Saturday 21 November 2020

‘হিন্দু-মুছলমান সম্পৰ্ক’ সন্দৰ্ভত

           

 যোৱা ১১ নৱেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত প্ৰকাশিত হোমেন বৰগোহাঞিৰ 'হিন্দু-মুছলমান সম্পৰ্ক' শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ । ভাৰতত হিন্দু-মুছলমানৰ সম্পৰ্ক প্ৰসংগত ব্ৰিটিছৰ ভূমিকা এৰাই চলিব নোৱাৰি ।  ব্ৰিটিছে তেওঁলোকৰ শাসনকাৰ্য দীৰ্ঘকাল চলাই নিয়াৰ স্বাৰ্থত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা চলাইছিল । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সংঘটিত আটাইবোৰ সংঘৰ্ষৰ বাবে ব্ৰিটিছেই এশ শতাংশ দায়ী । কিন্তু, এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত আৰু সংঘৰ্ষ সৃষ্টিত ব্ৰিটিছৰ যে তাৎপৰ্যপূৰ্ণ ভূমিকা আছিল তাত কোনো সন্দেহ নাই ।

 ব্ৰিটিছে ভাৰতৰ শাসনভাৰ অধিকাৰ কৰি লোৱাৰ আগতে কেইবা শতিকা ধৰি হিন্দু আৰু মুছলমানে ভাৰতখন শাসন কৰিছিল । সেয়েহে দেশখনৰ আন প্ৰদেশবোৰত পৰাধীন পৰিস্থিতিতে হিন্দু আৰু মুছলমানৰ মাজত এক প্ৰকাৰ ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছিল (পিছত অসমলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল) ।  এই সংঘাত কেৱল ৰাজনৈতিক দিশতে আৱদ্ধ নাথাকি সামাজিক আৰু সাংস্কৃতিক দিশতো জোৰদাৰ হৈ উঠিছিল । ব্ৰিটিছে এই পৰিস্থিতিৰ সু-ব্যৱহাৰ কৰিছিল । এই দুই সম্প্ৰদায়ৰ মাজত সংঘটিত বহু সংঘৰ্ষ ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত (Constructed) আছিল ।  জেমছ মিলকে (James Mill) ধৰি  চি পি কেপ (C. P. Cape), জে প্ৰিনচেপ (J. Prinsep) আদি উপনিৱেশিক লেখকসকলে হিন্দু আৰু মুছলমানৰ মাজত সংঘাটিত সংঘৰ্ষবোৰৰ কাৰণ বিশ্লেষণ, প্ৰতিদ্বন্দ্বী চিনাক্তকৰণ, প্ৰশাসনৰ দ্বাৰা সংঘৰ্ষ নিয়ন্ত্ৰণৰ নীতি আদি ব্ৰিটিছ চৰকাৰৰ সুবিধা হোৱাকৈ বিদ্যায়তনিক (?) অধ্যয়ন কৰিছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Gyanedra Pandey The Construction of Communalism in Colonial North India গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়টো চাব পাৰে) ।  বৰগোহাঞিয়ে ঠিকেই কৈছে যে অসমত হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত নোহোৱাৰ মূল কাৰণ আছিল-অসমৰ অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এক ধৰণৰ ধৰ্মনিৰপেক্ষ বা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শ । এফালে অসমত মুছলমানসকলে শাসনৰ সোৱাদ পোৱা নাছিল, আনফালে প্ৰদেশশনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰা অনাৰ্য তথা মংগোলীয় ৰজাসকলে ভাৰতৰ আন প্ৰদেশৰ ৰজাসকলৰ দৰে গোড়া হিন্দুত্বৰ আৱেষ্টনীত সোমাই পৰা নাছিল । অসমলৈ অহা আৰ্য বৰ্ণহিন্দুসকলে প্ৰদেশখনৰ  অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ধৰ্মনিৰপেক্ষ তথা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শৰ সৈতে খাপ খাই পৰিছিল ।তদুপৰি, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মই সামাজিক আৰু সাংস্কৃতিকভাবে অসমৰ বৃহৎসংখ্যক লোকক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰিছিল । সেয়েহে উপনিৱেশিক পণ্ডিতসকলে ভাৰতৰ আন প্ৰদেশৰ সৈতে খাপ খুৱাই প্ৰকাশ কৰা হিন্দু-মুছলমান সম্পৰ্কীয় উদ্দেশ্যপ্ৰণোদিত বিদ্যায়তনিক (?) অধ্যয়নবিলাক অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল । অৱশ্যে, বেংগলৰ সৈতে অসমক চামিল কািৰ ৰাজনৈতিক আৰু প্ৰশাসনিক উপাদানেৰে ব্ৰিটিছে অসমতো হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ বীজ সিচিঁবলৈ চেষ্টা চলাইছিল ।

