Thursday 31 May 2018

অসমীয়া আৰু বাঙালীৰ সংঘাত


অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰাখন প্ৰকাশ পোৱাৰ তিনিদিন পাছতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বক্তব্য আগবঢ়ালে যে অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ যড়যন্ত্ৰ কৰা হৈছে। কাৰণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত বহুত বাঙালী মানুহৰ নাম অন্তৰ্ভূক্ত হোৱা নাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বাৰা অসমত বসবাস কৰি থকা প্ৰায় ১ কৌটি ৮০ লাখ বাঙালী মানুহক ৰাজ্যখনৰ পৰা খেদি পঠাব বিচৰা হৈছে। বুজিবলৈ বাকী নাই যে মমতা বেনাৰ্জীয়ে তেখেতৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেধৰণৰ উচটনিমূলক বক্তব্য আগবঢ়াইছে। ৰাজনৈতিক নেতাসকলে জানে যে অসমীয়া আৰু বাঙালীৰ মাজত ৰাজনীতি কৰি স্বাৰ্থ আদায় কৰাৰ বহুত সুবিধা আছে। ভাষা-সংস্কৃতিৰ পাৰ্থক্য থকা এই দুই সম্প্ৰদায়ৰ মাজত মাজে সময়ে সংঘাত সৃষ্টি হৈয়ে থাকে।
এইখিনিতে স্পষ্ট কৰি থোৱা ভাল হ’ব যে অসমত বাঙালী ভাষাক প্ৰথম ভাষা হিচাপে চিনাকি দিয়াৰ ক্ষেত্ৰত হিন্দু আৰু ইছলাম-দুয়োটা ধৰ্মৰে লোক আছে। কিন্তু, আমাৰ লেখাটোত অসমীয়া মানুহৰ সৈতে সংঘাতৰ প্ৰসংগ আলোচনা কৰোঁতে কেৱল হিন্দু বাঙালীসকলকহে সামৰি লোৱা হৈছে। ইয়াৰ কাৰণ দুটা-(১) অসমত বাঙালী ভাষা কোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে মিলি যোৱাৰ ক্ষেত্ৰত সিমান অনাগ্ৰহ দেখা নাযায়, যিমান অনাগ্ৰহ হিন্দু বাঙালীসকলৰ ক্ষেত্ৰত দেখা যায়। অসমীয়া আৰু হিন্দু বাঙালীৰ মাজত সংঘাত সংঘটিত হ’লে বাঙালী ভাষী ইছলাম ধৰ্মৰ লোকসকল নিৰপেক্ষ ভূমিকা লয়। (২) ইতিহাসৰ পাত লুতিয়ালে পোৱা যায় যে অসমত অসমীয়া আৰু বাঙালীৰ মাজত যিমানবিলাক সংঘাত সংঘটিত হৈছে, সেয়া হিন্দু বাঙালীৰ সৈতে বেছি হৈছে।
এতিয়া আচল প্ৰসংগলৈ অহা যাওক। আহোমৰ অসমৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ পাছৰে পৰাই বাঙালীৰ সৈতে অসমৰ মানুহৰ সংঘাতৰ সূ্চনা হ’বলৈ ধৰে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে প্ৰথমে আহোমসকলে হিন্দু ধৰ্মত দীক্ষিত হৈছিল। অৱশ্যে, তেখেতৰ দিনত হিন্দু ধৰ্মই সিমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল যিমান প্ৰভাৱ শিৱসিংহৰ দিনৰ পৰা চলোৱা হৈছিল। আহোমৰ দিনত স্বৰ্গদেউৰ ৰাজকাৰেঙৰ জ্যোতিষী আৰু পূজা-পাঠৰ কামত নিয়োজিত ব্ৰাক্ষ্মণসকলৰ ভিতৰত বাঙালী ব্ৰাক্ষ্মণৰ সংখ্যা বেছি নহ’লেও অৱজ্ঞা কৰিব পৰা বিধৰ কম নাছিল। জয়ধ্বজ সিংহৰ পিছৰ আটাইকেইজন স্বৰ্গদেউৱে হিন্দু ধৰ্মত বিশ্বাস কৰিছিল। কিন্তু, গদাধৰ সিংহই ব্ৰাক্ষ্মণসকলক বিশ্বাসত ল’ব পৰা নাছিল। ইয়াৰ প্ৰমাণ মৃত্যুৰ আগে আগে গদাধৰ সিংহই পুত্ৰ ৰুদ্ৰ সিংহক দিয়া উপদেশত পোৱা যায়। মৃত্যুমুখী পিতৃ স্বৰ্গদেৱে পুত্ৰ ৰুদ্ৰ সিংহক দিয়া শেষ বাণীত পথালিফোঁটাসকলক বিশ্বাস নকৰিবলৈ উপদেশ দিছিল, মজাৰ কথা যে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালতে অসমলৈ আটাইতকৈ বেছি বাঙালী ব্ৰাক্ষ্মণৰ প্ৰব্ৰজন ঘটে। আহোমসকলৰ ৰীতি-নীতিত হিন্দু ধৰ্মীয় সংস্কৃতিৰ প্ৰভাৱ পৰাৰ পাছত পৰম্পৰাগতভাবে পূজা-পাতলৰ দায়িত্বত থকা বাইলুংসকল বঞ্চিত হোৱাৰ বাবে তেওঁলোক আন ব্ৰাক্ষ্মণসকলৰ লগতে বাঙালী ব্ৰাক্ষ্মণসকলৰ প্ৰতি বিৰাগ মনোভাৱ পোষণ কৰিছিল। অৱশ্যে, সেই সময়ত তেওঁলোকৰ বিৰাগ মনোভাবে সংঘৰ্ষ ঘটাব পৰা নাছিল।
অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত সৃষ্টিৰ মূল কাৰণবোৰৰ ভিতৰত এটা হ’ল -অসমীয়া ভাষাৰ ওপৰত বাঙালী ভাষাৰ প্ৰভুত্ব বিস্তাৰৰ অভিপ্ৰায়। বৃটিছে তেওঁলোকৰ শাসন কাৰ্য চলাবৰ বাবে বাঙালী লোকক অসমলৈ আনি তলতীয়া কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল।  ইয়াৰ কাৰণ হিচাপে দুটা যুক্তি দিয়া দেখা যায়-(১) বৃটিছ প্ৰশাসনত আহোম ৰজাৰ দিনৰ বিষয়াসকলৰ পৰিয়ালৰ লোকক নিযুক্তি কৰিও তেওঁলোকৰ পৰা বৃটিছে বিচৰা ধৰণে কাম আদায় কৰিব পৰা নাছিল। কাৰণ, বৃটিছৰ শাসন প্ৰণালীৰ সৈতে তেওঁলোক ভালদৰে পৰিচিত নাছিল, আৰু (২) অসমখন ১৮৭৪ চনলৈকে বেংগল প্ৰেচিডেন্সিৰে অংশ আছিল। যুক্তি যিয়েই নহওক, বৃটিছে চৰকাৰী কামকাজ চলাবৰ বাবে ১৮৩৬ চনত বাঙালী ভাষাকে চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিলে। অসমৰ সেই সময়ৰ শিক্ষিত শ্ৰেণীৰ উপৰি নাথান ব্ৰাউনৰ দৰে খ্ৰিষ্টান ধৰ্ম প্ৰচাৰকসকলৰ প্ৰচেষ্টাত ১৮৭২ চনৰ ৬ মাৰ্চৰ কলিকতা হাইক’ৰ্টৰ ৮ নম্বৰ আদেশ অনুসৰি অসমৰ ক’ৰ্ট-কাছাৰী আৰু ৰাজহ বিষয়ৰ কামকাজ চলোৱাৰ মাধ্যম অসমীয়া হ’ব বুলি ঘোষণা কৰিলে। বাঙালী কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে চৰকাৰী ভাষা বাঙালী কৰা বুলি যুক্তি দিয়া হয় যদিও অসমীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত এই ধাৰণা থাকিয়ে গ’ল যে অসমত বাঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত বাঙালী কৰ্মচাৰীসকলৰ চক্ৰান্ত আছিল। বৃটিছৰ দিনত সংঘটিত এই ঘটনাটোৱে আজিও এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টিত অৰিহণা যোগায়।
অসমীয়াসকলে যেনেদৰে ধাৰণা কৰে যে বাঙালীসকলে অসমত বাঙালী ভাষাৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে, তেনেদৰে বাঙালীসকলৰ মাজতো এটা ধাৰণা আছে যে অসমীয়াসকলে অসমৰ আন ভাষাগোষ্ঠীৰ লগতে বাঙালীসকলৰ ওপৰত অসমীয়া ভাষাটো জাপি দিবলৈ চেষ্টা কৰি থাকে। ইয়াকে লৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমীয়া আৰু বাঙালীৰ মাজত পুনৰ ভাষা ভিত্তিক সংঘাত সৃষ্টি হৈছিল। ১৯৩১ চনৰ তথ্য অনুসৰি অসমত বাঙালীভাষী লোকৰ হাৰ আছিল ২৬.৭৮ শতাংশ আৰু অসমীয়াভাষীৰ হাৰ আছিল ৩১.৪২ শতাংশ। ১৯৫১ চনৰ তথ্যত বাঙালীভাষীৰ হাৰ ১৯৩১ চনৰ হাৰতকৈ ১০.২৯ শতাংশ হ্ৰাস পাই ১৬.৫০ শতাংশ হ’ল। আনহাতে, ১৯৫১ চনত অসমীয়াভাষীৰ হাৰ ২৫.২৭ শতাংশ বৃদ্ধি হৈ ৫৬.৬৯ শতাংশ হ’ল। ১৯৫১ চনৰ তথ্যৰ ওপৰত বাঙালীসকলৰ সন্দেহ উপজিছিল। অসমখনক অসমীয়া ভাষা প্ৰধান ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিপ্ৰায়েৰে এনেধৰণে তথ্য প্ৰকাশ কৰা হৈছিল বুলি বাঙালীসকলে ধাৰণা কৰি লৈছিল। ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত অসমৰ বিশেষকৈ কাছাৰৰ বাঙালীসকলে আন্দোলন চলাইছিল। তেওঁলোকৰ সৈতে অসমৰ পাহাৰীয়া অনা-অসমীয়াভাষী লোকসকলেও সহযোগ আগবঢ়াইছিল। অনা-অসমীয়াভাষী লোকসকলৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন ১৯৬০’ বিলখনখন ১৯৬০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ৰাজ্যপালে অনুমোদন জনায়। ১৯৬৪ চনত সংশোধন কৰি কোৱা হয় যে দহ বছৰৰ বাবেহে এই আইনখন কাৰ্যকৰি কৰা হ’ব। পিছলৈ তিনি ভাষা তত্ত্বটো প্ৰয়োগ হোৱাৰ পাছত ভাষা সম্পৰ্কীয় সমস্যাটো কিছু ঠাণ্ডা হোৱা পৰিলক্ষিত হ’ল। কিন্তু, সময়ৰ গতিত অসমত বহু বাঙালী মাধ্যমৰ বিদ্যালয় অসমীয়া মাধ্যমলৈ ৰূপান্তৰ ঘটা বা বাঙালী মাধ্যমৰ বিদ্যালয় নতুনকৈ স্থাপন নকৰাৰ বাবে এতিয়াও বাঙালী সম্প্ৰদায়ৰ কিছুমান লোকে অসমীয়াৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰি আছে।
