Tuesday 27 July 2021

গো-সুৰক্ষা আইনে জনজাতিক অৰ্থনৈতিক নিৰাপত্তা দিবনে ?


        মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰখনে গো-সুৰক্ষাৰ উদ্দেশ্যে বিধানসভাৰ চলিত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিছে । মূলত: ধৰ্মীয় বিশ্বাস আৰু ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে এই বিধেয়কখন উত্থাপন কৰা হৈছে তাত কোনো সন্দেহ নাই । সি যি কি নহওক, যিকোনো এখন আইন প্ৰণয়ন কৰিবলৈ যোৱাৰ আগতে সংশ্লিষ্ট আইনখনে প্ৰভাৱ পেলাব পৰা সকলোবোৰ দিশ চালিজাৰি চোৱাৰ নিশ্চয় প্ৰয়োজন আছে । প্ৰস্তাৱিত আইনখনো ইয়াৰ ব্যতিক্ৰম নহয় । আমি আলোচনা কৰিব বিচৰা বিষয়টো হ'ল-প্ৰস্তাৱিত গো-সুৰক্ষা আইনখনে অসমৰ জনজাতিসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে নেকি ? 

     ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ১২.৪৫ শতাংশ লোক অনুসূচিত জনজাতিৰ ।  জনজাতিসকল কেৱল এটা সংগঠিত ধৰ্মৰ অন্তৰ্গত লোক নহয় । হিন্দু ধৰ্মালম্বী জনজাতিসকলকে গো মাংস ভক্ষণ নকৰে । কিন্তু, খ্ৰিষ্টান ধৰ্মালম্বী জনজাতিসকলে গো মাংস ভক্ষণ কৰে । অৱশ্যে, নতুনকৈ খ্ৰিষ্টান ধৰ্ম গ্ৰহণ কৰা জনজাতীয় লোকসকল এই ক্ষেত্ৰত ব্যতিক্ৰম ।  গো মাংস ভক্ষণ কৰক বা নকৰক জনজাতীয় লোকসকলে তেওঁলোকৰ পৰিয়ালটোৰ অৰ্থনৈতিক নিৰাপত্তাৰ বাবে ছাগলী আৰু গাহৰিৰ উপৰি গৰুও পোহে ।  দুই-এটা পৰিয়ালৰ বাহিৰে গাঁৱত বসবাস কৰা জনজাতীয় লোকসকলৰ প্ৰতিটো পৰিয়ালৰে দুটাৰ পৰা সাত/আঠটালৈকে গৰু থাকে । সকলোৱে জনা কথা যে বলধক  হাল বোৱা আৰু মৰণা মৰা কামত ব্যৱহাৰ কৰে আৰু গাই গৰুবোৰক বিশেষকৈ গাখীৰ আৰু গৰুৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে পোহে ।  কিন্তু, কেইটামান গৰু কেৱল বিক্ৰী কৰাৰ উদ্দেশ্য পোহে । পৰিয়ালটোৱে আৰ্থিক সংকটত পৰাৰ উপক্ৰম হ’লেই বিক্ৰিৰ বাবে পোহা গৰুকেইটাক বিক্ৰি কৰি দিয়ে ।  বহুতে গৰু বিক্ৰী কৰি ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ খৰচৰ পৰা আৰম্ভ কৰি পকা ঘৰ নিৰ্মাণ কৰালৈকে দীৰ্ঘকালীন পৰিকল্পনা কৰে । মুঠ কথা, জনজাতীয় লোকসকলৰ মাজত গৰুৰ মূল্য ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিতকৈ অৰ্থনৈতিক নিৰাপত্তাৰ সৈতেহে বেছি জড়িত । বিদ্যায়তনিক অধ্যয়নতো ইয়াৰ প্ৰতিফলন ঘটিছে । উদাহৰণস্বৰূপে, ২০১৪ চনত Economic Affairs নামৰ গৱেষণামূলক আলোচনীখনৰ ৫৯ সংখ্যক সংখ্যাটোত ডি কে মজুমদাৰ, ডি এন কলিতা আৰু এছ ছি কলিতাৰ জনজাতিসকলৰ পশুপালন সম্পৰ্কীয় এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল । কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ দহখন জনজাতি অধ্যূষিত অঞ্চলত অধ্যয়ন চলাই তেওঁলোকে পাইছিল যে জনজাতীয় লোকসকলৰ বছৰি মুঠ আয়ৰ ১৯.৪৬ শতাংশ পশুপালনৰ পৰা আহে । অধ্যয়নটোত তেওঁলোকে পশুপালনত ছাগলী আৰু গাহৰিৰ উপৰি গৰুকো অন্তৰ্ভূক্ত কৰিছে ।

    এইটো নিশ্চিত যে যদি প্ৰস্তাৱিত আইনখনে গৰুৰ বজাৰখনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, তেন্তে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব । গতিকে, প্ৰস্তাৱিত আইনখনে যাতে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কসকলে বিধানসভাত বিশেষভাবে আলোচনা কৰাৰ প্ৰয়োজন আছে ।  আন বিধায়কসকলে প্ৰস্তাৱিত আইনখনৰ ওপৰত কি মতামত দিয়ে সেয়া বেলেগ কথা । কিন্তু, জনজাতীয় মূলৰ বিধায়কসকলে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰস্তাৱিত আইনখনে পেলাব পৰা বেয়া প্ৰভাৱ সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰা উচিত ।  অন্যথা, জনজাতীয় লোকসকলে অদূৰ ভৱিষ্যতে প্ৰস্তাৱিত আইনখনৰ সন্দৰ্ভত আন বিধায়কসকলৰ মতামতবিলাক মনত নাৰাখিলেও জনজাতীয় মূলৰ বিধায়কসকল যে মৌন হৈ আছিল সেয়া মনত ৰাখিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ জুলাই ২০২১, পৃষ্ঠা: ৪]

Saturday 24 July 2021

ৰাইজে এইবোৰ কি দেখিবলৈ পাইছে ?