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২১ নৱেম্বৰ ২০২০]

Sunday 15 November 2020

প্ৰসংগ: হিন্দু নে হিন্দুত্ববাদ

 

যোৱা ২৯ অক্টোবৰত প্ৰকাশিত উমেশ গোস্বামীৰ ‘হিন্দু নে হিন্দুত্ববাদ’ শীৰ্ষক লেখাটো পঢ়িলোঁ । ভাৰতবৰ্ষ তথা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত গোস্বামীৰ লেখাটো সময়োপযোগী হৈছে ।  সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সমাজখনক সংকীৰ্ণ আৰু কুলষিত কৰি তোলে । এচাম লোকে অতীতৰে পৰাই ভাৰতত উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ।  উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত শিক্ষিত তথা সাক্ষৰ আৰু অশিক্ষিত তথা নিৰক্ষৰ লোকৰ মাজত পাৰ্থক্য আছে । ব্যতিক্ৰমৰ বাহিৰে অশিক্ষিত তথা নিৰক্ষৰ লোকসকলে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰি সফল হ’ব নোৱাৰিলে বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলে কম সময়ৰ ভিতৰতে তেনে মানসিকতা ত্যাগ কৰে । কিন্তু, শিক্ষিত তথা সাক্ষৰ লোকসকলে সেই কাৰ্যত অসফল হ’লেও বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলেও ইগো সমস্যাৰ বাবেই হওক বা আন উদ্দেশ্যৰ বাবেই হওক অধিক সংগঠিত আৰু পৰিকল্পিতভাবে তেনে পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । কোনোবা ৰাজনৈতিক দলে উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ আদৰ্শক সংশ্লিষ্ট দলটোৰো এটা আদৰ্শ হিচাপে গ্ৰহণ কৰিলে সেই শক্তিবোৰ অধিক শক্তিশালী হয় । সময়ৰ লগে লগে সংশ্লিষ্ট ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ ধৰ্মীয় শক্তিবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰে । ফলস্বৰূপে, সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ দপদপনি বৃদ্ধি পায় ।  যোৱা শতিকাৰ শেষৰ দশকৰপৰা ভাৰতত উগ্ৰ হিন্দুত্বৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে ।  দেশখনৰ আন প্ৰদেশৰ তুলনাত অসমত এই পৰিৱেশ নতুনকৈ প্ৰৱেশ কৰি দ্ৰুতগতিত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থকাৰ বাবে ৰাজ্যখনৰ ধৰ্মীয় উদাৰ মানসিকতাৰ লোকৰ বাবে অসহ্যকৰ হৈ পৰিছে (অৱশ্যে, এই অসহ্যকৰ পৰিৱেশে ৰাজ্যখনৰ বাবে ইতিবাচক ইংগিত দিছে) । 

এনেকুৱা নহয় যে কেৱল হিন্দুসকলেহে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । আন সংগঠিত ধৰ্মৰো এচাম মানুহ থাকে যিসকলে নিজে অন্তৰ্ভুক্ত ধৰ্মটোৰ উগ্ৰ ধৰ্মীয় শক্তিবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাবে শক্তিশালী কৰিবলৈ চেষ্টা চলাই থাকে । বৰ্তমানৰ প্ৰেক্ষাপটত আন সংগঠিত ধৰ্মৰ উগ্ৰ শক্তি আৰু উগ্ৰ হিন্দুসকলৰ মাজত মাত্ৰ এটা পাৰ্থক্য আছে । সেয়া হৈছে-উগ্ৰ হিন্দুসকলে তেওঁলোকৰ কাৰ্যপন্থা দ্ৰুতগতিত আগবঢ়াই নিবলৈ অধিক ৰাজনৈতিক পৰিৱেশ লাভ কৰিছে, কিন্তু আন সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সেই পৰিৱেশ কমকৈ লাভ কৰিছে ।   

ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলকো তেওঁলোকৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে । বিশেষকৈ সামাজিক স্বীকৃতি (যেনে- আনৰ তুনলাত কম যোগ্য হ’লেও বঁটা বা পাৰিতোষিক দিয়া, কোনো অনুষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰা), অৰ্থনৈতিক সুবিধা আদি প্ৰলোভনৰ দ্বাৰা ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলৰ বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ সক্ষম হয় ।  বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ সমাজখনক উগ্ৰ হিন্দুসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উমেশ গোস্বামীৰ দৰে লেখাবোৰে কিছু হ’লেও অৰিহণা যোগাব বুলি আমাৰ ধাৰণা । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২০]