Thursday 21 June 2018

সভা এখনত উপস্থিত থকা মানেই সেই সভাখনৰ আয়োজকৰ মতাদৰ্শক সমৰ্থন কৰা নুবুজায়


‘আমাৰ অসম’ৰ যোৱা ১৫ জুনৰ ‘প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নাগপুৰ যাত্ৰা’ শীৰ্ষক সম্পাদকীয়টো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ৰাষ্ট্ৰপতি এগৰাকীয়ে তেখেতৰ কাৰ্যকাল শেষ হোৱাৰ পাছত বিতৰ্কৰ উৰ্ধত থাকি দেশৰ হৈ সেৱা আগবঢ়াই যোৱাটোকে সকলোৱে কামনা কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰ এছ এছৰ সভা এখনত মোহন ভাগৱতৰ সৈতে একেখন মঞ্চতে আসন গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বাতৰিয়ে বহুতকে চিন্তাত পেলাইছিল। চিন্তাটো আছিল-দেশখনৰ আটাইতকৈ সন্মানীয় পদত অধিষ্ঠিত হৈ অহা ব্যক্তিগৰাকীৰ বিশাল ব্যক্তিত্বৰ লগতে দেশখনৰ বহুত্ববাদী ধাৰণাৰ ওপৰত কালিমা পৰিব। ভাৰতবৰ্ষক ‘এক ৰাষ্ট্ৰ’ (গ্ৰহণযোগ্য) ‘এক সংস্কৃতি’, আৰু ‘এক ধৰ্ম’ (এই দুটা গ্ৰহণযোগ্য নহয়) হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰাৰ বাবে আৰ এছ এছক, দেশখনৰ বহুত্ত্ববাদী ধাৰণাক সমৰ্থন কৰা পক্ষটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে। এই পক্ষটোৱে ভাবিছিল যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ষৰ বহুত্ববাদৰ ধাৰণাক প্ৰত্যাখান কৰি আৰ এছ এছৰ দৰে সংকীৰ্ণ চিন্তাৰ সংগঠন এটাৰ সমৰ্থক হৈ পৰিব। কিন্তু, তেখেতে সেই সভাখনত দিয়া ভাষণেৰে প্ৰমাণ কৰি দেখুৱালে যে আৰ এছ এছৰ সভালৈ যোৱা মানেই আৰ এছ এছৰ মতাদৰ্শক সমৰ্থন কৰা নুবুজায়। ভাৰতৰ সাম্প্ৰতিক সময়ৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি সচেতন ব্যক্তি মাত্ৰেই একমত হ’ব যে দেশৰ শীৰ্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা সন্মানীয় ব্যক্তিগৰাকীয়ে সেই সভাখনলৈ গৈ আৰ এছ এছে কল্পনা কৰা ভাৰতবৰ্ষখন যে শুদ্ধ নহয় সেয়া দেখুৱাই দি এগৰাকী প্ৰকৃত দায়িত্বশীল ভাৰতীয়ৰহে পৰিচয় দিলে। আচলতে দেশখনৰ বহুত্ববাদক বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দৰে দায়িত্বশীল ভাৰতীয়ৰ বাৰুকৈয়ে প্ৰয়োজন অনুভৱ কৰা হৈছে।
অৱশ্যে, সম্পাদকীয়টোৰ সৈতে একমত যে আৰ এছ এছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক তেওঁলোকৰ মতাদৰ্শৰ এজন সমৰ্থক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিব পাৰে-যেনেদৰে যোৱা কিছু বছৰ ধৰি চৰ্দাৰ বল্লভভাই পেটেলক তেওঁলোকৰ মুখ্য কৰ্মকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই থকা দেখা গৈছে। আৰ এছ এছৰ সভাত উপস্থিত থকাৰ বাবে প্ৰণৱ মুখাৰ্জীক সমালোচনা কৰাসকলে সচেতন হ’ব লাগে যাতে সভাখনত উপস্থিতিৰ প্ৰসংগেৰে সংগঠনটোৱে তেওঁলোকৰ স্বাৰ্থৰ বাবে তেখেতক ব্যৱহাৰ কৰিব নোৱাৰে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২২ জুন ২০১৮, পৃষ্ঠা: ৯]

