Sunday 18 October 2015

গোষ্ঠী সংঘৰ্ষৰ আঁৰত ৰাজনীতি

   ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে পৃথিৱীৰ সৰহ সংখ্যক দেশকে বিভিন্ন সময়ত গোষ্ঠী সংঘৰ্ষই স্পৰ্শ কৰি গৈছে। ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰতাৰে পূৰিপূৰ্ণ দেশবিলাকত গোষ্ঠী সংঘৰ্ষৰ প্ৰকোপ অধিক পৰিলক্ষিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ আবাসস্থল উত্তৰ-পূৱ ভাৰতত এতিয়ালৈকে কেইবাটাও লোমহৰ্ষক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ গৈছে। গোষ্ঠী সংঘৰ্ষবোৰৰ ফলত কিমান মানুহৰ মৃত্যু হ’ল, কিমানটা পৰিয়াল গৃহহাৰা হ’ল বা কিমান সা-সম্পত্তিৰ বিনষ্ট হ’ল তাৰ সঠিক তথ্য প্ৰকাশ কৰা কাৰো পক্ষেই সম্ভৱ নহয়। মানুহবিলাকৰ মাজত থকা সামাজিক মূলধনৰ ক্ষতিৰ প্ৰসংগ বাদেই দিলোঁ, যিটো এবাৰ গঢ় লৈ ধংস হোৱাৰ পাছত পুনৰ গঢ়ি উঠিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। কেতিয়াবা পুনৰ গঢ়ি নুঠিবও পাৰে। 
   এইখিনিতে গোষ্ঠী সংঘৰ্ষনো কি? ইয়াৰ কিবা তাত্ত্বিক বিশ্লেষণ আছে নে? -এই সম্পৰ্কে কিছু কথা জানি লোৱা যাওক। গোষ্ঠীগত জাতীয়তাবাদৰ (Ethnic Nationalism) ফলস্বৰূপে দুটা বা ততোধিক জনগোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষবোৰকে গোষ্ঠী সংঘৰ্ষ হিচাপে বুজা যায়। গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে পণ্ডিতসকলে তিনিধৰণৰ তাত্ত্বিক ভাৱধাৰা আগবঢ়াইছে। সেইবোৰ হ’ল-মৌলিকবাদী, উপায়বাদী আৰু গঠনবাদী ভাৱধাৰা। মৌলিকবাদীসকলে যুক্তি আগবঢ়ায় যে বিশেষকৈ জৈৱিক আৰু ভৌগোলিক ক্ষেত্ৰত থকা পৰম্পৰাগত বিশ্বাস আৰু কাৰ্যপ্ৰণালীৰ ফলতেই গোষ্ঠীগত মনোভাৱ তথা গোষ্ঠী জাতীয়তাবাদৰ উদ্ভৱ হয়। এই ভাৱধাৰাৰ বাস্তৱতা সম্পূৰ্ণভাৱে সংশ্লিষ্ট জনগোষ্ঠীটোৰ সদস্যসকলৰ আত্মীয় মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। উপায়বাদীসকলৰ যুক্তি হ’ল-গোষ্ঠী সংঘৰ্ষবোৰ আচলতে কিছুমান বিশেষ লক্ষ্য পূৰণৰ উপায় বা আহিলাহে। কিছুমান মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে গোষ্ঠী সংঘৰ্ষকে উপায় হিচাপে বাছি লৈ কাৰ্যকাৰী ৰূপ দিয়ে। গঠনবাদী ভাৱধাৰাৰ চিন্তানায়কসকলে কয় যে সময়ে সময়ে সমাজত নতুনত্ব আহে আৰু সেই নতুনত্বক ঠিকঠাক কৰি লোৱাৰ ফলতে গোষ্ঠী সংঘৰ্ষৰ দৰে দুৰ্ভাগ্যজনক দুৰ্ঘটনাবোৰ সংঘটিত হয়। নতুন সমাজ গঠনৰ সময়ত বিভিন্ন জনগোষ্ঠীৰ মাজত বুজাবুজিৰ অভাৱৰ ফলত মতানৈক্যই চৰম পৰ্যায়ত উপনিত হৈ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। আমাৰ এই লেখাটোত গোষ্ঠী সংঘৰ্ষৰ ৰাজনৈতিক কাৰণ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।
   আধুনিক ৰাষ্ট্ৰ গঠনৰ কিছু বছৰৰ পাছত লাহে লাহে গোষ্ঠী সংঘৰ্ষবোৰ আৰম্ভ হ’বলৈ ধৰে। আচলতে আধুনিক ৰাষ্ট্ৰ গঠনৰ আসোঁৱাহবোৰ লাহে লাহে প্ৰকাশ পাবলৈ ধৰে বাবে গোষ্ঠী সংঘৰ্ষৰ উপক্ৰম হ’বলৈ ধৰে। সৰহসংখ্যক পশ্চিমীয়া দেশেবোৰে বিভিন্ন ঘাত্-প্ৰতিঘাতৰ মাজেৰে সংশ্লিষ্ট দেশখনৰ প্ৰতিটো জাতি-জনজাতিৰ গোটকে সামৰি লৈ নিজস্ব ৰাষ্ট্ৰীয় ধাৰণাৰে আধুনিক ৰাষ্ট্ৰ গঠন কৰিছে। এছিয়া, আফ্ৰিকাৰ দৰে মহাদেশবোৰৰ প্ৰায়বিলাক দেশে বিংশ শতিকাৰ মাজভাগৰ পৰাহে স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে চিনাকি দিব পৰা হৈছে। আচলতে নতুনকৈ স্বাধীনতা পোৱা এই দেশবিলাকৰ ৰাষ্ট্ৰীয় ধাৰণা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে। এই দেশবিলাকে সংশ্লিষ্ট দেশখনৰ প্ৰতিটো জাতি-জনজাতিৰ গোটকে সমানভাৱে বিকশাই তুলিব পৰা নাই। পশ্চিমীয়া দেশৰ আৰ্হিত গঠন কৰা দেশবিলাকে আজি উপলব্ধি কৰিছে যে পশ্চিমীয়া দেশৰ আৰ্হিত নিজৰ দেশখন গঠন কৰি সমতাৰ নীতি প্ৰয়োগেৰে সমতা স্থাপন কৰিবলৈ প্ৰয়াস কৰিলেও, বাস্তৱত সম্ভৱ হৈ উঠা নাই। সেয়েহে এই দেশবিলাকৰ কিছুমান জনগোষ্ঠীয়ে অসমতাৰ উপলব্ধিৰে সমতা বিচাৰি ৰাষ্ট্ৰৰ প্ৰতি বিদ্ৰোহী উঠে। একে সময়তে আন জনগোষ্ঠীয়ে ৰাষ্ট্ৰৰ প্ৰচলিত ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়ালে জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়।
