Sunday 6 November 2016

পৰিষ্কাৰ-পৰিচন্নতা আৰু আমি

(এক)
    ১৫ জানুৱাৰি ২০১৬। সপৰিবাৰে শিৱসাগৰলৈ গ’লোঁ। ৰংঘৰৰ বাকৰিত কিছু সময় কটোৱাৰ পাছত  তলাতল ঘৰলৈ গ’লোঁ। প্ৰাকৃতিক তাড়না সহ্য কৰিব নোৱাৰি তলাতল ঘৰৰ চৌহদৰ ভিতৰত কোনফালে প্ৰসাৱগাৰ আছে এবাৰ চকু ফুৰালোঁ। দূৰৈত এটা সৰু ঘৰ দেখি অনুমান কৰিলোঁ যে সেয়া প্ৰসাৱগাৰেই হ’ব। কিছু ওচৰলৈ গৈ দেখিলোঁ-দুৱাৰখনৰ এফাল নাই। ভাবিলোঁ-একো নহয়। চলি যাব। ভিতৰলৈ সোমাও বুলি এখন ভৰি আগবঢ়াই দিছিলোঁহে-সৰ্বনাস! নিৰাপদে ভৰি দিবলৈ দেখোন ঠাই নায়েই। ওচৰা-উচৰিকৈ মানুহৰ বিষ্ঠাই সমগ্ৰ প্ৰসাৱগাৰটোৰ ভিৰতখন ভৰি আছে। পৰিবাৰে জনালে যে ‘মহিলাৰ বাবে’ৰ প্ৰসাৱগাৰটোৰো একেই অৱস্থা। পিছত যেনিবা চৌহদটোৰ এটা চুকত অৱস্থিত আন এটা প্ৰসাৱগাৰত কামফেৰা সমাপন কৰা হ’ল।
    অকল সেয়াই নে? তলাতল ঘৰটোৰ ওচৰতে অৱস্থিত সৰু পুখুৰীটোৰ অৱস্থাও তথৈবচ।  পানীৰ বটল, চিপছৰ পেকেট আদিয়ে পুখুৰীটোৰ পৰিবেশ কদৰ্যময় কৰি তুলিছে। বহুতে হয়তো সেইবোৰ পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰৰ বাবে তলাতল ঘৰটোৰ সৈতে জড়িত মানুহখিনিকে দোষ দিব। আচলতে দোষ তেওঁলোকৰ নে? তলাতল ঘৰৰ ওচৰৰ মানুহবোৰেও টিকটৰ দাম দি নিশ্চয় তালৈ পায়খানা কৰিবলৈ, পানীৰ বটল বা চিপছৰ পেকেট পেলাবলৈ নাযায়। সৌন্দৰ্য বিচাৰি যোৱা মানুহবিলাকৰ মনবিলাক কিমান কদৰ্য হ’ব পাৰে-ইয়াতকৈ আৰু কি উৎকৃষ্ট উদাহৰণ লাগে?
(দুই)
     ৩০ এপ্ৰিল ২০১৬। গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ সুকলমে চলাই নিবৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ কেইটামান দিনৰ অন্তিমটো দিন। গোলাঘাট জিলা নিৰ্বাচনী বিষয়াই আমাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহোটোকো প্ৰশিক্ষণৰ এটা স্থান হিচাপে অধিগ্ৰহণ কৰি ল’লে। ভাগ্যক্ৰমে মোৰ প্ৰশিক্ষণো আমাৰ মহাবিদ্যালয়তে পৰিল। যিহেতু প্ৰশিক্ষণৰ সময়ত বিভাগীয় কতৃপক্ষই প্ৰশিক্ষাৰ্থীসকলক চাহ, পানীৰ বটল আৰু এটা পেকেটত কিছু খোৱা বস্তু যোগান ধৰে, সেয়েহে পেলনীয়া বস্তুবোৰ পেলাবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে প্ৰেক্ষাগৃহটোৰ বাৰাণ্ডাৰ ওচৰতে দুটা ডাঙৰ ডাষ্টবিনৰ ব্যৱস্থা কৰি দিলে। কোৱা বাহুল্য মাথো