Tuesday, 15 May 2018

মুক্ত বজাৰ আৰু সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদৰ হাতোৰাত ৰঙালী বিহু


ভাৰতবৰ্ষত মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ মাত্ৰা বৃদ্ধি পোৱাৰ পাছত (বিশেষকৈ ১৯৯১ চনৰ পৰা) স্বাভাৱিকতে দেশখনৰ অৰ্থনীতিৰ লগতে ৰাজনীতি, সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰতো দ্ৰুতগতিত পৰিবৰ্তন ঘটিবলৈ ধৰিলে। মুক্ত বজাৰ ব্যৱস্থাই অসমৰ মৰমৰ ৰঙালী বিহুৰ ক্ষেত্ৰতো কিছুমান তাৎপৰ্যপূৰ্ণ পৰিবৰ্তন আনিবলৈ ধৰিছে। অৱশ্যে, গছত তলৰ পৰা মঞ্চলৈ আগমণ ঘটা সময়ৰ পৰাই ৰঙালী বিহুৰ পৰিবৰ্তন ঘটা পৰিলক্ষিত হৈছে। এটা কথা ঠিক যে ৰঙালী বিহুক গছৰ তলৰ পৰা মঞ্চলৈ অনা ব্যৱস্থাটোৱে মুক্ত অৰ্থনৈতিক ব্যৱ্স্থাত ঘটিব লগা বিহুৰ পৰিবৰ্তনক কিছু পৰিমাণে হ’লেও সহজ কৰি তুলিছে। অৰ্থাত, গছৰ তলৰ বিহু যেনেদৰে আছিল তেনেদৰে গছৰ তলতে থকা হ’লে মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ ফলত ৰঙালী বিহুৰ আজি যি পৰিবৰ্তন হৈছে, তাৰ মাত্ৰা যে কিছু কম হ’লেহেঁতেন তাত সন্দেহ নাই। তদুপৰি, শেহতীয়াকৈ ৰঙালী বিহুকে ধৰি অসমৰ যি নিজস্ব চহকী সংস্কৃতি আছে সেইবোৰৰ ওপৰত সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাই প্ৰভুত্ব বিস্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।  
প্ৰথমে মুক্ত বজাৰ ব্যৱস্থা আৰু ৰঙালী বিহুৰ প্ৰসংগ আলোচনা কৰা যাওক। ভাৰতত মু্ক্ত বজাৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত ৰঙালী বিহুৰ ওপৰত আন্ত:ৰাষ্ট্ৰীয় উপাদানৰ (International Elements) প্ৰভাৱ পৰিবলৈ ধৰিলে। মুক্ত বজাৰৰ ফলত ৰঙালী বিহু কেৱল মাত্ৰ অসমৰ মানুহৰ কৃষি ভিত্তিক আনন্দ উৎসৱ হৈ নাথাকিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল-ৰঙালী বিহু-সংস্কৃতিৰ পৰা সামগ্ৰীলৈ পৰিবৰ্তন হ’ল। অৰ্থাত, ৰঙালী বিহু উৎসৱতকৈ ভোগৰ সংস্কৃতি (?) হিচাপে স্বীকৃতি পাবলৈ ধৰিলে। গছৰ তলৰ পৰা মঞ্চলৈ অহাৰ লগে লগে ৰঙালী বিহুৰ নিয়ন্ত্ৰণ চহা গাঁৱলীয়া মানুহৰ পৰা অসমৰ মধ্যবিত্ত শ্ৰেণীৰ হাতলৈ গুচি গৈছিল। মুক্ত বজাৰ ব্যৱস্থাৰ ফলত লাহে লাহে অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে ৰঙালী বিহুক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা হ’ল। ৰঙালী বিহু দেশী-বিদেশী পুঁজিপতিৰ হাতলৈ যাবলৈ ধৰিলে। বজাৰে নিয়ন্ত্ৰণ কৰাৰ ফলত ৰঙালী বিহু মূলৰ পৰা ক্ৰমে আঁতৰি আহিবলৈ ধৰিলে। কাৰণ, বজাৰ ব্যৱস্থাত বজাৰে যি বিচাৰে সেই হিচাপে সামগ্ৰীৰ যোগান ধৰিবলগীয়া হয়। ৰঙালী বিহুকো বজাৰে বিচৰা ধৰণে সজাই ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। মন কৰিবলগীয়া দুখৰ কথাটো হ’ল-বজাৰ ব্যৱস্থাত সোমাই পৰাৰ পাছত ৰঙালী বিহু কৃষি ভিত্তিক উৎসৱৰ পৰা উদ্যোগিক খণ্ডত অন্তৰ্ভূক্ত হোৱাৰ উপক্ৰম হ’ল।
