Tuesday 25 April 2017

‘মঞ্চত হিন্দী গীত’

বিহু মঞ্চ এখনত হিন্দী গীত পৰিবেশন এক খাপ নোখোৱা পৰিবেশ যেন লাগে। কিন্তু, একেখন বিহু মঞ্চত বিহু গীতেৰে বিহু নৃত্য পৰিবেশন কৰা আৰু কোনো গায়ক/গায়িকাই গীতৰ শৰাই আগবঢ়োৱা দুটা সুকীয়া অনুষ্ঠান হৈ পৰে। বিহু মঞ্চ এখনত (আন মঞ্চতো) অসমীয়া ভাষাৰ বা অসমৰ জনগোষ্ঠীয় ভাষাৰ বিহু গীতেৰে বিহু নৃত্য পৰিবেশন কৰাৰ ক্ষেত্ৰত কাৰো কোনো আপত্তি নাথাকে। বহি:ৰাজ্যৰ ভাষাৰে বিহু গীত (যেনে-হিন্দী ভাষাত বিহু গীতৰ সুৰেৰে) পৰিবেশন কৰিলে নিশ্চয় অসমক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে আপত্তি নকৰাকৈ নাথাকিব। একেখন মঞ্চতে কোনো গায়ক/গায়িকাই গীতৰ শৰাই আগবঢ়াবলৈ ধৰিলে মঞ্চখন নামতহে বিহু মঞ্চ হৈ থাকে। সেইদৰে উদ̢যাপন সমিতিখনো নামতহে বিহু উদ̢যাপন সমিতি হৈ থাকে। (অৱশ্যে, কোনো কোনো উদ̢যাপন সমিতিয়ে মঞ্চৰ বেনাৰখন সলাই দিয়ে)। গোটেই পৰিবেশটো সংশ্লিষ্ট গায়ক/গায়িকা গৰাকীৰ এখন সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তুৰিত হৈ যায়। সেইফালৰ পৰা চালে সংশ্লিষ্ট গায়ক/গায়িকা গৰাকীয়ে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি যিকোনো ভাষাৰে মাৰ্জিত গীত পৰিবেশন কৰাৰ ক্ষেত্ৰত উদ̢যাপন সমিতিৰ বাধা থাকিব নালাগে। সংগীতানুষ্ঠান চলি থকাৰ সময়ত ৰাইজৰ গীত উপভোগ কৰাৰ আগ্ৰহ আৰু উদ̢যাপন সমিতিৰ সদস্যসকলৰ আগ্ৰহ একে নহ’বও পাৰে। এনে পৰিস্থিতিত বুদ্ধিমান (মদ̢গৰ্বীৰ কথা বেলেগ) গায়ক/গায়িকাই নিশ্চয় ৰাইজৰ আগ্ৰহকে অগ্ৰাধিকাৰ দিব।  
আচল কথাটো হ’ল-ব্যতিক্ৰমক বাদ দিলে বিহুৰ সৈতে জড়িত আটাইবোৰ ব্যক্তি, সংগঠনে বৰ্তমান কম-বেছি পৰিমানে বজাৰ ব্যৱস্থাৰ সৈতে সাঙোৰ খাই পৰিছে। বজাৰ ব্যৱস্থাত সংগঠন বা ৰাষ্ট্ৰৰ বাধা-নিষেধৰ স্থান কম। অৰ্থাত, বজাৰ ব্যৱস্থাৰ আগ্ৰাসনৰ ফলত অসমৰ আঞ্চলিকতাবাদী শিবিৰ দুৰ্বল হৈ পৰাৰ বাবে, আঞ্চলিকতাবাদৰ সুন্দৰ পৰিচয় বহন কৰা চেনেহৰ বিহুটিক আৰু এতিয়া অসমৰ কেইজনমান ব্যক্তিৰ দ্বাৰা গঠিত বিহু উদ̢যাপন সমিতিয়ে নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত নাই। বিহু যিহেতু বজাৰ ব্যৱস্থাত সোমালেই, গতিকে বজাৰ ব্যৱ্স্থাই ইয়াক নিয়ন্ত্ৰণ কৰিব। সুখৰ কথাটো হ’ল-বজাৰ ব্যৱস্থাত উপভোক্তাৰ উপযুক্ত জ্ঞান আৰু ধাৰণাৰ অভাৱত যিকোনো পৰিস্থিতিয়ে আহিব পাৰে যদিও, অৱশেষত সময়ৰ সৈতে খাপ খাব পৰা উপযুক্ত দ্ৰব্য আৰু সেৱাইহে দীৰ্ঘ সয়মৰ বাবে টিকি থাকে। অসমৰ বাপতি-সাহোন বিহুটিও ইয়াৰ ব্যতিক্ৰম নহয়।  
  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২১ এপ্ৰিল ২০১৭]

