Thursday 16 March 2017

প্ৰসংগ: প’ষ্ট-ট্ৰুথ

‘আমাৰ অসম’ কাকতত প্ৰকাশিত যোৱা ৩ ফেব্ৰুৱাৰীত ড° অখিল ৰঞ্জন দত্তৰ ‘প’ষ্ট ট্ৰুথ: সত্যৰ অপলাপ আৰু আৱেগৰ ৰণচালি’ আৰু ১৬ ফেব্ৰুৱাৰীত ৰিদিপ খনিকাৰৰ ‘প’ষ্ট-ট্ৰুথ: সত্য আৰু আদৰ্শৰ অপলাপ’ শীৰ্ষক লেখা দুটা পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প’ষ্ট-ট্ৰুথ শব্দটোৰ অৰ্থৰ খাপ খোৱাকৈ দুয়োগৰাকী লেখকে বিশ্বৰ প্ৰেক্ষাপটৰ লগতে ভাৰত আৰু অসমৰ প্ৰেক্ষাপটৰ উদাহৰণ দিবলৈ চেষ্টা কৰিছে। লেখক দুগৰাকীৰ লেখাৰ শিৰনামৰ পৰা স্পষ্ট যে সত্যৰ অপলাপে হৈছে প’ষ্ট-ট্ৰুথ। লেখা দুটাৰ শিৰনাম দুটাৰ মাজত পাৰ্থক্যও দেখা গ’ল। ড° দত্তই আৱেগৰ ৰণচালিক প’ষ্ট-ট্ৰুথ বুলি কোৱাৰ বিপৰীতে ৰিদিপ খনিকৰে আদৰ্শৰ অপলাপক প’ষ্ট ট্ৰুথ হিচাপে ক’ব বিচাৰিছে। আমাৰ যদি বুজাত ভুল হোৱা নাই-ড° দত্তৰ মতে আৱেগ সৃষ্টিৰে মিথ্যাচাৰক সত্য বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰাটোৱেই প’ষ্ট-ট্ৰুথ আৰু খনিকৰৰ মতে এটা আদৰ্শত বিশ্বাসী মানুহে সংশ্লিষ্ট আদৰ্শটোৰ পৰা আঁতৰি অহা কাৰ্যই হ’ল প’ষ্ট-ট্ৰুথ। লেখা দুটা পঢ়ি এনে লাগিল যে প’ষ্ট-ট্ৰুথৰ অৰ্থ অতি বিশাল। কিন্তু, শব্দটোৱে ইমান বিশাল অৰ্থ বহন কৰে জানো?
ৰাজনৈতিক ক্ষেত্ৰত আৱেগৰ ৰণচালি সৃষ্টিকাৰীসকলক একে আষাৰে প’ষ্ট-ট্ৰুথৰ বাবে জগৰীয়া কৰিব নোৱাৰি। ভোট লাভৰ আশাত, ভোটাৰক আৱেগিক কৰি তুলি ৰাজনৈতিক নেতাই গাদী দখলৰ বাবে, নিৰ্বাচন আয়োগে বান্ধি দিয়া নিয়মৰ ভিতৰত যিকোনো প্ৰতিশ্ৰুতিয়ে দিব পাৰে, লাগিলে তেখেত যি আদৰ্শৰেই নহওক কিয়। সেইদৰে ৰাজনৈতিক দলৰ সৈতে অলিখিত চুক্তি কৰা গণ মাধ্যমেও টি আৰ পি বৃদ্ধিৰ বাবে ৰহণ সনা বাতৰি প্ৰচাৰ কৰি আৱেগৰ ধল বোৱাব পাৰে। সেয়া আন্ত:ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় বা স্থানীয় যি পৰ্যায়ৰ গণ মাধ্যমেই নহওক। আচলতে এইবিলাক কাৰ্য প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া নিৰ্ণয় কৰাৰ ক্ষমতা জনসাধাৰণৰ হাততে থাকে। বহু ক্ষেত্ৰত ঘটনা এটা বা পৰিস্থিতি এটা প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া বুজি উঠিবলৈ সময়ৰ প্ৰয়োজন হয়। ৰাজনৈতিক নেতা বা গণ মাধ্যমৰ প্ৰচাৰবিলাক অতিৰঞ্জনৰ পৰা কিছু আঁতৰত থাকি প্ৰচাৰ কৰে বাবে প্ৰচাৰ কৰি থকাৰ সময়ত সেয়া প’ষ্ট-ট্ৰুথ হয় নে নহয় বহু মানুহৰ বাবে স্পষ্ট হৈ নুঠে। সংশ্লিষ্ট নেতা বা গণ মাধ্যমটোৰ প্ৰচাৰৰ দক্ষতাও তাতেই।
