Wednesday 1 December 2021

প্ৰসংগ: এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকত বাতিল

 

           যোৱা ২৪ নৱেন্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এ পি এছ ছিৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰা হৈছে ।  চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে ইতিমধ্যে অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱীকে ধৰি অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।  এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সোনোৱাল চৰকাৰৰ দিনত অসমীয়া ভাষাৰ কাকতখন বাধ্যতামূলক কৰা হৈছিল । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন জিলা আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল । ছখন জিলাৰ বাহিৰে বাকী জিলাৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকতখনৰ পৰীক্ষা দিবলগীয়া হোৱা ব্যৱস্থাটোৱে প্ৰাৰ্থীসকলক অসন্তুষ্ট কৰিছিল ।  ব্যৱস্থাটোৰ বিৰূদ্ধে মাননীয় উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো এতিয়াও বিচাৰাধীন হৈ আছে ।  মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ব্যৱস্থাটোৰ সমৰ্থনত চৰকাৰে যুক্তি দিব পৰা নাই । সেয়েহে এই কাকতখন চৰকাৰে বাতিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে ।

            চাবলৈ গ’লে চৰকাৰৰ এই সিদ্ধান্তটোক বিৰূদ্ধাচৰণ কৰাৰ বিপৰীতে আদৰণিহে জনাব লাগে । কাৰণ, একে চাকৰিৰ বাবে একেখন ৰাজ্যৰে এটা বৃহৎ অঞ্চলৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকত এখনৰ পৰীক্ষা দিব লাগে যিটো আন অঞ্চলৰ প্ৰাৰ্থীয়ে দিব নালাগে । অৰ্থাত, পূৰ্বৰ এই ব্যৱস্থা বাতিল কৰি প্ৰাৰ্থীসকলক ন্যায়হে প্ৰদান কৰা হৈছে । কিন্তু, সিদ্ধান্তটোৱে এ পি এছ ছিৰ পৰীক্ষাত বহিব বিচৰা প্ৰাৰ্থীসকলক কিছু সকাহ দিছে যদিও জাতিটোৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন বাতিল কৰাৰ প্ৰসংগত দুটামান কথা চিন্তা কৰিবলগীয়া আছে বুলি আমি ভাবোঁ । প্ৰথমতে, অসমীয়া ভাষাৰ সৈতে সম্পৰ্ক থকা কিছুমান শেহতীয়া পৰিস্থিতিয়ে ভাষাটোক প্ৰাণভৰি ভালপোৱা লোকসকলক শংকিত কৰি তুলিছে ।  উদাহৰণস্বৰূপে, বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ওপৰত ক’লা ৰং সনা, সময়ৰ সীমা বান্ধি দি অসমীয়া ভাষাত লিখা বিজ্ঞাপন সলনি কৰি বাঙালী ভাষাত লিখা বিজ্ঞাপনৰ হ’ৰ্ডিং আঁৰি দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰা, অসমলৈ উত্তৰ ভাৰতীয় সংস্কৃতিৰ দ্ৰুত আগ্ৰাসন ইত্যাদি ।  এ পি এছ ছিৰ পৰীক্ষাৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনে কিছু পৰিমাণে হ’লেও এই শংকাৰ মাত্ৰা হ্ৰাস কৰি আহিছে ।  দ্বিতীয়তে, কোনো এটা ভাষাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিলে সেই ভাষাটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি হয় । সংশ্লিষ্ট ভাষাটো কেৱল কথিত ৰূপত ৰাখিলে ভাষাটোৰ প্ৰয়োজনীয়তা যিমান বৃদ্ধি পায়, লিখিত আৰু কথিত দুয়োটা ৰূপতে ৰাখিব পাৰিলে ইয়াৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পায় ।  কম-বেছি পৰিমাণে ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা পৃথিৱীৰ সকলো দেশতে আছে । গতিকে, ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমৰ দৰে ৰাজ্য এখনৰ চৰকাৰে বিশেষ গুৰুত্ব নিদিলেও ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তাৰ ওপৰত তাৎপৰ্যপূৰ্ণ নেতিবাচক প্ৰভাৱ নপৰে । কিন্তু, ৰাজ্যখনৰ ৰাজ্যিক ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰখনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখনে কিছু পৰিমাণে হ’লেও অসমীয়া ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ডিছেম্বৰ ২০২১]

