Sunday 18 August 2019

“গানৰ মঞ্চত জুবিন গাৰ্গৰ ‘অদ্ভুট’ মন্তব্য”ৰ আঁত ধৰি



যোৱা ১২ জুলাইত সুগায়ক, লেখক লোকনাথ গোস্বামীৰ “গানৰ মঞ্চত জুবিন গাৰ্গৰ ‘অদ্ভুট’ মন্তব্য” শীৰ্ষক লেখাটোৰ আঁত ধৰি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। শেহতীয়াকৈ ‘বামুণ’ সম্পৰ্কে অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে কৰা মন্তব্যই বৈদ্যুতিন আৰু সামাজিক মাধ্যমসমূহত প্ৰচুৰ তৰ্ক-বিৰ্তক চলা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ যোৱা বিছ বছৰৰ সৃষ্টিসমূহ অধ্যয়ন কৰিলে দেখা যায় যে কিছুমান আদৰ্শৰ ভিত্তিত তেওঁ নিজকে গঢ়ি তুলিছে। সেই আদৰ্শসমূ্হলৈ অহা ভাবুকি তীব্ৰ হোৱাৰ উমান পালেই প্ৰতিবাদ জনোৱাৰ উদ্দেশ্যে তেওঁ স্বভাৱসূলভভাবে কিছুমান মন্তব্য আগবঢ়ায়। (ব্যতিক্ৰমক বাদ দি) তেওঁ অতি গুৰুত্বপূৰ্ণ তথা বাস্তৱিক বিষয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
শিল্পীগৰাকীৰ মন্তব্যবোৰত ধৰ্মনিৰপেক্ষ চিন্তাধাৰাৰ লগতে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰকাশ পায়। যেনে-চৰকাৰে ‘নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬’খন আইনত পৰিণত কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিলখনৰ বিৰূদ্ধে তেওঁ মুকলিকৈ মাত মাতিছে। কিন্তু, সেইবুলি তেওঁক আঞ্চলিকতাবাদী বুলি একে আষাৰে ছাপ লগাব নোৱাৰি। শিল্পীগৰাকীৰ মন্তব্যবোৰত বজাৰ ব্যৱস্থা আৰু সামাজিক সাম্যবাদৰ দৰে সাৰ্বজনীন ভাৱধাৰাৰ উমান পোৱা যায়। বজাৰ ব্যৱস্থাত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি মন্তব্য আগবঢ়াব আৰু কাম কৰিব পাৰে। বজাৰ ব্যৱস্থাৰ সমান্তৰালকৈ শিল্পীগৰাকীয়ে সমাজৰ পৰা পক্ষপাত, জাত-পাত, বিচিন্নতাবাদী মনোভাৱ আদি নিৰ্মূল কৰি এখন সামাজিক সাম্যবাদী পৃথিৱীৰ সপোন দেখে। উল্লেখ্যযোগ্য যে জুবিন গাৰ্গে অৰ্থনৈতিক সাম্যবাদৰ আদৰ্শক সমৰ্থন নকৰে। নকৰাটোৱেই স্বাভাৱিক। কাৰণ, বজাৰ ব্যৱস্থাক সমৰ্থন জনোৱা ব্যক্তিয়ে অৰ্থনৈতিক সাম্যবাদক সমৰ্থন জনালে স্ববিৰোধী স্থিতি প্ৰকাশ পায়।
 শিল্পীগৰাকীৰ শেহতীয়া আৰু আগতে কৰা মন্তব্যবোৰৰ ভিত্তিত বহুতে মন্তব্য আগবঢ়াইছে যে তেওঁ মানসিক স্থিতি হেৰুৱাইছে। সেয়েহে তেওঁ মাজে সময়ে কিছুমান বিতৰ্কিত মন্তব্য আগবঢ়ায়। আমি ভাবোঁ, যিবোৰ বিষয় আৰু পৰিস্থিতিৰ ভিত্তিত শিল্পীগৰাকীয়ে মন্তব্যবোৰ আগবঢ়ায়, যথাসময়ত সেই বিষয়বোৰৰ সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিলেহে তেওঁ মানসিক স্থিতি হেৰুওৱাৰ সম্ভাৱনা আছে। অৱশ্যে, শিল্পীগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ সময়ত প্ৰয়োগ কৰা শব্দ আৰু পদ্ধতিৰ পৰিৱৰ্তন হৈছে। এসময়ত শিল্পীগৰাকীয়ে তেওঁৰ গীত আৰু কবিতাৰ জৰিয়তে প্ৰতিবাদী  মন্তব্য আগবঢ়াইছিল, যিটো আজিকালি খুউব কমহে দেখা যায়।
সংস্থাপিত অৰ্থনীতিবিদ জে বি ছে’ৰ তত্ত্ব অনুসৰি, ‘যোগানে নিজে নিজৰ চাহিদা সৃষ্টি কৰি লয়’। কেৱল জুবিন গাৰ্গ বুলি নহয়, কোনো এজন প্ৰতিষ্ঠিত ব্যক্তিয়ে যি মন্তব্য আগবঢ়ায় বা যি কাম কৰে, সমাজৰ একাংশ মানুহে কোনো চিন্তা নকৰাকৈ ব্যক্তিগৰাকীক সমৰ্থন কৰে। অৰ্থাত, সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে যোগান ধৰা মন্তব্য বা কামবোৰৰ চাহিদা সৃষ্টি হয়। মনকৰিবলগীয়া যে বজাৰ ব্যৱস্থাত ভাল-বেয়া সম্পৰ্কে সকলো মানুহৰে পূৰ্ণ জ্ঞান থকা বুলি ধৰি লোৱা হয়। গতিকে, প্ৰতিষ্ঠিত ব্যক্তি এগৰাকীয়ে কৰা কাম বা মন্তব্যবোৰক সমৰ্থন বা বিৰূদ্ধাচৰণ কৰাৰ আগতে প্ৰতিজন ব্যক্তিয়ে সচেতন হোৱা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ আগষ্ট, ২০১৯]