পাকিস্তানৰ পৰা পৃথক কৰি পূৱ পাকিস্তানে বাংলাদেশ নামেৰে ১৯৭১ চনৰ ১৬ ডিচেম্বৰ তাৰিখে স্বীকৃতি লাভ কৰা ঘটনাটোৱে অসমত বাঙালী আৰু অসমীয়াৰ মাজত চলি থকা সংঘাতত আজিও এটা উপাদান হিচাপে চিহ্নিত হৈ আছে। পাকিস্তানৰ বিৰূদ্ধে চলা বাঙালী জাতীয়তাবাদী আন্দোলনৰ মূলতে পূৱ পাকিস্তানৰ হিন্দু বাঙালীয়ে দায়ী বুলি পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে ১৯৭১ চনৰ ২৫ মাৰ্চত সামৰিক অভিযান চলাইছিল। এই ঘটনাত পূৱ পাকিস্তানৰ পৰা বহু বাঙালীভাষী হিন্দু আৰু ইছলামধৰ্মী লোক ভাৰতলৈ পলাই আহিছিল। এই কাৰণতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধও হৈছিল। পূৱ পাকিস্তানৰ পৰা পলাই অহা লোকসকলক ভাৰতত শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়া হৈছিল। বাংলাদেশ সৃষ্টি হোৱাৰ পাছত শৰণাৰ্থীসকলক ঘূৰাই পঠাব বিচৰাত দেখা গ’ল যে বহু বাংলাদেশী হেৰাই গ’ল। সেই হেৰাই যোৱা বাঙালীসকলক চিনাক্ত কৰি আজিলৈকে বাংলাদেশলৈ ঘূৰাই পঠাব পৰা নগ’ল। ইয়াৰে বহু ইছলামধৰ্মী বাঙালীভাষীয়ে অসমীয়া ভাষাটোকে নিজৰ ভাষা হিচাপে লোৱাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ নকৰিলে। কিন্তু, হিন্দু বাঙালীভাষী শৰণাৰ্থীসকলে অসমীয়াৰ সৈতে মিলি নোযোৱাৰ মনোবৃত্তি থাকি গ’ল। তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভৰ সুযোগ বিচাৰি থাকিল। ধৈৰ্যৰ সীমা চিঙি মাজে সময়ে তেওঁলোকে অসমীয়াৰ বিৰূদ্ধে বিদ্ৰোহ কৰিবলৈ ধৰিলে। বিদ্ৰোহে কেতিয়াবা আক্ৰমণাত্মক হোৱাৰ উদাহৰণো পোৱা গ’ল। যেনে-২০১৭ চনৰ ৬ মাৰ্চত ‘নিখিল ভাৰত বেংগলী উদ্বাস্তু সমন্বয় সমিতি’য়ে ‘ডি’ভোটাৰ তালিকাত থকা বাঙালীসকলৰ নামবিলাক চৰ্তহীনভাবে উঠাই দিব লাগে বুলি কৰা গণসমাবেশৰ শেষত ধেমাজী জিলাৰ চিলাপথাৰত সদৌ অসম ছাত্ৰ সংস্থাৰ কাৰ্যালয় লণ্ডভণ্ড কৰিলে১০। মন কৰিবলগীয়া যে অসমৰ খিলঞ্জীয়া বাঙালীসকলৰ বুদ্ধিজীৱীমহলে এই কাৰ্যক গৰিহণা দিছে যদিও হিন্দু বাঙালী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াই আহিছে। আনফালে, অসমৰ জাতীয়তাবাদী শিবিৰে কোনো কাৰণতে যাতে হিন্দু বাঙালী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নহয় তাৰ বাবে আন্দোলন কৰি আহিছে।  
এটা কথা ঠিক যে অসমৰ গাঁৱে-ভূঞে বসবাস কৰি থকা বাঙালীসকলে অসমীয়াৰ সৈতে জীণ যোৱাৰ ক্ষেত্ৰত অনীহাৰ অভাৱ দেখা নাযায়। ইতিমধ্য তেওঁলোকৰ বহুতেই অসমীয়া সমাজ সংস্কৃতিৰ সৈতে মিলি গৈছে। মজাৰ কথাটো হ’ল-অসমৰ বাঙালী সমাজ বুলিলে এতিয়াও কেৱল অসমৰ নগৰীয়া উচ্চ আৰু মধ্যবিত্ত বাঙালীসকলকহে বুজা যায়১১। অসমীয়া আৰু বাঙালীৰ সংঘাতৰ দৰে পৰিস্থিতি আহিলেই অসমৰ বাঙালী বিৰোধী চক্ৰবোৰে গাঁৱলীয়া বাঙালীসকলকো সামৰি লৈ এক অবাঞ্ছিত পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা চলায়১২। তাৰে সুযোগ লৈ চহৰত বসবাস কৰা মধ্যবিত্ত বাঙালী আৰু অসমৰ বাহিৰৰ বাঙালী সমাজৰ কিছুমান শক্তিয়ে অসমীয়াৰ প্ৰতি বেয়া মনোভাৱ সম্প্ৰসাৰণ কৰি থাকে।
কিছুমান উগ্ৰ বাঙালী জাতীয়তাবাদী পণ্ডিতে এনে এটা ধাৰণা প্ৰতিষ্ঠা কৰিব বিচাৰে যে অসমীয়াসকলৰ বহু নিদৰ্শন বাঙালীসকলৰ নিদৰ্শনৰ পৰা পৃথক নহয়। অৰ্থাত, অসমৰ সাহিত্য, সংস্কৃতিৰ বহু নিদৰ্শন মৌলিক নহয়। উদাহৰণস্বৰূপে, যোগেশ চন্দ্ৰ ৰায় বিদ্যানিধিৰৰ দৰে পণ্ডিতে অসমীয়া ভাষাক এটা স্বতন্ত্ৰ ভাষা হিচাপে মানি ল’বলৈ টান পাইছিল। আনকি, কটন মহাবিদ্যালয় (এতিয়া বিশ্ববিদ্যালয়) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত অধ্যাপনা কৰা কেইজনমান প্ৰাক্তন অধ্যাপকে শংকৰদেৱৰ ৰচনাসমূহকো বাংলা সাহিত্যৰ নিদৰ্শন হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছিল১৩। বাঙালী পণ্ডিত নিৰোদ চৌধুৰীয়ে তেখেতৰ The Continent of Circe নামৰ বিতৰ্কিত গ্ৰন্থখনত দাবী কৰিছে যে বাঙালীসকলেই অসমীয়াক হিন্দু সভ্যতাৰ মাজলৈ আনিছে১৪। বাঙালীসকলৰ উন্নাসিকতাৰ আন এক উদাৰহণ হ’ল-কিছুমান উগ্ৰ বাঙালী জাতীয়তাবাদী পণ্ডিতে এচাম বংগপ্ৰেমী অসমীয়া পণ্ডিতৰ লগ লাগি আজিও শংকৰদেৱক চৈতন্যদেৱৰ শিষ্য হিচাপে প্ৰচাৰ কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে১৫। উগ্ৰ বাঙালী জাতীয়তাবাদীসকলৰ এনে মনোবৃত্তিয়ে অসমৰ উগ্ৰ জাতীয়তাবাদী শিবিৰক বাৰুকৈয়ে আঘাত দিয়ে। যাৰ ফলত কেতিয়াবা এই দুই সম্প্ৰদায়ৰ মাজৰ বিভেদৰ পুলিটো বাঢ়ি আহিবলৈ সুবিধা পায়।
যোৱা কিছু বছৰ ধৰি অসম বা বংগত ব্যক্তিগত কাৰণত এজন অসমীয়া আৰু এজন বাঙালীৰ মাজত সংঘাত সৃষ্টি হ’লেই অসমীয়া আৰু বাঙালীৰ মাজত ঘটা সংঘাতৰ ৰূপ দিয়াৰ প্ৰৱণতা দেখা গৈছে। উদাহৰণস্বৰূপে, ২০১৭ চনৰ ২২ আগষ্টত নগাঁওত এগৰাকী প্ৰাক্তন আলফা সদস্যক ব্যৱসায়িক কাৰণত বাঙালী সম্প্ৰদায়ৰ কেইজনমান লোকে মাৰধৰ কৰিছিল। প্ৰচাৰ কৰিবলৈ চেষ্টা চলোৱা হ’ল যে বাঙালীসকলে অসমতে অসমীয়াৰ পৰিচয় নোহোৱা কৰাৰ এটা ষড়যন্ত্ৰ চলিছে১৬। অৱশ্যে, এই দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত দীঘলীয়া সংঘাতবোৰৰ ভিত্তিত এনে প্ৰৱণতা গঢ়ি তোলা সহজ হয়। কিন্তু, ব্যক্তিগত পৰ্যায়ত ঘটা এনে ধৰণৰ সৰু ঘটনাবোৰেও এই দুই সম্প্ৰদায়ৰ মাজত বিভেদ বৃদ্ধি কৰাত সহায় নকৰে বুলি নুই কৰিব নোৱাৰি।
মনত ৰখা দৰকাৰ যে এই দুই সম্প্ৰদায়ৰ মাজত যেনেদৰে বিভেদ আছে, সমন্বয়ৰ উদাহৰণো লেখত ল’বলগীয়াকৈ আছে। ৰাজনীতিৰ পাকচক্ৰত পৰি বিভেদ সৃষ্টি হোৱাৰ উপক্ৰম হ’লেই দুয়ো সম্প্ৰদায়ে সমন্বয়ৰ উদাহৰণবোৰ মনত পেলোৱা উচিত।