   শাসনৰ গাদী এটা জনগোষ্ঠীৰ পৰা ঘুৰাই পোৱাৰ দাবীস্বৰূপে আন কিছুমান জনগোষ্ঠীয়ে গণতান্ত্ৰিকভাৱে প্ৰচেষ্টা চলোৱাৰ পাছতো সম্ভৱ হৈ নুঠিলে, গোষ্ঠী চাফাই (Ethnic Cleansing) অভিযানেৰে লক্ষ্য পূৰণৰ প্ৰচেষ্টা চলালে গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। উদাহৰণস্বৰূপে, বৃটিছ ৰাজত্বৰ আগতে অসমৰ ৰাজনৈতিক ক্ষমতা তথাকথিত বৰ্ণহিন্দুসকলৰ হাতত নাছিল, মংগোলীয় গোষ্ঠীৰ লোকসকলেই শাসনৰ বাঘজৰীডাল ধৰি ৰাখিছিল। খ্ৰিষ্টপূৰ্ব যুগতে কিৰাত বড়ো নৃপতিৰ হাত ধৰিয়েই আজিৰ তথাকথিত বৰ্ণহিন্দুৰ উপৰিপুৰুষসকলে অসম ভূখণ্ডত প্ৰৱেশ কৰিছিল (অৱশ্যে সেই সময়ত অসমৰ নাম প্ৰাকজ্যোতিষপুৰ আছিল)। কিন্তু, বৃটিছৰ শাসনকালত তথাকথিত বৰ্ণহিন্দুসকলে বিভিন্ন কূট-কৌশলেৰে বৃটিছৰ সহযোগী হৈ পৰিল। ফলস্বৰূপে বৃটিছে ভাৰত এৰাৰ পাছত অসমৰ শাসনৰ গাদী তেওঁলোকৰ দখলত ৰাখিলে। সম্প্ৰতি মংগোলীয় গোষ্ঠীৰ লোকসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাজনৈতিক ক্ষমতা পুনৰ ঘুৰাই পোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও, নিয়ন্ত্ৰণহীন পৰিস্থিতিত গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ পৰিলক্ষিত হৈছে।
   উপনিবেশিক কালছোৱাত শাসনকৰ্তা দেশে তেওঁলোকৰ শাসন দীৰ্ঘস্থায়ীকৈ ৰাখিবৰ বাবে তলতীয়া দেশবিলাকৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজন ঘটাইছিল। কিছুমান জনগোষ্ঠীক আন কিছুমান জনগোষ্ঠীৰ পৰা আঁতৰাই ৰখা নীতি প্ৰয়োগ কৰা হৈছিল, যাতে সংশ্লিষ্ট দেশখনৰ জনগোষ্ঠীবিলাক একগোট হৈ উপনিবেশিক চৰকাৰৰ বিৰূদ্ধে বিদ্ৰোহ কৰিব নোৱাৰে। বিংশ শতিকাৰ মাজভাগৰ পৰাহে স্বাধীন ৰাষ্ট্ৰ হিচাপে চিনাকি দিব পৰা তেনে দেশবিলাকত বিভাজনৰ প্ৰভাৱ এতিয়াও পৰিলক্ষিত হৈ আছে আৰু তাৰ ফলতে মাজে মাজে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈছে। ১৯০৫ চনৰ পৰা ১৯১১ চনলৈ বংগ ভংগৰ সময়ছোৱাত, বংগৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত যিধৰণৰ গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হৈছিল তাৰ পৰা বৃটিছৰ মূল ৰাজনৈতিক উদ্দেশ্য খুব ভালদৰে সিদ্ধি হৈছিল। বৰ্তমানৰো কিছুমান ৰাজনীতিকে এনে বিভাজন নীতিকে ৰাজনৈতিক ক্ষমতা দখলৰ উপায় হিচাপে ব্যৱহাৰ কৰি আহিছে। উত্তৰ-পূৱ ভাৰততো ইয়াৰ উদাহৰণ পোৱা যায়। ১৯৩৫ চনত চাইমন আয়োগৰ পৰামৰ্শৰ ভিত্তিত ব্ৰিটিছ চৰকাৰে ১৯১৯ চনতে ‘পিচপৰা এলেকা’ হিচাপে ঘোষণা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতি অধ্যুসিত অঞ্চলসমূহক ‘বহিৰ্ভূত এলেকা’ (Excluded Area) আৰু ‘আংশিকভাৱে বহিৰ্ভূত এলেকা’ (Partially Excluded Area)-এই দুটা ভাগত ভাগ কৰে। ৰাজনৈতিক স্বাৰ্থৰ বাহিৰে এই অঞ্চলসমূহত ব্ৰিটিছসকলৰ অৰ্থনৈতিক স্বাৰ্থ বিশেষ নাছিল। গতিকে ‘বহিৰ্ভূত এলেকা’ নাম দি একমাত্ৰ সামৰিক প্ৰশাসনৰ বাহিৰে আন প্ৰায় সকলো ক্ষেত্ৰতে জনজাতীয় ৰীতি-নীতিয়েই সেই অঞ্চলবোৰত বাহাল ৰখা হৈছিল। ভৈয়ামৰ পৰা মানুহ গৈ যাতে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে, সেই উদ্দ্যেশেৰে ‘ইনাৰ লাইন প্ৰথা’ও সেই এলেকাবোৰত বাহাল ৰখা হৈছিল। একেটা কৰণতে অসমৰ সৰহসংখ্যক ভৈয়ামৰ লোকে আজিও পাহাৰীয়া জনজাতীয় লোকক আৰু সৰহসংখ্যক পাহাৰীয়া জনজাতীয় লোকেও অসমৰ ভৈয়ামৰ লোকক পৃথক বুলি গণ্য কৰি আহিছে।
  তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ সংকীৰ্ণ জাতীয়তাবাদী ৰাজনীতিৰ ফলতো গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ প্ৰৱণতা আছে। ৰাজনৈতিক ক্ষমতা লাভৰ আশাত এই শ্ৰেণীৰ লোকসকলে বিভিন্ন কূট-কৌশলেৰে তেওঁলোকৰ স্বাৰ্থক সাধাৰণ শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ ৰূপ দি সেই শ্ৰেণীৰ লোকসকলকে সঁজুলি হিচাপে ব্যবহাৰ কৰি লোমহৰ্ষ সংঘৰ্ষবোৰ ঘটায়। বিভিন্ন ঘাত-প্ৰতিঘাতৰ ফলত কেতিয়াবা এই শ্ৰেণীৰ লোকৰ অভিলাষা পূৰণ হয় যদিও সৰ্বসাধাৰণৰ বিশেষ উন্নতি পৰিলক্ষিত নহয়। কিন্তু গোষ্ঠী সংঘৰ্ষৰ অৱসান নঘটে। কাৰণ সংকীৰ্ণ জাতীয়তাবাদী ৰাজনীতি, আৰু সংকীৰ্ণ অৱস্থালৈ গতি কৰে। উদাহৰণস্বৰূপে, উত্তৰ-পূৱ ভাৰতত জনগোষ্ঠীয় আন্দোলনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যি কেইটা স্বায়ত্ব শাসিত অঞ্চলৰ জন্ম দিছে তাতো সংকীৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড তথা পৰ্বতসম দুৰ্নীতি পৰিলক্ষিত হৈছে। যিদৰে অসমৰ বৃহৎ মধ্যবিত্ত প্ৰতিনিধিসকলৰ কিছুমান নেতাই জাতীয়তাবাদী ৰাজনীতি কৰি অসমৰ ৰাজধানী দখল কৰি সাধাৰণ লোকসকলৰ  উন্নতিত মনোযোগ নিদি নিজৰ স্বাৰ্থৰ প্ৰতিহে মনোযোগ দিলে, তেনেদৰে স্বায়ত্ব শাসিত অঞ্চলসমূহতো এচাম সুবিধাভোগী মধ্যভোগী