যে প্ৰশিক্ষাৰ্থীসকল সকলোৱে একো একোজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত ব্যক্তি। কিন্তু লাজ লগা কথাটো হ’ল- কেইজনমান প্ৰশিক্ষাৰ্থীৰ বাহিৰে সৰহ সংখ্যকেই পেলনীয়া বস্তুবোৰ ডাষ্টবিনত নেপেলাই প্ৰেক্ষাগৃহটোৰ ভিতৰত তেওঁলোক বহা চকীখনৰ তলতে পেলাইছে আৰু গেটেই প্ৰেক্ষাগৃটোকে কদৰ্যময় কৰি তুলিছে। প্ৰায়বোৰৰে মানসিকতা হ’ল-মহাবিদ্যালয়ত যিহেতু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থাকে, সিহঁতে প্ৰেক্ষাগৃহটো এনেও চাফা কৰিবই। 
(তিনি)
    ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে ‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভ কৰিলে। দেখা গ’ল যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সকলোৱে নিজ নিজ অঞ্চলটো চাফা কৰিবলৈ লৈছে। মোদীয়ে যিহেতু নিজেই ঝাড়ু মাৰিছে, বহু নামী-দামী ব্যক্তিও ঝাড়ু মাৰিবলৈ সংকোচ নকৰিলে। দেখি এনে লাগিল যেন এইবাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিব। বহুতে আকৌ নিজকে প্ৰচাৰ কৰিবৰ বাবেহে ঝাড়ু মৰিলে। কিন্তু বহুতে বহু পিছতহে বুজিলে যে মোদীয়ে প্ৰতীকী হিচাপেহে হাতত ঝাড়ু লৈছিল। দেশৰ আন কাম এৰি মোদীয়ে অকল ঝাড়ুৱে মাৰি থাকিবনে? মোদী মহাশয়ে ঝাড়ু এৰি দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ ল’লে। বাকীবোৰে (যিবোৰে মোদীৰ পৰা অনুপ্ৰাণিত হৈছিল) দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ সুযোগ নাপালে, ঝাড়ু কিন্তু এৰি দিলে (মোদীৰ দৰে দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ নোপোৱাটোও এটা কাৰণ হ’ব পাৰে)। গতিকে বহুতৰে চাফাই অভিযান বেছিদিন নিটিকিল।
(চাৰি)
      সামাজিক মাধ্যমসমূহত বহু বন্ধুৱে পৃথিৱীৰ উন্নত দেশসমূহৰ নাগৰিকে চাফ-চিকুনতাৰ নীতি-নিয়মসমূহ কেনেদৰে পালন কৰে-সেয়া শ্বেয়াৰ কৰে। আমাৰ দেশৰ, আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাউলিং নামৰ গাঁৱখনৰ ফটো আপলোড কৰি গৌৰৱ অনুভৱ কৰে। কিন্তু নিজে খোৱা চিপছৰ পেকেটটো, পানীৰ বটলটো য’তে ত’তে পেলাই দিয়ে।
     আচলতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে দিশবোৰৰ প্ৰতি আমাৰ দেশৰ সৰহ সংখ্যক মানুহৰে ধাৰণা আংশিক আৰু আবেগিকহে। 