সূত্ৰ-নিৰ্দেশ

FIRSTPOST (2018): “Mamata Benerjee Slams Centre for NRC, Says BJP govt conspiring to drive out Bengalis from Assam”, January 03, accessed on 09 March, 2018, available at: http://www.firstpost.com/politics/mamata-banerjee-slams-centre-for-nrc-says-bjp-govt-conspiring-to-drive-out-bengalis-from-assam-4285569.html    
ভৌগোলিক দিশত আহোমৰ দিনৰ অসম আৰু বৃটিছৰ দিনৰ অসমৰ পাৰ্থক্য আছে। আজি অসমৰ যি ভৌগোলিক অঞ্চলক অসম ৰাজ্য বুলি কোৱা হয়, আহোমৰ দিনত বেলেগ আছিল বাবে সেই সময়ৰ অসমক আহোমৰ দিনৰ অসম বুলি উল্লেখ কৰাহে ঠিক হ’ব-লেখক। 
ভূঞা, ড° সূৰ্য্যকুমাৰ (২০০৯): আহোমৰ দিন, (বাণী মন্দিৰ), পৃষ্ঠা: ৫৩।
গগৈ, লীলা (২০১৩): বেলি মাৰ গ’ল (ডিব্ৰুগড়, গুৱাহাটী: বনলতা), পুনৰ মুদ্ৰণ ২০১৭, পৃষ্ঠা: ১৬-১৭।
বৰগোহাঁই, ডা: অতুল (২০১৪): ইতিহাসৰ পম খেদি ধোদৰ আলিয়েদি, (গুৱাহাটী: বনফুল প্ৰকাশন), পৃষ্ঠা: ১১১।
ধৰ, ড° দেৱৰঞ্জন (২০১৩): “উজনিৰ বাঙালী সমাজ”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ৬৭-১০৩।
শইকীয়া, ড° নগেন (২০১৩): “ঐতিহাসিক পটভূমিত অসমীয়া আৰু বাঙালীৰ সম্পৰ্ক: এটি ৰূপৰেখা”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১৪-২৫।
Basid  Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.
মহন্ত, প্ৰেমকান্ত (২০১৮): ৰাজভগনৰ পৰা কলথোকালৈকে, (গুৱাহাটী: বান্ধৱ), পৃষ্ঠা: ৭২-৭৩।
১০News, “8 hurt in Silapathar Clash”, The Telegraph, 07 March 2017, accessed on 11 March 2018, available at: https://www.telegraphindia.com/1170307/jsp/northeast/story_139345.jsp
১১ধৰ, ° দেৱৰঞ্জন (২০১৩): পূৰ্বোল্লেখিত।
মহন্ত, প্ৰেমকান্ত (২০১৮): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৭৪।
১৩শইকীয়া, ড° নগেন (২০১৩): পূৰ্বোল্লেখিত।
১৪জানা, জ্যোতিৰ্ময় (২০১৩): “অসম-বংগ সম্পৰ্ক: ১৮২৭-৯৫”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২৬-৬৬।
১৫বৰা, ময়ূৰ (২০১৩): ব্ৰাক্ষ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম, (গুৱাহাটী: আঁক-বাক), পৃষ্ঠা: ৫৯।  
১৬News, Ex-Ulfa panel's plea for peace”, The Telegraph, 01 September 2017, accessed on 11 March 2018, available at: https://www.telegraphindia.com/1170901/jsp/northeast/story_170149.jsp                                   
                                       
