Saturday, 24 July 2021

ৰাইজে এইবোৰ কি দেখিবলৈ পাইছে ?

     

    শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ বিধানসভাৰ প্ৰথম অধিৱেশনখন যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হৈছে । এই অধিৱেশনখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ । প্ৰথম, দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হ'বলৈ অংগীকাৰবদ্ধ হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন অধিৱেশন । দ্বিতীয়, জনজাতীয় মূলৰ ব্যক্তি এজনে অধ্যক্ষৰ আসন শুৱনি কৰিছে । তৃতীয়, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিছে । চতুৰ্থ, অখিল গগৈয়ে প্ৰায় ডেৰ বছৰ ধৰি জেলত থাকি জেলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেইদিনমান আগতে নিৰ্দিষী হিচাপে প্ৰমাণ পোৱাৰ পিছত বিধানসভাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে । কিন্তু, যোৱা ১৫ জুলাইলৈকে বিধানসভাৰ ভিতৰত সংঘটিত কিছুমান দৃষ্টিকটু দৃশ্য দেখি অসমৰ জনসাধাৰণ নিৰাশ হোৱাৰ উপৰি অস্বস্তি অনুভৱ কৰিছে। 

     ফেচবুক আৰু অসমৰ বৈদ্যুতিন মাধ্যম খুলিলেই অসমৰ চলিত বিধানসভাত চলা এনেকুৱা কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়,  যিবিলাক দৃশ্য অসমৰ মানুহে কেতিয়াও দেখা নাছিল আৰু দেখিবলৈ পাম বুলিও কল্পনা কৰা নাছিল ।  অখিল গগৈয়ে বিধানসভাত মাত মাতিবলৈ আৰম্ভ কৰাৰ পৰাই কিছুমান দৃষ্টিকটু দৃশ্য দেখিবলৈ পোৱা গৈছে । অখিল গগৈৰ মুক্তিৰ পিছত অসমৰ মানুহে অন্তত: ভাবিছিল যে এইবাৰ অসম বিধানসভাৰ অধিৱেশনত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক হ’ব ।  কাৰণ, শত্ৰু হ’লেও এই কথা মানিব লাগিব যে অখিল গগৈ এগৰাকী সংগ্ৰামী নেতা হোৱাৰ লগতে প্ৰচুৰ অধ্যয়শীল ব্যক্তি ।  সেইদৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এগৰাকী অধ্যয়শীল আৰু অভিজ্ঞ ৰাজনীতিক । কিন্তু, প্ৰথম দিনটোৰ পৰাই বিধানসভাত অখিল গগৈয়ে কৰা কিছুমান আচৰণে বহুতকে নিৰাশ কৰিবলৈ ধৰিলে । অধ্যক্ষই নিয়ম অনুসৰি বিধানসভাৰ কাম চলাই নিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ।  দৃশ্যবোৰ দেখি এনেকুৱা লাগিছে  যে তেওঁ একেদিনাই তেওঁৰ ক’বলগীয়া কথাখিনি ক’বলৈ বিচাৰিছে ।  অৱশ্যে, তেওঁৰ এই আচৰণ বিধানসভাত অংশগ্ৰহণ কৰাৰ এটা কৌশলো হ’ব পাৰে । কিন্তু, কৌশল হ’লেও সেয়া গ্ৰহণযোগ্য নহয় ।  ইয়াৰ বিপৰীতে, মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলটোৰ একাংশ বিধায়কে অখিল গগৈৰ এনে আচৰণৰ বাবেই যেন বহুদিন ধৰি বাদ চাই আছিল । সকলো যেন অখিল গগৈক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে । তেওঁলোকে এনেধৰণৰ কিছুমান আচৰণ আৰু বাক্য প্ৰয়োগ কৰি অখিল গগৈক আক্ৰমণ কৰিবলৈ ধৰিলে যিবোৰ আচৰণ আৰু বাক্যৰ প্ৰয়োগ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিব পাৰে বুলি ভাবিবই নোৱাৰি । মুঠ কথা, “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ” , আপ্তবাক্যটো একাংশ মন্ত্ৰী আৰু বিধায়কে পাহৰি গৈছে ।

        এনেকুৱা নহয় যে বিধানসভাৰ চলিত অধিৱেশনখনত গঠনমূলক আলোচনা হোৱা নাই বা উপযুক্ত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক চল নাই । কিন্তু, যোৱা কেইদিনত যিবোৰ দৃষ্টিকটু দৃশ্য অসমৰ ৰাইজে দেখিবলৈ পাইছে তাৰ তুলনাত প্ৰচুত তথ্যভিত্তিক আৰু বাস্তৱিক বিষয়ৰ ওপৰত চলা যুক্তি-তৰ্কবোৰ তল পৰি গৈছে । এই ক্ষেত্ৰত একাংশ বৈদ্যুতিন মাধ্যমৰ ভুমিকাও সমালোচনাৰ বাহিৰত নহয় । টিআৰপি বৃদ্ধিৰ স্বাৰ্থত একাংশ বৈদ্যুতিন মাধ্যমে অসমৰ পবিত্ৰ বিধানসভাত চলি থকা ইতিবাচক দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দৃষ্টিকটু দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰা দেখা গৈছে ।  অসমৰ প্ৰতিজন মানুহ ইমান পৰিপক্ক হৈ উঠা নাই যে বিধানসভাত চলি থকা নেতিবাচক দৃশ্যবোৰক অৱজ্ঞা কৰি ইতিবাচক দৃশ্যবোৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে । 

  [প্ৰকাশিত, 'আমাৰ অসম', ২৫ জুলাই ২০২১, পৃষ্ঠা: ৪ ]

No comments:

Post a Comment