Friday 19 July 2013

ৰাভা হাছঙত তেজৰ বন্যা

ৰাভা হাছং এলেকা সঘনাই ৰক্তাক্ত হ’বলৈ ধৰিছে। ২০১১ চনৰ প্রথম ভাগত অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ সীমাঞ্চলত সংঘটিত গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষত মৃত্যু হোৱা লোকৰ তেজৰ চেঁকুৰা শুকুৱাই নাই, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (Rabha Hasong Autonomous Council) অঞ্চল ২০১৩ চনৰ ১২ ফেব্রুৱাৰিত আকৌ তেজৰে ৰাঙালী হ’ল। ১৩ ফেব্রুৱাৰিৰ গধূলিলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জন হ’ল। আহত লোকৰ সংখ্যা ৫০ জনতকৈ অধিক। অৱশ্যে, চৰকাৰী তথ্য মতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জনহে।
মূলত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত ৰাভাসকলৰ উদ্যোগত সংগঠিত অঞ্চলটোৰ ৩৪টা সংগঠনে পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰা আৰু তাৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে শাসনাধীষ্ঠ চৰকাৰৰ আঁকোৰ-গোজ মনোভাৱৰ বাবেই এই নিৰ্মম পৰিস্থিতিৰ উদ্ভৱ হ’ল। সংঘটিত পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াৰ ভাষ্য হ’ল-এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ কোনো পূৰ্বানুমান পোৱা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰি অঞ্চলটোৰ ৩৪টা সংগঠন একত্রিত হৈছে, চৰকাৰৰ সৈতে হোৱা বিফল আলোচনাৰ পিছত যৌথ সংগ্রাম সমিতিয়ে হ’বলগা পৰিস্থিতিৰ বাবে চৰকাৰ সাজু থাকক বুলি বাতৰি কাকতযোগে বিবৃতি দিছে, বিৰোধীতাৰ ফলস্বৰূপে ২৩ জানুৱাৰিৰ পৰা ৭২ ঘন্টীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল বন্ধ ফলৱতী হৈছে, ১১ ফেব্রুৱাৰিলৈকে অঞ্চলটোত ভোটকেন্দ্র স্থাপনৰ বাবে ঠিক কৰা ২৬খন বিদ্যালয় দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। তাৰোপৰি ৩টা চৰকাৰী কাৰ্যালয়, দুটা পঞ্চায়ত কাৰ্যালয়, ৭খন গাড়ী, ৩খন বজাৰ, ৭খন দলং জ্বলাই দিছে আৰু ২জন প্রাৰ্থীক আক্রমণ কৰিছে। ইমানবোৰ ইংগিত পোৱাৰ পিছতো পূৰ্বানুমান নোপোৱা কথাটো দুৰ্ভাগ্যজনক হোৱাৰ উপৰিও চৰকাৰৰ দায়িত্বহীনতা আৰু আঁকোৰ-গোজ মনোভাৱৰ চৰম পৰিচয় দিলে। এই ক্ষেত্রত গোৱালপাৰা জিলা প্রশাসনৰ ভুমিকাও উলাই কৰিব নোৱাৰি। জিলা প্রশাসনে পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান লৈ ৰাজ্যিক নিৰ্বাচনী আয়ুত্তলৈ যথাযথ প্রতিবেদন প্রেৰণ নকৰাৰ ফলত আয়োগে অঞ্চলটোৰ পৰিস্থিতি আগতীয়াকৈ অধ্যয়ন কৰাৰ এটা সুযোগ হেৰুৱালে।
যৌথ সংগ্রাম সমিতিৰে চৰকাৰৰ আলোচনা ইতিবাচক নোহোৱাৰ পাছত চৰকাৰৰ ফালৰ মন্তব্য আছিল এনেধৰণৰ-ৰাভা হাছঙত পঞ্চায়ত নিৰ্বাচন হ’বই, অঞ্চলটোত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও পৰিস্থিতি উত্তপ্ত হ’ব, অনুষ্ঠিত নকৰিলেও উত্তপ্ত হ’ব। আচলতে নিৰ্বাচন অনুষ্ঠিত নকৰিলে পৰিস্থিতি যিমান উত্তপ্ত  হ’ব, অনুষ্ঠিত কৰিলে তাতকৈ কম উত্তপ্ত  হ’ব। ইয়াৰ পৰা বুজা যায়, হ’বলগীয়া ৰক্তাত্ত পৰিস্থিতি সম্পৰ্কে চৰকাৰৰ সঠিক অনুমানেই আছিল। আচল কথাটো হ’ল-চৰকাৰে বলপূৰ্বকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰহে পক্ষপাতি আছিল। চৰকাৰৰ বলপূৰ্কভাৱে অসমৰ জনজাতি এটাৰ বিপক্ষে গ্রহণ কৰা সিদ্ধান্ত নিশ্চয় সঠিক নাছিল। এফালে চৰকাৰে অঞ্চলটোত পঞ্চায়ত নিৰ্বাচনৰ বাবে লোৱা সিদ্ধান্তত অটল, আনফালে ৩৪টা সংগঠনে যিকোনো ত্যাগৰ বিনিময়ত নিৰ্বাচন বিৰোধীতা কৰাৰ সিদ্ধান্তত অটল হৈ থাকিল।