[প্ৰান্তিক, ১৬-৩১ অক্টোবৰ, ২০১৬]

‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’

যোৱা ২৯ আগষ্ট ২০১৬ তাৰিখে ‘আমাৰ অসম’ৰ স্ব-নিৰ্বাচিত শিতানত শ্ৰদ্ধাৰ নগেন শইকীয়াদেৱৰ ‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’ লেখাটো পঢ়ি দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। বিশিষ্ট চিন্তাবিদ শইকীয়াদেৱৰ সৈতে আমিও একমত যে ভাৰতবাসীৰ একক পৰিচয় ‘ভাৰতীয়ত্ব’ হিচাপে গঢ়ি তুলিবলৈ হ’লে কিছু উদাৰ দৃষ্টিভংগীৰে আগবঢ়াৰ প্ৰয়োজন আছে। ব্ৰিটিছে তেওঁলোকৰ প্ৰশাসনৰ সুবিধাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত ‘এক ধৰণৰ নীতি’ (One size fits for all) প্ৰয়োগ কৰিছিল। ব্ৰিটিছৰ নীতিকে অনুসৰণ কৰি কেৱল মাত্ৰ প্ৰশাসনৰ সুবিধাৰ বাবে আজিৰ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰিলে কিছুমান অসুবিধা আহি পৰাৰ সম্ভাৱনা আছে। ব্ৰিটিছে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ প্ৰয়োজন অনুসৰিহে তেনে নীতিৰে প্ৰশাসনিক কাৰ্য চলাইছিল। ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰোতে ভাৰতীয় মানুহৰ নিজৰ মাজতে দেখা দিয়া বুজাবুজিৰ অভাৱে তেওঁলোকক লাভাম্বিতহে কৰিছিল। মজাৰ কথাটো হ’ল-ব্ৰিটিছে ভাৰতবৰ্ষ এৰি গ’ল যদিও তেওঁলোকৰ প্ৰশাসনৰ গাঁঠনিৰ বহুখিনি প্ৰয়োগেৰে আজিও ভাৰতৰ প্ৰশাসন ব্যৱস্থা চলি থাকিল। ভাৰতৰ জনসাধাৰণেও ইতিমধ্যে সেই প্ৰশাসন ব্যৱস্থাৰ সৈতে বহুখিনি মিলি যাবলৈ সক্ষম হ’ল। অৱশ্যে, ভাৰতৰ বিভিন্ন জাতি-জনজাতিসকলৰ নিজস্ব কৃষ্টি-সংস্কৃতিৰ ওপৰত তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তৰৰ ক্ষেত্ৰত কিছু নৰম আছিল বাবে এইবোৰ দিশত প্ৰত্যেকৰে নিজস্ব সত্তা কম-বেছি পৰিমাণে আজিও বৰ্তি আছে।
আজি ‘ভাৰতীয়ত্ব’ৰ বাবে নিজস্বভাবে নতুনকৈ ‘এক ধৰণৰ নীতি’ কিছুমান সজাই লৈ প্ৰয়োগ কৰিবলৈ গ’লে, সেই নীতিৰ সৈতে প্ৰত্যেককে এশ শতাংশ মিলাবলৈ চেষ্টা কৰালে কিছুমান অবাঞ্ছিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনাই বেছি। অৰ্থনৈতিক (যেনে-দ্ৰব্য আৰু সেৱা কৰ) বা ৰাজনৈতিক দিশত ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰা সম্ভৱ হ’লেও সাংস্কৃতিক, সামাজিক অথবা ধৰ্মীয় দিশত সম্ভৱ কৰি তোলা কঠিন হ’ব। কাৰণ, ৰাজনীতি বা অৰ্থনীতিতকৈ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় দিশত মানুহবিলাক বেছি সংবেদনশীল। যুক্তিৰ খাতিৰত নতুনকৈ সজাই লোৱা ‘ভাৰতীয়ত্ব’ই ভাৰতবৰ্ষৰ ‘মূলসুঁতি’ বুলি ধৰি ল’লেও, ‘মূলসুঁতি’লৈ যোৱাৰ পাছত ‘সুঁতি’টোৱেই হেৰাই গ’লে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে-সেয়া সহজে অনুমেয়।        
   [প্ৰকাশিত, ‘আমাৰ অসম’, ২০ অক্টোবৰ ২০১৬] 

