Thursday 25 March 2021

সভ্যতাৰ নে অজ্ঞতাৰ যুঁজ ?

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে হিন্দুত্ববাদী শক্তি আৰু একাংশ ৰাজনীতিকে ৰাজ্যখনত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছে । প্ৰচাৰ চলোৱা হৈছে যে অসমত ইছলামিক আৰু পশ্চিমীয়া সভ্যতাই (খ্ৰিষ্টান ধৰ্মৰ সৈতে সম্পৰ্ক থকা সভ্যতা) অসমত আক্ৰমণ চলাইছে । হিন্দুত্ববাদী শক্তিয়েহে  এই দুটা সভ্যতাৰ আক্ৰমণৰ পৰা অসমখনক ৰক্ষা কৰিব পাৰিব বুলি ৰাইজনক পতিয়ন নিয়াবলৈ চেষ্টা চলোৱা হৈছে । সেয়েহে সেই দুটা শক্তিৰ বিৰূদ্ধে হিন্দুত্ববাদী শক্তিয়ে একপ্ৰকাৰ ৰাজনেতিক আৰু সাংস্কৃতিক যুদ্ধ ঘোষণা কৰিছে ।

 সভ্যতাৰ যুঁজ সম্পৰ্কত অসমৰ মুষ্টিমেয় বু্দ্ধিজীৱীয়ে বিভিন্ন মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।  মন কৰিবলগীয়া যে অসমৰ বৌদ্ধিকমহলত সভ্যতাৰ যুঁজৰ প্ৰসংগ তুলনামূকভাবে  দেৰিকৈ আহিছে। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সভ্যতাৰ যুঁজ সন্দৰ্ভত যোৱা শতিকাৰ শেষৰ দশকৰ প্ৰথমভাগতেই বহুলভাবে আলোচনা চলিছিল, যেতিয়া ১৯৯২ চনত ছেমুৱেল হানটিংটন নামৰ এগৰাকী গোড়া (Orthodox) ৰাজনীতি বিজ্ঞানীয়ে এই বিষয়টোৰ সন্দৰ্ভত আমেৰিকাৰ বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানসমূহত ভাষণ প্ৰদান কৰিছিল । পিছলৈ (১৯৯৬ চনত) তেওঁ এই সম্পৰ্কে The Clash of Civilizations and the Remaking of World Order নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছিল । এই গ্ৰন্থখনে সভ্যতাৰ যুঁজ সম্পৰ্কত সমগ্ৰ পৃথিৱীৰ বৌদ্ধিকমহলত বিতৰ্কৰ সূচনা কৰিছিল।  

