্ৰস্তুতি নাছিল। পৰিণতিস্বৰূপে ব্ৰাহ্মণ দামোদৰদেৱ আৰু হৰিদেৱ আঁতৰি যায়। তেওঁলোকে শংকৰ-মাধৱ কৰ্তৃত্বৰ পৰা মুকলি হৈ শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ আদৰ্শৰ লগতে ব্ৰাহ্মণ ৰীতি-নীতি, আনকি থল বিশেষে বৈদিক ক্ৰিয়া-কাণ্ডৰো স্থিতি স্বীকাৰ কৰি লয়। বিষ্ণু তথা কৃষ্ণৰ মূৰ্তি হ’লেও শ্ৰাৱণ-কীৰ্তনৰ লগতে মূৰ্তিপূজাৰ প্ৰচলন কৰে (লীলা গগৈ, ১৯৯৪, অসমৰ সংস্কৃতি)। কালক্ৰমত ব্ৰহ্ম সংহতিৰ সত্ৰকেইখনতে বৰ্ণবাদক তুলনামূলকভাবে অধিক গুৰুত্ব দিয়া দেখা গ’ল। এই সম্পৰ্কে অজিত কুমাৰ গোস্বামীয়ে (পূৰ্বোল্লেখিত, পৃষ্ঠা: ৬২-৬৩) তেখেতৰ এটা ব্যক্তিগত অভিজ্ঞতা উল্লেখ কৰিছে। এবাৰ তেখেতে মাজুলীত অৱস্থিত চাৰি সত্ৰৰে এখন বৃহৎ সত্ৰৰ সত্ৰাধিকাৰৰ আগত বৰ্ণবাদৰ বিষয় উত্থাপন কৰোতে সত্ৰাধিকাৰজনে মাত্ৰ এটা প্ৰশ্ন তেখেতলৈ নিক্ষেপ কৰিছিল। সেয়া হ’ল “কাউৰীৰ গৰ্ভৰ পৰা কুলি চৰাইৰ জন্ম হ’ব পাৰেনে?”।       
     নৱবৈষ্ণৱ ধৰ্মালম্বী, গৰিষ্ঠসংখ্যক অসমীয়াভাষী লোকে জনজাতীয় লোকসকলক এতিয়াও সমমৰ্যাদা দিবলৈ সাজু নহয়। কেতিয়াবা সভা-সমিতিত তেওঁলোকক বুকুৰ আপোন কৰি লোৱাৰ কথা কয় যদিও আচল সময়ত কিন্তু তেওঁলোকে কাম নকৰে। অসমীয়াভাষী এচামৰ কথা আৰু কৰ্মৰ বিশাল ব্যৱধানৰ বাবেও বহু জনজাতিৰ লোকে খ্ৰীষ্টান ধৰ্ম আঁকোৱালী লৈছে (ময়ুৰ বৰা, পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ, ২০১৪, পৃষ্ঠা: ৮২-৮৩)। কিছুমান সত্ৰৰ সমিটিয়ে সত্ৰাধিকাৰ বাছনিৰ ক্ষেত্ৰত এতিয়াও ব্ৰাহ্মণৰ গাতহে সত্ৰাধিকাৰ হ’ব পৰা গুণ দেখা পায়। তেহেলৈ সংশ্লিষ্ট ব্যক্তিজনৰ শিক্ষাগত অৰ্হতা যিয়েই নহওক (ময়ুৰ বৰা, ‘জাত্যভিমান, কুসংস্কাৰ আৰু সত্ৰাধিকাৰ’, ২০১৫, আমাৰ অসম, ৮ জুন)।  
     অৱশ্যে, দ্বিমত নাই যে শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসম মূলকৰ পৰা বৰ্ণবাদ নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল আৰু এই কাৰ্যত মহাপুৰুষজনে বহু পৰিমানে সফলতাও লাভ কৰিছিল।
  
[প্ৰকাশিত, ‘আমাৰ অসম’, ০৭ এপ্ৰিল ২০১৮]

Monday 2 April 2018

হাতী-মানুহৰ সংঘাত


