Friday 20 December 2019

অসমত পাহাৰ আৰু ভৈয়ামৰ সংঘাত


      অসমত নানা জাতি, জনজাতি, ধৰ্ম, বৰ্ণ, ভাষা-ভাষী মানুহে বসবাস কৰি আহিছে। ইতিহাসৰ পাত লুতিয়ালে দেখা যায় যে অসমত বিভিন্ন সময়ত বিভিন্ন পাৰ্থক্যৰ ভিত্তিত সংঘাত সৃষ্টি হৈ আহিছে। পাৰ্থক্যবোৰে কেতিয়াবা প্ৰত্যক্ষ সংঘৰ্ষৰো সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে-জনগোষ্ঠীয় পাৰ্থক্যৰ ভিত্তিত ২০১১ চনৰ প্ৰথমভাগত সংঘটিত গাৰো-ৰাভাৰ সংঘৰ্ষ, ধৰ্ম আৰু সম্প্ৰদায়ৰ পাৰ্থক্যৰ ভিত্তিত ২০১২ চনৰ মাজভাগত সংঘটিত বড়ো-মুছলমানৰ সংঘৰ্ষ। তদুপৰি, ভাষা আৰু সংস্কৃতিৰ পাৰ্থক্যৰ ভিত্তিত অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত চলি থাকে। আৰ্থ-সামাজিক পাৰ্থক্যৰ ভিত্তিত অসমৰ খিলঞ্জীয়া আৰু বহি:ৰাজ্যৰ মানুহৰ মাজত সংঘটিত সংঘাতৰ প্ৰসংগতো আছেই। ভৌগোলিক পাৰ্থক্যৰ ভিত্তিতো অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে। এই প্ৰবন্ধটোত অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টিৰ উপাদানসমূহ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। 
     আৰ্যসকলৰ দ্বাৰা ৰচিত পুৰাণবোৰত পাহাৰত বসবাস কৰা লোকসকলক অনাৰ্য তথা কিৰাত হিচাপে নামাকৰণ কৰা হৈছে বেদ আৰু পুৰাণৰ ভিত্তিত ভৈয়ামত বসবাস কৰা আৰ্যসকলে নিজকে দেৱতাৰ স্থানত ৰাখি পাহাৰৰ অনাৰ্য তথা কিৰাতসকলক মানুহ নামৰ অযোগ্য অসুৰ, দানৱ, নিষাদ, কিৰাত, ম্লেছ আদি ৰূপে গণ্য কৰিছিল। ‘পদ্মপুৰাণ’ৰ ‘সৃষ্টি খণ্ড’ত অনাৰ্যসকলক বৰ্বৰ, সৰ্বভক্ষণকাৰী, জধামূৰ্খ, ভাষা পৈশাচিক চৰিত্ৰৰ আৰু কোনো ভাল সামাজিক ৰীতি-নীতি নথকা জীৱ হিচাপে উপহাস কৰা হৈছে। বৰ্তমান ভৈয়ামৰ লোকসকলৰ পাহাৰীয়া লোকসকলৰ প্ৰতি থকা এই মনোভাৱ হ্ৰাস পাইছে যদিও নি:শেষ হৈ যোৱা নাই (নি:শেষ হোৱাৰ সম্ভাৱনা ক্ষীণ)। পুৰাণ সৃষ্টিৰ যুগৰ পৰা আজিলৈকে ভৈয়ামৰ লোকসকলৰ পাহাৰীয়া লোকসকলৰ প্ৰতি থকা উপহাসমূলক আৰু হীন দৃষ্টিভংগীয়ে পাহাৰীয়া লোকসকলৰ মনত স্বাভাৱিকতে বিৰাগ সৃষ্টি কৰে।
      ব্ৰিটিছসকলে ভাৰতবৰ্ষত তেওঁলোকৰ শাসনকাল দীঘলীয়াকৈ চলাই ৰখাৰ অভিপ্ৰায়েৰে বিভাজন নীতি প্ৰয়োগ কৰিছিল। তেওঁলোকৰ বিভাজন নীতিয়ে অসমত সুন্দৰভাবে সফলতা লাভ কৰিছিল। ১৮৭৩ চনত ‘ইনাৰ লাইন’ নীতি সূচনা কৰি ব্ৰিটিছ চৰকাৰে বিনা অনুমতিত ভৈয়ামৰ মানুহক পাহাৰীয়া অঞ্চললৈ যোৱাত বাধা আৰোপ কৰিছিল। ১৯৩৫ চনত ছাইমন আয়োগৰ পৰামৰ্শৰ ভিত্তিত ব্ৰিটিছ চৰকাৰে ১৯১৯ চনত ‘পিছপৰা এলেকা’ হিচাপে ঘোষণা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহক বহিৰ্ভূত এলেকা  (Excluded Area) আৰু আংশিকভাবে বহিৰ্ভূত এলেকা  (Partially Excluded Area)-এই দুটা ভাগত ভাগ কৰিছিল। প্ৰশাসনিক বিভাজনৰ সমান্তৰালকৈ ধৰ্মৰ ভিত্তিতো পাহাৰ আৰু ভৈয়ামৰ মাজত বিভাজন আনিবলৈ ব্ৰিটিছে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। প্ৰাকৃতিক নিয়ম অনুসৰি জীৱন-যাপন কৰা পাহাৰীয়া লোকসকলৰ মাজত খ্ৰিষ্টান ধৰ্মযাজকসকলে খ্ৰিষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল। আৰ্য ব্ৰাক্ষ্মণসকলেও পাহাৰীয়া লোকসকলৰ মাজত হিন্দু ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল। কিন্তু, জাত-পাতৰ সৈতে পৰিচয় নথকা পাহাৰীয়া জনজাতীয় লোকসকলে উন্নতিৰ নামত নিজৰ সামাজিক স্বাধীনতা বিসৰ্জন দিবলৈ সাজু নাছিল। পাহাৰীয়া লোকসকলকৰ এই মানসিকতাক খ্ৰিষ্টান ধৰ্মযাজকসকলে সুযোগ হিচাপে ব্যৱহাৰ কৰিছিল। পাহাৰীয়া লোকসকলৰ বাবে খ্ৰিষ্টান ধৰ্মত কিছু শিথিলতা আনি তেওঁলোকক খ্ৰিষ্টান ধৰ্মৰ দীক্ষা দি ভৈয়ামৰ হিন্দুসকলৰ পৰা কৌশলেৰে আঁতৰাই ৰাখিবলৈ সক্ষম হৈছিল। এনেদৰে ব্ৰিটিছসকলৰ প্ৰশাসনিক আৰু ধৰ্মীয় বিভাজন নীতিৰ ফলস্বৰূপে আজিও অসমৰ পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত একতাৰ ভাবৰ অভাৱ থাকি গ’ল।
            ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সমগ্ৰ দেশখনতে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল। অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ উগ্ৰ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল। আচলতে, সেই আন্দোলন আছিল ৰাজ্যিক ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ আধিপত্য স্থাপনৰ এটা অভিপ্ৰায়। সি যি কি নহওক, আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল। ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে অসম কংগ্ৰেছ কমিটিয়ে অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত প্ৰস্তাৱটোৰ বিৰূদ্ধে কাছাৰৰ বাঙালীসকলে আন্দোলন চলাইছিল। পাহাৰৰ অনা-অসমীয়াভাষী লোকসকলেও বাঙালীসকলৰ আন্দোলনত সহযোগ কৰিছিল। চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, যাক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায়।  APHLC কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল। মিকিৰ পাহাৰ স্বায়ত্বশাসিত জিলাৰ বাহিৰে আটাইবোৰ স্বায়ত্বশাসিত জিলাই বিলখনৰ বিৰোধিতা কৰিছিল১০। অনা-অসমীয়াভাষী লোকসকলৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিলখনে ১৯৬০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ৰাজ্যপালৰ অনুমোদন পাইছিল১১। স্পষ্টকৈ ক’বলৈ গ’লে, অসম চৰকাৰে গ্ৰহণ কৰা ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’খনে পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত থকা ব্যৱধান বৃদ্ধি কৰাত সহায় কৰিছিল। APHLCএ পাহাৰীয়া জিলাকেইখনক অসমৰ পৰা পৃথক কৰি স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীৰে আন্দোলন আৰম্ভ কৰিছিল১২। আন্দোলনবোৰৰ ফলস্বৰূপে অসমৰ পৰা এটাৰ পাছত আনটো অঞ্চল ফালৰি কাটি পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, এইখিনিতে উল্লেখ কৰিব লাগিব যে ভৈয়ামৰ একাংশ উগ্ৰ অসমীয়াভাষীসকলৰ বিৰূদ্ধে চলা আন্দোলনৰ উপৰি নাগালেণ্ড সম্পৰ্কে ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতিয়ে নগাসকলৰ মাজত দুই ধৰণৰ ৰাজনীতি চলি আছিল। নগা নেচনেল কাউন্সিলে স্বাধীন নগাভূমি দাবী কৰাৰ বিপৰীতে উদাৰপন্থী নগাসকলে নগা বসতিপ্ৰধান এলেকাসমূহ একত্ৰীকৰণৰ বাবে দাবী উত্থাপন কৰিছিল। উদাৰপন্থী নগাসকলৰ দাবীৰ প্ৰতি সন্মান জনাই ১৯৫৭ চনৰ ১ ডিচেম্বৰত চৰকাৰে North East Frontier Agency (NEFA)  পৰা টুৱেনচাং সীমান্ত এলেকা কাটি নি নগা পাহাৰ জিলাত সংলগ্ন কৰিছিল। তথাপিও তেওঁলোকৰ আন্দোলন চাম কটা নাছিল। পিছলৈ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নগাসকলে পৃথক নাগালেণ্ড ৰাজ্য লাভ কৰিবলৈ সক্ষক হৈছিল। APHLCৰ দীৰ্ঘদিনীয়া দাবীৰ ফলস্বৰূপে ১৯৬৯ চনত জয়ন্তীয়া আৰু গাৰো পাহাৰ সামৰি অসমৰ ভিতৰতে স্বায়ত্বশাসিত ৰাজ্য হিচাপে গঠন কৰা মেঘালয়ক ১৯৭২ চনৰ ২১ জানুৱাৰিত পূৰ্ণ পৰ্যায়ৰ পৃথক ৰাজ্য হিচাপে মৰ্যাদা দিয়া হৈছিল। APHLCৰ পৰা আঁতৰি আহি মিজোসকলে পৃথক ৰাজ্যৰ মৰ্যাদা লাভৰ বাবে নিজাববীয়াকৈ আন্দোলন আৰম্ভ কৰিছিল। ১৯৬৩ চনৰ পৰা মিজো নেচেনেল ইউনিয়নে সেই আন্দোলনৰ নেতৃত্ব লৈছিল। ১৯৭২ চনত মিজোৰামে কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা পাইছিল আৰু ১৯৮৬ চনত মিজো নেচেনেল ইউনিয়নৰ সৈতে ভাৰত চৰকাৰৰ হোৱা চুক্তিৰ ফলস্বৰূপে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰিত পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। একে বছৰৰে একে তাৰিখতে অৰুণাচল প্ৰদেশকো পৃথক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ইফালে ভাষা আন্দোলনৰ সমাধান হিচাপে ১৯৬২ চনত ৰাজ্য চৰকাৰে তিনিটা ভাষাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ১৯৭৩ চনত পুনৰ অসমীয়া ভাষাক বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিব বিচৰা ঘোষণাই ব্যৱস্থাটোক নাকচ কৰিছিল১৩। অকল সিমানেই নহয়। ‘অসম চুক্তি’ৰ ৬ নম্বৰ দফাৰ সুযোগ লৈ অসম গণ পৰিষদ চৰকাৰে ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰিত এক বিজ্ঞপ্তিযোগে অসমৰ শিক্ষানুষ্ঠানসমূহত অনা-অসমীয়া শিক্ষাৰ্থীৰ ওপৰত অসমীয়া ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে জাপি দিছিল১৪
