Saturday 14 January 2012

চাকৰিৰ প্রথম মাহৰ দৰমহা


চাকৰিত যোগদান কৰাৰ পাঁচমাহৰ মূৰত দৰমহাটো পালো। এপেক্স বেংকত কাম কৰা মোৰ সম্পৰ্কীয় দাদা এজনে মোক কৈছিল যে চাকৰিৰ প্রথম মাহৰ দৰমহাটো পালে হেনো মনত আনন্দই নধৰা হয়। পাঁচমাহৰ মূৰত দৰমহাটো পোৱাৰ পাছত যোগ-বিয়োগৰ অংক এটা কৰি দেখিলো যে মই পাবলগা প্রথম মাহটোৰ দৰমহা দেখোন নাথাকিলেই। পাঠকসকলে নিশ্চয় ধৰিব পাৰিছে, মই কিহৰ যোগ-বিয়োগৰ অংক কৰিছো। সন্মানীয় চাকৰিটোৰ বাবে বাছনিত উঠাৰ পাছৰে পৰা দৰমহাটো পোৱালৈকে কিমান যে অসন্মানীয় কাম কৰিব লগা হ’ল, মনত পৰিলে গোটেই ব্যৱস্থাটোৰ প্রতি ঘৃণাৰ ভাব ওপজে।