Thursday 30 September 2021

প্ৰসংগ: উচ্ছেদ সকলো সহনশীল হওক

 

        যোৱা ২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হ’ল । বাতৰি অনুসৰি ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে । বিশেষকৈ লাঠি এডাল লৈ আৰক্ষীক চোঁচা লৈ অহা লোক এজনৰ মৃত্যুৰ পিছত মৃতদেহটোৰ ওপৰত এজন ফটোগ্ৰাফাৰে জপিয়াই পৰা আৰু মৃতদেহটোক আৰক্ষীৰ লোকে চোঁচৰাই নিয়া দৃশ্যটোৱে সকলো বিবেকবান লোককে অবাক কৰি তুলিছে । 

        চৰকাৰী মাটি বেদখল কৰিলে মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰে উচ্ছেদ কৰিবলৈ বাধ্য । তেনে মাটি উচ্ছেদ কৰাত আপত্তি কৰিবলগীয়া নাই । কিন্তু, উচ্ছেদ এটা অতি স্পৰ্শকাতৰ বিষয় । কেইবা বছৰ ধৰি বসবাস কৰি থকা মানুহবোৰক কম সময়ৰ ভিতৰতে উচ্ছেদ কৰিবলৈ গ’লে উচ্ছেদিতসকলৰ মানসিক অৱস্থা কেনে হ’ব সেয়া তেওঁলোকৰ বাহিৰে আনে সম্পূৰ্ণকৈ অনুভৱ কৰিব নোৱাৰে । অঞ্চল এটাৰ পৰা কোনো এটা পৰিয়ালক উচ্ছেদ কৰিলে পৰিয়ালটোৱে কেৱল থকা ঘৰটোৰ পৰাহে উচ্ছেদিত নহয় । থকা ঘৰটোৰ লগতে পৰিয়ালটোৱে সেই অঞ্চলটোৰ সৈতে জড়িত আটাইবোৰ উপাদানৰ পৰাই উচ্ছেদিত হয় ।  জানিব পৰা মতে সেই সংশ্লিষ্ট অঞ্চলটো কেইবা দশকৰ পৰাই বেদখল হৈ আছে । যিহেতু বেদখল কম সময়ৰ ভিতৰত হোৱা নাই, সেয়েহে উচ্ছেদ কাৰ্য কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে এশ শতাংশ সফলতা লাভ কৰাৰ সম্ভাৱনা নথকাটোৱেই স্বাভাৱিক ।