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ‘ৰাভা চুক্তি’খনে কি কয়? ১৯৯৫ চনৰ ১০ মাৰ্চত সেই সময়ৰ অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ উপস্থিতিত অসম চৰকাৰৰ মুখ্য সচিব এ ভট্টাচাৰ্য আৰু ৰাভা নেতৃত্বত থকা শৰৎ চন্দ্র ৰাভা, গংগাৰাজ ৰাভা, ৰতন চন্দ্র ৰাভা আৰু সুলোচন ৰাভাৰ স্বাক্ষৰেৰে ‘ৰাভা চুক্তি’ (Rabha Accord) খন স্বাক্ষৰিত হয়। চুক্তিখনৰ ৫ নম্বৰ দফাত স্পষ্টভাৱে লিখা আছে, ‘……the provision of Assam Panchyat Act, 1994 and the Assam Municipal Act, 1994 (amended) shall not apply to the areas of the village included in RHVC’ (Rabha Hasong Village Council) সেই মৰ্মে গোৱালপাৰা জিলাৰ ৩৮৭খন আৰু কামৰূপ জিলাৰ ৩৭৫ খন গাঁও প্রস্তাৱিত ৰাভা হাছঙৰ অন্তৰ্ভূক্ত গাঁও হিচাপে চিনাক্ত কৰাও হৈছে। চৰকাৰে স্পষ্টিকৰণ দিলে যে এই চুক্তিখনৰ ৫ নম্বৰ দফাটো ভুল আৰু অসাংবিধানিক। চৰকাৰৰ মতে, ৰাজ্য চৰকাৰ আৰু ৰাজ্য বিধান সভাৰ ৰাভা হাছং স্বায়ত্ত শাসিত এলেকাক পঞ্চায়ত আইনৰ বাহিৰত ৰখাৰ কোনো আইনগত অধিকাৰ নাই। ৰাভা হাছং চুক্তি সাক্ষৰিত হোৱাৰ পিছত অসম বিধানসভাৰ ১৯৯৫ চনৰ জুলাইত গৃহীত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ৰ পৰা ৰাভা চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দিয়া হৈছিল। অসম বিধান সভাত গৃহীত আইন অনুসৰিয়েই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত অন্তৰ্ৱতী পৰিষদে শপতগ্রহণ কৰি শাসনৰ দায়িত্বভাৰ গ্রহণ কৰিছিল। ২০০১ চনত অসম গণ পৰিষদৰ কাৰ্যকালত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ সংশোধন কৰা হৈছিল যদিও তেতিয়াও ৰাভা হাছং চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দি ৰখাই হৈছিল। ইয়াৰ পিছতো ৰাভা হাছং অন্তৰ্ৱতী পৰিষদ গঠন হৈছিল আৰু কোনেও এই ৫ নম্বৰ দফাৰ কথা উল্লেখ কৰি আপত্তি কৰা নাছিল। প্রশ্ন হ’ল-ৰাভা জনজাতিৰ মানুহখিনি সহজ সৰল হ’ল বুলিয়ে এনেকুৱা ভুল তথা অসাংবিধানিক চুক্তি এখন প্রস্তুত কৰি জনজাতিটোক বঞ্চনা কৰা হৈছে কিয়? আৰু যদি চৰকাৰৰ স্পষ্টিকৰণক এশ শতাংশ শুদ্ধ বুলি ধৰা হয়, তেন্তে ১৯৯৫ চনৰ জুলাইৰ পিছত গঠিত ৰাভা হাছং অন্তৰ্ৱতী পৰিষদৰ বিষয়বিবীয়াসকলৰ নামো দোষীৰ তালিকাত অন্তৰ্ভূক্ত নোহোৱাকৈ নাথাকে। অৱশ্যে এই ক্ষেত্রত বিতং অধ্যয়নৰ প্রয়োজন আছে। হয়তো চৰকাৰৰ এই নীতি ৰাভাসকলৰ মাজত ভুল বুজাবুজিৰ বীজ ৰোপনেৰে অন্তকলহ সৃষ্টিৰ উদ্দেশ্যও হ’ব পাৰে, তাৰ প্রতিও সজাগ হোৱা দৰকাৰ আছে।
