Sunday 11 September 2016

জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কে

যোৱা ২৯ আগষ্ট তাৰিখে ‘আমাৰ অসম’ত প্ৰকাশিত ডা: ইলিয়াছ আলীৰ ‘জনবিস্ফোৰণ: বিশ্বৰ মৃত্যুৰ পৰোৱানা’ লেখাটো পঢ়িলোঁ। ডা: আলীৰ সৈতে দ্বিমত নাই যে জনসংখ্যাৰ দ্ৰুত হাৰৰ বৃদ্ধিয়ে পৃথিৱীখনক ক্ৰমে ধংসৰ মুখলৈ ঠেলি দি আছে। মন কৰিবলগীয়া কথাটো হ’ল- ৰাজনীতি, অৰ্থনীতি বা আন সমস্যা সম্পৰ্কে যিমান গভীৰভাবে আলোচনা কৰা হয়, জনবিস্ফোৰণ সমস্যাটোৰ বিষয়ে সিমান গভীৰভাবে আলোচনা হোৱা দেখা নাযায়।
জনসংখ্যা বৃদ্ধিৰ ফলত হ’ব পৰা বিপদ সম্পৰ্কে থমাছ মালথুছে তেখেতৰ ১৭৯৮ চনত প্ৰকাশিত An Essay on the Principle of Population গ্ৰন্থখনৰ জৰিয়তে বিশ্ববাসীক সজাগ কৰি দিছিল। তেখেতে উপস্থাপন কৰিছে যে বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু খাদ্য শস্যৰ উৎপাদনৰ হাৰ একে নহয়। তেখেতৰ মতে জনসংখ্যা জ্যামিতিক হাৰত (মানে: ২, ৪, ৮, ১৬, ৩২………) আৰু খাদ্য শস্যৰ উৎপাদন গাণিতিক হাৰত (মানে: ২, ৪, ৬, ৮, ১০……...) বৃদ্ধি পায়। অৰ্থাত, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ খাদ্য শস্যৰ উৎপাদনৰ হাৰতকৈ সদায় বেছি হয়। ফলত পৃথিৱীত খাদ্য সংকটে দেখা দিয়ে। খাদ্য সংকটে দেখা দিলে সমগ্ৰ পৃথিৱীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, ব্যাখ্যা নিষ্প্ৰয়োজন।  
অৱশ্য, জনসংখ্যা বৃদ্ধিৰ হাৰ কেনেকৈ নিয়ন্ত্ৰিত হয়, সেই বিষয়েও তেখেতে গ্ৰন্থখনত আলোচনা কৰিছে। তেখেতৰ মতে জন্মৰ হাৰ হ্ৰাস কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপায় হিচাপে তেখেতে কোনো ব্যক্তিয়ে পৰিয়াল পোহপাল দিব পৰাকৈ খাদ্য শস্য উৎপাদন কৰিব নোৱাৰিলে দেৰিকৈ বিয়া পতা বা একেবাৰে বিয়া নাপাতিবলৈ উপদেশ দিছিল। এই পদ্ধতিক তেখেতে প্ৰতিকাৰ মূলক ব্যৱস্থা (Preventive Checks) বুলি কৈছে। অৱশ্যে, জন্মৰ হাৰ হ্ৰাস কৰাৰ বাবে অনৈতকভাবে যৌন ক্ষুধা পূৰণ কৰা, জন্ম নিৰোধক ব্যৱ্স্থা গ্ৰহণ কৰা আদিত তেখেতৰ সমৰ্থন নাছিল। উল্লেখ কৰা দৰকাৰ যে ১৮২০ চন মানৰ পৰা উদ্ভৱ হোৱা নব্য-মালথুছিয়ান সকলে জন্ম নিৰোধক ব্যৱস্থা গ্ৰহণৰ সমৰ্থন কৰিছে। আন এক পদ্ধতি অনুসৰি মৃত্যুৰ হাৰ বৃদ্ধি হৈ জনসংখ্যা নিয়ন্ত্ৰণলৈ আহে। যুদ্ধ, দুৰ্ভিক্ষ, নানান ধৰণৰ বেমাৰ-আজাৰ ইত্যাদি এই পদ্ধতিৰ উপায়ৰ ভিতৰত পৰে। এই পদ্ধতিক তেখেতে ধনাত্মক ব্যৱস্থা (Positive Checks) বুলি কৈছে।