     

    শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ বিধানসভাৰ প্ৰথম অধিৱেশনখন যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হৈছে । এই অধিৱেশনখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ । প্ৰথম, দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হ'বলৈ অংগীকাৰবদ্ধ হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন অধিৱেশন । দ্বিতীয়, জনজাতীয় মূলৰ ব্যক্তি এজনে অধ্যক্ষৰ আসন শুৱনি কৰিছে । তৃতীয়, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিছে । চতুৰ্থ, অখিল গগৈয়ে প্ৰায় ডেৰ বছৰ ধৰি জেলত থাকি জেলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেইদিনমান আগতে নিৰ্দিষী হিচাপে প্ৰমাণ পোৱাৰ পিছত বিধানসভাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে । কিন্তু, যোৱা ১৫ জুলাইলৈকে বিধানসভাৰ ভিতৰত সংঘটিত কিছুমান দৃষ্টিকটু দৃশ্য দেখি অসমৰ জনসাধাৰণ নিৰাশ হোৱাৰ উপৰি অস্বস্তি অনুভৱ কৰিছে। 

     ফেচবুক আৰু অসমৰ বৈদ্যুতিন মাধ্যম খুলিলেই অসমৰ চলিত বিধানসভাত চলা এনেকুৱা কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়,  যিবিলাক দৃশ্য অসমৰ মানুহে কেতিয়াও দেখা নাছিল আৰু দেখিবলৈ পাম বুলিও কল্পনা কৰা নাছিল ।  অখিল গগৈয়ে বিধানসভাত মাত মাতিবলৈ আৰম্ভ কৰাৰ পৰাই কিছুমান দৃষ্টিকটু দৃশ্য দেখিবলৈ পোৱা গৈছে । অখিল গগৈৰ মুক্তিৰ পিছত অসমৰ মানুহে অন্তত: ভাবিছিল যে এইবাৰ অসম বিধানসভাৰ অধিৱেশনত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক হ’ব ।  কাৰণ, শত্ৰু হ’লেও এই কথা মানিব লাগিব যে অখিল গগৈ এগৰাকী সংগ্ৰামী নেতা হোৱাৰ লগতে প্ৰচুৰ অধ্যয়শীল ব্যক্তি ।  সেইদৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এগৰাকী অধ্যয়শীল আৰু অভিজ্ঞ ৰাজনীতিক । কিন্তু, প্ৰথম দিনটোৰ পৰাই বিধানসভাত অখিল গগৈয়ে কৰা কিছুমান আচৰণে বহুতকে নিৰাশ কৰিবলৈ ধৰিলে । অধ্যক্ষই নিয়ম অনুসৰি বিধানসভাৰ কাম চলাই নিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ।  দৃশ্যবোৰ দেখি এনেকুৱা লাগিছে  যে তেওঁ একেদিনাই তেওঁৰ ক’বলগীয়া কথাখিনি ক’বলৈ বিচাৰিছে ।  অৱশ্যে, তেওঁৰ এই আচৰণ বিধানসভাত অংশগ্ৰহণ কৰাৰ এটা কৌশলো হ’ব পাৰে । কিন্তু, কৌশল হ’লেও সেয়া গ্ৰহণযোগ্য নহয় ।  ইয়াৰ বিপৰীতে, মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলটোৰ একাংশ বিধায়কে অখিল গগৈৰ এনে আচৰণৰ বাবেই যেন বহুদিন ধৰি বাদ চাই আছিল । সকলো যেন অখিল গগৈক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে । তেওঁলোকে এনেধৰণৰ কিছুমান আচৰণ আৰু বাক্য প্ৰয়োগ কৰি অখিল গগৈক আক্ৰমণ কৰিবলৈ ধৰিলে যিবোৰ আচৰণ আৰু বাক্যৰ প্ৰয়োগ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিব পাৰে বুলি ভাবিবই নোৱাৰি । মুঠ কথা, “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ” , আপ্তবাক্যটো একাংশ মন্ত্ৰী আৰু বিধায়কে পাহৰি গৈছে ।

        এনেকুৱা নহয় যে বিধানসভাৰ চলিত অধিৱেশনখনত গঠনমূলক আলোচনা হোৱা নাই বা উপযুক্ত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক চল নাই । কিন্তু, যোৱা কেইদিনত যিবোৰ দৃষ্টিকটু দৃশ্য অসমৰ ৰাইজে দেখিবলৈ পাইছে তাৰ তুলনাত প্ৰচুত তথ্যভিত্তিক আৰু বাস্তৱিক বিষয়ৰ ওপৰত চলা যুক্তি-তৰ্কবোৰ তল পৰি গৈছে । এই ক্ষেত্ৰত একাংশ বৈদ্যুতিন মাধ্যমৰ ভুমিকাও সমালোচনাৰ বাহিৰত নহয় । টিআৰপি বৃদ্ধিৰ স্বাৰ্থত একাংশ বৈদ্যুতিন মাধ্যমে অসমৰ পবিত্ৰ বিধানসভাত চলি থকা ইতিবাচক দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দৃষ্টিকটু দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰা দেখা গৈছে ।  অসমৰ প্ৰতিজন মানুহ ইমান পৰিপক্ক হৈ উঠা নাই যে বিধানসভাত চলি থকা নেতিবাচক দৃশ্যবোৰক অৱজ্ঞা কৰি ইতিবাচক দৃশ্যবোৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে । 

  [প্ৰকাশিত, 'আমাৰ অসম', ২৫ জুলাই ২০২১, পৃষ্ঠা: ৪ ]