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জুন ২০১৮, পৃষ্ঠা: ১৬-১৭]


Tuesday 29 May 2018

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন প্ৰশ্ন কাকতৰ বিষয়ে


      যোৱা ৯ মে’ ২০১৮ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ কলা আৰু বিজ্ঞান-দুয়োটা শাখাৰে পৰীক্ষা অনুষ্ঠিত হৈ যায়। পৰীক্ষাটোৰ বাবে প্ৰস্তুত কৰা অৰ্থ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ সন্দৰ্ভত দুটামান কথা নিলিখাকৈ থাকিব নোৱাৰিলোঁ। প্ৰথম কথা-প্ৰশ্ন কাকতখনৰ 1 (g) নম্বৰৰ প্ৰশ্নটোত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত CM ৰেখাৰ আকৃতি সম্পৰ্কে পৰীক্ষাৰ্থীক প্ৰশ্ন কৰা হৈছে। আমি জনাত অৰ্থ বিজ্ঞানত  এতিয়ালৈকে CM  ৰেখা বুলি কোনো ধৰণা উদ্ভাৱন হোৱা নাই। অৱশ্যে, LM ৰেখা বুলি ধাৰণা এটা আছে। প্ৰশ্ন কাকতখন প্ৰস্তুত কৰাজনে হয়তো LM বুলিয়ে লিখিছিল (আমি ধৰিহে লৈছোঁ)। প্ৰেছৰ পৰা CM হৈ ওলাল। প্ৰশ্ন কাকতখনত মুঠ সাতটা পৃষ্ঠাত ছপা আখৰ আছে। গড় হিচাপে প্ৰতি পৃষ্ঠাত মাত্ৰ ৫০ টাকৈ শব্দ আছে (সচৰাচৰ কিতাপ এখনৰ এটা পৃষ্ঠাত থকা শব্দৰ সংখ্যাতকৈ বহুত কম)। খচৰা প্ৰশ্ন কাকতখন চুড়ান্ত কৰি ছপাশালত দিয়াৰ আগতে ৩৫০ টা শব্দৰ প্ৰতিটোকে অন্তত: এবাৰ মনোযোগেৰে চাই দিলে আমি ভাবো এনেধৰণৰ ভুল নাথাকিলেহেঁতেন।
     দ্বিতীয় কথা-প্ৰশ্ন কাকত এখনৰ প্ৰতিটো প্ৰশ্ন পৃথক হোৱা বাঞ্চনীয় বুলি আমি অনুভৱ কৰোঁ। অৰ্থাত, প্ৰতিটো পৃথক প্ৰশ্নৰে মূল উত্তৰ পৃথক হ’লে ভাল হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইবাৰৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ মেজৰৰ প্ৰশ্ন কাততখনত দুটা প্ৰশ্ন ওপৰা-উপৰি (overlap) হৈছে। প্ৰশ্ন নম্বৰ 1 (h) ত সুধিছে ‘Mention one method of correcting disequilibrium in Balance of Payments (BoP)’। দীঘল প্ৰশ্ন হিচাপে প্ৰশ্ন নম্বৰ 7 (b) ৰ শেষৰ অংশটোত সুধিছে ‘How can a disequilibrium in Balance of Payments be corrected?’। বুজাত অসুবিধা নাই যে 7 (b)  প্ৰশ্নটোৱে উত্তৰ হিচাপে যি বিচাৰিছে, 1 (h) প্ৰশ্নটোত তাৰে যিকোনো এটা উল্লেখ কৰিলেই হ’ল। সেইদৰে, প্ৰশ্ন নম্বৰ 2 (e)Ratchet effect ৰ বিষয়ে চমু টোকা লিখিবলৈ দি প্ৰশ্ন নম্বৰ 5 (a) ৰ প্ৰথম অংশটোত সুধিছে, Explain the relative income hypothesis’। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অৰ্থনীতি বিষয়ত স্নাতক শ্ৰেণীলৈকে পঢ়া ব্যক্তি মাত্ৰেই জানে যে Ratchet effect ধাৰণাটো Relative income hypothesis ধাৰণাটোৰে এটা অংশ। দ্বিতীয় ষাণ্মাসিকৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমটোৰ অধ্যায় পাঁচটা ইমান সৰু সৰু নহয় যে দীঘল প্ৰশ্ন এটা সুধিলে একে উত্তৰে লিখিব নলগাকৈ আঠটা চুটি প্ৰশ্ন সুধিবলৈ প্ৰশ্নৰ অভাৱ হ’ব।   

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২৯ মে’ ২০১৮]