শ্ৰেণীৰহে জন্ম হ’ল। সৰ্বসাধাৰণৰ বিশেষ উন্নতি পৰিলক্ষিত নহ’ল। প্ৰথম পৰ্যায়ত ৰাজনৈতিক ক্ষমতাৰ পৰা বঞ্চিত জনগোষ্ঠীয় নেতাসকলৰ কিছুমানে পৰৱৰ্তী পৰ্যায়ত সুবিধা গ্ৰহণৰ বাবে গোষ্ঠী সংঘৰ্ষকে স্বাৰ্থ পূৰণৰ উপায় হিচাপে প্ৰয়োগ কৰিবলৈ ধৰিলে। কাৰণ, তুনলামূলকভাৱে আন উপায়তকৈ জনগোষ্ঠীয় ভাৱবৃত্তি প্ৰয়োগ কৰি লক্ষ্য পূৰণ কৰা সহজ হয়। আন জনগোষ্ঠীৰ কিছুমান নেতাও একে নীতিকে প্ৰয়োগ কৰাৰ ফলত এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক নিজৰ শত্ৰু বুলি ভাবি আন্ত:সংঘাতত লিপ্ত হোৱাৰ দুৰ্ঘটনা সংঘটিত হৈছে। গাৰো-ৰাভা, কাৰ্বি-ডিমাচা বা মাৰ-ডিমাচাৰ সংঘাত ইয়াৰ উৎকৃষ্ট উদাহৰণ১০ 
   বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় ভাৱ অহাৰ উপক্ৰম হ’লেই কোনো এটা জনগোষ্ঠীৰ ভিতৰৰে কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে গোট গঠন কৰি সমন্বয় সৃষ্টিত বাধা প্ৰদান কৰে। তেনে গোটবোৰে সংশ্লিষ্ট জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি-নীতি মানি লৈ আন জনগোষ্ঠীৰ সৈতে সমিলমিলেৰে থকাটো নিবিচাৰে। সংশ্লিষ্ট জনগোষ্ঠীটোৰ আন জনগোষ্ঠীটোৰ সৈতে মিলি থাকিব বিচৰা গোটবোৰক, সমৰ্থন নকৰা গোটটোৱে আন জনগোষ্ঠীটোৱে যাতে তেওঁলোকৰ জনগোষ্ঠীটোৰ সৈতে সম্বন্ধ স্থাপন নকৰে তাৰ বাবে উগ্ৰবাদী পন্থাৰে বাধা প্ৰদান কৰে১১। প্ৰতিশোধস্বৰূপে, আন জনগোষ্ঠীৰ কিছুমান গোটেও একে পদ্ধতিকে প্ৰয়োগ কৰিলে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। উত্তৰ-পূৱ ভাৰতত কিছুমান জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ উগ্ৰপন্থীৰ দুষ্কাৰ্যৰ পৰা পৰিত্ৰাণ পাবৰ (?) বাবেও উগ্ৰপন্থী সংগঠন গঠন কৰাৰ উদাহৰণ আছে১২। এই উগ্ৰপন্থীবিলাকে যে গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাত অৰিহণা নোযোগায়, তাৰ প্ৰমাণ কোনোবাই দিব পৰিবনে?
   গণতান্ত্ৰিক শাসন পদ্ধতিত ভোটৰ তালিকাই গোষ্ঠী সংঘৰ্ষ উদ্ভৱ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনো এটা সমষ্টিৰ ভোটৰ তালিকাত কিছুমান জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা স্বাভাৱিক হাৰতকৈ অধিক বৃদ্ধি পালে আন জনগোষ্ঠীয়ে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। সংশ্লিষ্ট জনগোষ্ঠীটোৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ কাৰণ হিচাপে চুবুৰীয়া দেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ ঘটাৰ সন্দেহ ওপজে। সংশ্লিষ্ট দেশখনৰ বা ৰাজ্যখনৰ চৰকাৰ তথা আন ৰাজনৈতিক দলবিলাকে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ প্ৰয়াস কৰাৰ পৰিবৰ্তে, যদি তাকে লৈ ‘ভোট বেংক’ৰ ৰাজনীতিহে কৰিবলৈ লয়, পৰিস্থিতি আৰু বিষম হৈ পৰে। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত ৰাজনৈতিক মহলৰ পৰা কেনেদৰে বাধাৰ সম্মুখিন হ’ব লগা হয়, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই স্পষ্টভাৱে উল্লেখ কৰিছে। তেখেতে কৈছে “মই সত্তৰৰ দশকৰ শেষৰছোৱাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থাকোঁতেও দেখিছিলো সীমান্ত শাখাৰ বিষয়াসকলে চিনাক্তকৰণৰ কাৰণে সোধা-পোছা কৰিলেও এটা চক্ৰই নানা ৰাজনৈতিক অভিযোগ উত্থাপন কৰি কাৰ্যত: বাধা দিবলৈ প্ৰয়াস কৰিছিল”১৩। অবৈধ অনুপ্ৰৱেশ দৰে জলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰ বা আন ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নকৰি, ভৱিষ্যতে নিজৰ জন্মভূমিতে ৰাজনৈতিক ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ শংকাত নিজাববীয়াকৈ সমাধান কৰিবলৈ প্ৰয়াস কৰিবলৈ যাওতে গোষ্ঠী সংঘৰ্ষৰ দৰে অবাঞ্ছিত দুৰ্ঘটনা সংঘটিত হৈ যায়। অসমত সম্প্ৰতি সেয়াই ঘটিছে। শেহতীয়াকৈ অসমত যিকেইটা গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ গৈছে, বিভিন্ন কাৰণৰ ভিতৰত এয়াও এটা কাৰণ১৪
   আজি সকলোৱে অতীতত কৰা ভুলৰ পৰা শিক্ষা লোৱাৰ সময় আহি পৰিছে। যিখন ৰাষ্ট্ৰ যিভাৱে স্বকীয়তা গঢ়ি উঠিব লাগে, ঠিক তেনেকৈয়ে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত। যিবিলাক কামৰ দ্বায়িত্ব ৰাষ্ট্ৰৰ হাতত থাকিব লাগে তেনে কামৰ দ্বায়িত্ব অঞ্চলভিত্তিত কিছুমান জনগোষ্ঠীবিশেষ বা ব্যক্তিবিশেষৰ হাতত এৰি দিব নালাগে অথবা তেনে জনগোষ্ঠীবিশেষক বা ব্যক্তিবিশেষক দ্বায়িত্ব লোৱাৰ সুবিধাও দিব নালাগে।  