      অসমত পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টিত আন্তৰ্জাতিক আৰু আভ্যন্তৰীণ দুই ধৰণৰ প্ৰভাৱশালী তৃতীয় শক্তিৰ ভূমিকা আছে। দেশে স্বাধীনতা লাভ কৰাৰ কিছু বছৰ আগৰে পৰাই আন্তৰ্জাতিক তৃতীয় শক্তিয়ে উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰখাৰ কূটনীতি আৰম্ভ হৈছিল। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বিখ্যাত অফিচাৰ ৰেজিনেল্ড কুপলেণ্ডেৰ এক আঁচনি অনুসৰি ভাৰতৰ উত্তৰ-পূৱ দিশৰ সমগ্ৰ পাহাৰীয়া অঞ্চলৰ সৈতে কাচিন পৰ্যন্ত উত্তৰ-পশ্চিম ব্ৰক্ষ্মদেশক সংলগ্ন কৰি এখন বৃহৎ ‘প্ৰত্যক্ষ ব্ৰিটিছ শাসিত পাৰ্বত্য ৰাজ্যক্ষেত্ৰ’ গঠন কৰিবলৈ এক গোপন চিন্তাচৰ্চা কৰা হৈছিল, যাক ‘কুপলেণ্ড প্লেন’ বুলি জনা যায়। এই আঁচনিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ লোকসকলৰ মাজত ভাৰত বিদ্বেষী কৰি তোলাৰ পৰিকল্পনা কৰা হৈছিল। কুপলেণ্ড আঁচনিৰ বিষবাষ্পই আজিও অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত ব্যৱধান ৰখাৰ উপাদান হিচাপে চিহ্নিত হৈ আহিছে১৫ মিজোসকলে অসম তথা ভাৰতৰ বিৰূদ্ধে গঢ়ি তোলা গণতান্ত্ৰিক আন্দোলন আৰু হিংসাত্মক কাৰ্যপলাপত পূৱ-পাকিস্তানৰ অভিসন্ধিমূলক প্ৰত্যক্ষ সহযোগ আছিল। সেইসময়ৰ পূৱ-পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে মিজো বিদ্ৰোহী নেতা লালডেংগা আৰু ফিজোক আহিলা হিচাপে ব্যৱহাৰ কৰি স্বাধীন মিজোৰামৰ সপোন দেখুৱাইছিল১৬। জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ জিলাক একেলগ কৰি মেঘালয় ৰাজ্য সৃষ্টিৰ প্ৰস্তাৱ কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ এজন অধ্যাপকৰ পৰা আহিছিল১৭। বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত পলাই অহা বাঙালীসকলে গঠন কৰা ‘বংগসেনা’ নামৰ সংগঠন  (১৯৮২ চনৰ ২৬ মাৰ্চত স্থাপিত) এটাই কাৰ্বি আংলংৰ লোকসকলক হিন্দুকৰণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাৰ হিন্দু বাঙালী অধ্যূসিত অঞ্চলসমূহ সামৰি এখন স্বাধীন বংগভূমি গঠন কৰাই হ’ল ‘বংগসেনা’ৰ আনুষ্ঠানিক লক্ষ্য। স্বাধীন বংগভূমি গঠন হওক বা নহওক, ‘বংগ সেনা’ই বৰ্তমান বিদেশী হিন্দু বাঙালীসকলক কৌশলেৰে সুৰক্ষা প্ৰদান কৰি আহিছে১৮। অসমত পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘটিত সংঘাত-‘বংগসেনা’ৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰে। কাৰণ, পাহাৰ আৰু ভৈয়ামৰ লোকসকলে সংঘাতত লিপ্ত হৈ নিজৰ মাজতে ব্যস্ত হৈ পৰিলে সংগঠনটোৱে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ পথ সহজ হৈ পৰে।
  ভাৰতে স্বাধীনতা লাভ কৰাৰ কিছু বছৰ পাছৰ পৰাই অসমৰ পাহাৰীয়া অঞ্চলসমূহে স্বায়ত্বশাসনৰ সুবিধা লাভ কৰিছে যদিও মূলসূঁতিৰ ভৈয়ামৰ ৰাজনীতিকসকলৰ দ্বাৰা গঠিত চৰকাৰৰ পৰা তেওঁলোকে প্ৰয়োজনীয় সহযোগিতা লাভৰ পৰা বঞ্চিত হৈ আহিছে। ১৯৫৮ চনত মিজোৰামত (তেতিয়াৰ লুচাই পাহাৰ) ভয়ানক দুৰ্ভিক্ষ আৰম্ভ হৈছিল, যাক ‘মৌতম’ বুলি জনা যায়। ‘মৌতম’ আৰম্ভ হোৱাৰ পৰা প্ৰায় ১৪ মাহমানৰ পিছতহে দুৰ্ভিক্ষৰ সহায় হিচাপে আইজললৈ চাউলৰ কনভয় উপস্থিত হৈছিল১৯। তদুপৰি, মিজোসকলে সকলো ধৰণৰ চৰকাৰী উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত হৈ আছিল২০। অসম চৰকাৰে মিজোসকলৰ উন্নতিৰ বিষয়ে সমূলি চিন্তা কৰা নাছিল২১। অসম চৰকাৰৰ এনেধৰণৰ সহযোগিতাই (?) মিজোসকলক ভৈয়ামৰ সংখ্যাগৰিষ্ঠ নেতাৰ দ্বাৰা গঠিত চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছিল। লালডেংগাৰ নেতৃত্বত জন্ম লাভ কৰা ‘মিজো নেচনেল ফেমাইন ফ্ৰন্টে’ই (পিছলৈ ‘ফেমাইন’ শব্দটো আঁতৰাই দিয়া হয়) হ’ল ইয়াৰ উৎকৃষ্ট উদাহৰণ। ১৯৭০ চনত মেঘালয়ক স্বায়ত্বশাসিত ৰাজ্য হিচাপে ঘোষণা কৰি ১৩টা বিষয়ৰ ওপৰত ক্ষমতা দিয়া হৈছিল। কিন্তু, বিভাগসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ৰহস্যজনকভাবে কিছুমান চৰ্ত বান্ধি দিছিল। ১৯৯৫ চনৰ ১ এপ্ৰিলত নতুন দিল্লীত সম্পন্ন হোৱা এক ত্ৰিপাক্ষিক চুক্তি অনুসৰি অসমৰ বৰ্তমানৰ পাহাৰীয়া স্বায়ত্বশাসিত পৰিষদ দুখনক (কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ) ওপৰঞ্চিভাবে ১৪টা বিষয়ৰ ওপৰত ক্ষমতা অৰ্পণ কৰা হৈছিল (আগতে ১৬টা আছিল)। কিন্তু, এই ওপৰঞ্চি বিষয়সমূহ বলবৎকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে বুলি পৰিষদ দুখনে আজিও অভিযোগ কৰি আহিছে২২ 