Monday 18 June 2018

যোগৰ অৰ্থনৈতিক দৃষ্টিকোণ


যদিওবা যোগৰ ভেটি ভাৰতবৰ্ষ, কিন্তু যোৱা কিছু দশক ধৰি ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে। যোগে মানুহৰ বিভিন্ন উপকাৰ সাধন কৰে যদিও মন আৰু শৰীৰক ৰোগমুক্ত কৰি ৰাখিব পৰাটোৱেই হ’ল মানুহে যোগৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ ভৰসা। যোগে মানুহৰ শৰীৰ, মন আৰু আত্মাৰ (আত্মা কি, কেনেকুৱা, আছে নে নাই?-সেয়া অন্য এক বিষয়)মাজত এক সুন্দৰ সমন্বয় ঘটায় বুলি বিশ্বাস হোৱাৰ ফলতে সমগ্ৰ পৃথিৱীতে যোগৰ চাহিদা ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। ১৯৩খন দেশৰ সদস্যভুক্ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে, ২১ জুন দিনটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে পালন কৰাৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত, যোগৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা অধিক বৃদ্ধি পাবলৈ ধৰিলে। ভাৰতৰ এটা শীৰ্ষ বাণিজ্যিক সংগঠন ASSOCHAM  এক অধ্যয়ন অনুসৰি, ২১ জুন তাৰিখটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে ঘোষণা কৰাৰ পাছত কেৱল ভাৰতবৰ্ষতে যোগ অনুশীলন কৰা মানুহৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে (DNA, 21 June 2016)
মানুহে যোগক প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰাই যোগৰ অৰ্থনৈতিক চিন্তা-চৰ্চা আৰম্ভ হৈছে। অৰ্থাত, যোগাভ্যাসৰ ফলত মানুহৰ বেমাৰ-আজাৰ কম হোৱাৰ লগে লগে প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ চাহিদাৰ ওপৰত পৰা প্ৰভাৱেই (কিমান আৰু কেনেকৈ প্ৰভাৱ পৰিছে সেয়া গৱেষণাৰ বিষয় হ’ব পাৰে) হ’ল যোগৰ অৰ্থনৈতিক চিন্তাৰ প্ৰাথমিক দৃষ্টিকোণ।  
যোগক সামগ্ৰী (Commodity) হিচাপে গ্ৰহণ কৰাতকৈ প্ৰয়োজন (Necessity) হিচাপেহে গ্ৰহণ কৰিব লাগে। কিন্তু, প্ৰয়োজনৰ কাৰণেই হওক বা আন কাৰণেই হওক, যোগকো সামগ্ৰী হিচাপেহে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ গৱেষক David Gordon Whiteৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ এবিধ সামগ্ৰী হৈ পৰিছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি ২০১২ চনত আমেৰিকাত যোগ অনুশীলন কৰা মানুহৰ সংখ্যা আছিল ২ কৌটি আৰু ২০১৬ চনত হ’লগৈ ৩ কৌটি ৬০ লাখ। David Gordon Whiteএ কৈছে যে যোগ অনুশীলন কৰা মানুহবিলাকৰ, বহুতৰ মতে যোগ হ’ল- যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ (যেনে-পাটী, কাপোৰ ইত্যাদি) সৈতে যোগ প্ৰশিক্ষকৰ দ্বাৰা যোগৰ প্ৰশিক্ষণ দিয়া একোটা যোগৰ কেন্দ্ৰ। সাধাৰণতে এই কেন্দ্ৰসমূহত ‘প্ৰাণায়াম’ আৰু ‘আসন’ৰ অনুশীলন কৰোৱা হয়।
যোগ কেন্দ্ৰ এটা স্থাপন হোৱাৰ লাগে লগে ইয়াৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সা-সামগ্ৰীৰ লগতে প্ৰশিক্ষকসকলৰ এখন ভাল বজাৰৰ সৃষ্টি হৈছে। যোগৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত প্ৰশিক্ষকসকলৰ চাহিদা বৃদ্ধি পাইছে। যোগ নিজেই ‘ব্ৰেণ্ডেড’ সামগ্ৰী হোৱাৰ লগে লগে প্ৰশিক্ষকবিলাকো একো একোজন ‘ব্ৰেণ্ড’ হৈ পৰিছে। ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক নিয়োগ কৰা যোগৰ কেন্দ্ৰসমূহৰ চাহিদা স্বাভাৱিকতে বৃদ্ধি পাইছে। বৰ্তমান বাবা ৰামদেৱ আৰু বিক্ৰম চৌধুৰী হ’ল ক্ৰমে ভাৰত আৰু আমেৰিকাৰ একো একোজন ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক। অনুশীলনকাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে বোলছবি জগতৰ চেলেব্ৰেটিৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা-এইখন বজাৰৰ নতুন বজাৰ নীতি হিচাপে চিহ্নিত হৈছে। হিন্দী চিনেমা জগতৰ অভিনেত্ৰী শিল্পা ছেত্তী ভাৰতৰ এগৰাকী ‘ব্ৰেণ্ডেড চেলেব্ৰেটি’ যোগ প্ৰশিক্ষক। Yoga in America Study 2016 ৰ তথ্য অনুসৰি যোগৰ এটা ক্লাছৰ বাবদ প্ৰশিক্ষকে ১০ ৰ পৰা ২৫ ডলাৰলৈ লয় (ভাৰতীয় টকাৰ মানত ৬৮০ টকাৰ পৰা ১,৭০০ টকা)। ভাৰতবৰ্ষতো যোগৰ কেন্দ্ৰ অনুসৰি মাচুলৰ পৰিমান নিৰ্ধাৰণ কৰা আছে। যেনে- বাংগালুৰুৰ Samyama Academy of Yogaত এজন প্ৰশিক্ষাৰ্থীয়ে প্ৰতিমাহে ২,০০০ টকাকৈ জমা দিব লাগে।
যোগৰ কেন্দ্ৰবিলাকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী সংশ্লিষ্ট কেন্দ্ৰটোৰ নামত ‘ব্ৰেণ্ড’লৈ ৰূপান্তৰিত হৈছে। তদুপৰি, কেন্দ্ৰসমূহৰ সৈতে বুজাবুজিৰ চুক্তি কৰি যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি যোগান ধৰা উৎপাদন প্ৰতিষ্ঠান স্থাপন হৈছে। যেনে-Zella, AloYoga, Soybu আদি হ’ল যোগৰ সময়ত ব্যৱহাৰ কৰা ব্ৰেণ্ডেড কাপোৰৰ নাম। যোগক ভিত্তি কৰি গঢ়ি উঠা এনেধৰণৰ উৎপাদন প্ৰতিষ্ঠানে অৰ্থনীতিৰ স্বাভাৱিক