চৰকাৰ গঠন কৰা দলটোৱে দেশ এখনৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি প্ৰয়োগ কৰে। ধৰি লোৱা হ’ল যে প্ৰয়োগ কৰা আঁচনিবিলাকত ৰাষ্ট্ৰ নেতাই আৱেগৰ ধল বোৱাইছে। ইয়াত হয়তো কাৰো দ্বিমত নাথাকিব যে প্ৰতিজন নাগৰিকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ এশ শতাংশ কাৰ্যকৰী কৰা কেতিয়াও সম্ভৱ নহয়। বিশেষকৈ ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত ‘সকলোৰে বাবে এক নীতি প্ৰযোজ্য (One size fits for all)’ নীতিৰে প্ৰয়োগ কৰা আঁচনিবিলাক এশ শতাংশ সফল নোহোৱাটোই স্বাভাৱিক। এই ফালৰ পৰা চালে সেই আঁচনিসমূহ সম্পূৰ্ণ সফল নোহোৱা পৰিস্থিতিক একে আষাৰে প’ষ্ট-ট্ৰুথ বুলি অভিহিত কৰা শুদ্ধ নহয়। ৰিদিপ খনিকৰৰ মতে আংশিক সফল হোৱাখিনিক সমৰ্থন নকৰাটোও প’ষ্ট-ট্ৰুথৰ ভিতৰতে পৰে। আমি অৱশ্যে ইয়াক প’ষ্ট-ট্ৰুথ হিচাপে ক’ব বিচৰা নাই। কাৰণ, চৰকাৰৰ সফল অংশক অসফল হিচাপে সমালোচনা কৰি প্ৰচাৰ কৰা কাৰ্যক বিৰোধীয়ে তেওঁলোকৰ দৃষ্টিকোণেৰে তেওঁলোকৰ নীতিৰ ভিতৰতে পেলায়। সেয়া মিথ্যাচাৰ নহয়, বিৰোধীৰ অন্য এক দৃষ্টিকোণহে।
কোনো এটা ৰাজনৈতিক পৰিস্থিতি প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্যৰ ওপৰতো নিৰ্ভৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগই অনা যাওক। আমেৰিকাবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰায় সিদ্ধান্তত উপনীত হৈছিল যে হিলাৰী ক্লিণ্টনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ব। কাৰণ, হিলাৰী ক্লিণ্টনৰ ৰাজনৈতিক দক্ষতা আৰু জনপ্ৰিয়তাত কোনো প্ৰশ্ন নাছিল। কিন্তু, ফলাফল ওলোটা হ’ল। ক্লিণ্টনৰ আদৰ্শ পৰাভূত হৈ ডনাল্ড ট্ৰাম্পৰ আদৰ্শই জয়লাভ কৰিলে। ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল। প’ষ্ট-ট্ৰুথৰ তথাকথিত অৰ্থ অনুসৰি এয়াই প’ষ্ট-ট্ৰুথ। হিলাৰী ক্লিণ্টনে জয়লাভ কৰিলে একে অৰ্থ ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে বিচাৰি পালেহেঁতেন। ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰসংগ বাদ দিও এটা কথা স্পষ্ট যে আমেৰিকাৰ জনসাধাৰণ আমাৰ দেশৰ জনসাধাৰণৰ দৰে সহজে আৱেগৰ ঢৌত উটি যোৱা বিধৰ নহয় (সকলো নহয়)। ইতিমধ্যে বিশ্বত কিছুমান নতুন পৰিস্থিতিয়ে দেখা দিছে। যেনে-Brexit, দেশবিলাকৰ মাজত বহুমাত্ৰিক সম্পৰ্কৰ পৰিবৰ্তে দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক সম্পৰ্ক স্থাপনৰ আগ্ৰহ, বিশ্বায়নৰ অৰ্থ সংকীৰ্ণ হোৱাৰ উপক্ৰম হৈছে ইত্যাদি। এনে পৰিস্থিতিত ‘ট্ৰাম্পেহে আমেৰিকাক সফল নেতৃত্ব দিব পাৰিব’ বুলি আমেৰিকাৰ সৰহসংখ্যক জনসাধাৰণে সঠিক সিদ্ধান্তই ল’লে। মন কৰিবলগীয়া যে আৱেগৰ ৰণচালিকে প’ষ্ট-ট্ৰুথ বুলি অভিহিত কৰিলে, ট্ৰাম্প সম্পৰ্কত ড° দত্তই মন্তব্য কৰা ‘ক্ষমতা দখল কৰিয়েই জাৰি কৰা নিৰ্দেশনাৰ পিছত বিশ্বজোৰা ত্ৰাস সৃষ্টি হৈছে’ বাক্যটোকো প’ষ্ট-ট্ৰুথ হিচাপে অভিহিত কৰিব পাৰি। 
এইবাৰ ভাৰতৰ শেহতীয়া বিমুদ্ৰাকৰণৰ প্ৰসংগটো অনা যাওক। যোৱা বছৰৰ ৮ নৱেম্বৰ তাৰিখে এটা ঘোষণাযোগে প্ৰধান মন্ত্ৰীয়ে পাঁচশ আৰু এক হাজাৰ টকীয়া নোট অকস্মাতে বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ সৰহ সংখ্যক মানুহৰে অসুবিধা হৈছিল (হৈছে)। বিৰোধী ৰাষ্ট্ৰীয় কংগ্ৰেছ দলে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াক বিৰোধীতা কৰাৰ উপৰিও দিল্লী আৰু পশ্চিম বংগৰ মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে মুকলি আন্দোলনো কৰিলে। তথাপি পৰিস্থিতিটোৰ দীৰ্ঘকালীন সুফলৰ প্ৰতি লক্ষ্য ৰাখি  জনসাধাৰণে সেই অসুবিধা সহ্য কৰিছিল (কৰিছে)। এই পৰিস্থিতিৰ প’ষ্ট-ট্ৰুথৰ অৰ্থ বিচাৰিলে দেখা যাব যে প্ৰধান মন্ত্ৰী মোদীৰ আদৰ্শক সমৰ্থন কৰাসকলৰ মতে অসুবিধা হোৱা সত্ত্বেও দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে হাঁহিমুখে সেই অসুবিধা সহ্য কৰি থকাটো এটা প’ষ্ট-ট্ৰুথ। মানে-বিৰোধীসকলেহে মিথ্যাচাৰ প্ৰচাৰ কৰিছে। আনহাতে মোদীৰ বিৰোধীসকলৰ মতে মোদীয়ে বিমুদ্ৰাকৰণৰ নীতিৰে ভাৰতৰ অৰ্থনৈতিক ভেটি মজবুত হ’ব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰি দেশখনৰ সৰহ সংখ্যক জনসাধাৰণক আৱেগিক কৰি তুলিছে, কিন্তু ফলাফল আশাব্যঞ্জক নহ’ল। গতিকে পৰিস্থিতিটো এটা প’ষ্ট ট্ৰুথ।       
খনিকৰৰ লেখাটোৰ প্ৰসংগলৈ আহিলে ক’ব পাৰি যে এটা নিৰ্দিষ্ট আদৰ্শত বিশ্বাস কৰি সংশ্লিষ্ট আদৰ্শটোৰ পৰা আঁতৰি অহা পৰিস্থিতিক (অপলাপ) প’ষ্ট-ট্ৰুথ বুলি কোৱাতকৈ আদৰ্শত উপনিত হ’ব নোৱাৰা (Failure) বা আদৰ্শভ্ৰষ্ট হোৱা বুলি কোৱাহে সঠিক হ’ব। প’ষ্ট-ট্ৰুথৰ অভিধানিক অৰ্থ মন কৰিলেই এই যুক্তি স্পষ্ট হৈ পৰে।