Friday 18 May 2018

প্ৰসংগ: নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বি পি এফৰ স্থিতি


  নৰেন্দ্ৰ মোডী নেতৃত্বৰ চৰকাৰে উত্থাপন কৰা ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’খনৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ দল বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্টে (চমুকৈ বি পি এফ) নিজৰ স্থিতি স্পষ্ট কৰিলে। দলটোৰ স্থিতি হ’ল-বিধেয়কখনৰ সন্দৰ্ভত তেওঁলোকৰ কোনো মতামত নাই। এই বিষয়ত তেওঁলোকে হস্তক্ষেপ নকৰে। সময় হ’লে মাত মাতিব। বি টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত সুবিধাবাদী হ’বলৈও তেওঁলোক প্ৰস্তুত আছে (‘আমাৰ অসম’, ১১ মে’ ২০১৮)। মন কৰিবলগীয়া যে কেন্দ্ৰ বা ৰাজ্যত যি দলৰে চৰকাৰ নাথাকক, বি টি এ ডিৰ স্বাৰ্থত বিঘিনি ঘটাৰ উপক্ৰম হ’লে বি পি এফৰ সহযোগ থাকিলেও তেওঁলোকে চৰকাৰৰ বিপক্ষে মাত মতাৰ উদাহৰণ আছে। উদাহৰণস্বৰূপে, ২০১০ চনৰ ২০ নৱেম্বৰ তাৰিখে তেওঁলোক চৰকাৰৰ সহযোগী দল হোৱা সত্ত্বেও হাগ্ৰামা মহিলাৰী, তেতিয়াৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰী, কৃষি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্ম আদিৰ নেতৃত্বৰ প্ৰতিবাদকাৰীয়ে বড়োভূমিত অধিক নিৰাপত্তা বাহিনী নিয়োগ, হিংসা বন্ধ কৰা আৰু অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ দাবীত লাষ্ট গেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল (ৰত্নেশ্বৰ বসুমতাৰী, ‘বিষয়: বড়োভূমি’, পৃষ্ঠা:১৩৭, সৃজন প্ৰকাশ)। কিন্তু, ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ সন্দৰ্ভত তেওঁলোকে গ্ৰহণ কৰা স্থিতিয়ে কেইটামান কথা স্পষ্ট কৰিলে।
     প্ৰথমে, বি পি এফে কেৱল বি টি এ ডিৰ স্বাৰ্থৰ বাবেহে চিন্তা কৰে। বিধেয়কখন অসম চুক্তিৰ এটা বিষয়হে বুলি মতামত দি তেওঁলোকে ইয়াকে প্ৰমাণ কৰিলে অসমৰ নিৰাপত্তা সম্পৰ্কত বি পি এফৰ কোনো দায়িত্ব নাই। নিৰ্বাচনৰ সময়ত বি টি এ ডিৰ বাহিৰৰ আসনসমূহত  দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যও বি টি এ ডিৰ উন্নয়নতে সীমাবদ্ধ। ইমানদিনে তেওঁলোকে পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছিল যে কিছুমান মূলসূঁতিৰ অসমীয়া নেতা আৰু বুদ্ধিজীৱীয়ে বড়োসকলক সমান চকুৰে নাচায়। কিন্তু ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’খনৰ সন্দৰ্ভত দলটোৱে লোৱা স্থিতিৰ পৰা স্পষ্ট হ’ল যে বি পি এফৰ নেতা আৰু বুদ্ধিজীৱীয়ে অসম নামৰ ভূখণ্ডটোৰ বিষয়ে তিলমনো চিন্তা নকৰে। বি পি এফে যদি অসমৰ কথা চিন্তা নকৰি কেৱল বড়োসকলৰ কথাও চিন্তা কৰিলেহেঁতেন, আমি ভাৱো তেওঁলোকে এই স্থিতি নল’লেহেঁতেন। কাৰণ, বৃহৎ সংখ্যক বড়ো সম্প্ৰদায়ৰ লোক বি টি এ ডিৰ বাহিৰেও অসমৰ আন অঞ্চলতো সিচঁৰিত হৈ আছে। বিধেয়কখনৰ নেতিবাচক প্ৰভাৱ বি টি এ ডিৰ বাহিৰৰ আন জনগোষ্ঠীসমূহৰ লগতে বড়োসকলৰ ওপৰতো পৰিব।
দ্বিতীয়তে, কেইজনমান বি প এফৰ নেতাৰ মত এনেধৰণৰ-বি টি এ ডি যিহেতু ভাৰতৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত, সেয়েহে অঞ্চলটোত বিধেয়কখনৰ নেতিবাচক প্ৰভাৱ পৰাৰ কোনো সম্ভাৱনা নাই। বি পি এফে যদি কেৱল বি টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত সুবিধা আদায় কৰাৰ উদ্দেশ্যে চৰকাৰ গঠন কৰা দলক সমৰ্থন দি থাকে, তেন্তে চৰকাৰে গ্ৰহণ কৰা সামগ্ৰিক নীতিয়ে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব বুলি ভবাটো অপৰিপক্কতাৰহে পৰিচায়ক।
তৃতীয়তে, অলপ দকৈ ভাবিলে ওলাই পৰে যে আচলতে বি পি এফে কেৱল বি টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত এনে স্থিতি লোৱা নাই। দলটোৱে এনেদৰে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে যে বি টি এ ডিৰ উন্নয়নৰ বাহিৰে তেওঁলোকে আন একোৱেই ভাবিব নোৱাৰে। এয়া আচলতে দলটোৱে ক্ষমতাত তিস্তি থকাৰ এটা কৌশলহে। তেওঁলোকে জানে যে অঞ্চলটোত বি পি এফৰ কেইটামান বিপৰীত শক্তি আছে। সেই শক্তিবোৰে যিকোনো সময়তে বি পি এফক ক্ষমতাৰ পৰা ওফৰাই পেলাব পাৰে।
অসমৰ জনজাতীয় শক্তিসমূহ একগোট হৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সন্মিলিত আঞ্চলিক দল গঠন কৰি যি তৃতীয় বিকল্পৰ কথা চিন্তা কৰা হৈছিল তাৰ আৰু কোনো অৰ্থ নাই। হাগ্ৰামা মহিলাৰীৰ সীমাবদ্ধতা অনুধাৱন কৰিবলৈ বিধেয়কখনৰ সন্দৰ্ভত লোৱা বৰ্তমানৰ স্থিতিটোৱে যথেষ্ঠ।  
  
[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ মে’ ২০১৮, পৃষ্ঠা: ৬]

Tuesday 15 May 2018

মুক্ত বজাৰ আৰু সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদৰ হাতোৰাত ৰঙালী বিহু