ভোগবাদৰ বাবে নতুন প্ৰজন্ম দায়ী নহয়

পাঁচ এপ্ৰিল সংখ্যাৰ ‘আমাৰ অসম’ত প্ৰকাশিত প্ৰমোদ শৰ্মাৰ ‘ই-জেনেৰেশ্বন’ শীৰ্ষক লেখাটো পঢ়িলোঁ। মোবাইল বা টেবলেট আদি হাতত লৈ ফুৰিব পৰা অত্যধুনিক ইলেকট্ৰ’নিক আহিলাৰ জৰিয়তে ৱাটছএপ̢ , ফেচবুক আদি সামাজিক মাধ্যমসমূহৰ সৈতে ব্যস্ত থকা বৰ্তমানৰ পৰিবেশৰ বাবে একে আষাৰে নতুন প্ৰজন্মক দোষ দিব নোৱাৰি। অৱশ্যে কিছুমান ল’ৰা-ছোৱালীক বিপথে যোৱা দেখি ‘ইলেট্ৰ’নিক সামাজিক মাধ্য,ৰ অত্যাধিক ব্যৱহাৰৰ ফলতে নতুন প্ৰজন্ম বিপথে গ’ল’ বুলি মন্তব্য আগবঢ়োৱা, পুৰণি প্ৰজন্মৰ এটা অতি সাধাৰণ আৰু সহজ দায়সৰা উপায় হৈ পৰিছে। মোবাইল, টেবলেট আদি ব্যৱহাৰৰ ফলত সৃষ্ট গাঁওখন সহজ-সৰল হৈ নুঠাটো একো অস্বাভাৱিক নহয়। আগৰ দৰে মানুহবিলাক সহজ-সৰল হৈ থাকিব লাগে বুলি আজিৰ যুগতো ভাবি থকাটোহে অস্বাভাৱিক কথা। ছপা গ্ৰন্থইহে মানসিক অৱসাদ কমাব বা দূৰ কৰিব পাৰে বুলি ভবাটো আংশিকভাবেহে শুদ্ধ। ৱাটছএপ̢ , ফেচবুক আদিত উপলবদ্ধ সৰু সৰু লেখা, ফটো আৰু ভিডিঅ’বোৰেও জ্ঞান তথা হাঁহিৰ খোৰাকেৰে অতি সহজে মানসিক অৱসাদ দূৰ কৰিব পাৰে। আমি ক’ব খোজা কথাটো হ’ল-আজিৰ দ্ৰুত প্ৰতিযোগিতাৰ যুগত মানসিক অৱসাদ দূৰ কৰাৰ মাধ্যমবিলাকো দ্ৰুত হৈ পৰিছে আৰু নতুন প্ৰজন্মই তেনেকৈয়ে মানসিক অৱসাদ দূৰ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে নতুন প্ৰজন্মই কিতাপ, আলোচনী আদি পঢ়িব নালাগে। ৱাটছএপ̢ , ফেচবুক আদিৰ অবিৰাম ব্যৱহাৰৰ ফলত নতুন প্ৰজন্মৰ মাজত অশ্লীল কাৰ্যকলাপ আৰু অপৰাধপ্ৰৱণতা বৃদ্ধি পাইছে বুলি কৰা অভিযোগ সম্পূৰ্ণ শুদ্ধ নহয়। এইবোৰ নথকাৰ দিনতো উক্ত অসামাজিক, অনৈতিক কাৰ্যকলাপবিলাক অব্যাহত আছিল। আচলতে জনসংখ্যা বৃদ্ধি, জটিল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতিৰ ফলতহে এইবোৰৰ প্ৰকোপ আগতকৈ বৃদ্ধি পাইছে।
ভাৰতবৰ্ষৰ আজিৰ ভোগবাদ আৰু ব্যক্তিবাদ পৰিৱেশৰ বাবে নতুন প্ৰজন্ম দায়ী নহয়। কাৰণ, আজিৰ নতুন প্ৰজন্মই ভাৰতত এই বাদবিলাক অনা নাই। দেশৰ দুৰ্বল অৰ্থনীতিক সবল কৰা আশাৰে, সময়ৰ আহ্বানত উপায়হীন হৈ পুৰণি প্ৰজন্মইহে আমাৰ দেশলৈ এই বাদবিলাক আনিছে। সময়ৰ লগে লগে এই বাদবিলাকৰ প্ৰকোপ বৃদ্ধি পাই আহিছে। সেই ফালৰ পৰা চালে ক’ব পাৰি যে নতুন প্ৰজন্মই এই বাদবিলাকৰ সৈতে মুখামুখি হ’বৰ বাবে যুদ্ধহে কৰি থাকিবলগীয়া হৈছে। অৱশ্যে আমি শৰ্মাৰ সৈতে একমত যে ইতিমধ্যে মায়াজালত বন্দী হৈ বিপদগামী হোৱা নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলক উদ্ধাৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৫ এপ্ৰিল ২০১৭]

