নিৰক্ষৰ মানুহৰ কথা নকওঁ, অসমৰ
সৰহসংখ্যক সাক্ষৰ (যিসকল প্রকৃততে শিক্ষিত নহয়) মানুহেই ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ
বিষয়ে সজাগ নহয়। মাত্র দুটা অভিজ্ঞতাৰ বিষয়ে ক’ব খুজিছোঁ। যোৱা অক্টোবৰ মাহৰ ৩১ তাৰিখে
আমাৰ মহাবিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীক গুৱাহাটী বিশ্ববিদ্যালয়খন দেখুৱাবলৈ নিয়া হৈছিল।
সৰুপানী লগাত প্রশাসনিক ভৱনৰ প্রস্ৰাৱগাৰ এটাত সোমালোঁ। সৰ্বনাশ! দুৱাৰখন খুলিয়েই দেখিলোঁ
মানুহৰ বিষ্ঠা। দুৱাৰ, বেৰ আদিত লাগি থকা চূণ, তামোলৰ পিক আদিৰ কথা নক’লোঁৱেইবা। দ্বিতীয়
অভিজ্ঞতাটো হ’ল-মই মহাবিদ্যালয়খনৰে ঘৰ এটাত থাকোঁ। ঘৰটোৰ ওপৰৰ মহলাৰ কোঠাবোৰত মে’ আৰু
ডিছেম্বৰ মাহত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পৰীক্ষা কেন্দ্রবোৰৰপৰা অহা ষাণ্মাসিক
পৰীক্ষাৰ উত্তৰ বহী মূল্যায়ন কৰিবলৈ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আহে।
ডাষ্টবিন থকা সত্তেও কিছুমান অধ্যাপক-অধ্যাপিকাই চাহ খোৱা প্লাষ্টিকৰ কাপ, তামোলৰ পিক
আদি নিৰ্লজ্জভাৱে দুৱাৰ, খিৰিকী আদিয়েদি যেনি-তেনি পেলাই দিয়ে। বিদেশৰ পৰা ঘুৰি আহি
তেওঁলোকৰ দৰে অধ্যাপক-অধ্যাপিকাই অসমীয়া ভাষাৰ বিভিন্ন আলোচনীত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ
বিষয়ে সুন্দৰ সুন্দৰ ভ্রমণ কাহিনী লিখে।
(প্রকাশিত, 'প্রান্তিক', ১৬-৩১
জানুৱাৰি, ২০১৩)