ভাৰতবৰ্ষত মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ মাত্ৰা বৃদ্ধি পোৱাৰ পাছত (বিশেষকৈ ১৯৯১ চনৰ পৰা) স্বাভাৱিকতে দেশখনৰ অৰ্থনীতিৰ লগতে ৰাজনীতি, সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰতো দ্ৰুতগতিত পৰিবৰ্তন ঘটিবলৈ ধৰিলে। মুক্ত বজাৰ ব্যৱস্থাই অসমৰ মৰমৰ ৰঙালী বিহুৰ ক্ষেত্ৰতো কিছুমান তাৎপৰ্যপূৰ্ণ পৰিবৰ্তন আনিবলৈ ধৰিছে। অৱশ্যে, গছত তলৰ পৰা মঞ্চলৈ আগমণ ঘটা সময়ৰ পৰাই ৰঙালী বিহুৰ পৰিবৰ্তন ঘটা পৰিলক্ষিত হৈছে। এটা কথা ঠিক যে ৰঙালী বিহুক গছৰ তলৰ পৰা মঞ্চলৈ অনা ব্যৱস্থাটোৱে মুক্ত অৰ্থনৈতিক ব্যৱ্স্থাত ঘটিব লগা বিহুৰ পৰিবৰ্তনক কিছু পৰিমাণে হ’লেও সহজ কৰি তুলিছে। অৰ্থাত, গছৰ তলৰ বিহু যেনেদৰে আছিল তেনেদৰে গছৰ তলতে থকা হ’লে মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ ফলত ৰঙালী বিহুৰ আজি যি পৰিবৰ্তন হৈছে, তাৰ মাত্ৰা যে কিছু কম হ’লেহেঁতেন তাত সন্দেহ নাই। তদুপৰি, শেহতীয়াকৈ ৰঙালী বিহুকে ধৰি অসমৰ যি নিজস্ব চহকী সংস্কৃতি আছে সেইবোৰৰ ওপৰত সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাই প্ৰভুত্ব বিস্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।  
প্ৰথমে মুক্ত বজাৰ ব্যৱস্থা আৰু ৰঙালী বিহুৰ প্ৰসংগ আলোচনা কৰা যাওক। ভাৰতত মু্ক্ত বজাৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত ৰঙালী বিহুৰ ওপৰত আন্ত:ৰাষ্ট্ৰীয় উপাদানৰ (International Elements) প্ৰভাৱ পৰিবলৈ ধৰিলে। মুক্ত বজাৰৰ ফলত ৰঙালী বিহু কেৱল মাত্ৰ অসমৰ মানুহৰ কৃষি ভিত্তিক আনন্দ উৎসৱ হৈ নাথাকিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল-ৰঙালী বিহু-সংস্কৃতিৰ পৰা সামগ্ৰীলৈ পৰিবৰ্তন হ’ল। অৰ্থাত, ৰঙালী বিহু উৎসৱতকৈ ভোগৰ সংস্কৃতি (?) হিচাপে স্বীকৃতি পাবলৈ ধৰিলে। গছৰ তলৰ পৰা মঞ্চলৈ অহাৰ লগে লগে ৰঙালী বিহুৰ নিয়ন্ত্ৰণ চহা গাঁৱলীয়া মানুহৰ পৰা অসমৰ মধ্যবিত্ত শ্ৰেণীৰ হাতলৈ গুচি গৈছিল। মুক্ত বজাৰ ব্যৱস্থাৰ ফলত লাহে লাহে অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে ৰঙালী বিহুক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা হ’ল। ৰঙালী বিহু দেশী-বিদেশী পুঁজিপতিৰ হাতলৈ যাবলৈ ধৰিলে। বজাৰে নিয়ন্ত্ৰণ কৰাৰ ফলত ৰঙালী বিহু মূলৰ পৰা ক্ৰমে আঁতৰি আহিবলৈ ধৰিলে। কাৰণ, বজাৰ ব্যৱস্থাত বজাৰে যি বিচাৰে সেই হিচাপে সামগ্ৰীৰ যোগান ধৰিবলগীয়া হয়। ৰঙালী বিহুকো বজাৰে বিচৰা ধৰণে সজাই ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। মন কৰিবলগীয়া দুখৰ কথাটো হ’ল-বজাৰ ব্যৱস্থাত সোমাই পৰাৰ পাছত ৰঙালী বিহু কৃষি ভিত্তিক উৎসৱৰ পৰা উদ্যোগিক খণ্ডত অন্তৰ্ভূক্ত হোৱাৰ উপক্ৰম হ’ল।
সামগ্ৰী হিচাপে নধৰি সংস্কৃতি হিচাপে ধৰিলেও মুক্ত সাংস্কৃতিক পৰিবেশত ৰঙালী বিহুয়ে নিজৰ প্ৰভুত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা নাই। মুক্ত অৰ্থনৈতিক ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেশবোৰৰ সংস্কৃতিয়েহে মুক্ত সাংস্কৃতিক ব্যৱস্থাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। বিহুগীতত অত্যধিক ইংৰাজী শব্দৰ প্ৰয়োগ, থলুৱা বাদ্য-যন্ত্ৰ কমকৈ ব্যৱহাৰ কৰি আধুনিক গীত, প’প, ৰ’ক বা আন সংগীতত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰ বেছিকৈ ব্যৱহাৰ কৰা আদিয়ে ৰঙালী বিহুৰ ওপৰত আন সংগীতৰ প্ৰভুত্ব বিস্তাৰকে প্ৰতিপন্ন কৰিছে।
মুক্ত বজাৰৰ প্ৰভাৱত মঞ্চ বিহু-(ক)মুকলি মঞ্চৰ বিহু আৰু (খ)টিভি মঞ্চৰ বিহু-এই দুই দিশে আগবাঢ়িছে। দুয়োবিধ বিহুৰে গাঁওৰ পৰম্পৰাগত নীতি-নিয়মৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই। বছৰটোৰ যিকোনো সময়তে গাঁৱে-ভূঞে টিভি চেনেলৰ প্ৰতিনিধি গৈ বিহু প্ৰচাৰ কৰি টি আৰ পি বৃদ্ধি কৰাই এই প্ৰকাৰ মঞ্চ বিহুৰ মূল উদ্দেশ্য। মু্ক্ত বজাৰৰ আও-ভাও নোপোৱা বা আও-ভাও পাই নিজৰ স্বাৰ্থ পূৰণৰ বাবে সেইবোৰ অনুষ্ঠানত সহযোগ কৰা অসমৰ মানুহবোৰে ৰঙালী বিহুক আৰু বজাৰমুখী কৰাত সহায় কৰিছে। 
ৰঙালী বিহুৰ মঞ্চত গায়ক/গায়িকাই অনুষ্ঠান পৰিবেশন কৰা পৰিবেশটোৱে ৰঙালী বিহুৰ ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পেলাইছে। বিহু মঞ্চত কোনো বিহুদলে বিহু পৰিবেশন কৰা আৰু কোনো গায়ক/গায়িকাই গীতৰ শৰাই আগবঢ়োৱা-এই দুটা বেলেগ অনুষ্ঠানক এটা অনুষ্ঠান হিচাপে গ্ৰহণ কৰা দেখা গৈছে। বিহুৰ এই দিশটোৱে দুয়োটা অনুষ্ঠানৰে যিমান লাভ কৰিছে, ক্ষতি ততোকৈ বেছি কৰিছে। বিহু মঞ্চত বিহুদলবোৰে বিহু পৰিবেশন কৰি যিমান টকা পায়, এজন গায়ক/গায়িকাই তাতকৈ বহুত বেছি টকা পায়। আৰ্থিক দিশত বিহু মঞ্চতে বিহু অনুষ্ঠানটোক অ-বিহু অনুষ্ঠানে দমন কৰি ৰাখিছে। অ-বিহু অনুষ্ঠান এটাত উৎযাপ̢ন সমিতিৰ বাজেট অনুসৰি বিভিন্ন ৰুচিৰ গায়ক/গায়িকাই গীত পৰিবেশৰ সুবিধা পায়। গোটেই বহাগ মাহটোৱেই গায়ক/গায়িকাৰ (সকলোৰে নহয়) বাবে ধন উপাৰ্জনৰ এটা মাহ হৈ পৰে। পৰম্পৰাগত বিহুৰ পৰা কিছু স্বাধীন হৈ পৰে বাবে বিহু অনুষ্ঠানৰ তুলনাত এইবোৰ অনুষ্ঠান বজৰুৱা অনুষ্ঠানলৈ ৰুপান্তৰিত হয়।
মুক্ত বজাৰ ব্যৱস্থাৰ উপৰিও দেশখনক ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ হিচাপে চিনাকি দিব বিচৰা সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদী ধাৰণাটোৱে অসমৰ ৰঙালী বিহুটোৰ অস্তিত্বৰ ক্ষেত্ৰত অতিৰিক্ত সমস্যা হিচাপে দেখা দিছে। স্বাধীন ৰাষ্ট্ৰ এখনত ‘এক সংস্কৃতি’ ধাৰণাটোৱে ৰাষ্ট্ৰখনৰ জনসাধাৰণক একত্ৰিত কৰি ৰখাত সহায় কৰে। কিন্তু, ভাৰতৰ দৰে বিচিত্ৰ সংস্কৃতিৰ দেশ এখনত ‘এক সংস্কৃতি’ৰ ধাৰণা প্ৰয়োগ কৰিলে জটিলতাহে বৃদ্ধি পাব। কাৰণ, ভাৰতৰ সকলো জনসাধাৰণে গ্ৰহণ কৰিব পৰাকৈ কোনো নিৰ্দিষ্ট ‘এক সংস্কৃতি’ নাই। যিবিলাক সংস্কৃতিক ‘এক সংস্কৃতি’ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হ’ব, সেইবোৰ দেশখনৰ কোনো এটা নিৰ্দিষ্ট অঞ্চল আৰু ধৰ্মৰ সংস্কৃতিহে হ’ব। আদৰ্শৰ পাৰ্থক্য থকা সত্বেও অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ এটা অংশই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত জোৰ দিয়া শক্তিৰ সৈতে হাত মিলোৱাৰ ফলত দুৰ্বল আঞ্চলিকতাবাদী শিবিৰটোক অধিক দুৰ্বল কৰি পেলাইছে। এনে পৰিস্থিতিত ৰঙালীৰ বিহুৰ নিজস্ব চিনাকি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰিব বুলি ক’ব নোৱাৰি। আঞ্চলিকতাবাদী শিবিৰৰ কিছুমান নেতা আৰু বুদ্ধিজীৱীয়ে সময় আৰু স্থানৰ সুবিধা বুজি কেতিয়াবা সংকীৰ্ণ ৰাষ্ট্ৰয়তাবাদী আৰু কেতিয়াবা আঞ্চলিকতাবাদী ভাৱধাৰাৰ সৈতে সংগতি ৰাখি মাত মাতি নিজে সুবিধাজনক স্থিতিত থাকি অসমৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰঙালী বিহুকে ধৰি অসমৰ সাংস্কৃতিক পৰিবেশটোকে জটিল কৰি তোলে।
সুখৰ কথাটো হ’ল-গাঁওৰ চহা খেতিয়ক ৰাইজৰ বাবে ৰঙালী বিহু, কিছু ৰুপান্তৰৰ মাজেৰে এতিয়াও প্ৰকৃত অৰ্থৰ ৰঙালী বিহুৱেই হৈ আছে। তেওঁলোকে এতিয়াও ‘লাউ খা বেঙেনা খা’, ‘গধূলি নিজৰ গৰু কেইটাক তৰাৰ নতুন পঘাৰে বন্ধা’ আদি নীতি-নিয়ম পালনেৰে ৰঙালী বিহুৰ পৰম্পৰা অব্যাহত ৰাখিছে। গাঁওবোৰত ঘৰে ঘৰে হুঁচৰি মৰা প্ৰথা কিছু কমিছে যদিও নি:শেষ হৈ যোৱা নাই।   


