Saturday 8 September 2018

প্ৰসংগ: বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে

যোৱা ৩০ আগষ্টত ‘আমাৰ অসম’ত প্ৰকাশিত দেৱকান্ত সন্দিকৈৰ ‘বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে’ লেখাটো পঢ়ি দু-আষাৰ মতামত আগবঢ়াবলৈ মন গ’ল। বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰ ধৰ্মই দিব পাৰে বুলি কৰা দাবীবোৰৰ ভিত্তি আৰু দাবীদাৰসকলে প্ৰয়োগ কৰা পদ্ধতি বিজ্ঞানসন্মত নহয়। এই দাবীবোৰৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতি অনুমানৰ ওপৰত নিৰ্ভৰশীল। আজিৰ পৰা কেইবা হাজাৰ বছৰ আগতে কল্পনাৰ আশ্ৰয়ত ৰচিত ধৰ্মগ্ৰন্থবোৰৰ ভিত্তিতে ধৰ্মই বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ অপচেষ্টা কৰে। যাৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতিয়েই অশুদ্ধ, তাৰ ফলাফল কি হ’ব পাৰে? ব্যাখ্যা নিষ্প্ৰয়োজন। ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ-বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ সেই সম্পৰ্কীয় কিতাপৰ পাছত কিতাপ পঢ়ি আৰু প্ৰয়োজনীয় সা-সঁজুলি ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ পাছতো ক’বলগীয়া হয়-‘এই সম্পৰ্কে আৰু বহুত জানিবলগীয়া আছে’। আনহাতে ধৰ্মীয় পণ্ডিতসকলে নিজে অন্তৰ্গত ধৰ্মটোৰ দুখনমান ধৰ্মগ্ৰন্থ পঢ়িয়েই মন্তব্য আগবঢ়ায়-‘বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে জানিবলৈ আৰু বাকী নাই, সকলো বুজি পালোঁ’।
হিন্দু ধৰ্মৰ দ্বাৰা ভাৰতবৰ্ষখনকএক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৱে সুবিধা পালেই ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ অৱদানক মূল্যহীন কৰিবলৈ চেষ্টা কৰে। অৱশ্যে, সেই শক্তিটোৰ অধ্যয়নশীল সেনাপতিবোৰে একেকোবে নেহৰুক অসাৰ কৰিবলৈ চেষ্টা নকৰে বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ চিন্তাধাৰাক আংশিকভাবে সমৰ্থন কৰি ধৰ্মৰ প্ৰসংগ টানি আনি খুউব চতুৰভাবে তেখেতৰ কৰ্মক অসাৰ কৰাৰ বাট উলিয়াই লয়। প্ৰবন্ধকাৰ সন্দিকৈয়ে তেখেতৰ প্ৰবন্ধটোত উল্লেখ কৰা ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যবোৰত ইয়াৰেই প্ৰতিফলন ঘটিছে।
উল্লেখ্য যে ভাতৰবৰ্ষত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা গুৰুত্ব সম্পৰ্কে পাকিস্তানৰ নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানী পাৰভেজ হুডভয়ে কেইষাৰমান অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতৰ মতে, ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ আন সকলো কৰ্মৰাজিক মূল্যহীন কৰিব পাৰিলেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই যোৱা তেখেতৰ কৰ্মৰাজিক কেতিয়াও মূল্যহীন কৰিব নোৱাৰে। বিজ্ঞানীগৰাকীৰ মতে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰ প্ৰথম দহবছৰ জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত নহৈ, দেশখনকহিন্দু ৰাষ্ট্ৰহিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৰ পৰা যদি কোনোবা এজনে প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত লেহেঁতেন, তেন্তে ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এক অন্ধকাৰ দিশত গতি কৰিলেহেঁতেন। উদাহৰণস্বৰূপে-গৰুৰ মূত আৰু গোবৰৰ গৱেষণাৰ নামত অজস্ৰ ধন ব্যয় কৰিলেহেঁতেন, শিক্ষানুষ্ঠানসমূহত জ্যোতিৰ্বিজ্ঞানৰ পৰিৱৰ্তে জ্যোতিষ শাস্ত্ৰ আৰু প্ৰকৃত গণিতৰ পৰিৱৰ্তে বৈদিক গণিতৰ শিক্ষা প্ৰদানত অধিক গুৰুত্ব দিলেহেঁতেন। বিজ্ঞানীগৰাকীৰ মতে, সম্ভৱ:ত ভাৰতবৰ্ষ বিশ্বৰ একমাত্ৰ দেশ যিখন দেশত বিজ্ঞানসন্মত চিন্তাধাৰাক (Scientific Temper) গুৰুত্ব প্ৰদানৰ প্ৰসংগ সংবিধানত সন্নিৱিষ্ট আছে (উৎস: What India owes to Nehru, Dawn, 21 April 2018)