যদি সত্যৰ অপলাপই প’ষ্ট-ট্ৰুথ হয়, তেন্তে দুয়োগৰাকী লেখকে প’ষ্ট-ট্ৰুথৰ প্ৰসংগত উল্লেখ কৰা আটাইবোৰ উদাহৰণ প’ষ্ট-ট্ৰুথ শব্দটোৰ অৰ্থৰ সৈতে সম্পূৰ্ণকৈ খাপ খোৱা নাই। যেনে- মধ্যযুগত পোপক ভগৱানৰ ৰূপত দেখা (খনিকৰৰ উদাহৰণ), ভাদ মাহত ক’লী গাইৰ পোৱালী জগিলে তেনে গাইৰ গাখীৰ অব্ৰাক্ষ্মণ সকলে খাব নাপায় (ড° দত্তৰ উদাহৰণ)। এইবিলাক উদাহৰণক প’ষ্ট-ট্ৰুথ বুলি কোৱাতকৈ অজ্ঞতা বুলি কোৱাহে যুগুত হ’ব। অৱশ্যে, ড° দত্তৰ সৈতে দ্বিমত নাই যে মানুহৰ মুক্তিৰ হাবিয়াসে এনে ধৰণৰ অজ্ঞতাৰ লগতে প’ষ্ট-ট্ৰুথক আগভেটি ধৰিব পাৰিছে আৰু ভৱিষ্যতেও পাৰিব। 

প্ৰকাশিত, ‘আমাৰ অসম’, ১২ মাৰ্চ ২০১৭

‘হিন্দু-মুছলমানৰ সম্প্ৰীতিয়েহে বচাব অসমক’

‘নিয়মীয়া বাৰ্তা’ত যোৱা ১৮ জানুৱাৰী তাৰিখে ফৰহাদ ভূঞাৰ ‘হিন্দু-মুছলমানৰ সম্প্ৰীতিয়েহে বচাব অসমক’ শীৰ্ষক লেখাটোৱে আমাৰ অন্তৰ চুই গ’ল।  লেখাটোৱে আমাক বৰ আবেগিক কৰি তুলিলে। কথাখিনি পঢ়ি থাকোতে শেষৰ ফাললৈ আমাৰ চকু দুটা চলচলীয়া হৈ পৰিল। শেষৰ পেৰাগ্ৰাফটো পঢ়িবৰ বাবে হাতেৰে দুচকু মহাৰিহে পঢ়িব লগা হ’ল। (ব্যক্তিগতভাবে আমাৰো এনে সম্প্ৰীতিৰ অভিজ্ঞতা আছে)। 
আচলতে তথাকথিত ধৰ্মক অতিক্ৰম কৰি গঢ়ি উঠা মানসিকতাৰ মানুহৰ বাবে হিন্দু, মুছলমান, খ্ৰিষ্টান আদি শব্দবিলাকৰ অৰ্থ অতি সংকীৰ্ণ। সংশ্লিষ্ট ধৰ্মটোত জন্ম লোৱাৰ বাবে সেই ধৰ্মটোৰ এৰাব নোৱাৰা কিছুমান নীতি-নিয়ম পালন কৰাতেই তেওঁলোকৰ ধৰ্ম শেষ। তেওঁলোকে বুজে যে তাতকৈ বেছি কৰিবলৈ হ’লে ধৰ্ম, অধৰ্মহে হ’ব। কিন্তু এইটো বুজিলে ভুল হ’ব যে ধৰ্মৰ নামত সমাজত ব্যভিচাৰ চলাই থকাসকলে এই কথা নুবুজে। যদিও সেইসকল লোক তেওঁলোকৰ ধৰ্মটোৰ এখন কিতাপ পঢ়িয়েই পণ্ডিত (?) হয়, তেওঁলোকেও গম পায় যে তথাকথিত ধৰ্মটোৰ ওপৰত উঠি ধৰ্মাচৰণ কৰিবলৈ হ’লে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নহ’ব। তেওঁলোককে ধৰ্মগুৰু বুলি ভবা, ধৰ্মৰ ‘ধ’টোকে বুজি নোপোৱা, কিছুমান মানুহৰ মাজত তেওঁলোকৰ সন্মান (?) লাঘব হ’ব আৰু সেই মানুহবিলাকৰ মূৰত নাৰিকল ভাঙি পেট পুহি থকা বেপাৰৰ আধ্যা পৰিব।
     যেতিয়ালৈকে এখন সমাজত তথাকথিত ধৰ্মৰ ওপৰত উঠি চিন্তা কৰিব পৰা মানুহৰ প্ৰভুত্ব নচলিব, তেতিয়ালৈকে সেই সমাজত ধৰ্মৰ নামত বিশৃংখলতাৰ সৃষ্টি হৈয়ে থাকিব। ফৰহাদ ভূঞাক ধন্যাবাদ যে বিশৃংখলতাৰ মাজতো তেখেতৰ দৰে লেখনিয়ে নিশ্চয় কিছুমান মানুহক সহনশীল হোৱাত সহায় কৰিব।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ মাৰ্চ ২০১৭]