Sunday 29 August 2021

দল বাগৰা ৰাজনীতিক


        ২০২১ চনৰ   অসম বিধানসভাৰ নিৰ্বাচনৰ কেইমাহমান আগৰে পৰাই ৰাজ্যখনত দল বাগৰা ৰাজনীতিকৰ জোৱাৰ উঠিছিল । দীৰ্ঘকাল ধৰি এটা ৰাজনৈতিক দলৰ হৈ সেৱা (?) আগবঢ়াই অহা একাংশ ৰাজনীতিকে সেই দলটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট নোপোৱাৰ পিছত টিকট লাভৰ আশাত ৰাতিটোৰ ভিতৰতে আন দলত যোগদান কৰিছে ।  এনেকুৱা ৰাজনীতিকো দেখা গৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এটা ৰাজনৈতিক দলৰ পৰা টিকট লাভ কৰি বেলট পেপাৰত নাম উঠাৰ পিছতো সেই দলটো ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে । যথাসময়ত নিৰ্বাচন হৈ গ'ল । নিৰ্বাচনৰ ফলাফলো ওলাল । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিলে । নিৰ্বাচিত হোৱাৰ পিছতো একাংশ ৰাজনীতিকে দল সলনি কৰি আছে । অৱশ্যে, নিৰ্বাচনৰ আগৰ আৰু পিছৰ দল ত্যাগত মাজত কিছু পাৰ্থক্য দেখা গৈছে । নিৰ্বাচনত পিছত বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰৱণতা বেছি হৈছে ।  কি কাৰণত একাংশ ৰাজনীতিকে বিৰোধী দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ?

      বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ কাৰণ হিচাপে দলত্যাগী ৰাজনীতিকে যুক্তি দিয়ে যে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এনে কৰিবলগীয়া হৈছে ।  তেওঁলোকে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে বিৰোধী দলত থাকিলে সমষ্টিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পোৱা নাযায় বা পোৱাৰ সম্ভাৱনা নাই । কিন্তু, ৰাইজৰ বুজিবলৈ বাকী নাথাকে যে একমাত্ৰ ক্ষমতাৰ লালসা আৰু ৰাজনৈতিক নিৰাপত্তাৰ বাবেহে তেওঁলোকে শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ।  

        কোনো সন্দেহ নাই যে কোনো এজন নামজ্বলা ৰাজনীতিকে দল ত্যাগ কৰিলে সেই দলটোৰ সাধাৰণ সদস্যসকলে মানসিক আঘাত পায় । দল ত্যাগ কৰিলে আদৰ্শত বিশ্বাসী ভোটাৰ আৰু সংশ্লিষ্ট দলটোৰ সাধাৰণ সদস্যসকলৰ প্ৰতি অন্যায়  আৰু অশ্ৰদ্ধা কৰা হয় । কিন্তু, ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আদৰ্শৰ ৰাজনীতি আছে যদিও ব্যতিক্ৰমৰ বাহিৰে আদৰ্শৰ ৰাজনীতি কৰা ৰাজনীতিক নাই । নক’লেও হ’ব যে অসমৰ সাম্প্ৰতিক ৰাজনীতিত ইয়াৰ প্ৰকোপ অধিক হৈছে । যোৱা দশকত অসম মুলকত দেখা গৈছে যে বেছিভাগ দল বাগৰা ৰাজনীতিকৰে জয়জয় ময়ময় অৱস্থা হৈছে । যিসকলে আদৰ্শৰ ৰাজনীতি কৰি দল ত্যাগ কৰা নাই তেওঁলোকৰ অৱস্থা ক্ৰমে বেয়াৰ ফাললৈ গতি কৰিছে । সুবিধাবাদী ৰাজনীতিকে এই গতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সুবিধা বুজি দল ত্যাগ কৰি আন দললৈ ঢাপলি মেলিছে । যিখন ৰাজ্যত দল বাগৰা ৰাজনীতিকে মুখ্য মন্ত্ৰীৰ আসন দখল কৰিবলৈ সুযোগ লাভ কৰে সেইখন ৰাজ্যত বিধায়ক বা সাধাৰণ ৰাজনীতিকে দল ত্যাগ কৰাত একো অস্বাভাৱিকতা নাই ।  এয়া ৰাজ্যখনৰ ভালৰ বাবে নে কালৰ বাবে হৈছে সেয়া আন এক প্ৰসংগ ।

     তাত্ত্বিক দৃষ্টিকোণেৰে ৰাজনীতিকসকল হ’ল ভোটাৰসকলৰ একো একোজন  মধ্যস্থ ব্যক্তি বা এজেণ্ট আৰু  ৰাজনৈতিক দলবিলাক একো একোটা এজেঞ্চী । ৰাজনৈতিক ক্ষেত্ৰখনত এই এজেণ্টসকলে ভোটাৰসকতলৈ বেছি সঠিক খবৰ পায় । সেই খবৰবোৰৰ ভিত্তিত তেওঁলোকে ৰাজনৈতিক আচৰণৰ পৰিৱৰ্তন কৰি থাকে । বুজিবলৈ বাকী নাই যে যিটো এজেঞ্চিত সা-সুবিধা বেছি সেই এজেঞ্চীটোতে তেওঁলোকে যোগদান কৰে ।     

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ আগষ্ট ২০২১]