তথ্যসূত্ৰ


সামাজিক মানদণ্ড (Social Norms), সামাজিক প্ৰসাৰণ বা জাল (Social Network) আৰু সমাজৰ মানুহবিলাকৰ পৰস্পৰ মাজত নিহিত থকা বিশ্বাস (Social Trust)-এই তিনিওটাক একেলগে সামাজিক মূলধন বুলি কোৱা হয়। 
এই সম্পৰ্কে বিতংকৈ জানিবৰ বাবে আগ্ৰহী পাঠকে http://en.wikipedia.org/wiki/Ethnic_conflict লিংকটো ক্লিক কৰি চাপ পাৰে।
Bardhan, Pranab (2005): Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development (Oxford University Press), P. 180.
বৰ্মন, ড° শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা: এক ঐতিহাসিক সন্ধান, (বনলতা সংস্কৰণ), পৃষ্ঠা: ২৪। 
মহন্ত, ড° প্ৰফুল্ল (২০১৩): ‘সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা আৰু অসমীয়া ঐক্যমঞ্চ’ (১), আমাৰ অসম, ৭ নবেম্বৰ, পৃষ্ঠা: ৪। 
ৰাজবংশী, অৰুণ(২০১০): ‘অসমত মুছলমান ৰাজনীতি’, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল: এক সমাজতাত্ত্বিক অৱলোকন, দ্বিতীয় প্ৰকাশ, (অসম পাব্লিচিং কোম্পানী), পৃষ্ঠা: ২৫৬-২৭০।
বৰ্মন, ড° শিৱনাথ (২০১৩): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৭।
১৮৭৩ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা Inner Line Regulation, 1873’ প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰ কামৰূপ, দৰং, নগাওঁ, শিৱসাগৰ, লক্ষীমপুৰ, গাৰোপাহাৰ, খাচী আৰু জয়ন্তীয়া পাহাৰ, নগা  পাহাৰ, কাছাৰ আৰু চিতাগড় পাহাৰ এই আইনৰ অন্তৰ্ভূক্ত হৈছিল। এই আইন অনুসৰি বেংগলৰ স্থানীয় চৰকাৰে ওপৰত উল্লেখ কৰা জিলাসমূহত আইনসিদ্ধভাৱে কিছুমান ৰেখা নিৰ্ধাৰণ কৰিব পাৰিব যিসমূহক ‘Inner Line’ বুলি কোৱা হ’ব। স্থানীয় চৰকাৰে নিয়োগ কৰা বিষয়াৰ চিল-মোহৰ সম্বলিত অনুজ্ঞা পত্ৰ (pass) অবিহনে কোনো বৃটিছ সৈন্য, বৃটিছ নাগৰিক বা অন্য কোনোবা এই ‘Inner Line’ পাৰ হ’ব নোৱাৰিব। অন্যথা কঠোৰ শাস্তিৰ ব্যৱস্থা এই আইনত আছে [মনোজ কুমাৰ নাথ, অসমৰ জনজাতি ৰাজনীতি: সত্য, সংশয়, সংঘাত, (আলিবাট), পৃষ্ঠা: ৪৫]।
মজুমদাৰ, পৰমানন্দ (২০০৭): ‘অসমত জাতীয়তাবাদীৰ উত্থান আৰু সংকটৰ পটভূমি’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা: ১২০-১৫১।
১০ দত্ত, ড° অনুৰাধা (২০১০): ‘উত্তৰ-পূৱ ভাৰতৰ শান্তি প্ৰক্ৰিয়া’, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল: এক সমাজতাত্ত্বিক অৱলোকন, দ্বিতীয় প্ৰকাশ, (অসম পাব্লিচিং কোম্পানী), পৃষ্ঠা: ১৮৪-১৯৪। 
১১ Bardhan, Pranab (2005): ibid, P. 182.
১২ Baruah, Sanjib (2009): Durable Disorder: Understanding the Politics of Northeast India, Third Impression, (Oxford University Press), P.16.
১৩ডেকা, হৰেকৃষ্ণ (২০১০): প্ৰব্ৰজন আৰু অনুপ্ৰবেশ: এটা সমস্যাৰ দুটা ৰূপ, (আঁক-বাক),পৃষ্ঠা:৪৯।   
১৪ ৰাভা, বিপুল কুমাৰ (২০১১): ‘গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগত’, প্ৰান্তিক, বছৰ ৩০, সংখ্যা ৭, পৃষ্ঠা: ১২; আৰু ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১ (২০১২), সংখ্যা ১৮, পৃষ্ঠা: ১৩।


           [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জুন, ২০১৫]

আগিয়া-বায়দা পথছোৱা

   যোৱা দুই মে’ ২০১৫ তাৰিখে গোলাঘাট চহৰৰ পৰা গোৱালপাৰা জিলাৰ বায়দাৰ পৰা তিনি কিল’মিটাৰ দূৰত্বত অৱস্থিত ৰংচাই গাঁৱলৈ বন্ধু এজনৰ বিয়া খাবলৈ গৈছিলোঁ। চাৰিজনীয়া দলটোৰ গোলাঘাটৰ পৰা আগিয়ালৈ সমগ্ৰ যাত্ৰাৰ কালছোৱাত যিমান উপভোগ কৰিলোঁ, আগিয়াৰ পৰা বায়দালৈ বিছ কিল’মিটাৰ দূৰত্বৰ পথছোৱাই আমাৰ সমগ্ৰ যাত্ৰা টেঙা কৰি পেলালে। আগিয়াৰ পৰা লক্ষীপুৰ, টিক্কিৰকিল্লা তথা ফুলবাৰীলৈ সংযোগ থকা ব্যস্ত পকা ৰাস্তা এটা ইমান বেয়া হ’ব পাৰে বুলি আমি তিলমানো ধাৰণা কৰিব পৰা নাছিলোঁ। বিকশিত অসমৰ পকা ৰাস্তা এটাত ইমান দ দ খাল থাকে বুলি দেখাজনেহে বিশ্বাস কৰিব। বিছ কিল’মিটাৰ ৰাস্তা অতিক্ৰম কৰিবলৈ আমাক প্ৰায় এঘণ্টা পোন্ধৰ মিনিট সময় লাগিল। বায়দা বা ৰংচাই গাঁৱৰ ৰোগীয়ে তথা গৰ্ভৱতী মহিলাই আগিয়া বা গোৱালপাৰা চহৰত অৱস্থিত চিকিৎসালয়লৈ অনাৰ সময়ত নি:সন্দেহে যমৰ যাতনা ভোগ কৰিবলগীয়া হয়। যোৰহাটস্থিত বিশিষ্ট সাংবাদিক সঞ্জয় হাজৰিকাই কোৱাৰ দৰে তেনে পকা ৰাস্তাবোৰৰ মাজত আচলতে খাল নাই, খালৰ মাজতহে ৰাস্তা আছে।
   ৰাস্তাটোৰ অৱস্থাই আমাক গোৱালপাৰা জিলাত মাজে মাজে সংঘটিত হৈ থকা সৰু-ডাঙৰ গোষ্ঠী সংঘৰ্ষ আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনৰ কথা মনত পেলাই দিলে। আমাৰ বোধেৰে জিলাখনৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণে গোষ্ঠী পাৰ্থক্যৰ ওপৰলৈ উঠি সকলোৰে বাবে অতি প্ৰয়োজনীয় পথছোৱা চৰকাৰৰ পৰা আদায় কৰি লোৱাহে উচিত হ’ব। ২০১৩ চনৰ নৱেম্বৰ মাহত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সুকলমে হৈ গ’ল। পৰিষদখনে যিকোনো প্ৰকাৰে অঞ্চলটোৰ পথছোৱা মেৰামতি কৰি দিব পাৰিলে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ’ব আৰু পৰিষদখনৰ প্ৰতি সকলোৰে আস্থা বৃদ্ধি পাব।



প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ অক্টোবৰ, ২০১৫।

Monday 25 May 2015

গিৰীয়েকে তেওঁৰ ঘৈণীয়েকক ভয় কৰে জানো?