নীতিৰে দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ সক্ষম হৈছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি যোৱা চাৰি বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ অনুশীলনৰ বাবদ খৰচ হৈছিল প্ৰায় ১৬ বিলিয়ন ডলাৰ (প্ৰায় ১,০৮,৮০০ কৌটি টকা)। ২০১২ চনত এই পৰিসংখ্যা আছিল ১০ বিলিয়ন ডলাৰ (প্ৰায় ৬৮ হাজাৰ কৌটি টকা)। 
যোগ যে কেৱল যোগ কেন্দ্ৰলৈ গৈহে কৰিব লাগে তেনে নহয়। বিভিন্ন ইলেট্ৰ’নিক মাধ্যম, যেনে-ইন্টাৰনেট, DVD আদিৰ যোগেৰেও যোগাভ্যাস কৰিব পাৰে। গতিকে, ইন্টাৰনেটৰ ব্যৱস্থাপক বহুজাতিক কোম্পানীবিলাকেও যোগৰ বজাৰত সোমাই পৰিছে।  সেইদৰে, লেপটপ বা ডেস্কটপত DVD প্ৰয়োগেৰে যোগাভ্যাস কৰাৰ ফলত যোগৰ DVD ৰ এখন বজাৰৰ সৃষ্টি হৈছে। DVD ৰ বজাৰখনে ইয়াৰ পূৰিপূৰক সামগ্ৰী হিচাপে লেপটপ বা ডেস্কটপৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে। যোগৰ প্ৰকাৰ আৰু প্ৰশিক্ষক অনুসৰি যোগৰ DVD বিলাকৰ দাম বেলেগ বেলেগ হয়। অৱশ্যে, এখন DVDৰ দাম ২০০ টকাৰ ওপৰত নহয় (পাঠকে যিকোনো অনলাইন বজাৰৰ ৱেবছাইট চাব পাৰে)। অনলাইন বজাৰ ব্যৱস্থাই যোগৰ DVDৰ বজাৰখন সম্প্ৰসাৰণ ঘটাই যোগক অন্য এক অৰ্থনৈতিক মাত্ৰা প্ৰদান কৰিছে।
কোনো আনুষ্ঠানিক যোগ কেন্দ্ৰত পঞ্জীয়ন কৰিব নোৱাৰা বা কম্পিউটাৰ জাতীয় ইলেট্ৰ’নিক সামগ্ৰী কিনিবলৈ অসমৰ্থ বা তেনে প্ৰযুক্তিবিদ্যাৰ জ্ঞান নথকা ব্যক্তিসকলে কিতাপ পঢ়ি যোগৰ সাধনা কৰে। ইয়াৰ ফলত যোগ সম্পৰ্কীয় কিতাপৰ এখন ভাল বজাৰ গঢ়ি উঠিছে।  সুখৰ অৰ্থনীতি (Economics of Happiness) হ’ল যোগাভ্যাসৰ অন্য এক গুৰুত্বপূৰ্ণ দৃষ্টিকোণ। যোগাভ্যাসে মানুহ এজনৰ শৰীৰ, মন আৰু আত্মাৰ (?) মাজত সমন্বয় স্থাপন কৰি মানুহজনক এক অনাবিল সুখানুভূতি আনি দিয়ে।
     মুঠ কথা, যোগ যিহেতু মানুহৰ সুস্থ প্ৰয়োজন (Wellness) হিচাপে স্বীকৃতি পাই ক্ৰমাগতভাবে সম্প্ৰসাৰিত হৈ আছে, গতিকে যোগক সামগ্ৰী হিচাপে গ্ৰহণ কৰিলেও অৰ্থনীতিৰ তথাকথিত ‘সামগ্ৰী’ৰ সূত্ৰই যোগৰ ওজন কমাব পৰাৰ কোনো সম্ভাৱনা নাই। যোগ যোগেই।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ জুন ২০১৮, পৃষ্ঠা: ৫, 
পূৰ্বপ্ৰকাশ: 'যোগাকাশ', স্মৃতিগ্ৰন্থ, প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যোগ প্ৰতিযোগিতা, ২৩-২৪ জানুৱাৰী ২০১৭, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়।]


Friday 15 June 2018

শুক্ৰাচাৰ্য ৰাভা: ব্যক্তিক্ৰমী চিন্তাৰ মানুহজন


