Wednesday 9 February 2022

উত্তৰ প্ৰদেশৰ প্ৰাক-নিৰ্বাচনী হিংসা আৰু অসম

            এ আই এম আই এমৰ মুৰব্বী তথা লোকসভাৰ সদস্য আছাদউদ্দিন ওৱেইছিৱে উত্তৰপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় দলীয় সভাত অংশগ্ৰহণ কৰি দিল্লীলৈ  ঘূৰি অহাৰ পথত এখন টোলগেটৰ ওচৰত তেওঁলৈ লক্ষ্য কৰি অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰিলে ।  বাতৰি অনুসৰি তেওঁৰ গাড়ীখনত তিনিটা গুলী লাগিছে । ইয়াৰে দুটা গুলী বাহনখনৰ দুৱাৰত আৰু আনটো গুলী টায়াৰত লাগিছে ।  গুলীচালনাৰ সৈতে জড়িত যিজন লোকক (শচীন পণ্ডিত) আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বিজেপি নেতাৰ সৈতে সেই লোকজনৰ সম্পৰ্ক থকাৰ  প্ৰমাণ পোৱা গৈছে  (The Wireৰ ৪ ফেব্ৰুৱাৰী ২০২২ৰ বাতৰি অনুসৰি) । ঘটনাটোৰ সন্দৰ্ভত সাংসদগৰাকীয়ে লোকসভাত নিজৰ বক্তব্য ৰাখি কৈছে যে এনেধৰণৰ ঘটনাই দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তুলিছে । সাংসদগৰাকীয়ে কোৱাৰ দৰে দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তোলাৰ উপৰি এনেধৰণৰ ঘটনাই আৰু কেইটামান তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে । প্ৰথমতে, নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে দেশখনৰ একাংশ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক তথাকথিত গুণ্ডাৰ দ্বাৰা বাহুবলেৰে ভাবুকি প্ৰদান কৰিবলৈও কুণ্ঠাবোধ নকৰে ।  দ্বিতীয়তে, দেশখনৰ সংখ্যালঘু লোকসকলৰ স্বাৰ্থৰ হকে বলিষ্ঠভাবে মাত মতা ৰাজনৈতিক নেতাক একাংশ ৰাজনৈতিক নেতা-কৰ্মীয়ে সহ্য কৰিব নোৱাৰে । তৃতীয়তে, নিৰ্বাচনৰ প্ৰাকমহূৰ্তত নিৰ্বাচনী বিচাৰ্য বিষয়বোৰেৰে ভোটাৰসকলৰ মন জয় কৰিবলৈ সক্ষম নহ’লে বিৰোধী ৰাজনৈতিক দলৰ নেতাক বন্দুকেৰে আক্ৰমণ কৰিবলৈ একাংশ ৰাজনৈতিক নেতা-কৰ্মী যিকোনো সময়তে সাজু হৈ থাকে । শেষত, ঘটনাটোৱে দেশখনৰ নিৰ্বাচন ব্যৱস্থাটোৰ প্ৰতি জটিল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত সংঘটিত এনেধৰণৰ ঘটনা নি:সন্দেহে গৰিহণাৰ যোগ্য । 

          শেহতীয়াকৈ অসমৰ একাংশ লোকে উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশকক দ্ৰুতগতিত অনুকৰণ কৰাৰ ঢৌ উঠিছে । উদাহৰণস্বৰূপে, গৰুৰ প্ৰতি প্ৰয়োজনাধিক গুৰুত্ব দিয়া, এটা বিশেষ সংগঠিত ধৰ্মৰ লোকসকলৰ প্ৰতি বিদ্বেষভাৱ সৃষ্টি কৰা, হিন্দু ধৰ্মৰ সৈতে জড়িত অনুষ্ঠানসমূহক অধিক গুৰুত্ব দিয়া ইত্যাদি । তদুপৰি, কম সময়ৰ ভিতৰতে নিজৰ উচ্চকাংক্ষা পূৰণৰ উদ্দেশ্যে উত্তৰ ভাৰতীয় উগ্ৰ হিন্দুত্ববাদী ৰাজনৈতিক নেতাক ‘গুৰু’ হিচাপে মানি লোৱা নেতাও অসমত ওলাইছে ।  কোনো এটা অঞ্চলৰ ইতিবাচক দিশবোৰ অনুকৰণ কৰাত কোনো আপত্তি থাকিব নোৱাৰে । কিন্তু, অসমৰ একাংশ লোকে যিবোৰ দিশত উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশক অনুসৰণ কৰিবলৈ লৈছে, সেয়া ৰাজ্যখনৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ফেব্ৰুৱাৰী ২০২২]