[প্ৰকাশিত, ‘বৰগছ’, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু

 দেৰগাঁবাসীৰ সহযোগত আয়োজিত মুকলি বিহু, ২০১৮ বৰ্ষৰ 

স্মৃতিগ্ৰন্থ, ১৬ এপ্ৰিল, ২০১৮, পৃষ্ঠা: ১২৭-১২৯)

Sunday 13 May 2018

জাতিৰামৰ জাত আৰু বৰ্ণবাদ সন্দৰ্ভত


‘আমাৰ অসম’ত যোৱা ৩০ এপ্ৰিলত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘জাতিৰামৰ জাত আৰু বৰ্ণবাদ’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। কেইদিনমান আগতে অসমৰ কোনোবা ব্ৰাক্ষ্মণ সমাজে প্ৰস্তাৱ লোৱা অসবৰ্ণ বিবাহ নিষিদ্ধৰ বিৰূদ্ধে প্ৰবন্ধকাৰ বৰঠাকুৰে সুন্দৰভাবে যুক্তি দাঙি ধৰিছে। প্ৰবন্ধকাৰ যে এগৰাকী প্ৰগতিশীল মনৰ ব্যক্তি সেয়া প্ৰবন্ধটোৰ শেষৰ পাৰাগ্ৰাফটোৱে স্পষ্ট কৰিছে। কিন্তু, প্ৰবন্ধটোত সাংবিধানিক সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে তেখেতে দাঙি ধৰা যুক্তিটোত আমি একমত হ’ব নোৱাৰিলোঁ।
প্ৰবন্ধকাৰে কৈছে যে সংৰক্ষণ জাতিগত নহৈ আৰ্থিক অৱস্থা অনুযায়ী হ’ব লাগে বুলি প্ৰস্তাৱ উত্থাপন কৰিলে হয়তো সকলোৱে একেমুখে ইয়াক স্বীকাৰ কৰিব। সংৰক্ষণ ব্যৱস্থা আৰ্থিক অৱস্থা অনুযায়ী প্ৰস্তাৱ উত্থাপন কৰাৰ আগতে মন কৰিব লাগিব যে ভাৰতত গঢ়ি উঠা সামাজিক বৈষম্য ব্যক্তিভিত্তিক নহয়, জাতিভিত্তিকহে। গতিকে, সংৰক্ষণ ব্যৱস্থা আৰ্থিক অৱস্থা অনুযায়ী প্ৰস্তাৱ উত্থাপন কৰাৰ আগতে ব্যক্তিভিত্তিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰিবেশ সৃষ্টি কৰি ল’ব লাগিব। আন কথা একে থাকিলে, ভাৰতৰ সকলো জাতিৰ আৰ্থিক অৱস্থা সমান হ’লে ব্যক্তিভিত্তিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিবেশ আহিছে বুলি দাবী কৰিব পৰা যায়। কিন্তু তেনে পৰিবেশ সৃষ্টি হৈছেনে? ২০০৬ চনত প্ৰকাশ পোৱা সচ্ছাৰ সমিতিৰ প্ৰতিবেদন মতে, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে সংখ্যালঘু, অনুসূচিত জাতি/জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। শেহতীয়া তথ্য অনুসৰি (Hariram A, ‘Are Reservation Caste Based?, Round Table India, 2016), দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ লোক। কিন্তু উদ্যোগিক খণ্ডত তেওঁলোকৰ ৪১.২ শতাংশ মালিকীস্বত্ব আছে। সেইদৰে ভাৰতৰ মুঠ জনসংখ্যাৰ ক্ষত্ৰিয় আৰু বৈশ্য সম্প্ৰদায়ৰ লোক হ’ল ক্ৰমে ৫.৫ শতাংশ আৰু ৬ শতাশ। উদ্যোগিক খণ্ডত ক্ষত্ৰিয় আৰু বৈশ্য সম্প্ৰদায় লোকৰ মালিকীস্বত্ব হ’ল ক্ৰমে ১৮.৫ শতাংশ আৰু ১৭.৯ শতাংশ। অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ শতাংশ, উদ্যোগিক খণ্ডত তেওঁলোকৰ মাত্ৰ ৪.২ শতাংশহে মালিকীস্বত্ব আছে। দেশখনৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক হ’ল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ। কিন্তু, তেওঁলোকৰ মাত্ৰ ০.২ শতাংশৰহে উদ্যোগিক খণ্ডত মালিকীস্বত্ব আছে। সেৱা খণ্ডটো ৯০ শতাংশ উচ্চ বৰ্ণৰ লোকৰ একছেটিয়া নিয়ন্ত্ৰণত আছে। প্ৰাথমিক খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা আৰু সংখ্যালঘু লোক মিলি ৫০ শতাংশতকৈ বেছি লোক নিয়োজিত হৈ আছে, যিসকলৰ গড় মাহিলি আয় প্ৰায় ৫,০০০ টকা মাত্ৰ।
  জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ বিপক্ষে আন এক যুক্তি এনেধৰণৰ-উচ্চ জাতিৰ লোক অথচ আৰ্থিকভাবে নি:স্ব, কিন্তু সংৰক্ষণৰ সুবিধা পোৱা নাই। আনফালে, নীচ জাতিৰ আৰ্থিকভাবে সচ্ছল ব্যক্তিও জাতিভিত্তিক সংৰক্ষণৰ সুবিধা এৰি দিব নোখোজে। এয়া এক অন্যায় হিচাপে প্ৰতিষ্ঠা কৰাৰ আগতে জনা উচিত-ভাৰতত কি কি কাৰণত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলগা হৈছিল। সকলোৰে জ্ঞাত যে ভাৰতত জাতিভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ এটা প্ৰধান উদ্দেশ্য আছিল-বিভিন্ন দিশত সকলো জাতিৰে সমান প্ৰতিনিধিত্ব সম্ভৱ কৰি তোলা। সকলো দিশতে সকলো জাতিৰে সমান প্ৰতিনিধিত্ব নথকাৰ ফলতে যে তথাকথিত নীচ জাতৰ লোকসকল সামাজিক বৈষম্যৰ বলি হৈছিল তাত সন্দেহ নাই। আগতে উল্লেখ কৰা হৈছে যে দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ লোকহে ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ। বিভিন্ন দিশত তেওঁলোকৰ প্ৰতিনিধিত্ব এনেধৰণৰ-লোকসভাৰ মুঠ সদস্যৰ ৪৮ শতাংশ, ৰাজ্যসভাৰ মুঠ সদস্যৰ ৩৬ শতাংশ, দেশৰ মুঠ ৰাজ্যপালৰ ৫০ শতাংশ, মুঠ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ ৩৬ শতাংশ, মুঠ মুখ্য সচিবৰ ৫৪ শতাংশ, মুঠ অতিৰিক্ত মুখ্য সচিবৰ ৬২ শতাংশ, মন্ত্ৰীৰ মুঠ ব্যক্তিগত সহায়কৰ ৭০ শতাংশ, বিশ্ববিদ্যালয়সমূহৰ মুঠ উপাচাৰ্যৰ ৭০ শতাংশ, উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ ৫৬ শতাংশ, উচ্চ ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ ৪০ শতাংশ, মুঠ প্ৰাশাসনীয় সেৱাৰ ৭০ শতাংশ, সংবাদ মাধ্যমৰ মুঠ মুখ্য সম্পাদকৰ ৯০ শতাংশ আৰু মন্দিৰসমূহৰ মুঠ পুৰোহিতৰ ১০০ শতাংশ (Hariram A, পূৰ্বোল্লিখিত)। এই ছবিখন পোৱাৰ পাছত বাকী সম্প্ৰদায়বিলাকৰ ক’ত, কিমান প্ৰতিনিধিত্ব আছে বেলেগে উল্লেখ কৰাৰ দৰকাৰ নাই।    
বৰঠাকুৰে অনুভৱ কৰিছে যে জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাই সামাজিক বৈষম্য কমোৱাৰ সলনি ত্বৰাম্বিতহে কৰিছে। এনে অনুভৱ কৰাৰ ঠিক পিছতে এইটোও অনুভৱ কৰা উচিত-যদি ভাৰতৰ সংবিধানখনত জাতিভিত্তিক সংৰক্ষণৰ ব্যৱস্থা নাথাকিলেহেঁতেন, তেন্তে আজিৰ পৰিবেশত সামাজিক বৈষম্য কেনেকুৱা হ’লেহেঁতেন? অৱশ্যে, তেনে অনুভৱ কৰাৰ আগতে সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত ভাৰতৰ সামাজিক পৰিবেশ কেনেকুৱা আছিল সেয়াও অনুভৱ কৰিব পাৰিব লাগিব। 
স্বাধীনতাৰ আগৰ সময়ছোৱাৰ তুলনাত আজিৰ সমাজখনত জাত-পাতৰ দৰে সামাজিক ব্যাধিটোৰ মাত্ৰা কিছু হ্ৰাস পাইছে (বিশেষকৈ অসমত) আৰু বিভিন্ন দিশত পিচপৰা জাতি/জনজাতিসকলৰ প্ৰতিনিধিত্বৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে পঞ্চাছ শতাংশতকৈ বেছি কৃতিত্ব নিশ্চয় জাতিভিত্তিৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাকে দিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ মে’ ২০১৮, পৃষ্ঠা: ৪]