    ব্যতিক্ৰমী চিন্তাৰ এক অনন্য ব্যক্তিত্বৰ অধিকাৰী শুক্ৰাচাৰ্য ৰাভাই যোৱা ৮ জুন তাৰিখে ৪১ বছৰ বয়সতে জীৱন নাটৰ সামৰণি মাৰিলে। ২০১১ চনত এপ্ৰিল মাহত (দিনটো পাহৰিলোঁ) মই ‘হায়দৰাবাদ বিশ্ববিদ্যালয়’ত পঢ়ি থকাৰ সময়ত ‘প্ৰান্তিক’ত মোৰ লেখা এটা পঢ়ি তেখেতে মোলৈ ফোন কৰিছিল। সেয়াই আছিল আৰম্ভণি। ব্যক্তিগতভাবে তেখেতৰ সৈতে মোৰ এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। অৱশ্যে, শ-শৰীৰে আমি দুবাৰহে দেখা-দেখি হৈছিলোঁ। প্ৰথমবাৰ লগ পাইছিলো-২০১২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত। অত্যন্ত ব্যস্ততাৰ মাজতো সেই দিনটো তেখেতে কেৱল মোৰ সৈতে কথা পাতিবৰ বাবে আছুতীয়াকৈ ৰাখিছিল। ৰাভা জনজাতিৰ পৰা আৰম্ভ কৰি অসমৰ লগতে ভাৰতীয় প্ৰেক্ষাপটৰ বিভিন্ন দিশ সামৰি সম্পূৰ্ণ এটা দিন আমি আলোচনা কৰিছিলোঁ। দ্বিতীয়বাৰ দেখা-দেখি হৈছিলোঁ-১৮ ডিচেম্বৰ ২০১৬ তাৰিখে, ‘আণ্ডাৰ দ্যা শাল ট্ৰী’ৰ নাট মহোৎসৱৰ সময়ত। অৱশ্যে, সেইদিনা কেৱল দেখা-দেখি হৈ ভাল-বেয়া খবৰৰ আদান-প্ৰদানহে ঘটিছিল। কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হোৱা নাছিল। মহোৎসৱৰ ব্যস্ততাৰ বাবে আলোচনাৰ পৰিবেশো নাছিল। সি যি কি নহওক, তেখেতে যিকোনো বিষয় ব্যতিক্ৰমী চিন্তাৰে বিশ্লেষণ কৰি বাস্তৱিক ৰূপ দিবলৈ চেষ্টা কৰিছিল। তেখেতৰ প্ৰায়বোৰ চিন্তাই ব্যতিক্ৰমী আছিল যদিও কেইটামান বিশেষ ব্যতিক্ৰমী চিন্তা সফলভাবে প্ৰয়োগ কৰিব পাৰি তেখেতে নিজকে বৰ সুখী অনুভৱ কৰিছিল।
     শুক্ৰাচাৰ্য ৰাভাই গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ যোগেৰে ৰাজহুৱা কামত নিজকে নিয়োজিত কৰিবলৈ মন মেলিছিল। কিন্তু বিভিন্ন বিষয়ত ৰাভা ছাত্ৰ সন্থাৰ সৈতে তেখেতৰ মতানৈক্য ঘটে। আচলতে তেতিয়াৰ পৰাই তেখেতৰ মনত ব্যতিক্ৰমী চিন্তাৰ বীজ বিকশিত হ’বলৈ ধৰে। তেখেতে সংকল্প লয় যে ৰাভা ছাত্ৰ সন্থাই ৰাভাসকলৰ উন্নয়নৰ বাবে যিমান কাম কৰিব, সিমানখিনি কাম তেখেতে অকলে কৰিবলৈ চেষ্টা কৰিব। কিন্তু, পথ বেলেগ হ’ব। তেখেতে প্ৰমাণ কৰি থৈ গ’ল যে নিজে অন্তৰ্ভুক্ত হোৱা জনজাতিটোক লগত লৈ নিজৰ ৰাজ্য আৰু দেশৰ বাবে কাম কৰিবলৈ ছাত্ৰ সন্থাৰ দৰে সংগঠনবোৰত জড়িত নহ’লেও হয়। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে তেখেতে ছাত্ৰ সন্থাবোৰৰ অৱস্থিতিক নাকচ কৰিছিল।