অপ্রিয় হ’লেও সত্য যে ১২ ফেব্রুৱাৰিৰ ঘটনাটো উমি উমি জ্বলি থকা জুইকুৰাৰ বৰ্হিপ্রকাশহে। ৰাভাসকলে যোৱা ১০ বছৰ ধৰি জনজাতিটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী জনাই আহিছে। অঞ্চলটোৰ অৰাভাসকলে ৰাভাসকলৰ এই দাবীৰ তীব্র বিৰোধীতা কৰি আহিছে। যেতিয়ালৈকে ৰাভাসকলৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীটোৰ কোনো স্পষ্ট সমাধান পোৱা নাযাব, যদিও কাম্য নহয়, এনেধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈয়ে থকাৰ উমান নিশ্চয় সকলোৱে পাইছে। গতিকে, জনজাতিটো যদি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে উপযুক্ত হৈ উঠিছে তেনেহলে  ইতিমধ্যে অসম বিধান সভাত অগ্রাহ্য হোৱা খচৰা বিধেয়কখনৰ সালসললি ঘটাই পুনৰ উত্থাপন কৰা উচিত। কিন্তু সাৱধান হোৱা উচিত যাতে খচৰাখনক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰাৰ সুবিধা নাপায়। চৰকাৰেও খচৰাখনৰ উপযুক্ততা বিচাৰ কৰি গ্রহণযোগ্য লে গ্রহণ কৰিব লাগে আৰু অগ্রাহ্য কৰিলে অগ্রাহ্যৰ কাৰণবোৰ স্পষ্টভাৱে দাঙি ধৰিব লাগে। অগ্রাহ্যৰ কাৰণবোৰ যুক্তিসংগত লে ৰাভা জনজাতিটোৱে সহনশীলতা বজাই ৰাখি কেনেকৈ উপযুক্ত কৰি তুলিব পাৰি তাৰ কৌশল উদ্ভাৱনত মন দিব লাগে। আকৌ সাৱধান হ’ব লাগে যাতে ইয়াৰ বাবে সৰ্বসাধাৰণ মানুহৰ জীৱন বলি দিবলগীয়া নহয়। কাৰণ, কি শিক্ষিত, কি অশিক্ষিত, উত্তেজিত জনতাই উত্তেজনাৰ সময়ত ‘পঞ্চায়তীৰাজ কি?’ যেনেদৰে বুজি নাপায় ‘ৰাভা হাছং স্বায়ত্তশাসন পৰিষদ কি?’ তাকো স্পষ্টকৈ বুজি নাপায়। বুজা উচিত যে প্রাপ্য সা-সুবিধা নোপোৱালৈকে বিভিন্ন আন্দোলনবিলাক অব্যাহত থাকিব, সঁচা-মিছা নজনাকৈয়ে উত্তেজনাৰ বসৱৰ্তী হৈ সংঘৰ্ষৰ সূত্রপাত হ’ব, সংঘৰ্ষত সাধাৰণ মানুহৰ মৃত্যু ঘটিব, ৰাজহুৱা শ্রাদ্ধত মৃতকক শ্বহীদ হিচাপে ঘোষণা কৰা হ’ব, নেতৃত্বৰ দায়িত্ব এটা্ প্রজন্মৰ পিছত আন এটা প্রজন্মই ল’ব; কিন্তু যিসকলে তেওঁলোকৰ আপোনজনক অকালতে চিৰদিনৰ বাবে হেৰুৱালে চৰকাৰে আগবঢ়োৱা নগদ পাঁচলাখ টকাই জানো পূৰণ কৰিব পাৰিব?
এইখিনিতে এটা কথা উল্লেখ কৰাৰ প্রয়োজন যে চৰকাৰৰ সৈতে ৩৪টা সংগঠনৰ আলোচনা বিফল হোৱাৰ পিছতে অঞ্চলটোত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিলে। বিদ্যালয় গৃহ, চৰকাৰী কাৰ্যালয় গৃহ, কাঠৰ দলং আদি দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে। ইয়াত দুষ্কৃতিকাৰীসকল কোন? দুষ্কৃতিকাৰী বুলি স্বাভাৱিকতে ৰাভা জনজাতিৰ লোক আৰু ৩৪টা সংগঠনলৈ আঙুলি টোওৱাৰ প্রৱণতা আছে (যিহেতু কোনেও দায়িত্ব স্বীকাৰ কৰা নাই) যদিও সঁচা কথাটো হ’ল এই ছেগতে জনজাতিটোৰ বিদ্ধেষী কিছুমান লোকৰ দ্বাৰাও এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আচল কথাটো হ’ল-দুষ্কাৰ্য যিয়ে নকৰক, এটা অঞ্চলৰ আন্ত:গাঠনি ক্ষতিগ্রস্ত হ’লে সমগ্র অঞ্চলটোৰে ক্ষতি হয়।    
শেষত, অবাঞ্চিত পৰিস্থিতিৰ বাবে অঞ্চলটোৰ যি কেইটা পঞ্চায়ত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল, চৰকাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত দিছে। যদি সেয়াই হয়, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল কম সময়ৰ ভিতৰতে আকৌ এবাৰ তেজৰে প্লাৱিত হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। গতিকে সংঘটিত হৈ যোৱা ৰক্তাক্ত পৰিস্থিতিৰ দৰে পৰিস্থিতি যাতে দুনাই সংঘটিত নহয় তাৰ বাবে দুয়ো পক্ষই আঁকোৰ-গোজ মনোভাৱ পৰিত্যাগ কৰি সহনশীলতা বজাই ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰাহে উচিত হ’ব।