Tuesday 12 December 2017

গোৱালপাৰা জিলাৰ বনাঞ্চলৰ হিচাপ

আমাৰ অসম’ৰ গুৱাহাটী সংস্কৰণৰ ৭ নম্বৰ পৃষ্ঠাত যোৱা ৯ ডিচেম্বৰত ‘গোৱালপাৰাত ৯,০৭৫ হেক্টৰ বনাঞ্চল বেদখল’ শীৰ্ষক এটা বাতৰি প্ৰকাশ পাইছে। বাতৰিটোত গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ হিচাপ ভুলকৈ প্ৰকাশ পাইছে। বাতৰিটোৰ মতে, ‘মুঠ (গোৱালপাৰা জিলাৰ) বনাঞ্চলৰ সংখ্যা হৈছে ১০৩ খন। ইয়াৰে ৫৬ খন সংৰক্ষিত বনাঞ্চল আৰু ৪৭ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল।’ গোৱালপাৰা জিলাৰ জিলা বন বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি জিলাখনৰ মুঠ বনাঞ্চলৰ সংখ্যা হৈছে ১০২ খন। ইয়াৰে ৫৪ খন সংৰক্ষিত বনাঞ্চল আৰু ৪৮ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল। তদুপৰি, বাতৰিটোৰ কোৱা হৈছে, ‘জিলাখনৰ চাৰিটা বনাঞ্চলিকৰ ভিতৰত লক্ষীপুৰত ১২ খন, গোৱালপাৰাত ১০ খন, কৃষ্ণাইত ১০ খন আৰু ৰংজুলিত ২৪ খন সংৰক্ষিত বনাঞ্চল আছে।’ আচলতে হিচাপটো হ’ব লাগে এনেধৰণৰ-লক্ষীপুৰত ১১ খন, গোৱালপাৰাত ১০ খন, কৃষ্ণাইত ১০ খন (গোৱালপাৰা আৰু কৃষ্ণাইৰ হিচাপ ঠিকে আছে) আৰু ৰংজুলিত ২৩ খন সংৰক্ষিত বনাঞ্চল আছে। বাতৰিটোত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপ এনেদৰে দিছে-লক্ষীপুৰত ৬ খন, গোৱালপাৰাত ৭ খন, কৃষ্ণাইত ১৫ খন আৰু ৰংজুলিত ১৯ খন। কৃষ্ণাইৰ হিচাপ ঠিকে আছে। কিন্তু, আন তিনিখন বনাঞ্চলিকৰ বনাঞ্চলৰ হিচাপ হ’ব লাগে-লক্ষীপুৰত ৯ খন, গোৱালপাৰাত ৯ খন আৰু ৰংজুলিত ১৫ খন। বন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি জিলাখনৰ ৩৫,৮০৪.২৮ হেক্টৰ ভূমিত বনাঞ্চল আছে (বাতৰিটোত কোৱা হৈছে প্ৰায় ৩৬,৪৮৫ হেক্টৰ ভূমিত বনাঞ্চল আছে)।
বহুসময়ত গৱেষকসকলে বাতৰি কাকতত প্ৰকাশ পোৱা তথ্যকে তেওঁলোকৰ গৱেষণাৰ তথ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰে। গোৱালপাৰা জিলাৰ বনাঞ্চল সম্পৰ্কে গৱেষণা কৰাসকলে যাতে শুদ্ধ তথ্য লাভ কৰে, সেই উদ্দেশ্য আগত ৰাখিহে এই চিঠিখন লিখা হ’ল। 


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৩ ডিচেম্বৰ ২০১৭, পৃষ্ঠা: ৯]

Sunday 10 December 2017

প্ৰসংগ: বিনাশকালে বিপৰীত বুদ্ধি

‘নিয়মীয়া বাৰ্তা’ত যোৱা ৪ ডিচেম্বৰত সুমন্ত চলিহাৰ ‘বিনাশকালে বিপৰীত বুদ্ধি’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। চলিহাৰ সৈতে দ্বিমত নাই যে অসমৰ খিলঞ্জীয়া লোকসকলক কেউফালৰ পৰা কেকোঁৰা চেপা দি চেপিবলৈ ধৰিছে আৰু এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আত্মৰক্ষাৰ উপায় উদ্ভাৱনৰ প্ৰয়োজন হৈছে। কিন্তু আত্মৰক্ষাৰ উপায় হিচাপে এইটো নহয় যে চুবুৰীয়া ৰাজ্যৰ জনসাধৰণক গুলিয়াই হত্যা কৰা কাৰ্যক সমৰ্থন জনোৱা উচিত। ভাৰতবৰ্ষত আন্ত:ৰাজ্যিক সীমা সমস্যাবিলাক সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰবোৰে ৰাজনৈতিকভাবে সমাধান কৰাৰ উপায় আছে। ৰাজ্যবোৰে নিজৰ মাজতে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সমাধানৰ পথ দেখুৱাই দিয়ে। যি সময়ত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে দেশৰ সীমা সমস্যা সমাধানৰ চিন্তাচৰ্চা কৰা হৈছে সেই সময়ত আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণক গুলিয়াবলৈ পৰামৰ্শ দিয়া কোনোবা উগ্ৰ সাম্প্ৰদায়িক বুদ্ধিজীৱিক (?) চলিহাই সমৰ্থন জনোৱা দেখিহে আমাৰ চকু কপালত উঠিছে।
চলিহাই তেখেতৰ লেখাটোত ১৩ নৱেম্বৰৰ ঘটনাটোৰ জেৰ টানি ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক পাৰ্যমানে গালি পাৰিছে। ঘটনাটোৰ সন্দৰ্ভত চৰকাৰে আইন অনুসৰি কাৰ্যব্যৱস্থা লৈছে বাবে সময়ত সকলো স্পষ্ট হৈ পৰিব। কিন্তু এটা কথা ঠিক যে এটা পক্ষই ঘটনাটোক কিছু হ’লেও নিজৰ ধৰণেৰে সাজিবলৈ চেষ্টা কৰি অসমৰ জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ তৎপৰ হৈছিল। অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে ইয়াৰ উমান পালে আৰু সেয়েহে ঘটনাটোৰ প্ৰথম দুদিনত যি ধৰণে ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক খলনায়ক সজাবলৈ চেষ্টা কৰা হৈছিল খুব কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰৱণতা হ্ৰাস পালে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ ডিচেম্বৰ ২০১৭]