Thursday 18 April 2019

সহমত আৰু বিবেক ভোট


যোৱা ২৯ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘সংজ্ঞানাত্মক পক্ষপাত, ট্ৰাইবেলিজ֭ম আৰু ৰাজনীতি’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰৰ সৈতে কোনো দ্বিমত নাই যে প্ৰায়বোৰ ৰাজনৈতিক দলেই একেই চৰিত্ৰ বহন কৰে। সেয়েহে, কৰাৰ ভিতৰত এটা কামেই কৰিব পাৰি। সেয়া হ’ল-বিভেদবোৰ বাদ দি যিবোৰ বিষয়ত সকলোৰে সহমত আছে তেনে উন্নয়নমূলক কামত সকলোৱে সহযোগ কৰা আৰু নিজৰ বিবেকেৰে ভোটাধিকাৰ সাব্যস্ত কৰা। আমি ভাবোঁ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে কেইটামান বিষয়ত সকলোৰে সহমত থাকে। উদাহৰণস্বৰূপে-নিবনুৱা সমস্যাৰ সমাধান, গুণগত শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন, উপযুক্ত চিকিৎসাৰ সা-সুবিধা প্ৰদান, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, ৰাস্তা আৰু দলং নিৰ্মাণ, বিজুলীৰ ব্যৱস্থা কৰা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা ইত্যাদি। কিন্তু, এশ শতাংশ শুদ্ধ নহ’লেও এইটো উলাই কৰিব নোৱাৰি যে এনেধৰণৰ তুলনামূলকভাবে দীৰ্ঘস্থায়ী বিষয়বোৰৰ প্ৰতি সহমত পোষণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ (সাম্প্ৰতিক সময়ত ‘ভোটাৰে’, ‘নাগৰিক’ক তল পেলাই দিছে) ভোটে আমাৰ দেশৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা নলয়। আনহাতে, যিসকল ভোটাৰৰ ভোটে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লয়, তেওঁলোকে তুলনামূলকভাবে দীৰ্ঘস্থায়ী বিষয়বোৰত কম গুৰুত্ব দিয়ে। তদুপৰি, ক্ষন্তেকীয়া আৰ্থিক সুবিধা আৰু বিভেদৰ ৰাজনীতিৰ দ্বাৰা তেওঁলোক সহজে প্ৰভাৱিত হৈ নিজৰ বিবেকক বন্ধকত থৈ ভোটাধিকাৰ সাব্যস্ত কৰে। অৱশ্যে, ইয়াৰ বাবে তেওঁলোকক একে আষাৰে দোষ দিব নোৱাৰি। সময় আৰু পৰিস্থিতিয়ে তেওঁলোকক তেনেকুৱা হ’বলৈ বাধ্য কৰে।
গতিকে, নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰা ভোটাৰসকল যাতে ক্ষন্তেকীয়া আৰ্থিক সুবিধা আৰু বিভেদৰ ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। দুখৰ বিষয়টো হ’ল-তেওঁলোক বিবেকবান হৈ উঠাটো ৰাজনৈতিক দল আৰু নেতাসকলে কামনা নকৰে।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ এপ্ৰিল ২০১৯, পৃষ্ঠা:৪]