সময়ৰ মূ্ল্য সকলোৰে থাকে

২০১৬ চনৰ জুলাই মাহৰ ২৯ তাৰিখৰ কথা। ডাক্তৰ এজনৰ পৰামৰ্শ মতে শ্ৰীমতীৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত মালিকাধীন পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাটো কৰিব পাৰিব নে নাই আগদিনাই সুধি ল’লোঁ। কেন্দ্ৰটোৰ ৰেচিপ্টচনত বহি থকা ল’ৰাটোৱে সংশ্লিষ্ট ডাক্তৰজন ২৯ তাৰিখে আহিব পাৰিব নে নাই খবৰ ল’লে। ল’ৰাজনে জনালে যে উক্ত তাৰিখত ডাক্টৰজনে পুৱা দহ বজাত সময় দিছে আৰু আমি দহ বজাৰ আগে আগে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হ’বই লাগিব।
গৰমৰ বন্ধ পোৱাৰ বাবে আমি আমাৰ গৃহ জিলা গোৱালপাৰাত আছিলোঁ। আমাৰ ঘৰৰ পৰা নিজৰ গাড়ীৰে সংশ্লিষ্ট কেন্দ্ৰটো পাবলৈ প্ৰায় তিনিঘণ্টা সময় লাগে। ২৯ তাৰিখে পুৱা ছয় বজাৰ আগেয়ে ঘৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’লোঁ। দহ বজাৰ আগে আগে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ তেওঁলোকে ধাৰ্য কৰা অনুসৰি পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিয়া হ’ল। ৰেচিপ্টচনৰ ল’ৰাটোৱে আমাক কেন্দ্ৰটোৰ প্ৰথম মহলালৈ গৈ বহিবলৈ ক’লে। আমাৰ আগেয়ে আৰু কিছুমান মানুহ আহি কোঠাটোত বহি আছে। এজন এজনকৈ মাতি আন পৰীক্ষাসমূহ কৰি গৈছে। কথা পাতি গম পালোঁ যে আমাৰ বাহিৰেও আৰু তিনিহাল দম্পত্তিয়ে একে পৰীক্ষা কৰাবৰ বাবে বাদ চাই আছে। এক ঘণ্টা পাৰ হৈ গ’ল, আমাকহে মতা নাই। কেন্দ্ৰটোৰ আন পৰীক্ষাসমূহ কৰি থকা কৰ্মচাৰী (নে ডাক্টৰ ক’ব নোৱাৰোঁ) এজনক আমাৰ পৰীক্ষাটো কেতিয়া কৰা হ’ব সুধিলোঁ। আমাক জনালে যে সংশ্লিষ্ট পৰীক্ষাটো কৰা ডাক্টৰজন আহি পোৱা নাই। ভাবিলোঁ, গুৱাহাটীৰ কথা। ট্ৰেফিকজামৰ বাবে দেৰি হ’ব পাৰে। বহি বহি আমনি লাগিবলৈ ধৰিলে। এবাৰ বাহিৰলৈ ওলাই গৈ চাহ খাই আহিলোঁ। আৰু আধা ঘণ্টা গ’ল। আমাক মতাৰ কোনো লক্ষণেই দেখা নাই। আকৌ খবৰ কৰিলোঁ। একেই উত্তৰ। ডাক্টৰজন আহি পোৱা নাই। খং উঠি আহিছে যদিও কোনোমতে দমাই থলোঁ। বাৰ বাজি পাৰ হৈ গ’ল। এইবাৰ সিধাই ৰেচিপ্টচনলৈ গৈ খবৰ কৰিলোঁ। ক’লোঁ যে আমাক কি কাৰণত দহ বজাৰ আগেয়ে কেন্দ্ৰটোত উপস্থিত হ’বলৈ কোৱা হৈছিল। ইতিমধ্যে আমাক দুঘণ্টাতকৈ বেছি সময় এনেয়ে বহুৱাই ৰখা হ’ল। ল’ৰাটোৱে জনালে যে সংশ্লিষ্ট ডাক্টৰজন এজন অতি ব্যস্ত আৰু ডাঙৰ ডাক্টৰ। যিকোনো সময়তে মানুহে তেখেতক বিচাৰি আহি থাকে। মই ক’লোঁ যে তেনেহ’লে তেখেতে আমাক দেৰিকৈ আহিবলৈ নক’লে কিয়। ল’ৰাটোৱে অলপ টানকৈয়ে উত্তৰ দিয়ে যে মই কিয় ধৈৰ্য ধৰিব পৰা নাই। ডাক্টৰজন আহিবই। আমাৰ পৰীক্ষা সম্পন্ন হ’বই। ল’ৰাটোৰ উত্তৰ পাই মোৰো খং উঠি আহিল। মই ক’লোঁ, “তুমি যে ধৈৰ্যৰ কথা কৈছা, দুঘণ্টাতকৈ বেছি সময় তোমাৰ সেই ডাঙৰ ডাক্টজনক এনেয়ে বহি থাকিবলৈ ক’বাচোন। বা তুমি নিজেই এনেয়ে বহি থাকিবাচোন। কেনে লাগিব? আৰু সংশ্লিষ্ট ডাক্টৰজনক যে তুমি ডাঙৰ ডাক্টৰ বুলি কৈছা, নিজৰ ৰোগীক সময় দি সময়মতে নিজৰ কামখিনি কৰিব নোৱাৰাজন কিহৰ ডাঙৰ ডাক্টৰ?” “আপুনি কোৱা কথাখিনিও সঁচা” বুলি সি মনে মনে থাকিল। মই বুজি পাইছোঁ যে সিও নিৰুপায়।
এক বজাৰ অলপ আগে আগে যেনিবা আমাক মাতিলে আৰু আমাৰ পৰীক্ষাটো সুন্দৰভাবে সম্পন্ন কৰিলে। পিছে, ডাঙৰ ডাক্টৰজনৰ সময়ৰ জ্ঞান দেখিহে আমাৰ আচৰিত লাগিল। অৱশ্যে, এটা লাভো হ’ল। ডাঙৰ ডাক্টৰৰ এটা সুন্দৰ (?) বৈশিষ্ট্য গম পালোঁ।  

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ, ২০১৬]