Sunday, 13 May 2018

জাতিৰামৰ জাত আৰু বৰ্ণবাদ সন্দৰ্ভত


‘আমাৰ অসম’ত যোৱা ৩০ এপ্ৰিলত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘জাতিৰামৰ জাত আৰু বৰ্ণবাদ’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। কেইদিনমান আগতে অসমৰ কোনোবা ব্ৰাক্ষ্মণ সমাজে প্ৰস্তাৱ লোৱা অসবৰ্ণ বিবাহ নিষিদ্ধৰ বিৰূদ্ধে প্ৰবন্ধকাৰ বৰঠাকুৰে সুন্দৰভাবে যুক্তি দাঙি ধৰিছে। প্ৰবন্ধকাৰ যে এগৰাকী প্ৰগতিশীল মনৰ ব্যক্তি সেয়া প্ৰবন্ধটোৰ শেষৰ পাৰাগ্ৰাফটোৱে স্পষ্ট কৰিছে। কিন্তু, প্ৰবন্ধটোত সাংবিধানিক সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে তেখেতে দাঙি ধৰা যুক্তিটোত আমি একমত হ’ব নোৱাৰিলোঁ।
প্ৰবন্ধকাৰে কৈছে যে সংৰক্ষণ জাতিগত নহৈ আৰ্থিক অৱস্থা অনুযায়ী হ’ব লাগে বুলি প্ৰস্তাৱ উত্থাপন কৰিলে হয়তো সকলোৱে একেমুখে ইয়াক স্বীকাৰ কৰিব। সংৰক্ষণ ব্যৱস্থা আৰ্থিক অৱস্থা অনুযায়ী প্ৰস্তাৱ উত্থাপন কৰাৰ আগতে মন কৰিব লাগিব যে ভাৰতত গঢ়ি উঠা সামাজিক বৈষম্য ব্যক্তিভিত্তিক নহয়, জাতিভিত্তিকহে। গতিকে, সংৰক্ষণ ব্যৱস্থা আৰ্থিক অৱস্থা অনুযায়ী প্ৰস্তাৱ উত্থাপন কৰাৰ আগতে ব্যক্তিভিত্তিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰিবেশ সৃষ্টি কৰি ল’ব লাগিব। আন কথা একে থাকিলে, ভাৰতৰ সকলো জাতিৰ আৰ্থিক অৱস্থা সমান হ’লে ব্যক্তিভিত্তিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিবেশ আহিছে বুলি দাবী কৰিব পৰা যায়। কিন্তু তেনে পৰিবেশ সৃষ্টি হৈছেনে? ২০০৬ চনত প্ৰকাশ পোৱা সচ্ছাৰ সমিতিৰ প্ৰতিবেদন মতে, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে সংখ্যালঘু, অনুসূচিত জাতি/জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। শেহতীয়া তথ্য অনুসৰি (Hariram A, ‘Are Reservation Caste Based?, Round Table India, 2016), দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ লোক। কিন্তু উদ্যোগিক খণ্ডত তেওঁলোকৰ ৪১.২ শতাংশ মালিকীস্বত্ব আছে। সেইদৰে ভাৰতৰ মুঠ জনসংখ্যাৰ ক্ষত্ৰিয় আৰু বৈশ্য সম্প্ৰদায়ৰ লোক হ’ল ক্ৰমে ৫.৫ শতাংশ আৰু ৬ শতাশ। উদ্যোগিক খণ্ডত ক্ষত্ৰিয় আৰু বৈশ্য সম্প্ৰদায় লোকৰ মালিকীস্বত্ব হ’ল ক্ৰমে ১৮.৫ শতাংশ আৰু ১৭.৯ শতাংশ। অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ শতাংশ, উদ্যোগিক খণ্ডত তেওঁলোকৰ মাত্ৰ ৪.২ শতাংশহে মালিকীস্বত্ব আছে। দেশখনৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক হ’ল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ। কিন্তু, তেওঁলোকৰ মাত্ৰ ০.২ শতাংশৰহে উদ্যোগিক খণ্ডত মালিকীস্বত্ব আছে। সেৱা খণ্ডটো ৯০ শতাংশ উচ্চ বৰ্ণৰ লোকৰ একছেটিয়া নিয়ন্ত্ৰণত আছে। প্ৰাথমিক খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা আৰু সংখ্যালঘু লোক মিলি ৫০ শতাংশতকৈ বেছি লোক নিয়োজিত হৈ আছে, যিসকলৰ গড় মাহিলি আয় প্ৰায় ৫,০০০ টকা মাত্ৰ।
  জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ বিপক্ষে আন এক যুক্তি এনেধৰণৰ-উচ্চ জাতিৰ লোক অথচ আৰ্থিকভাবে নি:স্ব, কিন্তু সংৰক্ষণৰ সুবিধা পোৱা নাই। আনফালে, নীচ জাতিৰ আৰ্থিকভাবে সচ্ছল ব্যক্তিও জাতিভিত্তিক সংৰক্ষণৰ সুবিধা এৰি দিব নোখোজে। এয়া এক অন্যায় হিচাপে প্ৰতিষ্ঠা কৰাৰ আগতে জনা উচিত-ভাৰতত কি কি কাৰণত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলগা হৈছিল। সকলোৰে জ্ঞাত যে ভাৰতত জাতিভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ এটা প্ৰধান উদ্দেশ্য আছিল-বিভিন্ন দিশত সকলো জাতিৰে সমান প্ৰতিনিধিত্ব সম্ভৱ কৰি তোলা। সকলো দিশতে সকলো জাতিৰে সমান প্ৰতিনিধিত্ব নথকাৰ ফলতে যে তথাকথিত নীচ জাতৰ লোকসকল সামাজিক বৈষম্যৰ বলি হৈছিল তাত সন্দেহ নাই। আগতে উল্লেখ কৰা হৈছে যে দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ লোকহে ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ। বিভিন্ন দিশত তেওঁলোকৰ প্ৰতিনিধিত্ব এনেধৰণৰ-লোকসভাৰ মুঠ সদস্যৰ ৪৮ শতাংশ, ৰাজ্যসভাৰ মুঠ সদস্যৰ ৩৬ শতাংশ, দেশৰ মুঠ ৰাজ্যপালৰ ৫০ শতাংশ, মুঠ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ ৩৬ শতাংশ, মুঠ মুখ্য সচিবৰ ৫৪ শতাংশ, মুঠ অতিৰিক্ত মুখ্য সচিবৰ ৬২ শতাংশ, মন্ত্ৰীৰ মুঠ ব্যক্তিগত সহায়কৰ ৭০ শতাংশ, বিশ্ববিদ্যালয়সমূহৰ মুঠ উপাচাৰ্যৰ ৭০ শতাংশ, উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ ৫৬ শতাংশ, উচ্চ ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ ৪০ শতাংশ, মুঠ প্ৰাশাসনীয় সেৱাৰ ৭০ শতাংশ, সংবাদ মাধ্যমৰ মুঠ মুখ্য সম্পাদকৰ ৯০ শতাংশ আৰু মন্দিৰসমূহৰ মুঠ পুৰোহিতৰ ১০০ শতাংশ (Hariram A, পূৰ্বোল্লিখিত)। এই ছবিখন পোৱাৰ পাছত বাকী সম্প্ৰদায়বিলাকৰ ক’ত, কিমান প্ৰতিনিধিত্ব আছে বেলেগে উল্লেখ কৰাৰ দৰকাৰ নাই।    
বৰঠাকুৰে অনুভৱ কৰিছে যে জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাই সামাজিক বৈষম্য কমোৱাৰ সলনি ত্বৰাম্বিতহে কৰিছে। এনে অনুভৱ কৰাৰ ঠিক পিছতে এইটোও অনুভৱ কৰা উচিত-যদি ভাৰতৰ সংবিধানখনত জাতিভিত্তিক সংৰক্ষণৰ ব্যৱস্থা নাথাকিলেহেঁতেন, তেন্তে আজিৰ পৰিবেশত সামাজিক বৈষম্য কেনেকুৱা হ’লেহেঁতেন? অৱশ্যে, তেনে অনুভৱ কৰাৰ আগতে সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত ভাৰতৰ সামাজিক পৰিবেশ কেনেকুৱা আছিল সেয়াও অনুভৱ কৰিব পাৰিব লাগিব। 
স্বাধীনতাৰ আগৰ সময়ছোৱাৰ তুলনাত আজিৰ সমাজখনত জাত-পাতৰ দৰে সামাজিক ব্যাধিটোৰ মাত্ৰা কিছু হ্ৰাস পাইছে (বিশেষকৈ অসমত) আৰু বিভিন্ন দিশত পিচপৰা জাতি/জনজাতিসকলৰ প্ৰতিনিধিত্বৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে পঞ্চাছ শতাংশতকৈ বেছি কৃতিত্ব নিশ্চয় জাতিভিত্তিৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাকে দিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ মে’ ২০১৮, পৃষ্ঠা: ৪]

No comments:

Post a Comment