  অসমৰ জনজাতীয়, অৰ্ধ-সামন্তীয় লোকসকলে তেওঁলোকৰ শাসন ব্যৱস্থা, সাংস্কৃতিক প্ৰাদু্ৰ্ভাৱ, অৰ্থনৈতিক ক্ষমতা আদি নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে২৩। আধুনিক ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাই পাহাৰীয়া লোকসকলৰ শাসন ব্যৱস্থাক নিষ্ক্ৰিয় কৰিছে। পাহাৰীয়া অঞ্চলসমূহৰ পৰম্পৰাগত শাসন ব্যৱস্থাক নিষ্ক্ৰিয় কৰি ‘এক ৰাষ্ট্ৰ’ৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চলোৱা প্ৰচেষ্টাই পাহাৰীয়া লোকসকলক অৱজ্ঞা কৰাকে বুজায়। যোৱা কেইটামান বছৰ ধৰি ‘এক ধৰ্ম, এক সংস্কৃতি’ৰ ধাৰণাই পাহাৰীয়া লোকসকলৰ স্বকীয়তাৰ ওপৰত আঘাত কৰিব বিচৰা হৈছে। প্ৰশাসনীয় আৰু সাংস্কৃতিক ব্যৱস্থাৰ সমান্তৰালকৈ বিশ্বায়নৰ ফলত গঢ়ি উঠা মুক্ত বজাৰ ব্যৱস্থাৰ আগ্ৰাসনে নিজৰ মাটিতে অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা তেওঁলোক বিতাৰিত হোৱাৰ উপক্ৰম হৈছে। ‘সম্পদৰ অভিসাপ’ত অভিসপ্ত পাহাৰীয়া অঞ্চলৰ সম্পদসমূহ বজাৰ ব্যৱস্থাৰ সৈতে অধিক পৰিচিত ভৈয়ামৰ লোকসকলে কাঢ়ি অনাৰ প্ৰৱণতা দেখা গৈছে২৪। উদাহৰণস্বৰূপে-বাঁহ, কাঠ, কয়লা, চূণশিল আদি বাছ-বিচাৰ নোহোৱাকৈ উলিয়াই অনা হৈছে, স্থানীয় লোকক উচ্ছেদ কৰি চাহ বাগিচা গঢ়ি তোলা হৈছে। এইবোৰ কামৰ বাবে ভৈয়াম অঞ্চলৰ পৰা মানুহ নিয়াৰ ফলত পাহাৰীয়া অঞ্চলবোৰৰ জনগাঁঠনি সলনি হোৱাৰ উপক্ৰম হৈছে২৫। এই ধৰণৰ প্ৰক্ৰিয়াৰ ফলত ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়ামৰ মাজৰ ব্যৱধান ক্ৰমে বৃদ্ধি হৈ গৈ আছে।       
     ভৈয়ামৰ লোকসকলৰ পাহাৰ বিৰোধী মনোভাৱৰ বাবেহে যে পাহাৰ আৰু ভৈয়ামৰ মাজত থকা ব্যৱধান বৃদ্ধি হৈছে তেনে নহয়। পাহাৰীয়া লোকসকলৰ কিছুমান কাৰ্যকলাপেও ভৈয়ামৰ লোকসকলক আমনি কৰি আহিছে। যেনে, ২০১৭ চনত কাৰ্বি আংলঙৰ ১৮ জন নেতাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত এটা গোচৰ তৰিছিল। গোচৰটোত আৱেদনকাৰীসকলে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা পাহাৰীয়া জিলাখনৰ অজনজাতীয় লোকসকলৰ নাম কৰ্তন কৰিব বিচাৰিছে। তদুপৰি, অজনজাতীয় লোকে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো বিৰোধিতা কৰি আহিছে২৬। কেৱল সেয়াই নহয়। অসমৰ পাহাৰীয়া জিলা পৰিষদ কেইখনৰ বহুকেইজন নেতাৰ বিৰূ্দ্ধে বহু দু্ৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে২৭,২৮। সেইসকল নেতাৰ বিৰূদ্ধে উত্থাপিত কৌটি টকীয়া দুৰ্নীতিৰ অভিযোগে ভৈয়ামৰ লোকসকলৰ মনত পাহাৰীয়া নেতাসকলৰ প্ৰতি যিখিনি শ্ৰদ্ধাৰ ভাৱ থাকে সেইখিনিকো নোহোৱা কৰে।
     অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিবৰ বাবে ভৈয়ামৰ লোকসকলে পাহাৰীয়া লোকসকলৰ প্ৰতি থকা উপহাসমূলক আৰু হীন দৃষ্টিভংগী পৰিত্যাগ কৰাৰ উপৰি তেওঁলোকক তেওঁলোকৰ নিজস্বতাৰ ভিত্তিত আগবাঢ়ি যাবলৈ সুযোগ দিব লাগিব। অসমৰ ভৌগোলিক পাৰ্থক্যৰ ভিত্তিত কোনো তৃতীয় শক্তিয়ে যাতে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলোৱে সচেতন হৈ থাকিব লাগিব। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা পাহাৰীয়া জিলাকেইখনত স্থায়ীভাবে বসবাস কৰি থকা অজনজাতীয় লোকসকলক যাতে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহয় তাৰ ওপৰত পাহাৰীয়া জনজাতীয় লোকসকলে মনোযোগ দিব লাগিব।

সূত্ৰ-নিৰ্দেশ


চেট্টাৰ্জী, সুনীতি কুমাৰ (২০১৭): কিৰাত জন-কৃতি, অসমীয়া অনুবাদ অজিত কুমাৰ গোস্বামী, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২৩।   
মহন্ত, প্ৰফুল্ল (২০০৯): জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, দ্বিতীয় প্ৰকাশ, (গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল), পৃষ্ঠা: ২ আৰু ৩।  
ডেকা, হেমন্ত কুমাৰ, সুনীতি কুমাৰ চেট্টাৰ্জীৰ ‘কিৰাত জন-কৃতি’ গ্ৰন্থখনৰ অজিত কুমাৰ গোস্বামীয়ে কৰা অসমীয়া অনুবাদৰ (অসম পাবলিচিং কোম্পানী, ২০১৮) সম্পাদকীয় টোকা।
বৰ্মন, শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা, (গুৱাহাটী, ডিব্ৰুগড়: বনলতা), পৃষ্ঠা: ২৬-২৮। 
Chaube S. K. (2012): Hill Politics in Northeast India, Third Edition, Reprint 2017, (Orient BlackSwan), Page: 2.   
মহন্ত, প্ৰফুল্ল (২০০৯): অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, দ্বিতীয় প্ৰকাশ, ((গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল), পৃষ্ঠা: ৮৭।   
গোহাঁই, হীৰেন (২০১৭): পৰিৱৰ্তনৰ স্বপ্ন আৰু দু:স্বপ্ন, (অসমৰ সাম্প্ৰতিক ৰাজনীতি), (গুৱাহাটী: পৃথিৱী প্ৰকাশন), পৃষ্ঠা: ১৬৩।
Basid, Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.
