যোৱা
১ মাৰ্চ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত গীতাৰ্থ পাঠকৰ ‘ৰাষ্ট্ৰদ্ৰোহ
বনাম মুকলি চিন্তাৰ বজাৰ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এইটো
ঠিক যে স্বচ্চ ৰাজহুৱা আলোচনাত চিন্তাধাৰাৰ মুক্ত প্ৰতিযোগিতাৰ ফলত সত্য উন্মোচিন
হয়, ঠিক যেনেদৰে অৰ্থনীতিত মুক্ত প্ৰতিযোগিতাৰ ফলত দ্ৰব্য আৰু সেৱাৰ গুণগত মান
উন্নত হয়। ইয়াত নিশ্চয় কাৰো দ্বিমত নাই যে অৰ্থনীতিৰ মুক্ত প্ৰতিযোগিতাৰ নীতিয়ে
দ্ৰব্য আৰু সেৱাৰ, সত্যৰে উন্মোচন (যদি এক নিৰ্দিষ্ট পৰ্যায়ৰ পাছত সংশ্লিষ্ট
দ্ৰব্য বা সেৱাৰ গুণগত মান আৰু বঢ়াব নোৱাৰি) কৰে। কিন্তু, দেখা গৈছে যে জে এন ইউ
প্ৰসংগত যিসকলে মুকলি চিন্তাধাৰাৰে সত্য উন্মোচন সমৰ্থন কৰি আছে, দ্ৰব্য আৰু সেৱাৰ
সত্য উন্মোচনৰ ক্ষেত্ৰত তেওঁলোকৰ বেছিভাগৰে মতাদৰ্শ সম্পূৰ্ণ ওলোটা। এক কথাত,
অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁলোক মুক্ত প্ৰতিযোগিতাৰ পক্ষপাতি নহয়। হয়, ইয়াত বামপন্থী
আৰু নিজকে উদাৰ (যিসকলে উদাৰতাকো বাছনি কৰে) বুলি চিনাকি দিব বিচৰাসকলৰ কথাকে কোৱা
হৈছে। নিজৰ চিন্তাধাৰাত উদাৰতাৰ মোহৰ লগোৱা, সক্ৰিয় বামপন্থী থকা শিক্ষানুষ্ঠানত
সোঁপন্থীৰ কোনোবা প্ৰবক্তাই প্ৰবেশ কৰিলে, বামপন্থী ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ
ঘটনাও আমাৰ ভাৰতবৰ্ষতে আছে (যাতে সংশ্লিষ্ট প্ৰবক্তাজনে শিক্ষানুষ্ঠানখনত মুকলিভাবে
বক্তব্য ৰাখিব নোৱাৰে)।
সি
যি কি নহওক, অৰ্থনীতি আৰু তৰ্কৰ মুক্ত প্ৰতিযোগিতাৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে।
কিন্তু, যদি সত্যৰ উন্মোচনেই দেশৰ উন্নয়ন সাধন কৰিব পাৰে-তেন্তে সত্য উন্মোচনৰ
ক্ষেত্ৰত তেওঁলোকে তৰ্কৰ নীতি আৰু অৰ্থনীতিৰ নীতিক দুটা সম্পূৰ্ণ বিপৰীত মেৰুত
ৰাখে কিয়? এয়া তেওঁলোকৰ স্ববিৰোধী স্থিতি নহয়নে?
[প্ৰকাশিত 'আমাৰ অসম', ১৮ মাৰ্চ, ২০১৬]