নতুনকৈ সংসাৰ পাতিছোঁ। অবিবাহিত জীৱনত থকা কিছুমান অভ্যাস এৰিবলৈ ধৰিছোঁ। বেছিভাগেই বদ অভ্যাস। যেনে-প্ৰতি শনিবাৰে গধূলি লগৰ ল’ৰাৰ/সহকৰ্মীৰ সৈতে মদ-মাংস খাই সপ্তাহটো বিদায় দিছিলোঁ। দিনটোৰ বেছিভাগ সময়তে ঘৰৰ বাহিৰত কটাইছিলোঁ। এতিয়া মদ খাবলৈ বাদেই দিলোঁ, সদায় সময়মতে ঘৰলৈ ওভোতা হ’লোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লগৰ ল’ৰাৰ/সহকৰ্মীৰ সংগ একেবাৰে এৰি দিলোঁ। মোৰ অবিবাহিত লগৰ ল’ৰাবোৰৰ কথা বাদেই দিলোঁ, বিবাহিত বয়সস্থ সহকৰ্মীসকলেও মোক প্ৰায়ে উপলুঙাৰ সুৰত কয়-মই হেনো মোৰ ঘৈণীয়েকক ভয় কৰিহে তেনে অভ্যাসবোৰ এৰি নতুন অভ্যাস গঢ়িবলৈ আৰম্ভ কৰিছোঁ। আচলতে, গিৰীয়েকে তেওঁৰ ঘৈণীয়েক ভয় কৰে জানো? শতকৰা দুই-এজন গিৰীয়েক হয়তো ওলাব পাৰে, যিয়ে নিজৰ ঘৈণীয়েকক ভয় কৰে। কিন্তু মোৰ ধাৰণাত, এখন সুখৰ সংসাৰ গঢ়াৰ স্বাৰ্থত গিৰীয়েকে ঘৈণীয়েকৰ আৱেগ, অনু্ভূতি, চিন্তাধাৰা ইত্যাদিৰ প্ৰতি থকা সন্মানৰ বাবেহে অবিবাহিত জীৱনত থকা কিছুমান অভ্যাস এৰিবলৈ চেষ্টা কৰে। 



                  [প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ ডিচেম্বৰ, ২০১৩]

প্ৰথম সঁহাৰি

      অচিনাকি ঠাই এখনত উপস্থিত হৈ চিনাকি মানুহৰ স্থান বিচাৰি উলিওৱাত অসুবিধা হ’লে, সেই ঠাইখনৰ বাবে চিনাকি অথচ মোৰ বাবে অচিনাকি মানুহক সুধিবলগীয়া পৰিস্থিতিৰ বহুবাৰ সম্মুখিন হৈছোঁ। তেনে পৰিস্থিতিত ওচৰে-পাজৰে অকল এজনেই মানুহ থাকিলে সেইজনকে সুধিবলগীয়া হয়। কিন্তু, একেলগে বহুত অচিনাকি মানুহ লগ পালে জুমটোৰ মাজৰ এনে এজন মানুহৰ ওচৰ চাপি যাওঁ যিজনক মই বিশ্বাস কৰি লওঁ যে সেই নিৰ্দিষ্ট মানুহজনো মোৰ দৰেই অচিনাকি মানুহক ভালদৰে সঁহাৰি দিব। কিন্তু, কেতিয়াবা এনে কিছুমান মানুহক বাছনি কৰি পাওঁ যিজনে আচলতে মানুহক ভদ্ৰভাবে সঁহাৰিয়ে দিব নাজানে। মানুহজনৰ প্ৰথম সঁহাৰিতে মনত খুউব আঘাত পাওঁ আৰু মই যে মানুহ চিনি নাপাওঁ তাৰ বাবে নিজকে ধিক্কাৰ দিওঁ। মোৰ এই সমস্যা সম্পৰ্কে বন্ধুমহলৰ লগত আলোচনা কৰোতে সিহঁতে বহুত হাঁহিলে। সিহঁতৰ মতে, তেনে ক্ষেত্ৰত সেই মানুহজনৰহে সীমাবদ্ধতা। মইনো কিয় ইমানকৈ ভাবিব লাগে?  
     ঠিক তেনেদৰে সভা সমিতিত বা কোনোবা অনুষ্ঠানত নতুনকৈ যোগদান কৰি অনুষ্ঠানটোৰ সকলো সদস্যৰ লগত চিনাকি হোৱাৰ পাছত দ্বিতীয়বাৰ মাত লগালে কিছুমান মানুহৰ সঁহাৰি একেবাৰে গ্ৰহণযোগ্য নহয় (সৌজন্যতাৰ খাতিৰত প্ৰথমবাৰ ভালেই সঁহাৰি দিয়ে) আৰু সেয়েহে তেনে মানুহৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ বাধ্য হওঁ। ভাৱ হয়, এনেদৰে আঁতৰি আহিয়েই আজি একেখন প্ৰদেশৰ মানুহে যিজনৰ পৰা সিজনৰ একেবাৰে ওচৰতে থাকিও দূৰত থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।  


                    [প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩০ এপ্ৰিল, ২০১৫] 

খাদ্যৰ অপচয়

         আমাৰ অসম’ কাকতত প্ৰকাশিত ফেব্ৰুৱাৰি মাহৰ ২২ তাৰিখৰ সম্পাদকীয় আৰু ২৮ তাৰিখৰ দীপক কুমাৰ গোস্বামীৰ চিঠিখন পঢ়ি খাদ্যৰ অপচয় সম্পৰ্কে আমাৰো কিছু কথা লিখিবলৈ মন গ’ল। আচলতে অসমৰ মানুহবিলাক আন বিষয়ত যিমান সচেতন, খাদ্যৰ অপচয় সম্পৰ্কে সিমান সচেতন নহয়। বিয়াৰ অভ্যৰ্থনাই হওক বা জন্মদিনৰ উপলক্ষে আয়োজন কৰা অভ্যৰ্থনাই হওক, কি শিক্ষিত (?), কি অশিক্ষিত, সৰহ সংখ্যক মানুহেই খোৱা পাতখনত খাদ্য এৰি অহা দেখা যায়। তেওঁলোকে এবাৰ ভাৱি নাচায় যে পৃথিৱীত লাখ লাখ মানুহ আছে, যিসকলে দিনটোত এসাঁজ পেট ভৰাই খাবলৈ নাপায়।
     খাদ্য অপচয় কৰা মানুহবিলাকে অকল খাদ্য উৎপাদনকাৰী আৰু খাদ্য প্ৰস্তুতকাৰীসকলকেই অপমান নকৰে, অপচয় হোৱা খাদ্যই গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা (Global Environmental Problem) বৃদ্ধি কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগায়। কাৰণ, খাদ্য উৎপাদনৰ সৈতে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক দ্ৰৱ্য, পৰিবহনৰ ফলত নিৰ্গত কাৰ্বন-ডাই-গেছৰ সম্পৰ্ক আছে। তদুপৰি, পেলনীয়া খাদ্যৰ পৰা মিথেনৰ দৰে সেউজ গৃহ গেছ (Greenhouse Gas) নিৰ্গত হৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ বৃদ্ধি কৰে। চিন্তা কৰিবলগীয়া কথাটো হ’ল-গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছৰ অৰিহণা কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩গুণ বেছি। বহুতে হয়তো পাহৰিয়ে গ’ল যে ৰাষ্ট্ৰসংঘ পৰিবেশ কাৰ্যসূচীত (United Nations Environment Programme, UNEP), ২০১৩ চনৰ ‘বিশ্ব পৰিবেশ দিৱস’ৰ সৈতে সম্পৰ্ক ৰাখি প্ৰচাৰ কৰা মূল বাণীটো আছিল-ভাৱক, খাওক, সঞ্চয় কৰক (Think, Eat, Save)