প্ৰসংগ: ‘ইংলেণ্ডত কেডবেৰীজৰ ধৰ্মনিৰপেক্ষতা অসমত ‘সংস্কৃতকৰণ’’



‘নিয়মীয়া বাৰ্তা’ কাকতখনত যোৱা ৮ এপ্ৰিল তাৰিখে ড° জয়ন্ত বিশ্ব শৰ্মাৰ ‘ইংলেণ্ডত কেডবেৰীজৰ ধৰ্মনিৰপেক্ষতা অসমত ‘সংস্কৃতকৰণ’’ শীৰ্ষক লেখা এটা প্ৰকাশ পাইছিল। ভাৰত তথা অসমৰ বৰ্তমানৰ পৰিস্থিতি- বিশেষকৈ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতি প্ৰবাসীৰ দৃষ্টিকোণেৰে আলোচনা কৰা দেখি নিৰপেক্ষতাত কোনো সন্দেহ নাথাকিব বুলি ভাবি লেখাটো বিশেষ আগ্ৰহেৰে পঢ়িবলৈ ল’লোঁ। পিছে লেখাটোৰ শেষৰ পেৰাগ্ৰফটোৰ বাহিৰে নিৰপেক্ষতাৰ অভাৱ বাৰুকৈয়ে দেখা গ’ল। শৰ্মাৰ বক্তব্যত আপত্তি নাই যে প্ৰচীন ভাৰতীয় ঐতিহ্য-সংস্কৃতিক আকোঁৱালি লৈ অসমত অসমীয়া, ভাৰতত ভাৰতীয় হৈ থাকিব খোজাসকলৰ ভাবপ্ৰৱণতা আৰু সংবেনশীলতাক আঘাত কৰাৰ প্ৰয়োজন নাই। কিন্তু ভাৰতৰ প্ৰতিখন ৰাজ্য, অঞ্চলৰে কম-বেছি পৰিমানে কিছুমান স্থানীয় স্বকীয় প্ৰাচীন ঐতিহ্য-সংস্কৃতি আছে। আপত্তি এইখিনিতেই যে সংশ্লিষ্ট ৰাজ্য বা অঞ্চলৰ স্থানীয় স্বকীয় প্ৰাচীন ঐতিহ্য-সংস্কৃতিসমূক অৱজ্ঞা কৰি দেশখনৰ কিছুমান বিশেষ অঞ্চলৰ (সমগ্ৰ ভাৰতৰ নহয়) ঐতিহ্য-সংস্কৃতিক আকোঁৱালি লোৱাবলৈ প্ৰয়াস চলাই থকাৰ প্ৰৱণতা আগতকৈ বৃদ্ধি পাইছে।
অসমৰ স্তম্ভ লেখকবিলাক ইমান কম সংবেদনশীল নহয় যে প্ৰবাসী লেখক এজনে নজোনোৱাকৈ তেওঁলোকে অসমৰ ৰাজনীবিদৰ গতি-বিধি বুজি নাপায়। ইয়াত সন্দহে নাই যে অসমৰ জনসাধাৰণৰ এটা অংশক আহিলা হিচাপে লৈ কিছুমান নীতিহীন ৰাজনীতিবিদে নিজৰ ভৱিষ্যটোক আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে আনক সন্তুষ্ট কৰিবলৈ প্ৰয়াস চলাই আছে। অসমৰ স্তম্ভ লেখকসকলে অসমৰ এইসকল ৰাজনীতিবিদক ভালদৰে বুজি পাইছে বাবেহে বিষয়বিলাকৰ ওপৰত লিখিবলৈ বাধ্য হৈ পৰিছে।
সংস্কৃত ভাষাৰ সপক্ষে যুক্তি দিয়াৰ স্বাৰ্থতে, সংস্কৃত ভাষাৰ জ্ঞান নথকাৰ বাবে অসমীয়া ভাষাৰ বানান ভুল হয় বুলি নিজৰ অধ্যয়নৰ পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰাৰ বাবে ড° শৰ্মা অৱশ্যেই ধন্যবাদৰ পাত্ৰ। অসমীয়া ভাষাত ইতিমধ্যে কেইবাখনো অভিধান প্ৰকাশ পাইছে আৰু অভিধান কেইখন বজাৰত অপ্ৰচুৰো নহয়। অৱশ্যে, আমি এইটো কোৱা নাই যে অসমীয়া ভাষাৰ বানান শুদ্ধকৈ লিখাৰ ক্ষেত্ৰত সংস্কৃত ভাষাজ্ঞানৰ আৱশ্যকতা নাই।

প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ এপ্ৰিল ২০১৭