ছেমুৱেল হানটিংটনৰ মতে পৃথিৱীত মুঠ নটা মূল সভ্যতা আছে । মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, পশ্চিম আৰু কেন্দ্ৰীয় ইউৰোপ, ফিলিপাইনছ আৰু অষ্ট্ৰেলিয়াক সামৰি পশ্চিমীয়া সভ্যতা; অবিভক্ত ছোভিয়েট ৰাছিয়া, ৰোমানিয়া, গ্ৰীচ, যুগোশ্ল’ভিয়াক সামৰি গোড়া সভ্যতা; আৰ্মেনিয়া, ইথিয়োপিয়া, বাংলাদেশ, ইণ্ডোনেছিয়া, মালদ্বীপ আদিক সামৰি ইছলামিক সভ্যতা; ভূটান, কাম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা,  থাইলেণ্ড, মাংগোলিয়াক সামৰি বৌদ্ধ সভ্যতা; ভাৰত আৰু নেপালক সামৰি হিন্দু সভ্যতা; দক্ষিণ আফ্ৰিকা, পূৱ আফ্ৰিকা, মধ্য আফ্ৰিকাৰ অঞ্চলসমূহক সামৰি আফ্ৰিকান সভ্যতা; দক্ষিণ আমেৰিকা, কিউবা, মেক্সিকোক সামৰি লেটিন আমেৰিকান সভ্যতা; কোৰিয়া, ছিংগাপুৰ, টাইৱান, চীন, ভিয়েটনাম আদিক সামৰি চীনীয় সভ্যতা আৰু জাপানক লৈ জাপানী সভ্যতা । লেখকে দাবী কৰিছে যে একাবিংশ শতিকাত মানৱ অধিকাৰ, অৰ্থনৈতিক সমতা বা  উদাৰ গণতন্ত্ৰৰ দৰে বিষয়তকৈ সভ্যতাৰ সংঘাতহে মূল বিচাৰ্য বিষয় হৈ পৰিব । তেওঁৰ মতে, উল্লিখিত নটা সভ্যতাৰ মাজত সংঘাত সৃষ্টিৰ কাৰণসমূহ হ’ল-(১) ইতিহাস, ভাষা, সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মৰ ক্ষেত্ৰত সভ্যতাবিলাকৰ মাজত ব্যাপক পাৰ্থক্য আছে, যিবোৰ পাৰ্থক্য সোনকালে নিৰ্মূল হোৱাৰ সম্ভাৱনা নাই, (২) পৃথিৱীখন লাহে লাহে সৰু হৈ আহিছে । ইয়াৰ ফলত একে সভ্যতাৰ অন্তৰ্গত লোকসকলৰ মাজত যোগাযোগ সহজ হৈ পৰিছে । নিজ নিজ সভ্যতা সম্পৰ্কত সকলোৱে সচেতন হোৱাৰ সম্ভৱনা বৃদ্ধি হৈছে, (৩) অৰ্থনৈতিক কাৰণত মানুহে নিজৰ জন্মস্থান এৰি পৃথিৱীৰ বিভিন্ন স্থানত থাকিবলগীয়া হৈছে । ধৰ্ম আৰু সংস্কৃতিয়ে এই দূৰত্ব হ্ৰাস কৰিছে, (৪) যিবোৰ দেশ ক্ৰমে শক্তিশালী হৈ উঠিছে, আন দেশবোৰে সেই দেশবোৰৰ বিৰূদ্ধে আক্ৰোশমূলক মনোভাৱ পোষণ কৰিবলৈ ধৰিছে । সংস্কৃতিৰ পাৰ্থক্যই এই ক্ষেত্ৰত টনিক হিচাপে কাম কৰিছে, (৫) ৰাজনৈতিক বা অৰ্থনৈতিক পাৰ্থক্য সম্পৰ্কত মৌন হৈ থকা সম্ভৱ হ’লেও সাংস্কৃতিক পাৰ্থক্যৰ ক্ষেত্ৰত মৌন হৈ থকা  সম্ভৱ নহয়, আৰু (৬) যোৱা কিছু দশক ধৰি আঞ্চলিক অৰ্থনীতিৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে ।  কোনো এটা অঞ্চলৰ সভ্যতা একে হ’লে সংশ্লিষ্ট অঞ্চলটোৰ আঞ্চলিক অৰ্থনীতিক আগবঢ়াই নিয়াত সহজ হৈ পৰে । 

যদিও সংস্কৃতিৰ পাৰ্থক্যৰ বাবে দেশসমূহৰ মাজত সংঘাত সৃষ্টিৰ কোনো প্ৰমাণ নাই (হানটিংটনে অনুমানৰ ভিত্তিত সভ্যতাৰ সংঘাতৰ প্ৰসংগ আনিছে), হানটিংটনৰ এই ধাৰণাই প্ৰতিখন দেশৰে সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত গোড়া লোকসকলক অসীম উৎসাহ তথা অভাৱনীয় শক্তি প্ৰদান কৰিছিল । প্ৰগতিশীল ধ্যান-ধাৰণাক তল পেলাই ভাৰতক এখন সাম্প্ৰদায়িক তথা একক পৰিচয়ৰ ৰাষ্ট্ৰ (হিন্দুৰাষ্ট্ৰ) হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হিন্দুত্ববাদী শক্তিয়ে ব্ৰিটিছৰ দিনৰ পৰাই চেষ্টা চলাই আহিছে ।  হানটিংটনৰ দৰে  গোড়া ৰাজনীতি বিজ্ঞানীয়ে সূচনা কৰা সভ্যতাৰ সংঘাতৰ বিষাক্ত চিন্তাধাৰাই হিন্দুত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰা শক্তিটোক অধিক শক্তিশালী কৰি তোলাত সহায় কৰিছে । তাৎপৰ্যপূৰ্ণ যে হানটিংটনে সূচনা কৰা সভ্যতাৰ সংঘাতৰ ধাৰণাটো সমগ্ৰ পৃথিৱীত সম্প্ৰসাৰণ ঘটাই  থকাৰ সময়ছোৱাতে ভাৰতত বাবৰি মছজিদ ধ্বংসৰ ঘটনাটো ঘটিছিল । সি যি কি নহওক, প্ৰাসংগিকতা থাকক বা নাথাকক অসমৰ একাংশ স্বাৰ্থপৰ ৰাজনীতিকে ক্ষমতা দখলৰ উদ্দেশ্যে অনুমানৰ ভিত্তিত দাবী কৰা হানটিংটনৰ সভ্যতাৰ সংঘাত চিন্তাধাৰাটোক কাৰ্যকৰী ৰূপ দিবলৈ প্ৰয়াস চলাইছে ।