সামগ্ৰী হিচাপে নধৰি সংস্কৃতি হিচাপে ধৰিলেও মুক্ত সাংস্কৃতিক পৰিবেশত ৰঙালী বিহুয়ে নিজৰ প্ৰভুত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা নাই। মুক্ত অৰ্থনৈতিক ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেশবোৰৰ সংস্কৃতিয়েহে মুক্ত সাংস্কৃতিক ব্যৱস্থাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। বিহুগীতত অত্যধিক ইংৰাজী শব্দৰ প্ৰয়োগ, থলুৱা বাদ্য-যন্ত্ৰ কমকৈ ব্যৱহাৰ কৰি আধুনিক গীত, প’প, ৰ’ক বা আন সংগীতত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰ বেছিকৈ ব্যৱহাৰ কৰা আদিয়ে ৰঙালী বিহুৰ ওপৰত আন সংগীতৰ প্ৰভুত্ব বিস্তাৰকে প্ৰতিপন্ন কৰিছে।
মুক্ত বজাৰৰ প্ৰভাৱত মঞ্চ বিহু-(ক)মুকলি মঞ্চৰ বিহু আৰু (খ)টিভি মঞ্চৰ বিহু-এই দুই দিশে আগবাঢ়িছে। দুয়োবিধ বিহুৰে গাঁওৰ পৰম্পৰাগত নীতি-নিয়মৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই। বছৰটোৰ যিকোনো সময়তে গাঁৱে-ভূঞে টিভি চেনেলৰ প্ৰতিনিধি গৈ বিহু প্ৰচাৰ কৰি টি আৰ পি বৃদ্ধি কৰাই এই প্ৰকাৰ মঞ্চ বিহুৰ মূল উদ্দেশ্য। মু্ক্ত বজাৰৰ আও-ভাও নোপোৱা বা আও-ভাও পাই নিজৰ স্বাৰ্থ পূৰণৰ বাবে সেইবোৰ অনুষ্ঠানত সহযোগ কৰা অসমৰ মানুহবোৰে ৰঙালী বিহুক আৰু বজাৰমুখী কৰাত সহায় কৰিছে। 
ৰঙালী বিহুৰ মঞ্চত গায়ক/গায়িকাই অনুষ্ঠান পৰিবেশন কৰা পৰিবেশটোৱে ৰঙালী বিহুৰ ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পেলাইছে। বিহু মঞ্চত কোনো বিহুদলে বিহু পৰিবেশন কৰা আৰু কোনো গায়ক/গায়িকাই গীতৰ শৰাই আগবঢ়োৱা-এই দুটা বেলেগ অনুষ্ঠানক এটা অনুষ্ঠান হিচাপে গ্ৰহণ কৰা দেখা গৈছে। বিহুৰ এই দিশটোৱে দুয়োটা অনুষ্ঠানৰে যিমান লাভ কৰিছে, ক্ষতি ততোকৈ বেছি কৰিছে। বিহু মঞ্চত বিহুদলবোৰে বিহু পৰিবেশন কৰি যিমান টকা পায়, এজন গায়ক/গায়িকাই তাতকৈ বহুত বেছি টকা পায়। আৰ্থিক দিশত বিহু মঞ্চতে বিহু অনুষ্ঠানটোক অ-বিহু অনুষ্ঠানে দমন কৰি ৰাখিছে। অ-বিহু অনুষ্ঠান এটাত উৎযাপ̢ন সমিতিৰ বাজেট অনুসৰি বিভিন্ন ৰুচিৰ গায়ক/গায়িকাই গীত পৰিবেশৰ সুবিধা পায়। গোটেই বহাগ মাহটোৱেই গায়ক/গায়িকাৰ (সকলোৰে নহয়) বাবে ধন উপাৰ্জনৰ এটা মাহ হৈ পৰে। পৰম্পৰাগত বিহুৰ পৰা কিছু স্বাধীন হৈ পৰে বাবে বিহু অনুষ্ঠানৰ তুলনাত এইবোৰ অনুষ্ঠান বজৰুৱা অনুষ্ঠানলৈ ৰুপান্তৰিত হয়।
