Tuesday, 25 April 2017

ভোগবাদৰ বাবে নতুন প্ৰজন্ম দায়ী নহয়

পাঁচ এপ্ৰিল সংখ্যাৰ ‘আমাৰ অসম’ত প্ৰকাশিত প্ৰমোদ শৰ্মাৰ ‘ই-জেনেৰেশ্বন’ শীৰ্ষক লেখাটো পঢ়িলোঁ। মোবাইল বা টেবলেট আদি হাতত লৈ ফুৰিব পৰা অত্যধুনিক ইলেকট্ৰ’নিক আহিলাৰ জৰিয়তে ৱাটছএপ̢ , ফেচবুক আদি সামাজিক মাধ্যমসমূহৰ সৈতে ব্যস্ত থকা বৰ্তমানৰ পৰিবেশৰ বাবে একে আষাৰে নতুন প্ৰজন্মক দোষ দিব নোৱাৰি। অৱশ্যে কিছুমান ল’ৰা-ছোৱালীক বিপথে যোৱা দেখি ‘ইলেট্ৰ’নিক সামাজিক মাধ্য,ৰ অত্যাধিক ব্যৱহাৰৰ ফলতে নতুন প্ৰজন্ম বিপথে গ’ল’ বুলি মন্তব্য আগবঢ়োৱা, পুৰণি প্ৰজন্মৰ এটা অতি সাধাৰণ আৰু সহজ দায়সৰা উপায় হৈ পৰিছে। মোবাইল, টেবলেট আদি ব্যৱহাৰৰ ফলত সৃষ্ট গাঁওখন সহজ-সৰল হৈ নুঠাটো একো অস্বাভাৱিক নহয়। আগৰ দৰে মানুহবিলাক সহজ-সৰল হৈ থাকিব লাগে বুলি আজিৰ যুগতো ভাবি থকাটোহে অস্বাভাৱিক কথা। ছপা গ্ৰন্থইহে মানসিক অৱসাদ কমাব বা দূৰ কৰিব পাৰে বুলি ভবাটো আংশিকভাবেহে শুদ্ধ। ৱাটছএপ̢ , ফেচবুক আদিত উপলবদ্ধ সৰু সৰু লেখা, ফটো আৰু ভিডিঅ’বোৰেও জ্ঞান তথা হাঁহিৰ খোৰাকেৰে অতি সহজে মানসিক অৱসাদ দূৰ কৰিব পাৰে। আমি ক’ব খোজা কথাটো হ’ল-আজিৰ দ্ৰুত প্ৰতিযোগিতাৰ যুগত মানসিক অৱসাদ দূৰ কৰাৰ মাধ্যমবিলাকো দ্ৰুত হৈ পৰিছে আৰু নতুন প্ৰজন্মই তেনেকৈয়ে মানসিক অৱসাদ দূৰ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে নতুন প্ৰজন্মই কিতাপ, আলোচনী আদি পঢ়িব নালাগে। ৱাটছএপ̢ , ফেচবুক আদিৰ অবিৰাম ব্যৱহাৰৰ ফলত নতুন প্ৰজন্মৰ মাজত অশ্লীল কাৰ্যকলাপ আৰু অপৰাধপ্ৰৱণতা বৃদ্ধি পাইছে বুলি কৰা অভিযোগ সম্পূৰ্ণ শুদ্ধ নহয়। এইবোৰ নথকাৰ দিনতো উক্ত অসামাজিক, অনৈতিক কাৰ্যকলাপবিলাক অব্যাহত আছিল। আচলতে জনসংখ্যা বৃদ্ধি, জটিল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতিৰ ফলতহে এইবোৰৰ প্ৰকোপ আগতকৈ বৃদ্ধি পাইছে।
ভাৰতবৰ্ষৰ আজিৰ ভোগবাদ আৰু ব্যক্তিবাদ পৰিৱেশৰ বাবে নতুন প্ৰজন্ম দায়ী নহয়। কাৰণ, আজিৰ নতুন প্ৰজন্মই ভাৰতত এই বাদবিলাক অনা নাই। দেশৰ দুৰ্বল অৰ্থনীতিক সবল কৰা আশাৰে, সময়ৰ আহ্বানত উপায়হীন হৈ পুৰণি প্ৰজন্মইহে আমাৰ দেশলৈ এই বাদবিলাক আনিছে। সময়ৰ লগে লগে এই বাদবিলাকৰ প্ৰকোপ বৃদ্ধি পাই আহিছে। সেই ফালৰ পৰা চালে ক’ব পাৰি যে নতুন প্ৰজন্মই এই বাদবিলাকৰ সৈতে মুখামুখি হ’বৰ বাবে যুদ্ধহে কৰি থাকিবলগীয়া হৈছে। অৱশ্যে আমি শৰ্মাৰ সৈতে একমত যে ইতিমধ্যে মায়াজালত বন্দী হৈ বিপদগামী হোৱা নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলক উদ্ধাৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৫ এপ্ৰিল ২০১৭]

No comments:

Post a Comment