      অৱশ্যে, সংখ্যাত কম হ’লেও অসমতো খাদ্যৰ অপচয় সম্পৰ্কে সচেতন ব্যক্তি বা প্ৰতিষ্ঠান আছে। তেনে এটা উদাহৰণ হ’ল-গুৱাহাটীৰ ছয় মাইলত অৱস্থিত ‘অমিয় কুমাৰ দাস সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান’। প্ৰতিষ্ঠানখনৰ ভোজনালয়ৰ প্ৰতিখন ডাইনিং টেবুলতে ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা আছে ‘খাদ্যৰ অপচয় কৰাজনক পঞ্চাছ টকা জৰিমনা বিহা হ’ব’। কৰ্তৃপক্ষই জৰিমনা বিহক বা নিবিহক বাক্যটোৱে অন্ত:ত খোৱাৰ সময়ত এবাৰ ভাৱিবলৈ বাধ্য কৰায় যে খাদ্য অপচয় কৰা উচিত নহয়।

                 [প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ মাৰ্চ ২০১৫] 

Thursday 5 March 2015

ৰাজহুৱা প্ৰতিষ্ঠানত নিম্নতম প্ৰয়োজনীয়তাৰ অভাৱ

      NET, SET পৰীক্ষা বা চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা আদিৰ বাবে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত, বিশেষকৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ সুবিধা পাইছোঁ। তেনে শিক্ষানুষ্ঠানসমূহৰ চৌপাশ পৰিদৰ্শন কৰি এটা উমৈহতীয়া অভিজ্ঞতা লাভ কৰিছোঁ যে প্ৰায়বোৰ শিক্ষানুষ্ঠানৰে নিজৰ ছাত্ৰ-ছাত্ৰী বা আমাৰ দৰে পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীৰ বাবে ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা ৰখা প্ৰসাৱগাৰ আৰু পায়খানাসমূ্হৰ অৱস্থা অতি ঘৃণনীয়। ইয়াৰ ভিতৰত অসমৰ কিছুমান নামী (?) মহাবিদ্যালয়ো আছে। দেখিলেই বুজি উঠে, প্ৰসাৱগাৰ আৰু পায়খানাসমূহ কোনোদিন চাফা নকৰে বা নকৰায়। দুৰ্গোন্ধই চৌদিশ আমোলমোলাই (?) থাকে। কিছুমানত আকৌ প্ৰসাৱগাৰতে মানুহৰ বিষ্ঠাও থাকে। পানীৰ সুবিধাও নাই। সুবিধা পালেই সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰীক লগ কৰি শিক্ষানুষ্ঠানখনৰ মূৰব্বীগৰাকীৰ প্ৰসাৱগাৰ আৰু পায়খানা কেনেকুৱা সুধিবলৈ নাপাহৰোঁ। তেওঁলোকে অতি আক্ষেপেৰে জনায় যে অধ্যক্ষ ছাৰ বা বাইদেউৱে বহা কোঠালিটোৰ গাতে লগাকৈ তেখেতৰ বাবে ধুনীয়া প্ৰসাৱগাৰ আৰু পায়খানা থাকে। সেইদৰে অধ্যাপক/অধ্যাপিকাসকলৰ বাবেও উপযুক্ত প্ৰসাৱগাৰ আৰু পায়খানাৰ ব্যৱস্থা থাকে।  
    ‘প্ৰান্তিক’ৰ কোনোবা এটা সংখ্যাৰ (সংখ্যাটো মনত পৰা নাই) সম্পাদকৰ কোঠালিত পঢ়িবলৈ পাইছিলোঁ যে প্ৰতিষ্ঠান এটাৰ প্ৰশাসকগৰাকীৰ দক্ষতাৰ বিষয়ে জানিবলৈ হ’লে প্ৰতিষ্ঠানটোৰ প্ৰসাৱগাৰ আৰু পায়খানাসমূহ পৰিদৰ্শন কৰিলেই সকলো চাফা হৈ পৰে। ব্যাখ্যা নিষ্প্ৰয়োজন।
    আমাৰ অনুৰোধ, উল্লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰা স্থানসমূহ এবাৰ পৰিদৰ্শন কৰি ল’ব লাগে। যিবোৰ শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানত উপযুক্ত প্ৰসাৱগাৰ বা পায়খানা নাই তেনে স্থানত পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে। আচৰিত কথাটো হ’ল, উপযুক্ত প্ৰসাৱগাৰ আৰু পায়খানা নথকা শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানৰ কৰ্তৃপক্ষই কিহৰ আশাত তেওঁলোকৰ প্ৰতিষ্ঠানত তেনে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহে? নামৰ বাবে?  

                   [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৫]   

সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ৰাজহুৱা ধন কেনেকৈ আহে?