মুক্ত বজাৰ ব্যৱস্থাৰ উপৰিও দেশখনক ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ হিচাপে চিনাকি দিব বিচৰা সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদী ধাৰণাটোৱে অসমৰ ৰঙালী বিহুটোৰ অস্তিত্বৰ ক্ষেত্ৰত অতিৰিক্ত সমস্যা হিচাপে দেখা দিছে। স্বাধীন ৰাষ্ট্ৰ এখনত ‘এক সংস্কৃতি’ ধাৰণাটোৱে ৰাষ্ট্ৰখনৰ জনসাধাৰণক একত্ৰিত কৰি ৰখাত সহায় কৰে। কিন্তু, ভাৰতৰ দৰে বিচিত্ৰ সংস্কৃতিৰ দেশ এখনত ‘এক সংস্কৃতি’ৰ ধাৰণা প্ৰয়োগ কৰিলে জটিলতাহে বৃদ্ধি পাব। কাৰণ, ভাৰতৰ সকলো জনসাধাৰণে গ্ৰহণ কৰিব পৰাকৈ কোনো নিৰ্দিষ্ট ‘এক সংস্কৃতি’ নাই। যিবিলাক সংস্কৃতিক ‘এক সংস্কৃতি’ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হ’ব, সেইবোৰ দেশখনৰ কোনো এটা নিৰ্দিষ্ট অঞ্চল আৰু ধৰ্মৰ সংস্কৃতিহে হ’ব। আদৰ্শৰ পাৰ্থক্য থকা সত্বেও অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ এটা অংশই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত জোৰ দিয়া শক্তিৰ সৈতে হাত মিলোৱাৰ ফলত দুৰ্বল আঞ্চলিকতাবাদী শিবিৰটোক অধিক দুৰ্বল কৰি পেলাইছে। এনে পৰিস্থিতিত ৰঙালীৰ বিহুৰ নিজস্ব চিনাকি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰিব বুলি ক’ব নোৱাৰি। আঞ্চলিকতাবাদী শিবিৰৰ কিছুমান নেতা আৰু বুদ্ধিজীৱীয়ে সময় আৰু স্থানৰ সুবিধা বুজি কেতিয়াবা সংকীৰ্ণ ৰাষ্ট্ৰয়তাবাদী আৰু কেতিয়াবা আঞ্চলিকতাবাদী ভাৱধাৰাৰ সৈতে সংগতি ৰাখি মাত মাতি নিজে সুবিধাজনক স্থিতিত থাকি অসমৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰঙালী বিহুকে ধৰি অসমৰ সাংস্কৃতিক পৰিবেশটোকে জটিল কৰি তোলে।
সুখৰ কথাটো হ’ল-গাঁওৰ চহা খেতিয়ক ৰাইজৰ বাবে ৰঙালী বিহু, কিছু ৰুপান্তৰৰ মাজেৰে এতিয়াও প্ৰকৃত অৰ্থৰ ৰঙালী বিহুৱেই হৈ আছে। তেওঁলোকে এতিয়াও ‘লাউ খা বেঙেনা খা’, ‘গধূলি নিজৰ গৰু কেইটাক তৰাৰ নতুন পঘাৰে বন্ধা’ আদি নীতি-নিয়ম পালনেৰে ৰঙালী বিহুৰ পৰম্পৰা অব্যাহত ৰাখিছে। গাঁওবোৰত ঘৰে ঘৰে হুঁচৰি মৰা প্ৰথা কিছু কমিছে যদিও নি:শেষ হৈ যোৱা নাই।   


[প্ৰকাশিত, ‘বৰগছ’, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু

 দেৰগাঁবাসীৰ সহযোগত আয়োজিত মুকলি বিহু, ২০১৮ বৰ্ষৰ 

স্মৃতিগ্ৰন্থ, ১৬ এপ্ৰিল, ২০১৮, পৃষ্ঠা: ১২৭-১২৯)

No comments:

Post a Comment