Sunday 2 October 2011

উৎকোচ দিয়াৰ পাছত শ্রদ্ধাৰ ভাৱ আৰু নাথাকে

কিছুমান কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াজনক উৎকোচ নিদিলে চহী এটাৰ বাবে বহুত দিন, বহুত মাহ বাদ চাব লগা হয়। ‘মোৰ কামটো কৰি দিয়ক ছাৰ’ বুলি অনুৰোধ কৰিলে বহু লাঞ্চনাও (Harassment) সহ্য কৰিব লগা হয়। তাকে নকৰি টকা এশ বা দুশ গুজি দিলে কামটো হ’বলৈ পাঁচমিনিটো নালাগে। চহী এটাৰ বাবে উৎকোচ দিবলৈ সাধাৰণতে ভাল নালাগে। তাতোকৈ ডাঙৰ কথাটো হ’ল উৎকোচ দিয়াজনো দুৰ্নীতত লিপ্ত হৈ পৰে। ছাত্ৰ জীৱনত বৃত্তিৰ টকা মোকোলোৱাৰ পৰা চাকৰিত যোগ দিয়ালৈকে মোৰ এনে অভিজ্ঞতা বহুত হ’ল। সঁচা কথা ক’বলৈ হ’লে, আজিকালি চহী এটাৰ বাবদ সংশ্লিষ্ট বিষয়াজনক মাননি অলপ আগবঢ়াই কামটো কৰাবলৈ মোৰ অলপো সংকোচ ভাৱ নাহে। কেনেকৈ তেখেতক অকলশৰীয়াকৈ লগ কৰি টকা এশ বা দুশ গুজি দিব পাৰোঁ সেই ধান্দাতহে থাকোঁ। এনে কৰাৰ ফলত মোৰ তিনিটা লাভ হয়-(ক) মোৰ কামটো সোনকালে হৈ উঠে, ফলত মোৰ কায়িক তথা মানসিক শ্রম আৰু আন আনুসাংগিক খৰচ যেনে-কাৰ্যালয়টোলৈ বাৰে বাৰে যাবলগা হোৱাৰ বাবে যাতায়ত, খোৱা-বোৱা, থকা-মেলা (সংশ্লিষ্ট কাৰ্যালয়টো ঘৰৰ পৰা বহুত দূৰত হ’লে কামটো নোহোৱালৈকে হোটেল বা ল’জত ভাৰা কৰি থাকিব লগা হয়) আদি কমি যায়, (খ) লাঞ্চনা দৰে অসহ্যকৰ অৱস্থাৰ সম্মুখীন হ’ব লগা নহয়, আৰু (গ) তেখেতৰ প্রতি থকা মোৰ শ্রদ্ধাৰ ভাৱ নাইকিয়া হৈ যায়। মই তেখেতক মোতকৈ বহুত তলৰ খাপৰ মানুহ হিচাপে গণ্য কৰিব পৰা হওঁ। প্রসংগক্রমে কেতিয়াবা তেনেকুৱা বিষয়াৰ কথা ওলালে বিষয়াজনৰ নামটো উচ্চাৰণ কৰাৰ আগেয়ে বান্দৰ, কুকুৰ জাতীয় শব্দ ব্যৱহাৰ কৰাৰ উপৰিও তিনিটামান অশ্লীল ধৰণৰ বিশেষণ ব্যৱহাৰ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ। ‘ছাৰ’ সম্বোধনটো মুখত নাহেই।
এইখিনিতে, ভাৰতৰ প্রধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ (Prime Minister’s Economic Advisory Board) সদস্য কৌশিক বসুৰ উৎকোচ ৰোধৰ শেহতীয়া উপদেশটোৰ বিষয়ে জানি থোৱা ভাল হ’ব। তেখেতৰ মতে, নাগৰিক এজনে লাঞ্চনাৰ সম্মুখীন নহ’বৰ বাবে বিষয়া এগৰাকীয়ে বিচৰা ধৰণে উৎকোচ দিয়াৰ ক্ষেত্ৰত নাগৰিকজনক আইনে ৰক্ষণাবেক্ষণ দিব লাগে আৰু উৎকোচ লোৱাজনক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে উৎকোচৰ দৰে দুৰ্নীতি সহজে নিৰ্মূল হ’ব, কাৰণ এই ব্যৱস্থাত কোনজন বিষয়া বা পিয়নে উৎকোচ ল’ব বিচাৰিছে তেখেতক সহজে চিনাক্ত কৰিব পৰা যাব আৰু ইয়াৰ ভয়ত উৎকোচ ল’বলৈ তেওঁলোক সহজে সাহস নকৰিব।  বিভিন্ন টি ভি চেনেলৰ সাক্ষাৎকাৰত প্রকাশ কৰামতে, এই পদ্ধতিটোৰ সমৰ্থনত তেখেতে দেশখনৰ বিভিন্ন অঞ্চলৰ পৰা বহুত চিঠি-পত্র পাইছে।


(প্রকাশিত, ‘প্রান্তিক’ ১-১৫ নৱেম্বৰ, ২০১১)