সি যি কি নহওক, দ্ৰুত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ বাবে পৃথিৱীৰ উন্নত দেশবোৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন আঁচনিসমূহ সঠিকভাবেই গ্ৰহণ কৰি কাৰ্যকৰি ৰূপ দিবলৈ ধৰিলে। ফলস্বৰূপে, সেই দেশবিলাকত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিলে। জনসংখ্যা নিয়ন্ত্ৰণ কৰাত সমস্যাই দেখা দিলে ভাৰত, বাংলাদেশ আদিৰ দৰে অনুন্নত দেশবিলাকত (ভাৰতৰ দৰে দেশক উন্নয়নশীল বুলি কোৱা হয় যদিও-সেয়া ভাল লগাবলৈ কোৱাৰ বাহিৰে ইয়াৰ আন একো অৰ্থ নাই যেন লাগে)। আমাৰ দৰে দেশবিলাকত জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনি কঠোৰভাবে বলবৎ কৰিলে ধৰ্মীয় বা সামাজিক সমস্যাই গা কৰি উঠে। যি চৰকাৰে কঠোৰভাবে জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনিসমূহ প্ৰয়োগ কৰিবলৈ বিচাৰে সেই চৰকাৰে আচৰিত ধৰণে নিজৰ জনপ্ৰিয়তা হেৰুৱায়। ভাৰতৰ জুৰুৰীকালীন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ পাঁচটা নীতিৰ ভিতৰত পৰিয়াল পৰিকল্পনা নীতিটো দুই নম্বৰত স্থান পাইছিল। এই নীতিটো কাৰ্যকৰি কৰিবলৈ তেখেতে দুটা সন্তানৰ পাছত প্ৰতিজন পুৰুষকে বাধ্যতামূলকভাবে ব্যন্ধাকৰণ কৰাব বিচাৰিছিল। যাৰ ফলস্বৰূপে ৰাজনীতিত তেখেতৰ জনপ্ৰিয়তা আচৰিত ধৰণে হ্ৰাস পাইছিল।
আচলতে আৰ্থিকভাবে অনুন্নত দেশৰ মানুহবিলাকৰ চিন্তাধাৰাও অনুন্নত হৈ আছে। আমাৰ দৰে দেশবিলাকৰ সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাই ইয়াৰ বাবে দায়ী। বিয়া-বাৰু হৈ যোৱাৰ এবছৰ পাছতে সংশ্লিষ্ট পৰিয়ালৰ লোকে বংশ ৰক্ষাৰ বাবে দম্পত্তিহালৰ পৰা সন্তান আশা কৰা আমাৰ সমাজ ব্যৱস্থাত একেবাৰে সাধাৰণ কথা। তেহেলৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থা যিমানেই বেয়া নহওক কিয়। কোনো দম্পত্তিয়ে একান্ত জৈৱিক কাৰণত সন্তান জন্ম দিবলৈ সক্ষম নহ’লে সমাজত তেওঁলোকৰ অৱস্থা কেনে হয়, সেয়া তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব। শিক্ষাৰ পোহৰ নোপোৱা মানুহৰ মানসিকতাহে যে এনে হয়, তেনে নহয়। এই ক্ষেত্ৰত বহু উচ্চ শিক্ষাৰে শিক্ষিত (?) মানুহৰো মানসিকতাৰ পৰিবৰ্তন ঘটা নাই।  
শিক্ষাৰ বিস্তাৰৰ জৰিয়তে আমাৰ দৰে অনুন্নত দেশবিলাকত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কিছুমান চিন্তাবিদে আশা কৰিছে। এই ক্ষেত্ৰত আমিও একমত যদিও আমাৰ এলান্দুকলীয়া মানসিকতা পৰিবৰ্তন কৰিব নোৱাৰা প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰা কিমান সুফল পোৱা যাব তাত সন্দেহ আছে। তদুপৰি, জনসংখ্যা নিয়ন্ত্ৰণলৈ আহিলেও পৃথিৱীখন মৃত্যুৰ দিশে আগবাঢ়িয়েই থাকিব যদিহে সঁচা অৰ্থত মানুহৰ লালসা নিয়ন্ত্ৰণলৈ নাহে।  


[প্ৰকাশিত, 'আমাৰ অসম', ১১ ছেপ্তেম্বৰ ২০১৬]