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ছেপ্টেম্বৰ ২০১৮]

প্ৰসংগ: মই শিক্ষক হ’বলৈ বিচাৰিছিলোঁ


যোৱা ২৬ আগষ্টত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিৰ ‘মই শিক্ষক হ’বলৈ বিচাৰিছিলোঁ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। বৰগোহাঞি ছাৰৰ ছমহীয়া শিক্ষকতাৰ সময়ত যিসকলে তেখেতৰ ছাত্ৰ/ছাত্ৰী হ’বলৈ সুযোগ পাইছে, আমাৰ বোধেৰে তেওঁলোক খুউব ভাগ্যবান। শিক্ষক হিচাপে বৰগোহাঞি ছাৰ যে সফল হ’ব পাৰিলেহেঁতেন তাত কোনো সন্দেহ নাই। তেখেতৰ প্ৰচুৰ অধ্যয়নশীলতা, কথা কোৱা আৰু গদ্য লিখা শৈলীৰ পৰাই সেয়া অনুমান কৰিব পাৰি। তদুপৰি ছাৰে নিজে উল্লেখ কৰিছে যে সেই ছমাহৰ ভিতৰতে তেখেতে তেখেতৰ ছাত্ৰসকলৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।
এইটো সত্য যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো যিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ থাকে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত সিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ নাথাকে বা থকাটো সম্ভৱো নহয়। অৱশ্যে, এটা কথা ঠিক যে মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো পিতা-পুত্ৰতকৈ বন্ধুত্ব বেছি হয়। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ/ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰায় আটাইকেইজন শিক্ষককে খুউব ওচৰৰ পৰা পায় (ব্যতিক্ৰমসকলৰ বাহিৰে)। কিন্তু মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত সকলো শিক্ষককে ওচৰৰ পৰা নাপায়। ছাত্ৰ/ছাত্ৰীসকলৰ প্ৰতি অত্যন্ত দায়িত্ববোধ থকা শিক্ষকসকলকহে ছাত্ৰ/ছাত্ৰীসকলে ওচৰৰ পৰা পায় আৰু সেই শিক্ষকসকলৰ সৈতেহে ছাত্ৰ/ছাত্ৰীসকলৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে।
মহাবিদ্যালয় পৰ্যায়ত উচ্চতৰ মেধা, কঠোৰ কৰ্তব্যনিষ্ঠা, অধ্যয়নপুষ্ট বিদগ্ধ ব্যক্তিত্ব আৰু নিত্য-নৱ্য বৌদ্ধিক অভিযানেৰে ছাত্ৰসকলক বৌদ্ধিক দিশত আগবাঢ়ি যোৱাত প্ৰেৰণা জগাব পৰা ধৰণৰ শিক্ষক নাপালে বুলি বৰগোহাঞি ছাৰে আক্ষেপ কৰিছে। ব্যক্তিগতভাবে দুয়োটা পৰ্যায়তে মই বৰগোহাঞি ছাৰতকৈ কিছু ভাগ্যবান বুলি অনুভৱ কৰোঁ। কাৰণ, মই পোৱা শিক্ষকসকলৰ দুজনমান শিক্ষকৰ কঠোৰ কৰ্তব্যনিষ্ঠা, নিত্য-নৱ্য বৌদ্ধিক অভিযান আৰু সামাজিক দায়িত্ববোধে জীৱনত আগবাঢ়ি যাবলৈ মোক সদায় প্ৰেৰণা যোগাই আহিছে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৭ ছেপ্টেম্বৰ ২০১৮]