অসমত হাতী-মানুহৰ সংঘাতে এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছে। বিশেষকৈ বনাঞ্চলৰ ওচৰৰ গাঁৱলীয়া লোকসকল গড় হিচাপে বছৰটোৰ প্ৰতিমাহে বনৰীয়া হাতীৰ সৈতে তিতা-কেঁহা অভিজ্ঞতাৰে সময় অতিবাহিত কৰিব লগা হৈছে। দিনক দিনে বনৰীয়া হাতীৰ সৈতে মানুহৰ বেয়া সম্পৰ্ক, ক্ৰমে আৰু বেয়াৰ ফাললৈ ঢাল খাবলৈ ধৰিছে। যোৱা পাঁচ বছৰত বনৰীয়া হাতীৰ আক্ৰমণত ৮৫ জন মানুহৰ মৃত্যু হৈছে। একে সময়ছোৱাতে মানুহৰ হাতত ৩৫ টা বনৰীয়া হাতীৰ মৃত্যু হৈছে। শেহতীয়াকৈ ২০১৭ চনৰ নৱেম্বৰ মাহৰ প্ৰথম দুটা সপ্তাহ আৰু ডিচেম্বৰ মাহৰ প্ৰতিদিনেই কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলাৰ মানুহবিলাক হাতীৰ আতংকত সময় কটাবলগা হৈছে। ১১ ডিচেম্বৰৰ ৰাতিপুৱা গোৱালপাৰা জিলাৰ কোঠাকুঠি গাঁও পঞ্চায়তৰ অন্তৰ্গত অম্বুক হাকোজুলি নামৰ গাঁওখনৰ বিষ্ণু ৰাভা নামৰ আঠাইশ বছৰীয়া ডেকা এজনক বনৰীয়া হাতীয়ে মাৰি থৈ যায়। ১৪ ডিচেম্বৰৰ নিশা একে পঞ্চায়তৰে অন্তৰ্গত জ্যোতিগাঁও নামৰ গাঁওখনৰ তিনিটা পৰিয়ালৰ ঘৰ হাতীয়ে ভাঙিছে। ১৫ ডিচেম্বৰৰ নিশা অম্বুক হাকোজুলি গাঁওৰে আঠটা পৰিয়ালৰ তেৰটা ঘৰ ভাঙি তচনচ কৰি গৈছে। ১৬ ডিচেম্বৰৰ নিশা আমগুৰি আৰু বাঁহবাৰী গাঁওৰ দুটা পৰিয়ালৰ ঘৰ ভাঙিছে। ২৪ ঘণ্টাৰ ব্যৱধানত গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ উইলিংষ্টন মাৰাক আৰু অৰুণজ্যোতি নাথ নামৰ দুজনকৈ লোকক বনৰীয়া হাতীয়ে মাৰি থৈ যায়। পথাৰৰ পকা ধান আৰু কলৰ বাগানবোৰৰ কিমান যে ক্ষতি কৰিলে তাৰ কোনো হিচাপ নাই। তদুপৰি, হাতী খেদা আৰু পহৰা দিয়া কামত মানুহৰ ধন আৰু সময়ৰ অপচয়ৰ লগতে শাৰীৰিক কষ্টৰ প্ৰসংগতো আছেই।
বনৰীয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠা বেয়া সম্পৰ্ক ক্ৰমে বৃদ্ধি পোৱাৰ কেইবাটাও কাৰণ আছে। বনৰীয়া হাতী সুচলভাবে চলাফুৰা কৰি পেট পুৰাই খাবলৈ নোপোৱা ধৰণে বনাঞ্চলৰ পৰিমাণ ক্ৰমে হ্ৰাস পাই অহাটোৱেই ইয়াৰ ঘাই কাৰণ। ১৯৯১ চনৰ আগলৈকে গোৱালপাৰা আৰু কামৰূপ জিলাত পৰ্যাপ্ত পৰিমাণৰ বনাঞ্চল আছিল। শাল গছৰ বাবে গোৱালপাৰা জিলাৰ এটা বিশেষ পৰিচয়েই আছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনৰ সময়ছোৱাত সমগ্ৰ অসমৰ বনাঞ্চলৰ দৰে এই দুখন জিলাৰো আটাইবোৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ আৰু বনৰীয়া বাঁহবিলাক সম্পূৰ্ণকৈ নোহোৱা হৈ গ’ল। সেই সময়ছোৱাত অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল-সেয়া অনুধাৱন কৰিলেই অসমৰ বনাঞ্চল ধংসৰ কাৰণসমূহ স্পষ্টকৈ ওলায় পৰিব। গছবিহীন সংৰক্ষিত এলেকাবোৰত উল্লিখিত অঞ্চলৰ [কামৰূপ জিলাৰ (এতিয়া গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলা] স্থানীয় কিছুমান মানুহে কল আৰু ৰবৰৰ খেতি কৰিবলৈ ল’লে। হাতীয়ে ৰবৰ গছৰ ডাল আৰু পাত নাখায়। কলগছবিলাকত ঔষধ প্ৰয়োগ কৰে বাবে