দাস, মুনীন্দ্ৰ (২০১৪): পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন, (গুৱাহাটী: অসম বুক ট্ৰাষ্ট), পৃষ্ঠা: ৪৬।  
১০ইন্টাৰনেটৰ তথ্য: ১৭ জুন ২০১৮ তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:
১১Basid, Habib Fazlul (2016):  পূৰ্বোল্লেখিত।
১২দেউৰী, ইন্দিবৰ (২০১০): “অসমৰ জনগোষ্ঠীগত প্ৰশ্ন আৰু স্বায়ত্বশাসন”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১২১-১৩৬।  
১৩দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২০, ২১ আৰু ৬২।  
১৪দেউৰী, ইন্দিবৰ (২০১০): পূৰ্বোল্লেখিত।
সভাপণ্ডিত, ৰণজিৎ (২০১০): “কুপলেণ্ড আচঁনি, পূৰ্বোত্তৰত সশস্ত্ৰ ভাৰত-বিৰোধী আন্দোলন আৰু আলফাৰ বিভাজন”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২১৬-২২৩।
১৬তালুকদাৰ, মৃণাল (২০১৫): মৌতম, (নন্দ তালুকদাৰ ফাউণ্ডেছন֭), পৃষ্ঠা: ১৮।  
১৭চলিহা, সৌৰভ কুমাৰ (২০১৮): চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা, (সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ), পৃষ্ঠা: ১৮।  
১৮ফুকন, অংকুৰ তামুলী, গৌৰৱ ৰাজখোৱা আৰু বিদ্যুৎ সাগৰ বৰুৱা (২০১৬): “বংগসেনা, আৰ এছ এছ আৰু কাৰ্বি আংলঙৰ ৰাজনীতি (ক্ষেত্ৰভিত্তিক প্ৰতিবেদন-১, ২ আৰু ৩), আমাৰ অসম, ২০, ২৯ আৰু ৩০ ছেপ্টেম্বৰ।
১৯তালুকদাৰ, মৃণাল (২০১৫): পূৰ্বোল্লেখিত, পৃষ্ঠা: ১৫৪ আৰু ১৫৮।   
২০দেউৰী, ইন্দিবৰ (২০১০): পূৰ্বোল্লেখিত।  
২১বৰগোহাঞি, হোমেন (১৯৮১): “সম্পাদকীয়”, নাগৰিক, ২৩ জুলাই।
২২দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৪২, ৪৩ আৰু ৬৪।   
২৩ভৰালী, উদয়াদিত্য (২০১০): “উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সংঘাত আৰু সংকট”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১১৭-১২০।
২৪দত্ত, অখিল ৰঞ্জন (২০১০): “উত্তৰ-পূব ভাৰতৰ জননিৰাপত্তাৰ ৰেহ-ৰূপ”, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল (এক সামাজিক অৱলোকন), (গুৱাহাটী: অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১৫২-১৬৫।
২৫দাস, মুনীন্দ্ৰ (২০১৪): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৬৩।    
২৬বৰা, সঞ্জু  (২০১৮): “ন্যায়ালয়ৰ ৰায় আৰু পাহাৰত অজনজাতীয় ৰাইজৰ ভৱিষ্যৎ”, আমাৰ অসম, ২৫ ছেপ্টেম্বৰ।
২৭ইন্টাৰনেটৰ তথ্য: ৭ মে’ ২০১৮, তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:  https://www.telegraphindia.com/states/north-east/graft-glare-on-council-chief/cid/1414041
২৮ইন্টাৰনেটৰ তথ্য: ৭ মে’ ২০১৮, তাৰিখে ডাউনলোড কৰা হৈছে, উপলব্ধ:  https://timesofindia.indiatimes.com/city/guwahati/Something-rotten-in-the-hills-of-Karbi-Anglong/articleshow/7756998.cms
  
[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XXXIX, No. 2, ১৬-৩১ ডিছেম্বৰ 
২০১৯, পৃষ্ঠা: ১৩-১৫]

Friday 29 November 2019

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু গ্ৰাম্য অৰ্থনীতি এক ক্ষেত্ৰভিত্তিক অধ্যয়ন


শেহতীয়াকৈ অসমৰ কেইবাখনো জিলাত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ কিস্তি আদায় দিব নোৱাৰি গাঁৱলীয়া অঞ্চলৰ কেইবাটাও পৰিয়াল আৰ্থিকভাবে সৰ্বস্বান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ‘আমাৰ অসম’ত প্ৰকাশিত ১৭ নৱেম্বৰৰ এটা বাতৰি অনুসৰি নাজিৰাৰ মলাগাঁৱৰ এটা পৰিয়ালে বন্ধন বেংকৰ পৰা লোৱা ঋণৰ কিস্তি আদায় দিবলৈ অপাৰগ হোৱাত বেংকটোৰ বিষয়াই পৰিয়ালটোৰ ঘৰৰ টিনপাত খুলি লৈ গৈছে। ৰাজ্যখনৰ গোৱালপাৰা জিলাতো বন্ধন বেংককে ধৰি কেইবাটাও ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে ৰমৰমীয়া ব্যৱসায় চলাই আছে। এই সম্পৰ্কে বিতংভাবে জানিবৰ বাবে যোৱা ১৬, ১৭ আৰু ১৮ নৱেম্বৰ তাৰিখে আমি গোৱালপাৰা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত ৰংজুলি ৰাজহ চক্ৰ আৰু কোঠাকুঠি গাঁও পঞ্চায়তৰ অন্তৰ্গত অম্বুক ৰাজহ গাঁৱত এটা অধ্যয়ন চলাইছিলোঁ। ৰাজহ গাঁৱখনৰ মুঠ তিনিশ নব্বৈটা পৰিয়ালৰ চল্লিছ শতাংশ পৰিয়ালে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে। ইয়াৰে পঞ্চাছ শতাংশতকৈ অধিক পৰিয়ালে বন্ধন বেংকৰ পৰা ঋণ লৈছে।
ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠাৰ মূল উদ্দেশ্য হ’ল-(১) আৰ্থিকভাবে পিছপৰা পৰিয়ালবোৰক ঋণ প্ৰদান কৰি তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টিত সহায় কৰা, (২) মহিলাসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰা, (৩) মহিলা সবলীকৰণ কৰা, আৰু (৪) মহিলাসকলৰ মাজত থকা সামাজিক মূলধন শক্তিশালী কৰা। উল্লেখযোগ্য যে আৰম্ভণিৰ সময়ত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাক মূলেমূলে (No profit, no loss) নীতিৰ আধাৰত গঢ়ি উঠিছিল। সময়ৰ লগে লগে এই বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰম্ভণিৰ সময়ৰ নীতি পৰিহাৰ কৰি লাভজনক ব্যৱসায়ৰ নীতি (Profit making business policy) গ্ৰহণ কৰিলে। এই প্ৰতিষ্ঠানবোৰে আৰোপ কৰা সুদৰ হাৰ সচৰাচৰ বেংকৰ সুদৰ হাৰতকৈ বেছি হয়। আমাৰ অধ্যয়নটোত পোৱা গৈছে যে ঋণ লোৱাৰ সময়ত ক্ষদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ বিষয়ববীসকলে পৰিয়ালবিলাকৰ জীৱিকা সৃষ্টি সম্পৰ্কে কোনো অধ্যয়ন নকৰাকৈ ঋণ প্ৰদান কৰে। প্ৰতিষ্ঠানবিলাকৰ বিষয়াসকলে পৰিয়ালবোৰক ঋণ লোৱাবলৈ নানা ধৰণে উৎসাহ যোগাই থাকে। তেওঁলোকৰ এটাই উদ্দেশ্য-যিমান পাৰি সিমান ঋণ প্ৰদান কৰা আৰু সময়ত কিস্তি সংগ্ৰহ কৰা। মনকৰিবলগীয়া যে ঋণ প্ৰদান কৰিবলৈ অহা কিছমান বিষয়াই লগত নতুন দামী ম’বাইল ফোন, প্ৰেচাৰ কুকাৰ, মেখেলা-চাদৰ, টিভি আদি সামগ্ৰী লৈ আহে, যাতে ঋণ প্ৰদান কৰাৰ পিছতেই সেইবোৰ সামগ্ৰী বিক্ৰী কৰিব পৰা যায়। অধ্যয়নটোত পোৱা গৈছে যে অতি নগন্য সংখ্যক (এক শতাংশতকৈ কম) পৰিয়ালেহে নিজৰ জীৱিকা সৃষ্টিৰ বাবে ঋণ লৈ সফলতা আৰ্জন কৰিব পাৰিছে। পঞ্চাছ শতাংশতকৈ কম পৰিয়ালে তেওঁলোকৰ ইতিমধ্যে চলি থকা জীৱিকাটো বৰ্তাই ৰাখিবলৈ ঋণ লৈছে। গৰিষ্ঠসংখ্যক পৰিয়ালে ঋণ লৈ বিলাসী সামগ্ৰী কিনি সমাজত নিজৰ স্থান উচ্চ কৰিবলৈ বৃথা চেষ্টা কৰিছে। কোনোৱে যদি বাইক বা স্কুটি কিনিছে, কোনোৱে দামী ম’বাইল ফোন কিনিছে, কোনোৱে আকৌ সৰু গাড়ী (কাৰ) এখনকে কিনিছে।
ঋণ প্ৰদান সম্পৰ্কীয় চৰ্তাৱলীখনত পৰিয়ালটোৰ পুৰুষজনৰ পৰাও চহী লয় যদিও কেৱল মহিলাগৰাকীৰ নামতহে ঋণ প্ৰদান কৰে। ঋণ প্ৰদান কৰাৰ সময়ত বিষয়াসকলে দহ গৰাকীমান মহিলা সদস্যৰে এটা গোট গঠন কৰি দিয়ে। গোটৰ বাহিৰৰ কোনো এগাৰকী মহিলাই ঋণ ল’বলৈ হ’লে প্ৰথমে গোটটোৰ এগৰাকী সদস্য হ’ব লাগে। সাধাৰণতে গোটটোত নতুন সদস্য অন্তৰ্ভূক্ত কৰা বা নকৰা সম্পৰ্কত সংশ্লিষ্ট গোটটোৰ সদস্যসকলে সিদ্ধান্ত ল’ব লাগে। কিন্তু, বাস্তৱত সেয়া হৈ থকা নাই। এগৰাকী মহিলাক ঋণ প্ৰদান কৰাৰ সুযোগ লাভৰ পৰা বঞ্চিত হোৱাৰ ভয়ত বিভিন্ন চল-চাতুৰীৰে বিষয়াসকলে ঋণ ল’ব বিচৰা মহিলাগৰকীক গোটটোত সদস্য হিচাপে অন্তৰ্ভূক্ত কৰাই দিয়ে। আচলতে, গোটটোত যিমানে সদস্যৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায়, সিমানেই কিস্তি আদায় দিয়াৰ সময়ত গোটটোৱে শক্তিশালী ভূমিকা ল’ব পাৰে। অৰ্থাত, কোনো এগৰাকী মহিলাই নিৰ্দিষ্ট দিনটোত কিস্তি আদায় দিব নোৱাৰিলে বৃহৎ সংখ্যক মহিলাৰে গঠিত গোটটোৱে বিভিন্ন ধৰণে সংশ্লিষ্ট মহিলাগৰাকীৰ ওপৰত চাপ প্ৰদান কৰি কিস্তি আদায় দিয়াৰ ক্ষেত্ৰত তেওঁক বাধ্য কৰাবলৈ সহজ হৈ পৰে। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে যদি মহিলা সবলীকৰণ হৈছে, এনদেৰেহে হৈছে। এই ব্যৱস্থাটোৰ দ্বাৰা মহিলাসকলৰ মাজত যি সামাজিক মূলধন গঢ়ি উঠিছে সেয়া একান্তই বস্তুবাদী আৰু বৃত্তিগত সামাজিক মূলধন। কাৰণ, কেৱল ঋণ লোৱা আৰু কিস্তি আদায় দিয়াৰ ক্ষেত্ৰতহে মহিলাসকলৰ মাজত সামাজিক মানদণ্ড, বিশ্বাস আৰু যোগাযোগৰ দৰে সামাজিক মূলধন শক্তিশালী হৈছে, য’ত কোনো আন্তিৰকতা আৰু সুহৃদয়তা নাই।
ঋণৰ কিস্তি আদায় দিব নোৱাৰাৰ ফলত পৰিয়ালবোৰে আৰ্থিকভাবে সৰ্বস্বান্ত হোৱাই নহয়, ব্যৱস্থাটোৱে পাৰিবাবিৰক আৰু সামাজিক বিশৃংখলতাৰো সৃষ্টি কৰিছে। কিস্তি আদায় দিবলগীয়া নিৰ্দিষ্ট দিনটোৰ দুদিনমান আগতে কিস্তিৰ পৰিমাণ যোগাৰ কৰিব নোৱাৰিলে পৰিয়ালটোৰ মূল সদস্যসকলে অশান্তিত সময় কটাবলগীয়া হয়। ঋণৰ কিস্তি আদায় দিবৰ বাবে নতুনকৈ বেলেগ এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। এটা পৰিয়ালৰ একেগৰাকী মহিলাৰ নামতে তিনিটাকৈ ঋণ লোৱাৰো উদাহৰণ আছে। পৰিয়ালটোৰ মহিলাগৰাকীৰ আপত্তি থকা সত্ত্বেও পুৰুষজনৰ কথামতে ঋণ ল’বলগীয়া হোৱা পৰিয়ালবোৰত কিস্তিৰ পৰিমাণ যোগাৰ কৰিব নোৱাৰিলে কাজিয়াৰ সূত্ৰপাত হোৱাতো এটা সাধাৰণ পাৰিবাৰিক ঘটনা হৈ পৰিছে। আমি অধ্যয়ন চলোৱা গাঁৱখনত এনেকুৱা ঘটনাও ঘটিছে যে গিৰীয়েকৰ কথামতে ঘৈণীয়েকে ঋণ লৈছে। কিন্তু, গিৰীয়েকে কিস্তিৰ ধন যোগাৰ কৰিব নোৱাৰৰ ফলত গোটৰ আন সদস্যসকলৰ চাপ সহ্য কৰিব নোৱাৰি ঘৈণীয়েকে আন পুৰুষৰ ওচৰলৈ পলাই গৈ নতুনকৈ সংসাৰ পাতিবলৈ চেষ্টা চলাইছে। অঞ্চলটোত এতিয়ালৈকে এনেকুৱা তিনিটা ঘটনা ঘটিছে। অৱশ্যে, নতুনকৈ সংসাৰ পতা গিৰীয়েকে কিস্তিৰ পৰিমাণ আদায় দিবলৈ অমান্তি হোৱাত গোটৰ মহিলাসকলে পলাই যোৱা মহিলাসকলক আগৰ পুৰুষজনৰ ওচৰলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে। 
ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰ্থিক আৰু সামাজিকভাবে পিছপৰা লোকসকলক বিত্তীয় সাক্ষৰতা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি গাঁৱ অঞ্চলত সোমাই পৰিছে। গাঁৱৰ বহু পৰিয়ালে এইবোৰ প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে মানে এইটোকে বুজাইছে যে এইবোৰ প্ৰতিষ্ঠানে গাঁৱলীয়া লোকসকলক বিত্তীয় ব্যৱস্থাত সামৰি ল’বলৈ (Financial inclusion) সক্ষম হৈছে। কিন্তু, কোনো এজন ব্যক্তিক বিত্তীয় ব্যৱস্থাত সামৰি ল’লেই ব্যক্তিজনে বিত্তীয় ক্ষেত্ৰত সাক্ষৰ হৈ উঠা নুবুজায়। বিত্তীয় সম্পদৰাজিৰ বিষয়ে সম্যক জ্ঞান থকাৰ উপৰি উপযুক্ত সিদ্ধান্তৰ যোগেদি সেইবোৰক সঠিকভাবে ব্যৱহাৰ কৰিব পৰিলেহে ব্যক্তি এজনে বিত্তীয়ভাবে সাক্ষৰ হৈ উঠিছে বুলি ক’ব পাৰি। অসমৰ গাঁৱ অঞ্চলত সোমাই পৰা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকে গাঁৱৰ আৰ্থিকভাবে পিছপৰা লোকসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰিব পৰাতো নায়েই, গ্ৰাম্য অৰ্থনীতি আৰু সমাজখনৰ ওপৰত নেতিবাচক প্ৰভাৱহে পেলাইছে। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ নৱেম্বৰ ২০১৯, পৃষ্ঠা: ৪ ]

Saturday 26 October 2019

সংকটৰ দিশে ভাৰতৰ অৰ্থনীতি


ভাৰত চৰকাৰৰ ‘পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়’ৰ  (Ministry of Statistics and Programme Implementation) শেহতীয়া তথ্য অনুসৰি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product, চমুকৈ GDP) বৃদ্ধিৰ হাৰ ৫ শতাংশ।  ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত এই হাৰ আছিল ক্ৰমে ৮.২ শতাংশ আৰু ৭.২ শতাংশ। মুঠ ঘৰুৱা উৎপাদনকে যদি দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ মাপক হিচাপে ধৰা যায়, তেন্তে বুজাত অকণো অসুবিধা নাই যে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন নিম্মগামী হৈছে। কিন্তু, কেৱল মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণে দেশ এখনৰ উন্নয়নৰ ছবি দাঙি ধৰিব নোৱাৰে। মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈছে অথচ নিয়োগৰ পৰিমাণ বৃদ্ধি হোৱা নাই, তেন্তে সেই বৃদ্ধিয়ে সংশ্লিষ্ট দেশখনৰ উন্নয়ন সাধন কৰিছে বুলি ক’ব নোৱাৰি। ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ ছবিখন হ’ল- এফালে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে, আনফালে নিৱনুৱাৰ হাৰ বৃদ্ধি পাইছে। ‘ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষা সংস্থা’ৰ (National Sample Survey Organization, চমুকৈ NSSO) শেহতীয়া তথ্য অনুসৰি দেশখনৰ নিৱনুৱাৰ হাৰ ৬.১ শতাংশ, যিটো যোৱা চাৰি দশকৰ ভিতৰত আটাইতকৈ বেছি হিচাপে চিহ্নিত হৈছে। দেশখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা আৰু একেসময়তে নিৱনুৱাৰ হাৰ বৃদ্ধি পোৱা মানে এইটোকে প্ৰতিপন্ন কৰে যে দেশখনৰ অৰ্থনৈতিক অৱস্থা সংকটৰ দিশত গতি কৰিছে। 
মুঠ ঘৰুৱা উৎপাদনৰ সিংহভাগেই ঘৰুৱা উপভোগৰ (Household Consumption) পৰা আহে। তথ্যই দেখুৱাইছে যে ভাৰতৰ ঘৰুৱা উপভোগৰ অংশ হ্ৰাস পাইছে। ২০১৬ আৰু ২০১৭ বৰ্ষত দেশখনৰ মুঠ ঘৰুৱা উৎপাদনত ঘৰুৱা উপভোগৰ অংশ আছিল ক্ৰমে ৫৯.৩৪ শতাংশ আৰু ৫৮.৯৮ শতাংশ। ২০১৮ বৰ্ষত এই অংশ আছিল ৫৯.৪৮ শতাংশ। বৰ্তমান এই অংশ হ’ল ৫৭.৭ শতাংশ। গৰিষ্ঠসংখ্যক অৰ্থনীতিবিদৰ মতে, ভাৰত চৰকাৰে ২০১৬ আৰু ২০১৭ চনত ক্ৰমে বিমুদ্ৰাকৰণ নীতি আৰু সামগ্ৰী আৰু সেৱা কৰ আইন প্ৰৱৰ্তন কৰাৰ ফলতে দেশখনৰ মুঠ ঘৰুৱা উৎপাদনত ঘৰুৱা উপভোগৰ অংশ হ্ৰাস পাইছে। বিমুদ্ৰাকৰণ আৰু সামগ্ৰী আৰু সেৱা কৰৰ সমান্তৰালকৈ এইটোও দাবী কৰিব পাৰি যে ৬.