Wednesday 1 December 2021

প্ৰসংগ: এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকত বাতিল

 

           যোৱা ২৪ নৱেন্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এ পি এছ ছিৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰা হৈছে ।  চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে ইতিমধ্যে অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱীকে ধৰি অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।  এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সোনোৱাল চৰকাৰৰ দিনত অসমীয়া ভাষাৰ কাকতখন বাধ্যতামূলক কৰা হৈছিল । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন জিলা আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল । ছখন জিলাৰ বাহিৰে বাকী জিলাৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকতখনৰ পৰীক্ষা দিবলগীয়া হোৱা ব্যৱস্থাটোৱে প্ৰাৰ্থীসকলক অসন্তুষ্ট কৰিছিল ।  ব্যৱস্থাটোৰ বিৰূদ্ধে মাননীয় উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো এতিয়াও বিচাৰাধীন হৈ আছে ।  মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ব্যৱস্থাটোৰ সমৰ্থনত চৰকাৰে যুক্তি দিব পৰা নাই । সেয়েহে এই কাকতখন চৰকাৰে বাতিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে ।

            চাবলৈ গ’লে চৰকাৰৰ এই সিদ্ধান্তটোক বিৰূদ্ধাচৰণ কৰাৰ বিপৰীতে আদৰণিহে জনাব লাগে । কাৰণ, একে চাকৰিৰ বাবে একেখন ৰাজ্যৰে এটা বৃহৎ অঞ্চলৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকত এখনৰ পৰীক্ষা দিব লাগে যিটো আন অঞ্চলৰ প্ৰাৰ্থীয়ে দিব নালাগে । অৰ্থাত, পূৰ্বৰ এই ব্যৱস্থা বাতিল কৰি প্ৰাৰ্থীসকলক ন্যায়হে প্ৰদান কৰা হৈছে । কিন্তু, সিদ্ধান্তটোৱে এ পি এছ ছিৰ পৰীক্ষাত বহিব বিচৰা প্ৰাৰ্থীসকলক কিছু সকাহ দিছে যদিও জাতিটোৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন বাতিল কৰাৰ প্ৰসংগত দুটামান কথা চিন্তা কৰিবলগীয়া আছে বুলি আমি ভাবোঁ । প্ৰথমতে, অসমীয়া ভাষাৰ সৈতে সম্পৰ্ক থকা কিছুমান শেহতীয়া পৰিস্থিতিয়ে ভাষাটোক প্ৰাণভৰি ভালপোৱা লোকসকলক শংকিত কৰি তুলিছে ।  উদাহৰণস্বৰূপে, বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ওপৰত ক’লা ৰং সনা, সময়ৰ সীমা বান্ধি দি অসমীয়া ভাষাত লিখা বিজ্ঞাপন সলনি কৰি বাঙালী ভাষাত লিখা বিজ্ঞাপনৰ হ’ৰ্ডিং আঁৰি দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰা, অসমলৈ উত্তৰ ভাৰতীয় সংস্কৃতিৰ দ্ৰুত আগ্ৰাসন ইত্যাদি ।  এ পি এছ ছিৰ পৰীক্ষাৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনে কিছু পৰিমাণে হ’লেও এই শংকাৰ মাত্ৰা হ্ৰাস কৰি আহিছে ।  দ্বিতীয়তে, কোনো এটা ভাষাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিলে সেই ভাষাটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি হয় । সংশ্লিষ্ট ভাষাটো কেৱল কথিত ৰূপত ৰাখিলে ভাষাটোৰ প্ৰয়োজনীয়তা যিমান বৃদ্ধি পায়, লিখিত আৰু কথিত দুয়োটা ৰূপতে ৰাখিব পাৰিলে ইয়াৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পায় ।  কম-বেছি পৰিমাণে ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা পৃথিৱীৰ সকলো দেশতে আছে । গতিকে, ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমৰ দৰে ৰাজ্য এখনৰ চৰকাৰে বিশেষ গুৰুত্ব নিদিলেও ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তাৰ ওপৰত তাৎপৰ্যপূৰ্ণ নেতিবাচক প্ৰভাৱ নপৰে । কিন্তু, ৰাজ্যখনৰ ৰাজ্যিক ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰখনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখনে কিছু পৰিমাণে হ’লেও অসমীয়া ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ডিছেম্বৰ ২০২১]