‘আমাৰ অসম’ৰ
যোৱা ১৫
জুনৰ ‘প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নাগপুৰ যাত্ৰা’ শীৰ্ষক সম্পাদকীয়টো পঢ়ি
দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ৰাষ্ট্ৰপতি এগৰাকীয়ে তেখেতৰ কাৰ্যকাল
শেষ হোৱাৰ পাছত বিতৰ্কৰ উৰ্ধত থাকি দেশৰ হৈ সেৱা আগবঢ়াই যোৱাটোকে সকলোৱে কামনা
কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰ এছ এছৰ সভা এখনত মোহন ভাগৱতৰ সৈতে
একেখন মঞ্চতে আসন গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বাতৰিয়ে বহুতকে চিন্তাত পেলাইছিল।
চিন্তাটো আছিল-দেশখনৰ আটাইতকৈ সন্মানীয় পদত অধিষ্ঠিত হৈ অহা ব্যক্তিগৰাকীৰ বিশাল
ব্যক্তিত্বৰ লগতে দেশখনৰ বহুত্ববাদী ধাৰণাৰ ওপৰত কালিমা পৰিব। ভাৰতবৰ্ষক ‘এক
ৰাষ্ট্ৰ’ (গ্ৰহণযোগ্য) ‘এক সংস্কৃতি’, আৰু ‘এক ধৰ্ম’ (এই দুটা গ্ৰহণযোগ্য নহয়)
হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰাৰ বাবে আৰ এছ এছক, দেশখনৰ বহুত্ত্ববাদী ধাৰণাক
সমৰ্থন কৰা পক্ষটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে। এই পক্ষটোৱে ভাবিছিল
যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ষৰ বহুত্ববাদৰ ধাৰণাক প্ৰত্যাখান কৰি আৰ এছ
এছৰ দৰে সংকীৰ্ণ চিন্তাৰ সংগঠন এটাৰ সমৰ্থক হৈ পৰিব। কিন্তু, তেখেতে সেই সভাখনত
দিয়া ভাষণেৰে প্ৰমাণ কৰি দেখুৱালে যে আৰ এছ এছৰ সভালৈ যোৱা মানেই আৰ এছ এছৰ
মতাদৰ্শক সমৰ্থন কৰা নুবুজায়। ভাৰতৰ সাম্প্ৰতিক সময়ৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি
সচেতন ব্যক্তি মাত্ৰেই একমত হ’ব যে দেশৰ শীৰ্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা সন্মানীয়
ব্যক্তিগৰাকীয়ে সেই সভাখনলৈ গৈ আৰ এছ এছে কল্পনা কৰা ভাৰতবৰ্ষখন যে শুদ্ধ নহয় সেয়া
দেখুৱাই দি এগৰাকী প্ৰকৃত দায়িত্বশীল ভাৰতীয়ৰহে পৰিচয় দিলে। আচলতে দেশখনৰ
বহুত্ববাদক বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দৰে দায়িত্বশীল
ভাৰতীয়ৰ বাৰুকৈয়ে প্ৰয়োজন অনুভৱ কৰা হৈছে।
অৱশ্যে, সম্পাদকীয়টোৰ সৈতে একমত যে আৰ এছ এছে প্ৰাক্তন
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক তেওঁলোকৰ মতাদৰ্শৰ এজন সমৰ্থক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ
প্ৰয়াস কৰিব পাৰে-যেনেদৰে যোৱা কিছু বছৰ ধৰি চৰ্দাৰ বল্লভভাই পেটেলক তেওঁলোকৰ
মুখ্য কৰ্মকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই থকা দেখা গৈছে। আৰ এছ এছৰ
সভাত উপস্থিত থকাৰ বাবে প্ৰণৱ মুখাৰ্জীক সমালোচনা কৰাসকলে সচেতন হ’ব লাগে যাতে
সভাখনত উপস্থিতিৰ প্ৰসংগেৰে সংগঠনটোৱে তেওঁলোকৰ স্বাৰ্থৰ বাবে তেখেতক ব্যৱহাৰ কৰিব
নোৱাৰে।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২২
জুন ২০১৮, পৃষ্ঠা: ৯]
No comments:
Post a Comment