কল গছকো খুউব কমেইহে খায়। কিন্তু, নষ্ট কৰি থৈ যায়। কিছুমান মানুহে সেই এলেকাবোৰতে ঘৰ বান্ধি বসবাস কৰিবলৈ ল’লে। এতিয়ালৈকে বনৰীয়া হাতীৰ দ্বাৰা যিমানবিলাক ঘৰ ভঙাৰ ঘটনা ঘটিছে, বেছিভাগৰ ঘৰেই এসময়ত বনাঞ্চল থকা এলেকাত বন্ধা। ইয়াৰে সৰহসংখ্যক পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে অহাযোৱা কৰা পথৰ (?) আশে-পাশে বন্ধা।
প্ৰতিবছৰে অহা হাতীৰ জাকৰ সংখ্যা আৰু প্ৰতিটো জাকত থকা হাতীৰ সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে বনৰীয়া হাতীৰ সংখ্যা আগতকৈ বাঢ়িছে। ১৯৭২ চনৰ আগলৈকে যৌৱনপ্ৰাপ্ত বনৰীয়া মখনা হাতীক হ্ত্যা কৰি হাতীৰ বংশবৃদ্ধিত বাধা দিয়াৰ ব্যৱস্থা বন বিভাগে কৰিছিল-যাক ‘কালিং’ কৰা বুলি জনা যায়। কিন্তু, ‘বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২’ অনুসৰি হাতী নিধন ব্যৱস্থা বন্ধ হোৱাৰ ফলত বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। আগেয়ে প্ৰায় প্ৰতিখন গাঁওৰে ধনী মানুহৰ ঘৰত একোটাকৈ ঘৰচীয়া হাতী আছিল। বৰ্তমান এটা বৃহৎ এলেকাতো এটা ঘৰচীয়া হাতী পাবলৈ নাই। আজিকালি হাতী পুহিলে কেৰেলাতকৈ গুটি দীঘল হয়। হাতীৰ দ্বাৰা কৰোৱা কামবিলাক মেচিনৰ দ্বাৰা কৰোৱা হ’ল। অৰ্থাত, বনৰীয়া হাতী ধৰি ঘৰচীয়া কৰাৰ প্ৰক্ৰিয়া ক্ৰমে হ্ৰাস পাবলৈ ধৰাৰ ফলতো বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধিত কিছু হ’লেও অৰিহণা যোগাইছে। তদুপৰি, হাতীৰ জীৱনকাল (Life Expectancy) দীঘলীয়া (প্ৰায় আশী বছৰ)আৰু বেমাৰৰ ফলত অতি কম সংখ্যক হাতীৰহে মৃত্যু ঘটে।
আমাৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে হাতীয়ে কিছুমান বিশেষ কাৰণতহে ঘৰ-দুৱাৰ ভাঙি মানুহৰ অপকাৰ কৰে বা মানুহ মাৰে। বহু সময়ত সিহঁতে অহাযোৱা কৰা পথত বন্ধা ঘৰকো ভঙা দেখা নাযায়। সিহঁতে মানুহৰ ঘৰ ভাঙি চাৰখাৰ কৰাৰ কিছুমান বিশেষ কাৰণ আছে। প্ৰথমতে, দিনত মানুহে হাতীবোৰক আন ঠাইলৈ খেদি পঠাবলৈ চেষ্টা কৰাৰ ফলত যিদিনা সিহঁতে পেট ভৰাই খাবলৈ নাপায়, সেইদিনা গধূলি হোৱাৰ লগে লগে বনাঞ্চলৰ ওচৰৰ মানুহৰ ঘৰৰ বাৰীত প্ৰৱেশ কৰি পেট পুৰাবলৈ চেষ্টা কৰে। বাৰীৰ পৰা খেদি পঠাব নোৱাৰিলে সংশ্লিষ্ট মানুহঘৰৰ ঘৰবিলাক ভাঙি খাদ্যৰ সন্ধান কৰে। জাকটোৱে এঘৰ মানুহৰ ঘৰ ভাঙিলে জাকৰ পৰা বহিষ্কৃত এটা বা দুটা হাতীয়ে ওচৰৰ আন এঘৰ বা দুঘৰ মানুহৰ ঘৰ ভাঙিবলৈ ধৰে। দ্বিতীয়তে, দিনৰ ভাগত মানুহে সিহঁতক অত্যাচাৰ নকৰিলেও যদি সিহঁতে থকা বনাঞ্চলত পৰ্যাপ্ত পৰিমাণৰ খাদ্য খাবলৈ নাপায়, তেন্তে ৰাতিৰ ভাগত মানুহৰ বাৰীত সোমায় আৰু সুবিধা পালেই মানুহঘৰৰ ঘৰ ভাঙি খাদ্য বিচাৰি পেট ভৰাবলৈ চেষ্টা কৰে। তৃতীয়তে, দিনৰ ভাগত পেট ভৰাই খাদ্য খাবলৈ পালেও, মানুহে যাঠি-জঙেৰে সিহঁতক অত্যাচাৰ কৰিলে, বিশেষকৈ জাকটোৰ পৰা বহিষ্কৃত হাতীবোৰৰ আচৰণ অতি ভয়ানক হৈ পৰে। এনে লাগে যেন সিহঁতে প্ৰতিশোধ ল’বলৈ নাপালে শান্তিয়ে নাপাব। গতিকে, এনে আচৰণৰ সময়ত সিহঁতে কোনো মানুহৰ ঘৰ ভাঙি বা সুবিধা পালে মানুহ মাৰিহে শান্ত হৈ পৰে। চতুৰ্থতে, পোৱালী অৱস্থাৰ সময়ত মানুহে ডাঙৰ হাতীবোৰক কৰা অত্যাচাৰ দেখিলে বা কোনো পোৱালী হাতীয়ে তাৰ মাকক মানুহৰ দ্বাৰা হত্যা কৰা দেখিলে, ডাঙৰ হোৱাৰ পাছত সেই হাতীটো স্বাভাৱিকতে খঙাল হৈ পৰে। সেই হাতীটোৱে মানুহ দেখিলেই চোঁচা মৰি আহে আৰু সুবিধা পালে মাৰি থৈ যায়। পঞ্চমতে, মানুহ মাৰি থৈ যোৱা ঘটনাবিলাক সুক্ষ্মভাবে অধ্যয়ন কৰিলে দেখা যায় যে হাতীয়ে আত্মৰক্ষাৰ বাবেহে মানুহ মাৰে। বৃহৎ জন্তু হ’লেও হাতীয়ে মানুহক ভয় কৰে। জনাঞ্চলৰ পৰা পুনৰ বনাঞ্চললৈ ঘুৰি যোৱাৰ পাছত হাতীয়ে কিছু নিৰাপত্তা অনুভৱ কৰে। মানুহে জনাঞ্চলৰ পৰা সিহঁতক খেদি খেদি বনাঞ্চলত প্ৰৱেশ কৰিলে সিহঁতে আত্মৰক্ষাৰ বাবে সাজু হয় (জনাঞ্চলত প্ৰৱেশ কৰিলেহে হাতীয়ে মানুহক আক্ৰমণ কৰা বুলি ক’ব পাৰি)। জাকটোত পোৱালী হাতী থাকিলে হাতীৰ আত্মৰক্ষাৰ প্ৰৱণতা স্বাভাৱিকতে কিছু বেছি হয়। আত্মৰক্ষাৰ বাবে জাকত থকা হাতীয়ে সুবিধা পালেও মানুহ নামাৰিব পাৰে, কিন্তু অকলশৰীয়া হাতীয়ে সেই সুবিধা সহজে এৰি নিদিয়ে। শেষত, গৱেষণাৰ পৰা গম গোৱা গৈছে যে হাতীয়ে সেইসকল মানুহক আক্ৰমণ কৰে বা হত্যা কৰে যিসসকলে বেছিকৈ হাতীক ভয় খুৱায় বা যিসকল মানুহৰ হাতীৰ প্ৰতি খুউব বেয়া মনোভাৱ (Negative Attitude)  আছে। কাৰণ, কোনজন মানুহে সিহঁতৰ প্ৰতি কি মনোভাৱেৰে আৰু কেনে ভাষা ব্যৱহাৰ কৰে সেয়া চিনাক্ত কৰিব পাৰে।      
হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ হ’লে ইতিমধ্যে ধংস হোৱা বনাঞ্চলসমূহ পুনৰ বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ গত্যন্তৰ নাই। ধংসপ্ৰাপ্ত বনাঞ্চলসমূহ দহ/বাৰ বছৰমান এনেয়ে পৰি থাকিবলৈ দিলে সেই অঞ্চলসমূহ স্বত:ফুৰ্তভাবে হাতীয়ে চলাফুৰা কৰি পেট পুৰাই খাব পৰাকৈ সাজু হৈ উঠিব। হাতী অহাযোৱা কৰা ৰাস্তাবিলাকত (?) মানুহে বসতি নকৰি বনাঞ্চললৈ ৰূপান্তৰ কৰিব লাগে। কাৰণ, হাতীয়ে একেটা স্থানতে বেছিদিন নাথাকে আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ একেটা ৰাস্তাৰে অহাযোৱা কৰে। এই ক্ষেত্ৰত চৰকাৰে স্থানীয় ৰাইজক বিভিন্ন ধৰণে সহায় কৰা উচিত। যেনে-বনাঞ্চল সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা গাঁওৰ মানুহবোৰক উৎসাহ দিয়া, যৌথ পৰিয়ালক বিভিন্ন ধৰণে সহায় কৰা, বিজুলীৰ ব্যৱস্থা নথকা গাঁওবোৰলৈ বিজুলী যোগান ধৰা (বিজুলী থকা অঞ্চলত হাতীয়ে সহজে প্ৰৱেশ নকৰে) ইত্যাদি। তদুপৰি, ওচৰৰ বনাঞ্চলত হাতী আহিলেই স্থানীয় ৰাইজে যাঠি-জং লৈ বনাঞ্চলত প্ৰৱেশ কৰি সিহঁতক আক্ৰমণ কৰি খেদি পঠাবলৈ প্ৰয়াস কৰাৰ বিপৰীতে (যাতে সিহঁতে আত্মৰক্ষাৰ বাবে প্ৰতি আক্ৰমণ কৰিবলগীয়া নহয়) প্ৰতিৰক্ষামূলক নীতিহে (Defensive Principle) অৱলম্বন কৰা উচিত। 
    
তথ্যসূত্ৰ আৰু প্ৰাসংগিক টোকা




দাস, জয়ন্ত কুমাৰ (২০১৭): “হাতী-মানুহৰ সম্পৰ্ক আৰু সংঘাত”, আমাৰ অসম, ১৭ ডিচেম্বৰ, পৃষ্ঠা: ১০।
আমি অম্বুক হাকোজুলি গাঁওৰ স্থায়ী বাসিন্দা। ২০১৭ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখৰ পৰা ২৯ তাৰিখলৈ আমি অম্বুক হাকোজুলি গাঁওতে আছিলোঁ। উল্লিখিত ঘটনাবোৰৰ আমি প্ৰত্যক্ষদৰ্শী-লেখক।
‘আমাৰ অসম’, ২৯ ডিচেম্বৰ, ২০১৭, পৃষ্ঠা: ১ আৰু ৮ আৰু ‘নিয়মীয়া বাৰ্তা’, ২৯ ডিচেম্বৰ ২০১৭, পৃষ্ঠা: ১ আৰু ১২।
বৰা, বেদব্ৰত (২০১৪): হাতী ধৰিবলৈ গৈ, (গুৱাহাটী: আঁক-বাক), পৃষ্ঠা: ৪৭।
কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলাৰ গাঁওলীয়া মানুহবোৰে দশক দশক ধৰি বনৰীয়া হাতীৰ সৈতে বহুতো তিতা-কেঁহা অভিজ্ঞতাৰে সময় অতিবাহিত কৰি আহিছে। ২০০৪ চনৰ আগলৈকে আমিও এইবোৰ অভিজ্ঞতাৰ প্ৰত্যক্ষ অংশীদাৰ আছিলোঁ। আমাৰ ঘৰৰ বাৰীখনত এতিয়ালৈকে দুবাৰ বনৰীয়া হাতী সোমাইছে। ২০১৭ বছৰটোত আমাৰ বাৰীখনৰ পিছপিনেদি তিনিবাৰ বনৰীয়া হাতী পাৰ হৈ গৈছে-লেখক।
Hullinger, Jessica (2017): “7 Behaviors That Prove Elephants Are Incredibly Smart”, Mental Floss, 1 April, ইণ্টাৰনেটত উপলব্ধ: http://mentalfloss.com/article/55640/7-behaviors-prove-elephants-are-incredibly-smart
যৌথ পৰিয়াল এটা ভাঙিলে সেই পৰিয়ালটোৰ পৰা পৃথক হোৱা কোনোবা নহয় কোনোবা এটা পৰিয়াল আন ঠাইত ঘৰ বান্ধিবলৈ বাধ্য হৈ পৰে। গাঁওৰ মানুহে এখন ডাঙৰ বাৰীসহ নতুনকৈ ঘৰ বান্ধি থাকিবলৈ ভাল পায়। সাধাৰণতে, নতুন পৰিয়ালটোৱে বনাঞ্চল বেদখল কৰিয়েই বসতি আৰম্ভ কৰে-লেখক।

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ এপ্ৰিল ২০১৮, পৃষ্ঠা: ১৫-১৬]