Saturday 5 May 2018

প্ৰসংগ: ন্যায়াধীশ দীপক মিশ্ৰ


   ‘নিয়মীয়া বাৰ্তা’ত যোৱা ৩০ এপ্ৰিলত প্ৰকাশিত পূৰ্বজ্যোতি চুতীয়াৰ  ‘ন্যায়াধীশ দীপক মিশ্ৰ: বিতৰ্কৰ মাজতো অবিচলিত’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। যোৱা কিছুদিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ সম্পৰ্কত যিধৰণৰ নেতিবাচক খবৰৰ সমাহাৰ ঘটিছে, সেয়া নিশ্চয় দেশখনৰ বাবে শুভ সংকেত নহয়। মুখ্য ন্যায়াধীশজনে দেশখনৰ শীৰ্ষ আদালতখনক চৰকাৰী হস্তক্ষেপৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰিছে নে নাই আমি নাজানোঁ, কিন্তু তেখেতৰ বিৰূদ্ধে মহাভিযোগ আনিবলগা পৰিবেশটোক নিশ্চয় সহজে উৰুৱাই দিব পৰা নাযায়। ভাৰতৰ সংবিধানখন গ্ৰহণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰূদ্ধে মহাভিযোগ অনাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ইয়াৰ আগত এবাৰহে ঘটিছে। ১৯৯১ চনত সেই সয়মৰ ন্যায়াধীশ ভি ৰামস্বামীৰ বিৰূদ্ধে মহাভিযোগ অনা হৈছিল। মহাভিযোগ গ্ৰহণ হৈছে নে নাকচ হৈছে, সেয়া আমাৰ চিন্তাৰ বিষয় নহয়। চিন্তাৰ বিষয় হ’ল-যি পদৰ ওপৰত ভাৰতৰ জনসাধাৰণৰ গভীৰ শ্ৰদ্ধা আৰু ভৰষা থাকে, সেই পদত অধিষ্ঠিত ব্যক্তিজনৰ বিৰূদ্ধে মহাভিযোগ আনিবলগীয়া পৰিবেশ হৈছে কিয়? সেই পদত অধিষ্ঠিত ব্যক্তিগৰাকী বিতৰ্ক আৰু সন্দেহৰ বাহিৰত থকাটোহে সকলোৱে বিচাৰে। ভাৰতৰ সংবিধানখন গ্ৰহণ কৰাৰ ৬৮ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ কেৱল দুজন ন্যায়াধীশৰ (উচ্চ ন্যায়ালয়ত ঘটা মহাভিযোগবোৰ বাদ দি) বিৰূদ্ধেহে মহাভিযোগ আনিবগীয়া পৰিবেশ যেনেদৰে বিৰল তেনেদৰে চিন্তনীয় আৰু উদ্বেগজনকো।
     প্ৰবন্ধকাৰ পূৰ্বজ্যোতি চুটীয়াই ন্যায়াধীশ দীপক মিশ্ৰৰ কেইটামান ঐতিহাসিক ৰায়ৰ প্ৰসংগ আনিছে-বিশেষকৈ নিৰ্ভয়া কাণ্ডৰ চাৰিজন দোষীক মৃত্যুদণ্ড দিয়া আৰু য়াকুব মেননৰ ফাঁচী। তেখেতৰ মতে এই ৰায়সমূহে ন্যায়াধীশ হিচাপে দীপক মিশ্ৰৰ সংহতিক প্ৰমাণ কৰে। ভাৰতৰ ন্যায় ব্যৱস্থা অনুসৰি দোষীয়ে নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ সম্পূৰ্ণ সুযোগ লাভ কৰাৰ পাছতো প্ৰমাণ দিবলৈ বিফল হ’লে আৰু অভিযোগকাৰীৰ অভিযোগসমূহ সঁচা প্ৰমাণিত হ’লে যিকোনো পৰ্যায়ৰ ন্যায়াধীশে দোষীক শাস্তি প্ৰদান কৰিব পাৰে। উল্লিখিত ৰায়সমূহৰ বিচাৰপীঠৰ নেতৃত্বত ন্যায়াধিক দীপক মিশ্ৰ আছিল বাবেহে সম্ভৱ হৈছিল বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে সমাজলৈ ভুল বাৰ্তা নাযাবনে?
                                                  
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৫ মে’ ২০১৮]