   ঊনপঞ্চাছ দিনৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ পদত্যাগ কৰাৰ পাছত চৰকাৰী কাম কৰাৰ চমু অভিজ্ঞতা সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত অৰবিন্দ কেজৰিৱালে ‘সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিবলৈ পইচাৰ অভাৱ নাই’ বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়াইছিল। কেজৰিৱালে কিয় দিল্লীৰ মুখ্য মন্ত্ৰীৰ আসনখন এৰিলে সেয়া আন এটা বিষয়। শিক্ষিত তথা সচেনত নাগৰিক মাত্ৰেই জ্ঞাত যে সাংবিধানিক নীতি-নিৰ্দেশনা অনুসৰি বিত্ত আয়োগ আৰু পৰিকল্পনা আয়োগৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিয়মীয়াকৈ বিভিন্ন পথেৰে ধনৰ যোগান ধৰি থাকে। তদুপৰি ৰাজ্য চৰকাৰ তথা স্থানীয় চৰকাৰসমূহে নিজাকৈ ৰাজহ সংগ্ৰহ কৰি ব্যয় কৰাৰ ক্ষমতা লাভ কৰে।
   ভাৰতৰ সংবিধানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰসমূহৰ ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ ক্ষমতা সম্পৰ্কে কিছুমান দফা সন্নিৱিষ্ট আছে। সংবিধানখনৰ 280 (3) (a) অনুচ্ছেদ অনুসৰি বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে আৰু বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰিয়েই ৰাজ্য চৰকাৰসমূহলৈ ধন আৱণ্টন দিব লাগে। সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ সাহাৰ্য প্ৰদান কৰিব পাৰে। যিকোনো ৰাজহুৱা উদ্দেশ্যৰ বাবে সাহাৰ্য (Grants for any public purpose) প্ৰদান কৰিব পৰাকৈ ভাৰতৰ সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি ব্যৱস্থা আছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি ব্যয় কৰিবলৈ পোৱা ধন পৰিকল্পনাযোগে বিভিন্ন আঁচনি যুগুত কৰাৰ সুবিধা গ্ৰহণ কৰি ব্যয় কৰে। সংবিধানৰ 280 আৰু 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০১৩-১৪ বাজেট বৰ্ষত মুঠ ৫,৮৭,০৮২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। একে বাজেট বৰ্ষতে সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি মুঠ ৫,৫৫,৩২২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সংবিধানে প্ৰদান কৰা ৰাজহ সংগ্ৰহ কৰিব পৰা ক্ষমতাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে দেশৰ বাহিৰৰ পৰা ঋণ আৰু সাহাৰ্য গ্ৰহণ কৰে। এই আটাইবোৰ উৎসৰ ধনৰাশি কিছুমান বিশেষ পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। ধৰি লোৱা হয় যে উল্লিখিত উৎসসমূহৰ পৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে অহাৰ পথত নিৰ্ধাৰিত ধনৰাশিৰ কোনো হেৰফেৰ নহয়। অৱশ্যে, বাস্তৱত কি হৈ আছে সেয়া আলোচনা কৰা এই লেখাটোৰ উদ্দেশ্য নহয়।      
   এইখিনিতে স্পষ্ট কৰি থোৱা ভাল হ’ব যে আমাৰ লেখাটোত কেৱল ৰাজহুৱা ধনৰ উন্নয়ন ব্যয় (Developmental Expenditure) শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে সেই সম্পৰ্কেহে আলোচনা কৰা হৈছে। ৰাজহুৱা ধন ব্যয়ৰ আনটো শিতান: অনা-উন্নয়ন ব্যয়ৰ (Non-Developmental Expenditure) ধন কেনেদৰে ব্যয় কৰা হয় সেই সম্পৰ্কে ইয়াত সামৰি লোৱা হোৱা নাই।
   এতিয়া, ৰাজ্য চৰকাৰৰ উন্নয়ন শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে চোৱা যাওক। ভাৰতৰ সংবিধানৰ 243 (I) অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰসমূহে ৰাজহ সংগ্ৰহ কৰিব পাৰে আৰু ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰিয়েই সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ যোগান ধৰা ধন (সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) আৰু সংবিধানৰ 243 (I) অনুচ্ছেদ অনুসৰি সংগ্ৰহ কৰা ধন ৰাজ্য চৰকাৰৰ ৰাজ্যিক সংযুক্ত তহবিল (State Consolidated Funds) আকাৰে ৰাজহৰ ঘৰত সোমায়। এই দুটা উৎসৰ উপৰিও ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অতিৰিক্ত সাহাৰ্যৰ ধন (Additional Central Assistance) আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত প্ৰৱৰ্তন কৰা আচঁনিবোৰৰ (Centrally Sponsored Schemes, সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) ধনৰ এটা অংশই ৰাজ্যিক সংযুক্ত তহবিলৰ আকাৰ বৃদ্ধি কৰে। ২০১৪-১৫ বিত্ত বৰ্ষত অসমৰ ৰাজ্যিক সংযুক্ত তহবিলৰ পৰিমাণ ৫৭,৩১১.৩৯ কৌটি টকা বুলি বাজেট ভাষণত প্ৰকাশ পাইছে। ৰাজ্যিক সংযুক্ত তহবিলৰ ধন জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে। অৱশ্যে, ৰাজ্যিক সংযুক্ত তহবিলৰ ধন অকল এই প্ৰক্ৰিয়াৰেহে যে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে তেনে নহয়। এই ধন ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ মাধ্যমেৰে জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয় হৈয়ো সৰ্বসাধাৰণলৈ আহে।
   কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বিভিন্ন ধৰণৰ আচঁনি যুগুত কৰি সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে। আচঁনিবোৰৰ বাবে ধাৰ্য কৰা ধনৰ এটা অংশ ৰাজ্য চৰকাৰসমূহৰ সংযুক্ত তহবিলত জমা হয় বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আচঁনিবোৰৰ বাবে আৱণ্টিত ধনৰ দ্বিতীয় অংশ ৰাজ্য চৰকাৰৰ তহবিলত জমা নহৈ প্ৰত্যক্ষভাবে জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে। আচঁনিবোৰৰ বাবে নিৰ্ধাৰিত ধনৰ তৃতীয় অংশ ৰাজ্য চৰকাৰৰ তহবিলত জমা নহৈ ৰাজ্যিক পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-ৰাজ্যিক গ্ৰাম্য উন্নয়ন এজেঞ্চি)ৰ মাধ্যমেৰে জিলা পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-জিলা গ্ৰাম্য উন্নয়ন এজেঞ্চি)যোগে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-খণ্ড গ্ৰাম্য উন্নয়ন এজেঞ্চি)হৈ ব্যৱহাৰিক গোট (যেনে-আত্ম সহায়ক গোট)ৰ দ্বাৰা সৰ্বসাধাৰণলৈ আহে।

তালিকা ১: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কেইটামান উল্লেখযোগ্য আঁচনিৰ
বাবে নিৰ্ধাৰিত ধন(কৌটি টকাত)
আঁচনিৰ নাম
২০০৯-১০
বিত্ত বৰ্ষ
২০১০-১১
বিত্ত বৰ্ষ
২০১৩-১৪
বিত্ত বৰ্ষ
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি
৩৭,৭৭৯
৪০,১০০
৩৩,০০০
সৰ্বশিক্ষা অভিযান আৰু সম্পৰ্কীয় কাৰ্যসূচী
১৩,৫২৫
১৪,৪৩৩
২৭,২৫৮
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা
৮,৬০৯
১০,৮৮৬
২১,৭০০
ইন্দিৰা আবাস যোজনা
৭,৯১৩
৮,৯৯৬
১৫,১৮৪
ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান
৭,৭৬৭
১৩,৮৩৬
-----
দ্ৰুত গ্ৰাম্য পানী যোগান আঁচনি
৫,৮০০
৮,১০০
-----
স্বৰ্ণজয়ন্তী গ্ৰাম্য স্ব-ৰোজগাৰ যোজনা
২,০৭৫
২,৬৮৩
-----
    উৎস: Union Budget Speech, 2009-10, 2010-11 & 2013-14.    
   কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা সাহাৰ্য আৰু নিজস্ব উৎসৰ পৰা সংগঠিত ধনেৰে ভাৰতৰ সংবিধানৰ 243 (G) অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট ৰাজ্যখনৰ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কিছুমান অভিলাষী আঁচনি যুগুত কৰি ব্যয় কৰিব পাৰে। ৰাজ্য চৰকাৰসমূহে, আঁচনিবোৰৰ বাবে নিৰ্ধাৰিত ধনৰাশিৰ এটা অংশ জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তৰ দ্বাৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে। দ্বিতীয় অংশ জিলা পৰ্যায়ৰ সমান্তৰাল গোটৰ মাধ্যমেৰে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোটযোগে ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে। কেন্দ্ৰীয় বিত্ত আয়োগৰ ১৩ সংখ্যক পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে ২০১২-১৩ বিত্ত বৰ্ষত মুঠ ১০৫৩.৯৬ কৌটি টকা সাহাৰ্য লাভ কৰিছে।   
   কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নিজা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। সেইদৰে ৰাজ্য চৰকাৰৰো কিছুমান নিজা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লাভৰ এটা অংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ আহে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ অহা ধনৰ এটা অংশ জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয়হৈ সৰ্বসাধাৰণলৈ আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মাধ্যমেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগহৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ অহা ধনেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে বিনিযোগ কৰি আৰ্জন কৰা লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে।
   কিছুমান প্ৰকল্পৰ বাবে ভাৰতৰ বাহিৰৰ পৰা বহুপাক্ষিক আৰু দ্বিপাক্ষিকভাবে দেশখনলৈ ঋণ আৰু সাহাৰ্য আহে। ইয়াৰে এটা অংশ কেন্দ্ৰীয় আচঁনিবোৰৰ বাবে সংগঠিত কৰা ৰাজহৰ ঘৰত সোমায়। দ্বিতীয় অংশটো কেন্দ্ৰীয় চৰকাৰৰ নিজৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ আহে। তৃতীয় অংশটো যিবিলাক ৰাজ্যত বাহিৰৰ উৎসৰ সাহাৰ্যৰে প্ৰকল্প চলাই থকা হৈছে, সেই ৰাজ্যবোৰলৈ আহে আৰু শেষৰ অংশটো জিলা পৰ্যায়ৰ সমান্তৰাল গোটবোৰলৈ আহে। এই চাৰিওটা অংশৰ ধনৰাশি ইতিমধ্যে উল্লেখ কৰা পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে।
তালিকা ২: ভাৰতলৈ ঋণ আৰু সাহাৰ্য প্ৰদান কৰা কেইটামান বহুপাক্ষিক দাতা, কৌটি টকাত (বন্ধনিত ঋণ/সাহাৰ্য শতাংশ হিচাপত)
দাতা
২০০১-০২
২০০৩-০৪
২০০৬-০৭
বিশ্ব বেংক (IDA)
,৮৭০.99 (৯৯.৫৩/.৪৭)
,১৭৮.২৭ (৯৯.৩৭/০.৬৩)
,৩০৬.৩৮ (৯৯.৬৫/০.৩৫)
বিশ্ব বেংক(IBRD)
,৩৭৫.৮২ (৯৫.৮২/৪.১৮)
,০৮৭.৪২ (৯৮.৬৭/১.৩২)
,৪৩৮.৬৪ (৯৯.৬৬/০.৩৪)
এছিয়া উন্নয়ন বেংক (ADB)
,১৪৫.১১
(১০০/০)
,৭৪৪.৯৭
(১০০/০)
,০৬০.৩১ (৯৭.৩৭/২.৬৩)
মুঠ বহুপাক্ষিক ঋণ আৰু    সাহাৰ্য
১০,৫৪০.৮০ (৯৭.৮০/২.২০)
১১,১৩৭.৬৩ (৯৮.৬৫/১.৩৫)
১৩,২২১.০৮ (৯৬.১৬/৩.৮৪)
   উৎস: Government of India, Ministry of Finance, Department of External Affairs March 2008.
       বি. দ্ৰ.: উল্লিখিত দাতা তিনিটাৰ উপৰিও আন কিছুমান দাতাই ভাৰতলৈ ঋণ আৰু সাহাৰ্য আগবঢ়ায়। গতিকে,
        মুঠ বহুপাক্ষিক ঋণ আৰু সাহাৰ্যৰ পৰিমান উল্লিখিত দাতা তিনিটাৰ মুঠতকৈ বেছি।      