যোৱা দুটা দশকত ঘটি যোৱা  ঘটনাসমূহে প্ৰমাণ কৰিছে যে দেশসমূহৰ মাজত সংঘাত সৃষ্টিৰ মূল কাৰণ  সভ্যতাৰ সংঘাত নহয় ।  অৰ্থনৈতিক আৰু ৰাজনৈতিক বৈষম্যৰ বাবেহে দেশসমূহৰ মাজত সংঘাত সৃষ্টি হয় । সভ্যতাৰ এটা মূল উপাদান হ’ল –সংস্কৃতি । ৰাজনৈতিক আৰু অৰ্থনৈতিক পাৰ্থক্য হ্ৰাস কৰাত সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে ।  বিশ্বৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰিলে পোৱা যায় দেশসমূহৰ উদাৰপন্থী শক্তিসমূহে প্ৰতিখন দেশৰে বা প্ৰতিটো সভ্যতাৰে ইতিবাচক উপাদানসমূহক আকোঁৱালী লৈছে (এই সম্পৰ্কে আগ্ৰহী পাঠকে অমৰ্ত্য সেনৰ The Argumentative Indian গ্ৰন্থখনৰ শেষৰ অধ্যায় আৰু Identity & Violence: The Illusion of Destiny গ্ৰন্থখন চাব পাৰে) ।  কোনো এটা সভ্যতাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা মানে কি বুজায় ? প্ৰথম, যুদ্ধ ঘোষণা কৰা শক্তিটোৱে আন সভ্যতাৰ কোনো এটা দিশকে আকোঁৱালী ল’বলৈ সাজু নহয় । দ্বিতীয়, তেওঁলোকে নিজে অন্তৰ্ভূক্ত হোৱা সভ্যতাৰ সৈতে জড়িত সংগঠন বা প্ৰতিষ্ঠানসমূহৰ বাহিৰে আন কোনো সংগঠনৰ সৈতে জড়িত নহয়, যি মানসিকতাই আন সভ্যতাৰ সৈতে জড়িত সংগঠন বা প্ৰতিষ্ঠানসমূহৰ প্ৰতি অধিক ঘৃণা সৃষ্টি কৰাত সহায় কৰে ।  কোনো সন্দেহ নাই যে ইছলামিক আৰু পশ্চিমীয়া সভ্যতাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰসংগই অসমৰ সংশ্লিষ্ট ৰাজনীতিকসকলৰ সমৰ্থনকাৰীসকলৰ মাজত সেই দুই সভ্যতাৰ প্ৰতি ঘৃণাৰ মনোভাৱ বৃদ্ধি কৰাত সহায় কৰিছে। 

হানটিংটনৰ চিন্তাধাৰা সভ্য সমাজৰ বাবে এক বৃহৎ অন্তৰায় । সভ্য সমাজত সংস্কৃতিসমূহৰ মাজত আদান-প্ৰদান ঘটি গোড়া সমাজ এখনক প্ৰগতিশীল সমাজৰ দিশলৈ আগবঢ়াই নিয়ে । যিসকলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে প্ৰগতিশীল সমাজক সমৰ্থন কৰিব নোৱাৰে বা নকৰে, সভ্য সমাজত ঘটি থকা সংস্কৃতিৰ আদান-প্ৰদান প্ৰক্ৰিয়া সম্পৰ্কত তেওঁলোকৰ অজ্ঞতা প্ৰকাশ পায় । সংস্কৃতিসমূহৰ মাজত চলি থকা পৰস্পৰ নিৰ্ভৰশীলতা সম্পৰ্কে থকা অজ্ঞতাৰ বাবেহে মানু্হৰ মাজত সংঘাত সৃষ্টি হয় । সাম্প্ৰতিক সময়ত অসমত যি যুঁজৰ প্ৰসংগ অনা হৈছে, সেয়া সভ্যতাৰ যুঁজ নহয় । যিসকলে সেই যুঁজৰ কথা কৈছে, তেওঁলোকে সভ্যতাৰ ধাৰণাক নেতিবাচকভাবে লোৱাই নহয়, ভাৰত তথা অসমৰ সভ্যতা সম্পৰ্কতো তেওঁলোকৰ অজ্ঞতা প্ৰকাশ পাইছে । এই অজ্ঞতাৰ দ্বাৰা তেওঁলোকে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক দিশত ব্যৱধান বৃদ্ধি কৰি (ইতিহাস বিকৃতি কৰি হ'লেও) ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত অসহনশীলতাৰ তীব্ৰতা বৃদ্ধি কৰাত সহায় কৰিছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৫ মাৰ্চ ২০২১, পৃষ্ঠা: ৪]