 ৰাভা ছাত্ৰ সন্থাৰ পৰা ওলাই আহি তেখেতে সাংস্কৃতিক দিশত নিজকে মনোনিবেশ কৰিবলৈ সিদ্ধান্ত ল’লে। কিন্তু সমস্যা হ’ল-সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ’লে নিজকে সেই দিশত যথোপযুক্তভাবে গঢ়ি তুলিব লাগিব। নাটকৰ ডিগ্ৰী প্ৰদান কৰা তথাকথিত প্ৰতিষ্ঠানৰ পৰা নাটকৰ শিক্ষা লোৱাৰ পৰিবৰ্তে দিল্লীৰ ‘নেচনেল স্কুল অফ ড্ৰামা’ত হিন্দী ভাষা ভালকৈ ক’ব নোৱাৰাৰ বাবে ডিগ্ৰী ল’বলৈ সুবিধা নাপাই নিজৰ ধৰণে নাট্য চৰ্চা কৰি বিখ্যাত হোৱা মণিপুৰৰ কানহাইলালৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ শুক্ৰাচাৰ্য ৰাভাই সিদ্ধান্ত লৈছিল। গুৰু কানহাইলালৰ দৰে শুক্ৰাচাৰ্য ৰাভায়ো প্ৰমাণ কৰি দেখুৱাইছিল যে তথাকথিত নামজ্বলা প্ৰতিষ্ঠানৰ পৰা নাটকৰ ডিগ্ৰী লাভ নকৰাকৈও নাট্য কৰ্মত সফলতা লাভ কৰিব পাৰি। 
   শুক্ৰাচাৰ্য ৰাভাই অনুভৱ কৰিছিল যে পৰিৱেশ্য কলাৰ (Performing Arts) নাট উপভোগৰ সুবিধা কেৱল চহৰৰ দৰ্শকৰ বাবেহে আছে। অৰ্থাত, পৰিৱেশ্য কলাৰ দেশ-বিদেশৰ নাটক উপভোগ কৰিবলৈ হ’লে গাঁৱৰ মানুহে ‘ৰবীন্দ্ৰ ভৱন’, ‘শংকৰদেৱ কলাক্ষেত্ৰ’ আদিৰ দৰে স্থানলৈ যাব লাগে। গাঁৱৰ মানুহৰ বাবে এইবোৰ স্থান সহজলভ্য নহয়। তেখেতৰ মতে, দেশ-বিদেশৰ পৰিৱেশ্য কলাৰ নাটক উপভোগ কৰিবলৈ চহৰলৈ যাব লাগে কিয়? পৰিবেশটো ওলোটা হ’ব লাগে। দেশ-বিদেশৰ ভাল নাট্যদলৰ বাবে গাঁৱবোৰত নাটকৰ পৰিবেশ গঢ়ি তুলিব পাৰিলে, নাটক উপভোগ কৰিবলৈ চহৰৰ মানুহবিলাকহে গাঁৱলৈ আহিব। তেখেতে সেয়াই কৰি দেখুৱালে।   
     তথাকথিত উচ্চ জাতিৰ কিছুমান মানুহে ভাৱে যে জনজাতীয় লোকসকলে টকা-পইচা থাকিলেও অত্যাধুনিক সা-সুবিধা ব্যৱহাৰ কৰি জীৱনটো উপভোগ কৰিব নাজানে। তেখেতে নিজেই তেনেকুৱা অভিজ্ঞতাৰ সম্মুখিন হোৱা বুলি আমাক জনাইছিল। সেয়েহে তেখেতে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত এনে এটা ঘৰ সজাইছে যিটো ঘৰ বাহিৰৰ পৰা তেনেই সাধাৰণ যেন লাগে। আনকি ঘৰটোৰ বাহিৰৰ বেৰবোৰ প্লাষ্টাৰেই কৰা নাই। কিন্তু, ভিতৰত টাইলছ লগোৱা আছে আৰু চহৰৰ আধ্যৱন্ত মানুহৰ ঘৰত যিবোৰ অত্যাধুনিক সা-সুবিধা থাকে সেই সকলোখিনিয়েই আছে। আচলতে ঘৰটোক তেখেতে প্ৰতীক হিচাপে লৈছে। ঘৰটোৰ দ্বাৰা তেখেতে বুজাব বিচাৰিছে যে জনজাতীয় লোকসকলে হয়তো লেতেৰা কাপোৰ-কানি পিন্ধি থাকিব পাৰে, মনবোৰ কিন্তু নিৰ্মল আৰু শৃখলাবদ্ধ।
   হিন্দু-মুছলমান, গাৰো-ৰাভা আদি গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত গোৱালপাৰা জিলাখনক একতাৰ দলেৰে বান্ধি ৰাখিবলৈ প্ৰচেষ্টা চলোৱা ব্যতিক্ৰমী চিন্তাৰ মানুহজন ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যোৱা ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৬ জুন ২০১৮]