Tuesday 29 March 2011

এটা শিলৰ এভাগ


এটা শিলৰ এভাগ
তাৰ আনভাগ কাটি নিয়াৰ চিন স্পষ্ট
তাৰ ওপৰতে বহিলোঁ ।
সি মোক ক’লে, ‘বহু হাজাৰ বছৰ আগেয়ে
ইয়াত বহুত শিল আছিল; 
সিহঁত ঘৰ, ৰাস্তা, অট্টালিকা আদিলৈ
ৰূপান্তৰিত হ’ল । 
শেষত মই অকলে থাকিলো ।
সিহঁতে মোকো নেৰিল; 
ইয়াত যে শিল আছিল তাক লৈ
এটা কবিতা লিখিব’ ।

Friday 4 March 2011

গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্রসংগত


যোৱা জানুৱাৰি ২০১১ অসমীয়া প্ৰতিদিন কাকতত সেই ভয়াৱহ বাতৰিটো পালো: গাৰো পাহাৰত বসবাস কৰি থকা আঠখন ৰাভা গাঁৱৰ ঘৰ গাৰোসকলে জ্বলাই দিলে। গাৰো পাহাৰৰ ৰাভা মানুহবোৰ অসমৰ মাটিত উপস্থিত হৈহে প্রাণ ৰক্ষা কৰিলে। বহুকেইজন নিৰুদ্দেশ ল। তাৰ পাছত প্রতিশোধৰ উদ্দেশ্যে ৰাভাসকলেও অসমত থকা কেইখনমান গাৰো গাঁৱ জ্বলাই দিলে। জ্বলা জুইত ঘিউ ঢলাৰ দৰে নিখিল ৰাভা ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ পাইকান হৈ গাৰো পাহাৰলৈ অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰা যানবাহনৰ আহাযোৱা বন্ধ কৰি পাঁচশ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিলে। গাৰোসকল আৰু উত্তেজিত ল। অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয় সীমান্তত উত্তেজনাই বিৰাজ কৰিলে, যেন ৰজা মহাৰজাৰ দিনৰ ঘটনাহে। দুয়োটা জনগোষ্ঠী মিলি প্রায় পঁয়ত্ৰিছ হাজাৰতকৈও অধিক লোক আশ্রয় শিবিৰত থাকিব লগা ল। এই লেখাটো যুগুত কৰা দিনালৈকে (২০ জানুৱাৰি ২০১১) তেওঁলোক আশ্রয় শিবিৰতে আছে। আমাৰ লেখাটোৰ উদ্দেশ্য - অসভ্য জাতিৰ দৰে এই ঘটনা কিয় ঘটিবলৈ পালে? ঘটনাটোৰ প্রকৃত কাৰণ কি?
প্রচাৰ মাধ্যমসমূহে  ঘটনাটোৰ কাৰণ হিচাপে যি স্বতঃস্ফুৰ্ত কাৰণ দৰ্শাইছে সেয়া অতি লঘু তথা তৎকালিণ। প্রকৃত কাৰণবোৰ অতি গুৰুত্বপূৰ্ণ। প্রথম, গাৰোসকলৰ অহেতুক ভয়। অসমৰ ভূমিপুত্ৰ বুলি পৰিচয় দিয়া ৰাভা জনজাতিৰ তিনিটা সংগঠন-নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিটিয়ে গোৱালপাৰা জিলাৰ জয়ৰামকুছীৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈকে ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চল হিচাপে চিনাক্ত কৰি ৰাভাসকলক ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিব লাগে বুলি গণতান্ত্ৰিকভাৱে দাবী জনাই আহিছে। ৰাভাসকলৰ এনে দাবীত অঞ্চলটোত বসবাস কৰি থকা -ৰাভাসকলে তীব্র বিৰোধীতা কৰি আহিছে। গাৰোসকলে আন -ৰাভাসকলতকৈ বেছি উত্তেজিত হৈ আছিল। উত্তেজনাৰ জুই কেৱল সেই অঞ্চলটোত বসবাস কৰা গাৰোসকলৰ মাজতে আৱদ্ধ নাথাকিল। ৰাভাসকল ভাৰতৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত লে অঞ্চলটোত বসবাস কৰি থকা  গাৰোসকলৰ অৱস্থা অতি শোচনীয় তথা তেওঁলোকৰ সা-সম্পত্তি হেৰুৱাব বুলি তেওঁলোকে অবাঞ্চিত মূল্যায়ন (over estimate) কৰিছিল। অঞ্চলটোৰ গাৰোসকলে যদি ৰাভাসকলৰ বাবে তেওঁলোকৰ অধিকাৰ হেৰুৱাব লগা হয়, মেঘালয়ৰ ৰাভাসকলকো ৰাজ্যখনত ভোগ কৰি থকা অধিকাৰৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে এই ভয়ানক ষড়যন্ত্ৰ কৰি কাৰ্যকৰী কৰিছিল। দ্বিতীয়, গাৰো পাহাৰত বসবাস কৰা ৰাভাসকলৰ সৰ্বাংগীন উন্নতি। গাৰো পাহাৰত বসবাস কৰি থকা ৰাভাসকল তুলনামূলকভাৱে অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আদি সকলো ফালৰ পৰাই গাৰোসকলতকৈ উন্নতমানৰ। ৰৱৰ খেতিৰে অৰ্থনৈতিক মানদণ্ড অক্ষুন্ন ৰখা গাৰো পাহাৰৰ ৰাভাসকলৰ উন্নতি গাৰোসকলৰ বাবে অসহ্যকৰ আছিল। তৃতীয়, ধৰ্মীয় বিফলতা। গাৰোসকল খ্রীষ্টান ধৰ্মালম্বী লোক। আনহাতে ৰাভাসকল হিন্দু ধৰ্মালম্বী। ৰাভাসকলৰ মাজত ব্যতিক্ৰম আছে যদিও সেয়া নগণ্য। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মাত্ৰ % ৰাভাহে খ্রীষ্টান ধৰ্মালম্বী। কিন্তু গাৰোসকলৰ মাজত তেনে ব্যতিক্ৰম নাই। গাৰোসকলে গাৰো পাহাৰত বসবাস কৰি থকা হিন্দু ধৰ্মালম্বী ৰাভাসকলক খ্রীষ্টান ধৰ্মত দীক্ষিত কৰিবলৈ বহুদিনৰ পৰা চেষ্টা চলাই আহিছে। তেওঁলোকৰ চেষ্টা অকল মেঘালয়ত বসবাস কৰি থকা ৰাভাসকলৰ মাজতে আৱদ্ধ নাছিল। অসম আৰু মেঘালয়ৰ সীমাত বসবাস কৰি থকা অসমৰ ৰাভাসকলকো তেওলোকে খ্রীষ্টানধৰ্মী কৰিবলৈ চেষ্টা চলাই আহিছে। কিন্তু ৰাভাসকল তেওঁলোকৰ পৰম্পৰাগত ধৰ্মত অটল। চতুৰ্থ, তৃতীয় পক্ষৰ অৱস্থিতি। ৰাভাসকলৰ প্রস্তাৱিত ষষ্ঠ অনুসূচীৰ অঞ্চলটোত বসবাস কৰা তিনিটা -ৰাভা জনজাতি-গাৰো, বড়ো আৰু হাজং সকলৰ মাজত কৌশলগত মিলামিছা অটুট আছে। তেনে ক্ষেত্ৰত অঞ্চলটোৰ বড়ো আৰু হাজং জনজাতিৰ বিভিন্ন সংগঠনে গাৰোসকলৰ ষড়যন্ত্র কাৰ্যকৰী কৰাত ইন্ধন যোগোৱা নাই বুলি কব নোৱাৰি। এই ক্ষেত্ৰত অনুপ্রৱেশকাৰী বাংলাদেশী তথা তেওঁলোকক সমৰ্থন কৰা আন অ-ৰাভসকলৰ নৈতিক সমৰ্থনকো উলাই কৰিব নোৱাৰি। পঞ্চম, জনজাতিগত বিশেষত্বও গাৰো-ৰাভাৰ গোষ্ঠী সংঘৰ্ষত অৰিহণা যোগাইছে। গাৰো    আৰু ৰাভা দুয়োটা জনজাতিৰে (আন জনজাতিৰ ক্ষেত্ৰতো খাটে)এটা বিশেষত্ব হ’ল তেওঁলোক অতি সোনকালে উত্তেজিত হয়। কামবোৰ বুদ্ধিৰে কৰিবলৈ ধৈৰ্য ধৰিবলৈ টান পায়। যিকোনো সমস্যাৰ সমাধান বাহুবলেৰে তৎক্ষণাত সম্পন্ন কৰি শান্তিত থাকিবলৈ বিচাৰে। শেষত, সংঘৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ’ল-শাসনাধীষ্ঠ কংগ্রেছ চৰকাৰৰ ৰাজনৈতিক খেল। ওপৰত উল্লেখিত ৰাভা সংগঠন তিনিটাই এতিয়ালৈকে ষষ্ঠ অনুসূচীৰ দাবী প্রসংগত কোনো ৰাজনৈতিক দলৰ সৈতে হাত মিলোৱা নাই। দুয়োখন ৰাজ্যৰ শাসনাধীষ্ঠ কংগ্রেছ চৰকাৰৰ লক্ষ্য হ’ল গোষ্ঠী সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিত দিক-বিদিক্ হেৰুৱাই ৰাভা জনজাতিৰ সংগঠনকেইটাই ষষ্ঠ অনুসূচীৰ দাবী পৰিহাৰ কৰি কংগ্রেছ দলৰ শৰণাপন্ন হ’ব।
পৰিতাপৰ বিষয় হ’ল-ঘটনাটোৰ ফলত দুয়োটা জনজাতিৰে অৰ্থনৈতিক তথা সামাজিকভাৱে বিস্তৰ ক্ষতি সাধন হ’ল আৰু বিভিন্ন ৰাজনৈতিক দলবোৰে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত তাৰ সোণালী সুযোগ গ্রহণ কৰিব।

  (প্রকাশিত, ‘প্রান্তিক’, ১-১৫ মাৰ্চ, ২০১১)