১ শতাংশ নিৱনুৱাই উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ ফলতো দেশখনৰ ঘৰুৱা উপভোগ হ্ৰাস পাইছে। কম মূলধনৰ বিনিযোগকাৰীসকলে ভাৰতত বিনিযোগ কৰিবলৈ সাহস নকৰা হৈছে। যিসকলে সাহস কৰিছে তেওঁলোকে দেউলীয়া হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। এক কথাত, মুঠ ঘৰুৱা উৎপাদনৰ আন এক গুৰুত্বপূৰ্ণ উপাংশ (Component) ব্যৱসায়িক খণ্ডৰ বিনিয়োগ (Business Sector Investment) ৰ অংশও হ্ৰাস পাইছে। মুঠ ঘৰুৱা উৎপাদনত বৰ্তমান চৰকাৰী ব্যয়ৰ  (Government Expenditure, মুঠ ঘৰুৱা উৎপাদনৰ আন এক উপাংশ) অংশ ১২ শতাংশতকৈ বেছি নহয়। দেশখনৰ অৰ্থনৈতিক ব্যৱস্থা বজাৰ অৰ্থনীতি (ব্যক্তিগত খণ্ড)ৰ ফালে বেছিকৈ ঢাল খোৱাৰ ফলত চৰকাৰী ব্যয়ৰ অংশ ক্ৰমাগতভাবে হ্ৰাস পাই আহিছে। ব্যক্তিগত খণ্ডৰ মূল অভিপ্ৰায় হ’ল অত্যধিক মুনাফা আৰ্জন কৰা। বুজিবলৈ অতি সহজ যে ঘৰুৱা উপভোগ হ্ৰাস পালে ব্যক্তিগত খণ্ডৰ উৎপাদনকাৰীয়ে বিনিযোগ কৰিবলৈ উৎসাহ নাপায়। ফলত একেসময়তে মুঠ ঘৰুৱা উৎপাদনত দুই ধৰণৰ কুপ্ৰভাৱ পৰে- (১) ঘৰৱা উপভোগ হ্ৰাস পায়,  আৰু (২) ব্যক্তিগত বিনিয়োগ হ্ৰাস পায়। সম্প্ৰতি ভাৰতৰ ক্ষেত্ৰত এইটোৱেই ঘটিছে। দেশ এখনৰ ৰপ্তানিয়ে ধনাত্মক আৰু আমদানিয়ে ঋণাত্মকভাবে মুঠ ঘৰুৱা উৎপাদনৰ ওপৰত প্ৰভাৱ পেলায়। শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ৰপ্তানি আৰু আমদানিৰ অংশ হ’ল ক্ৰমে ১৯.১ শতাংশ আৰু ২২ শতাংশ। এই তথ্যৰ পৰা স্পষ্ট যে বৈদেশিক বাণিজ্যই দেখদেখকৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ঋণাত্মক অৰিহণা যোগাইছে। 
ব্যক্তিগত বিনিযোগকাৰীসকলক উৎসাহ প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে নিগম কৰ হ্ৰাস কৰিছে। বছৰি ৪০০ কৌটি টকাৰ ব্যৱসায়(Turn Over) সম্বলিত কোম্পানীৰ ক্ষেত্ৰত নিগম কৰ পূৰ্বৰ ৩০ শতাংশৰ পৰা হ্ৰাস কৰি বৰ্তমান ২৫ শতাংশ কৰা হৈছে। কিন্তু, তথাপিও ব্যক্তিগত বিনিযোগ বৃদ্ধি আশানুৰূপ নহ’ব, যদিহে ঘৰুৱা উপভোগ নাবাঢ়ে। বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰি উৎপাদন বঢ়াই বিক্ৰী কৰিব কাক? কাৰণ, দেশখনৰ ৬.১ শতাংশ লোকেই নিৱনুৱা। তদুপৰি, বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰতো ৰপ্তানিতকৈ আমদানিৰ অংশই অধিক (ওপৰত উল্লেখ কৰা তথ্য অনুসৰি)। মুদ্ৰাস্ফিতিৰ প্ৰসংগতো আছেই। ঘৰুৱা উপভোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে চলিত বিত্তীয় বৰ্ষৰ বাজেটত ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত কিছুমান পৰিবৰ্তন অনা হৈছে। যিসকল ব্যক্তিৰ বাৰ্ষিক নিগুট কৰ আয় (Net Taxable Income) পাঁচ লাখ বা পাঁচ লাখ টকাৰ তলত তেওঁলোকক আয়কৰৰ পৰা সম্পূ্ৰ্ণভাবে ৰেহাই দিয়া হৈছে। যিসকল ব্যক্তিৰ নিগুট কৰ আয় পাঁচ লাখ টকাৰ ওপৰত তেওঁলোকৰ বাবে দুই লাখ পঞ্চাছ হাজাৰ টকাৰ পৰা পাঁচ লাখ টকাৰ পৰ্যায়ত আয়কৰৰ হাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ দৰে ৫ শতাংশই ৰখা হৈছে। বেতনভোগী কৰ্মচাৰীসকলৰ বাবে স্থিৰ ৰেহাই (Standard Deduction)ৰ পৰিমাণ পূৰ্বৰ (২০১৮-১৯ বিত্তীয় বৰ্ষৰ) চল্লিছ হাজাৰ টকাৰ পৰা চলিত বিত্তীয় বৰ্ষত পঞ্চাছ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। আয়কৰ ৰেহাই আৰু আয়কৰৰ হাৰ হ্ৰাস কৰাৰ ফলত ঘৰুৱা উপভোগ বৃদ্ধি পালেও মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৬ শতাংশতকৈ বেছি হ’ব বুলি আশা কৰিব পৰা নাযায়।
প্ৰশ্ন হ’ল-সংকটৰ দিশত গতি কৰা ভাৰতৰ অৰ্থনীতিক উদ্ধাৰ কৰাৰ কিবা উপায় আছে নে? শেষ স্তৰত উপনীত হোৱাৰ আগতে মানুহ এজনৰ প্ৰকৃত বেমাৰটো ধৰা পৰিলে যেনেদৰে আৰোগ্য কৰিব পৰাৰ সম্ভাৱনা থাকে, সেইদৰে মন্দাৱস্থাৰ দৰে চৰম অৰ্থনৈতিক সংকটত পৰাৰ আগতে সংকটৰ দিশত গতি কৰা দেশ এখনৰ অৰ্থনৈতিক বৈশিষ্ট্যসমূহ ধৰা পৰিলে সংশ্লিষ্ট দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাক উদ্ধাৰ কৰিব পৰা যায়। এই ক্ষেত্ৰত জে এম কেইনছে আগবঢ়োৱা উপায়ৰ প্ৰসংগ আনিব পাৰি। জে এম কেইনছৰ তত্ত্ব অনুসৰি, ব্যক্তিগত বিনিযোগকাৰীয়ে বিনিযোগ কৰিবলৈ সাহস নকৰিলে ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰা উচিত। ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰিলে দেশখনত নিয়োগ বৃদ্ধি পায়। নিয়োগ বৃদ্ধিৰ ফলত ঘৰুৱা উপভোগ বৃদ্ধি হয়। ঘৰুৱা উপভোগ বৃদ্ধি হ’লে ব্যক্তিগত খণ্ডয়ো বিনিযোগ কৰিবলৈ সাহস আৰু উৎসাহ পায়। ফলত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ উৰ্ধগামী হয়।
সমস্যাটো হ’ল-দেশখনৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোকে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ (বজাৰ অৰ্থনৈতিক ব্যৱস্থালৈ ৰূপান্তৰ) কৰাৰ অভিপ্ৰায়েৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিসমূহৰ উপস্থিতিত কেনেদৰে ৰাজহুৱা খণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰিব? ব্যৱস্থাটো স্ববিৰোধী নহ’ব জানো?  


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ অক্টোবৰ ২০১৯, পৃষ্ঠা: ৪]