Friday 29 November 2019

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু গ্ৰাম্য অৰ্থনীতি এক ক্ষেত্ৰভিত্তিক অধ্যয়ন


শেহতীয়াকৈ অসমৰ কেইবাখনো জিলাত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ কিস্তি আদায় দিব নোৱাৰি গাঁৱলীয়া অঞ্চলৰ কেইবাটাও পৰিয়াল আৰ্থিকভাবে সৰ্বস্বান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ‘আমাৰ অসম’ত প্ৰকাশিত ১৭ নৱেম্বৰৰ এটা বাতৰি অনুসৰি নাজিৰাৰ মলাগাঁৱৰ এটা পৰিয়ালে বন্ধন বেংকৰ পৰা লোৱা ঋণৰ কিস্তি আদায় দিবলৈ অপাৰগ হোৱাত বেংকটোৰ বিষয়াই পৰিয়ালটোৰ ঘৰৰ টিনপাত খুলি লৈ গৈছে। ৰাজ্যখনৰ গোৱালপাৰা জিলাতো বন্ধন বেংককে ধৰি কেইবাটাও ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে ৰমৰমীয়া ব্যৱসায় চলাই আছে। এই সম্পৰ্কে বিতংভাবে জানিবৰ বাবে যোৱা ১৬, ১৭ আৰু ১৮ নৱেম্বৰ তাৰিখে আমি গোৱালপাৰা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত ৰংজুলি ৰাজহ চক্ৰ আৰু কোঠাকুঠি গাঁও পঞ্চায়তৰ অন্তৰ্গত অম্বুক ৰাজহ গাঁৱত এটা অধ্যয়ন চলাইছিলোঁ। ৰাজহ গাঁৱখনৰ মুঠ তিনিশ নব্বৈটা পৰিয়ালৰ চল্লিছ শতাংশ পৰিয়ালে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে। ইয়াৰে পঞ্চাছ শতাংশতকৈ অধিক পৰিয়ালে বন্ধন বেংকৰ পৰা ঋণ লৈছে।
ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠাৰ মূল উদ্দেশ্য হ’ল-(১) আৰ্থিকভাবে পিছপৰা পৰিয়ালবোৰক ঋণ প্ৰদান কৰি তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টিত সহায় কৰা, (২) মহিলাসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰা, (৩) মহিলা সবলীকৰণ কৰা, আৰু (৪) মহিলাসকলৰ মাজত থকা সামাজিক মূলধন শক্তিশালী কৰা। উল্লেখযোগ্য যে আৰম্ভণিৰ সময়ত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাক মূলেমূলে (No profit, no loss) নীতিৰ আধাৰত গঢ়ি উঠিছিল। সময়ৰ লগে লগে এই বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰম্ভণিৰ সময়ৰ নীতি পৰিহাৰ কৰি লাভজনক ব্যৱসায়ৰ নীতি (Profit making business policy) গ্ৰহণ কৰিলে। এই প্ৰতিষ্ঠানবোৰে আৰোপ কৰা সুদৰ হাৰ সচৰাচৰ বেংকৰ সুদৰ হাৰতকৈ বেছি হয়। আমাৰ অধ্যয়নটোত পোৱা গৈছে যে ঋণ লোৱাৰ সময়ত ক্ষদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ বিষয়ববীসকলে পৰিয়ালবিলাকৰ জীৱিকা সৃষ্টি সম্পৰ্কে কোনো অধ্যয়ন নকৰাকৈ ঋণ প্ৰদান কৰে। প্ৰতিষ্ঠানবিলাকৰ বিষয়াসকলে পৰিয়ালবোৰক ঋণ লোৱাবলৈ নানা ধৰণে উৎসাহ যোগাই থাকে। তেওঁলোকৰ এটাই উদ্দেশ্য-যিমান পাৰি সিমান ঋণ প্ৰদান কৰা আৰু সময়ত কিস্তি সংগ্ৰহ কৰা। মনকৰিবলগীয়া যে ঋণ প্ৰদান কৰিবলৈ অহা কিছমান বিষয়াই লগত নতুন দামী ম’বাইল ফোন, প্ৰেচাৰ কুকাৰ, মেখেলা-চাদৰ, টিভি আদি সামগ্ৰী লৈ আহে, যাতে ঋণ প্ৰদান কৰাৰ পিছতেই সেইবোৰ সামগ্ৰী বিক্ৰী কৰিব পৰা যায়। অধ্যয়নটোত পোৱা গৈছে যে অতি নগন্য সংখ্যক (এক শতাংশতকৈ কম) পৰিয়ালেহে নিজৰ জীৱিকা সৃষ্টিৰ বাবে ঋণ লৈ সফলতা আৰ্জন কৰিব পাৰিছে। পঞ্চাছ শতাংশতকৈ কম পৰিয়ালে তেওঁলোকৰ ইতিমধ্যে চলি থকা জীৱিকাটো বৰ্তাই ৰাখিবলৈ ঋণ লৈছে। গৰিষ্ঠসংখ্যক পৰিয়ালে ঋণ লৈ বিলাসী সামগ্ৰী কিনি সমাজত নিজৰ স্থান উচ্চ কৰিবলৈ বৃথা চেষ্টা কৰিছে। কোনোৱে যদি বাইক বা স্কুটি কিনিছে, কোনোৱে দামী ম’বাইল ফোন কিনিছে, কোনোৱে আকৌ সৰু গাড়ী (কাৰ) এখনকে কিনিছে।
ঋণ প্ৰদান সম্পৰ্কীয় চৰ্তাৱলীখনত পৰিয়ালটোৰ পুৰুষজনৰ পৰাও চহী লয় যদিও কেৱল মহিলাগৰাকীৰ নামতহে ঋণ প্ৰদান কৰে। ঋণ প্ৰদান কৰাৰ সময়ত বিষয়াসকলে দহ গৰাকীমান মহিলা সদস্যৰে এটা গোট গঠন কৰি দিয়ে। গোটৰ বাহিৰৰ কোনো এগাৰকী মহিলাই ঋণ ল’বলৈ হ’লে প্ৰথমে গোটটোৰ এগৰাকী সদস্য হ’ব লাগে। সাধাৰণতে গোটটোত নতুন সদস্য অন্তৰ্ভূক্ত কৰা বা নকৰা সম্পৰ্কত সংশ্লিষ্ট গোটটোৰ সদস্যসকলে সিদ্ধান্ত ল’ব লাগে। কিন্তু, বাস্তৱত সেয়া হৈ থকা নাই। এগৰাকী মহিলাক ঋণ প্ৰদান কৰাৰ সুযোগ লাভৰ পৰা বঞ্চিত হোৱাৰ ভয়ত বিভিন্ন চল-চাতুৰীৰে বিষয়াসকলে ঋণ ল’ব বিচৰা মহিলাগৰকীক গোটটোত সদস্য হিচাপে অন্তৰ্ভূক্ত কৰাই দিয়ে। আচলতে, গোটটোত যিমানে সদস্যৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায়, সিমানেই কিস্তি আদায় দিয়াৰ সময়ত গোটটোৱে শক্তিশালী ভূমিকা ল’ব পাৰে। অৰ্থাত, কোনো এগৰাকী মহিলাই নিৰ্দিষ্ট দিনটোত কিস্তি আদায় দিব নোৱাৰিলে বৃহৎ সংখ্যক মহিলাৰে গঠিত গোটটোৱে বিভিন্ন ধৰণে সংশ্লিষ্ট মহিলাগৰাকীৰ ওপৰত চাপ প্ৰদান কৰি কিস্তি আদায় দিয়াৰ ক্ষেত্ৰত তেওঁক বাধ্য কৰাবলৈ সহজ হৈ পৰে। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে যদি মহিলা সবলীকৰণ হৈছে, এনদেৰেহে হৈছে। এই ব্যৱস্থাটোৰ দ্বাৰা মহিলাসকলৰ মাজত যি সামাজিক মূলধন গঢ়ি উঠিছে সেয়া একান্তই বস্তুবাদী আৰু বৃত্তিগত সামাজিক মূলধন। কাৰণ, কেৱল ঋণ লোৱা আৰু কিস্তি আদায় দিয়াৰ ক্ষেত্ৰতহে মহিলাসকলৰ মাজত সামাজিক মানদণ্ড, বিশ্বাস আৰু যোগাযোগৰ দৰে সামাজিক মূলধন শক্তিশালী হৈছে, য’ত কোনো আন্তিৰকতা আৰু সুহৃদয়তা নাই।