    নিজৰ সমষ্টি উন্নয়নৰ বাবে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে (সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি)। সাংসদসকলৰ এই ধনৰ পৰিমাণ আৰম্ভনিতে বছৰি এক কৌটি টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি হৈ বৰ্তমান বছৰি পাঁচ কৌটি টকা হৈছে। এই ধনৰাশি  নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত ব্যয় কৰিব পৰাকৈ সাংসদসকলৰ স্বাধীনতা থাকে। ইয়াৰে এটা অংশ সাংসদসকলে ৰাজ্য চৰকাৰৰ বিভাগসমূহলৈ আৱণ্টন দিয়ে। এই অংশ জিলা কাৰ্যালয়ৰ মাধ্যমেৰে খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। দ্বিতীয় অংশ প্ৰত্যক্ষভাবে খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ তৃতীয় অংশ সাংসদসকলে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ অনুমোদন দিয়ে। এই ধনৰাশিৰ বিনিয়োগেৰে আৰ্জন কৰা লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ চতুৰ্থ অংশ ব্যৱহাৰিক গোটৰ মাধ্যমেৰে সৰ্বসাধাৰণলৈ আহে। সাংসদসকলে তেওঁলোকৰ সাংসদ পূঁজিৰ বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে অনুমোদন কৰে।
   নিজৰ সমষ্টি উন্নয়নৰ বাবে যেনেদৰে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে, নিজৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে ৰাজ্যৰ বিধানসভাৰ সদস্যসকলৰ (বিধায়ক) বাবেও নিৰ্ধাৰিত পূঁজি থাকে। ৰাজ্যৰ ৰাজ্যিক সংযুক্ত তহবিলৰ এটা অংশ বিধায়কসকলৰ বাবে নিৰ্ধাৰণ কৰা থাকে। অসমত ১৯৯৪-৯৫ বিত্ত বৰ্ষত ‘MLA Development Scheme’ সূচনা কৰা হয়। আৰম্ভনিতে বিধায়কসকলৰ নিজৰ সমষ্টি উন্নয়নৰ বাবে নিৰ্ধাৰিত পূঁজি বছৰি পাঁচ লাখ টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি হৈ ২০১২-১৩ বিত্ত বৰ্ষলৈকে বছৰি চল্লিছ লাখ আছিল। ২০১৩-১৪ বিত্ত বৰ্ষৰ পৰা এই পৰিমাণ বছৰি এক কৌটি টকালৈ বৃদ্ধি কৰা হয়। বিধায়কসকলে তেওঁলোকৰ পূঁজিৰ এটা অংশ খণ্ড উন্নয়ন কাৰ্যালয়ৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। দ্বিতীয় অংশ ব্যৱহাৰিক গোটৰ মাধ্যমেৰে আৰু বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। কিমান অংশ খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে, কিমান অংশ ব্যৱহাৰিক গোটযোগে আৰু কিমান অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ বাবে ব্যয় কৰিব, সেয়া সংশ্লিষ্ট বিধানসভা সমষ্টিটোৰ বিধায়কজনৰ ওপৰত নিৰ্ভৰ কৰে।
   ভাৰতৰ সংবিধানৰ 243 (H) অনুচ্ছেদ অনুসৰি স্থানীয় চৰকাৰসমূহৰ (পঞ্চায়ত বা সমপৰ্যায়ৰ) নিজাকৈ কিছুমান ৰাজহ সংগ্ৰহ কৰিব পৰা ক্ষমতা আছে। যেনে-ভূমি আয়ৰ ওপৰত কৰ, বৃত্তি কৰ, জীৱ-জন্তু আৰু বাহনৰ ওপৰত কৰ, থিয়েটাৰ কৰ ইত্যাদি। এই চৰকাৰসমূহে নিজৰ ক্ষমতা প্ৰয়োগ কৰি সংশ্লিষ্ট অঞ্চলটোৰ সৰ্বসাধাৰণৰ উন্নয়ন হকে কাম কৰে।
   মুঠ কথা, সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ভাৰতৰ সংবিধানে ৰাজহুৱা ধন আৱণ্টনৰ অৰ্থে সৰ্বতোপ্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই ধনৰাশি সৰ্বসাধাৰণে পাব পৰাকৈ যিবোৰ ব্যৱস্থা ৰখা হৈছে-স্বচ্ছ প্ৰশাসন আৰু দেশৰ উন্নয়নৰ হকে কাম কৰাৰ মানসিকতা অবিহনে আৱণ্টিত ধন কোনো হেৰফেৰ নোহোৱাকৈ ৰূপায়ন কৰা সম্ভৱ নহয়। 
সহায়ক তথ্যসূত্ৰ
১। অসমৰ বাজেট ভাষণ, ১৯৯৪-৯৫ বিত্ত বৰ্ষৰ পৰা ২০১৪-১৫ বিত্ত বৰ্ষলৈ।
২। Union Budget Speech, 2009-10, 2010-11 & 2013-14.
৩। Government of India, (2008): “Position Paper on External Assistance Received by India”,   Ministry of Finance, Department of Economic Affairs, March.  
৪। Finance Commission Reports, 9th-13th Finance Commission.
৫। Mankar, V G & L Suseela Sarma (2001): Public Finance: Theory & Practice (Himalaya Publishing House: Delhi), 5th Revised Edition.
৬। Rao, M G et al (2011): “Fiscal Decentralization to Rural Local Governments in India: Selected Issues and Reform Options”, National Institute of Public Finance and Policy, (New Delhi), May.   

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ জানুৱাৰি, ২০১৫]