Thursday 30 September 2021

প্ৰসংগ: উচ্ছেদ সকলো সহনশীল হওক

 

        যোৱা ২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হ’ল । বাতৰি অনুসৰি ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে । বিশেষকৈ লাঠি এডাল লৈ আৰক্ষীক চোঁচা লৈ অহা লোক এজনৰ মৃত্যুৰ পিছত মৃতদেহটোৰ ওপৰত এজন ফটোগ্ৰাফাৰে জপিয়াই পৰা আৰু মৃতদেহটোক আৰক্ষীৰ লোকে চোঁচৰাই নিয়া দৃশ্যটোৱে সকলো বিবেকবান লোককে অবাক কৰি তুলিছে । 

        চৰকাৰী মাটি বেদখল কৰিলে মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰে উচ্ছেদ কৰিবলৈ বাধ্য । তেনে মাটি উচ্ছেদ কৰাত আপত্তি কৰিবলগীয়া নাই । কিন্তু, উচ্ছেদ এটা অতি স্পৰ্শকাতৰ বিষয় । কেইবা বছৰ ধৰি বসবাস কৰি থকা মানুহবোৰক কম সময়ৰ ভিতৰতে উচ্ছেদ কৰিবলৈ গ’লে উচ্ছেদিতসকলৰ মানসিক অৱস্থা কেনে হ’ব সেয়া তেওঁলোকৰ বাহিৰে আনে সম্পূৰ্ণকৈ অনুভৱ কৰিব নোৱাৰে । অঞ্চল এটাৰ পৰা কোনো এটা পৰিয়ালক উচ্ছেদ কৰিলে পৰিয়ালটোৱে কেৱল থকা ঘৰটোৰ পৰাহে উচ্ছেদিত নহয় । থকা ঘৰটোৰ লগতে পৰিয়ালটোৱে সেই অঞ্চলটোৰ সৈতে জড়িত আটাইবোৰ উপাদানৰ পৰাই উচ্ছেদিত হয় ।  জানিব পৰা মতে সেই সংশ্লিষ্ট অঞ্চলটো কেইবা দশকৰ পৰাই বেদখল হৈ আছে । যিহেতু বেদখল কম সময়ৰ ভিতৰত হোৱা নাই, সেয়েহে উচ্ছেদ কাৰ্য কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে এশ শতাংশ সফলতা লাভ কৰাৰ সম্ভাৱনা নথকাটোৱেই স্বাভাৱিক ।

          ২৩ ছেপ্টম্বৰৰ ঘটনাটোক লৈ বিভিন্ন পক্ষই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।  ভিডিঅ’সহ দেখুওৱাব পৰাকৈ সদায় গৰম খবৰৰ সন্ধানত থকা একাংশ বৈদ্যুতীন মাধ্যমে ঘটনাটোক পক্ষপাতমূলকভাবে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । বিৰোধী ৰাজনৈতিক দল আৰু একাংশ সংগঠনে ন্যস্তস্বাৰ্থৰ বাবে ঘটনাটোক ব্যৱহাৰ কৰিবলৈ ধৰাৰ ফলত ঘটনাটোৱে ন্যায় আৰু নিৰপেক্ষতাৰ পৰা ক্ৰমে আঁতৰি অহাৰ সম্ভাৱনা অধিক কৰি তুলিছে । একাংশ ৰাজনৈতিক দল আৰু সংগঠনে উচ্ছেদিত লোকসকলক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনক উৎসাহিত কৰিবলৈ ধৰাৰ ফলত বিষয়টোক অধিক জটিল কৰি তুলিছে । যিকোনো এটা স্পৰ্শকাতৰ বিষয়ত দুটা পক্ষৰ সৃষ্টি হ’লে পক্ষ দুটাক অস্থিৰ কৰি তুলিব বিচৰা শক্তিৰ অভাৱ নাই । কাৰণ, এনেকুৱা স্পৰ্শকাতৰ বিষয় আৰু জটিল পৰিস্থিতিত ৰাজনৈতিক দল আৰু সংগঠনসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুযোগ বিচাৰি পায় । সাধাৰণতে, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ নেতাসকলে প্ৰৰোচনামূলক বক্তব্যৰ দ্বাৰা নিজৰ শক্তি প্ৰদৰ্শন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অনুসৰি ইয়াৰ আগৰ দিনকেইটাত চলা উচ্ছেদ কাৰ্যত উচ্ছেদিত লোকসকলে প্ৰশাসনক সহযোগ কৰিছিল । তেনেহ'লে ২৩ ছেপ্টেম্বৰত ইমান ভয়ানক ঘটনা সংঘটিত হোৱাৰ কাৰণ কি ? এটা ব্যক্তিগত টিভি চেনেলৰ টকশ্ব' এটাত উচ্ছেদিত গাঁওখনৰ লোক এজনে জনোৱাৰ মতে প্ৰশাসনৰ সৈতে তেওঁলোকে কৰা আলোচনা সঠিক দিশেৰে আগবাঢ়ি আছিল । কিন্তু, প্ৰশাসনৰ বাহিৰৰ মানুহ আহি তেওঁলোকক ধমকি দি যায় । প্ৰশাসনৰ বাহিৰৰ মানুহবোৰৰ এই কৰ্মকাণ্ডই স্বাভাৱিকতে উচ্ছেদিত লোকসকলক শংকাত ৰাখে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আন শক্তিয়ে (মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পি এফ আই) উচ্ছিদিতসকলক 'সহায়' কৰিবলৈ আগবাঢ়ি আহে । কোনো এটা পক্ষই যেতিয়া বাহিৰা শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া সমস্যাটোৰ তীব্ৰতা অধিক হৈ পৰে । বিশেষকৈ বাহিৰা শক্তিয়ে যিকোনো এটা পক্ষক উন্মাদ (দুয়ো পক্ষই উন্মাদ হ'লেতো ক'বই নালাগে) কৰি তুলিবলৈ সক্ষম হ'লে সমস্যাটোৱে নতুন সমস্যাৰ সৃষ্টি কৰে । গতিকে, উচ্ছেদৰ দৰে স্পৰ্শকাতৰ বিষয়ত সকলোৱে সহনশীলতা বজাই ৰখা উচিত । 

[প্ৰকাশিত, 'আমাৰ অসম', ৩০ ছেপ্টেম্বৰ ২০২১]