ঋণৰ কিস্তি আদায় দিব নোৱাৰাৰ ফলত পৰিয়ালবোৰে আৰ্থিকভাবে সৰ্বস্বান্ত হোৱাই নহয়, ব্যৱস্থাটোৱে পাৰিবাবিৰক আৰু সামাজিক বিশৃংখলতাৰো সৃষ্টি কৰিছে। কিস্তি আদায় দিবলগীয়া নিৰ্দিষ্ট দিনটোৰ দুদিনমান আগতে কিস্তিৰ পৰিমাণ যোগাৰ কৰিব নোৱাৰিলে পৰিয়ালটোৰ মূল সদস্যসকলে অশান্তিত সময় কটাবলগীয়া হয়। ঋণৰ কিস্তি আদায় দিবৰ বাবে নতুনকৈ বেলেগ এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। এটা পৰিয়ালৰ একেগৰাকী মহিলাৰ নামতে তিনিটাকৈ ঋণ লোৱাৰো উদাহৰণ আছে। পৰিয়ালটোৰ মহিলাগৰাকীৰ আপত্তি থকা সত্ত্বেও পুৰুষজনৰ কথামতে ঋণ ল’বলগীয়া হোৱা পৰিয়ালবোৰত কিস্তিৰ পৰিমাণ যোগাৰ কৰিব নোৱাৰিলে কাজিয়াৰ সূত্ৰপাত হোৱাতো এটা সাধাৰণ পাৰিবাৰিক ঘটনা হৈ পৰিছে। আমি অধ্যয়ন চলোৱা গাঁৱখনত এনেকুৱা ঘটনাও ঘটিছে যে গিৰীয়েকৰ কথামতে ঘৈণীয়েকে ঋণ লৈছে। কিন্তু, গিৰীয়েকে কিস্তিৰ ধন যোগাৰ কৰিব নোৱাৰৰ ফলত গোটৰ আন সদস্যসকলৰ চাপ সহ্য কৰিব নোৱাৰি ঘৈণীয়েকে আন পুৰুষৰ ওচৰলৈ পলাই গৈ নতুনকৈ সংসাৰ পাতিবলৈ চেষ্টা চলাইছে। অঞ্চলটোত এতিয়ালৈকে এনেকুৱা তিনিটা ঘটনা ঘটিছে। অৱশ্যে, নতুনকৈ সংসাৰ পতা গিৰীয়েকে কিস্তিৰ পৰিমাণ আদায় দিবলৈ অমান্তি হোৱাত গোটৰ মহিলাসকলে পলাই যোৱা মহিলাসকলক আগৰ পুৰুষজনৰ ওচৰলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে। 
ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰ্থিক আৰু সামাজিকভাবে পিছপৰা লোকসকলক বিত্তীয় সাক্ষৰতা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি গাঁৱ অঞ্চলত সোমাই পৰিছে। গাঁৱৰ বহু পৰিয়ালে এইবোৰ প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে মানে এইটোকে বুজাইছে যে এইবোৰ প্ৰতিষ্ঠানে গাঁৱলীয়া লোকসকলক বিত্তীয় ব্যৱস্থাত সামৰি ল’বলৈ (Financial inclusion) সক্ষম হৈছে। কিন্তু, কোনো এজন ব্যক্তিক বিত্তীয় ব্যৱস্থাত সামৰি ল’লেই ব্যক্তিজনে বিত্তীয় ক্ষেত্ৰত সাক্ষৰ হৈ উঠা নুবুজায়। বিত্তীয় সম্পদৰাজিৰ বিষয়ে সম্যক জ্ঞান থকাৰ উপৰি উপযুক্ত সিদ্ধান্তৰ যোগেদি সেইবোৰক সঠিকভাবে ব্যৱহাৰ কৰিব পৰিলেহে ব্যক্তি এজনে বিত্তীয়ভাবে সাক্ষৰ হৈ উঠিছে বুলি ক’ব পাৰি। অসমৰ গাঁৱ অঞ্চলত সোমাই পৰা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকে গাঁৱৰ আৰ্থিকভাবে পিছপৰা লোকসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰিব পৰাতো নায়েই, গ্ৰাম্য অৰ্থনীতি আৰু সমাজখনৰ ওপৰত নেতিবাচক প্ৰভাৱহে পেলাইছে। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ নৱেম্বৰ ২০১৯, পৃষ্ঠা: ৪ ]