          ২৩ ছেপ্টম্বৰৰ ঘটনাটোক লৈ বিভিন্ন পক্ষই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।  ভিডিঅ’সহ দেখুওৱাব পৰাকৈ সদায় গৰম খবৰৰ সন্ধানত থকা একাংশ বৈদ্যুতীন মাধ্যমে ঘটনাটোক পক্ষপাতমূলকভাবে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । বিৰোধী ৰাজনৈতিক দল আৰু একাংশ সংগঠনে ন্যস্তস্বাৰ্থৰ বাবে ঘটনাটোক ব্যৱহাৰ কৰিবলৈ ধৰাৰ ফলত ঘটনাটোৱে ন্যায় আৰু নিৰপেক্ষতাৰ পৰা ক্ৰমে আঁতৰি অহাৰ সম্ভাৱনা অধিক কৰি তুলিছে । একাংশ ৰাজনৈতিক দল আৰু সংগঠনে উচ্ছেদিত লোকসকলক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনক উৎসাহিত কৰিবলৈ ধৰাৰ ফলত বিষয়টোক অধিক জটিল কৰি তুলিছে । যিকোনো এটা স্পৰ্শকাতৰ বিষয়ত দুটা পক্ষৰ সৃষ্টি হ’লে পক্ষ দুটাক অস্থিৰ কৰি তুলিব বিচৰা শক্তিৰ অভাৱ নাই । কাৰণ, এনেকুৱা স্পৰ্শকাতৰ বিষয় আৰু জটিল পৰিস্থিতিত ৰাজনৈতিক দল আৰু সংগঠনসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুযোগ বিচাৰি পায় । সাধাৰণতে, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ নেতাসকলে প্ৰৰোচনামূলক বক্তব্যৰ দ্বাৰা নিজৰ শক্তি প্ৰদৰ্শন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অনুসৰি ইয়াৰ আগৰ দিনকেইটাত চলা উচ্ছেদ কাৰ্যত উচ্ছেদিত লোকসকলে প্ৰশাসনক সহযোগ কৰিছিল । তেনেহ'লে ২৩ ছেপ্টেম্বৰত ইমান ভয়ানক ঘটনা সংঘটিত হোৱাৰ কাৰণ কি ? এটা ব্যক্তিগত টিভি চেনেলৰ টকশ্ব' এটাত উচ্ছেদিত গাঁওখনৰ লোক এজনে জনোৱাৰ মতে প্ৰশাসনৰ সৈতে তেওঁলোকে কৰা আলোচনা সঠিক দিশেৰে আগবাঢ়ি আছিল । কিন্তু, প্ৰশাসনৰ বাহিৰৰ মানুহ আহি তেওঁলোকক ধমকি দি যায় । প্ৰশাসনৰ বাহিৰৰ মানুহবোৰৰ এই কৰ্মকাণ্ডই স্বাভাৱিকতে উচ্ছেদিত লোকসকলক শংকাত ৰাখে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আন শক্তিয়ে (মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পি এফ আই) উচ্ছিদিতসকলক 'সহায়' কৰিবলৈ আগবাঢ়ি আহে । কোনো এটা পক্ষই যেতিয়া বাহিৰা শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া সমস্যাটোৰ তীব্ৰতা অধিক হৈ পৰে । বিশেষকৈ বাহিৰা শক্তিয়ে যিকোনো এটা পক্ষক উন্মাদ (দুয়ো পক্ষই উন্মাদ হ'লেতো ক'বই নালাগে) কৰি তুলিবলৈ সক্ষম হ'লে সমস্যাটোৱে নতুন সমস্যাৰ সৃষ্টি কৰে । গতিকে, উচ্ছেদৰ দৰে স্পৰ্শকাতৰ বিষয়ত সকলোৱে সহনশীলতা বজাই ৰখা উচিত । 

[প্ৰকাশিত, 'আমাৰ অসম', ৩০ ছেপ্টেম্বৰ ২০২১]



Sunday 29 August 2021

দল বাগৰা ৰাজনীতিক


        ২০২১ চনৰ   অসম বিধানসভাৰ নিৰ্বাচনৰ কেইমাহমান আগৰে পৰাই ৰাজ্যখনত দল বাগৰা ৰাজনীতিকৰ জোৱাৰ উঠিছিল । দীৰ্ঘকাল ধৰি এটা ৰাজনৈতিক দলৰ হৈ সেৱা (?) আগবঢ়াই অহা একাংশ ৰাজনীতিকে সেই দলটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট নোপোৱাৰ পিছত টিকট লাভৰ আশাত ৰাতিটোৰ ভিতৰতে আন দলত যোগদান কৰিছে ।  এনেকুৱা ৰাজনীতিকো দেখা গৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এটা ৰাজনৈতিক দলৰ পৰা টিকট লাভ কৰি বেলট পেপাৰত নাম উঠাৰ পিছতো সেই দলটো ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে । যথাসময়ত নিৰ্বাচন হৈ গ'ল । নিৰ্বাচনৰ ফলাফলো ওলাল । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিলে । নিৰ্বাচিত হোৱাৰ পিছতো একাংশ ৰাজনীতিকে দল সলনি কৰি আছে । অৱশ্যে, নিৰ্বাচনৰ আগৰ আৰু পিছৰ দল ত্যাগত মাজত কিছু পাৰ্থক্য দেখা গৈছে । নিৰ্বাচনত পিছত বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰৱণতা বেছি হৈছে ।  কি কাৰণত একাংশ ৰাজনীতিকে বিৰোধী দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ?

      বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ কাৰণ হিচাপে দলত্যাগী ৰাজনীতিকে যুক্তি দিয়ে যে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এনে কৰিবলগীয়া হৈছে ।  তেওঁলোকে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে বিৰোধী দলত থাকিলে সমষ্টিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পোৱা নাযায় বা পোৱাৰ সম্ভাৱনা নাই । কিন্তু, ৰাইজৰ বুজিবলৈ বাকী নাথাকে যে একমাত্ৰ ক্ষমতাৰ লালসা আৰু ৰাজনৈতিক নিৰাপত্তাৰ বাবেহে তেওঁলোকে শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ।  

        কোনো সন্দেহ নাই যে কোনো এজন নামজ্বলা ৰাজনীতিকে দল ত্যাগ কৰিলে সেই দলটোৰ সাধাৰণ সদস্যসকলে মানসিক আঘাত পায় । দল ত্যাগ কৰিলে আদৰ্শত বিশ্বাসী ভোটাৰ আৰু সংশ্লিষ্ট দলটোৰ সাধাৰণ সদস্যসকলৰ প্ৰতি অন্যায়  আৰু অশ্ৰদ্ধা কৰা হয় । কিন্তু, ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আদৰ্শৰ ৰাজনীতি আছে যদিও ব্যতিক্ৰমৰ বাহিৰে আদৰ্শৰ ৰাজনীতি কৰা ৰাজনীতিক নাই । নক’লেও হ’ব যে অসমৰ সাম্প্ৰতিক ৰাজনীতিত ইয়াৰ প্ৰকোপ অধিক হৈছে । যোৱা দশকত অসম মুলকত দেখা গৈছে যে বেছিভাগ দল বাগৰা ৰাজনীতিকৰে জয়জয় ময়ময় অৱস্থা হৈছে । যিসকলে আদৰ্শৰ ৰাজনীতি কৰি দল ত্যাগ কৰা নাই তেওঁলোকৰ অৱস্থা ক্ৰমে বেয়াৰ ফাললৈ গতি কৰিছে । সুবিধাবাদী ৰাজনীতিকে এই গতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সুবিধা বুজি দল ত্যাগ কৰি আন দললৈ ঢাপলি মেলিছে । যিখন ৰাজ্যত দল বাগৰা ৰাজনীতিকে মুখ্য মন্ত্ৰীৰ আসন দখল কৰিবলৈ সুযোগ লাভ কৰে সেইখন ৰাজ্যত বিধায়ক বা সাধাৰণ ৰাজনীতিকে দল ত্যাগ কৰাত একো অস্বাভাৱিকতা নাই ।  এয়া ৰাজ্যখনৰ ভালৰ বাবে নে কালৰ বাবে হৈছে সেয়া আন এক প্ৰসংগ ।

     তাত্ত্বিক দৃষ্টিকোণেৰে ৰাজনীতিকসকল হ’ল ভোটাৰসকলৰ একো একোজন  মধ্যস্থ ব্যক্তি বা এজেণ্ট আৰু  ৰাজনৈতিক দলবিলাক একো একোটা এজেঞ্চী । ৰাজনৈতিক ক্ষেত্ৰখনত এই এজেণ্টসকলে ভোটাৰসকতলৈ বেছি সঠিক খবৰ পায় । সেই খবৰবোৰৰ ভিত্তিত তেওঁলোকে ৰাজনৈতিক আচৰণৰ পৰিৱৰ্তন কৰি থাকে । বুজিবলৈ বাকী নাই যে যিটো এজেঞ্চিত সা-সুবিধা বেছি সেই এজেঞ্চীটোতে তেওঁলোকে যোগদান কৰে ।     

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ আগষ্ট ২০২১]

Tuesday 27 July 2021

গো-সুৰক্ষা আইনে জনজাতিক অৰ্থনৈতিক নিৰাপত্তা দিবনে ?


        মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰখনে গো-সুৰক্ষাৰ উদ্দেশ্যে বিধানসভাৰ চলিত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিছে । মূলত: ধৰ্মীয় বিশ্বাস আৰু ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে এই বিধেয়কখন উত্থাপন কৰা হৈছে তাত কোনো সন্দেহ নাই । সি যি কি নহওক, যিকোনো এখন আইন প্ৰণয়ন কৰিবলৈ যোৱাৰ আগতে সংশ্লিষ্ট আইনখনে প্ৰভাৱ পেলাব পৰা সকলোবোৰ দিশ চালিজাৰি চোৱাৰ নিশ্চয় প্ৰয়োজন আছে । প্ৰস্তাৱিত আইনখনো ইয়াৰ ব্যতিক্ৰম নহয় । আমি আলোচনা কৰিব বিচৰা বিষয়টো হ'ল-প্ৰস্তাৱিত গো-সুৰক্ষা আইনখনে অসমৰ জনজাতিসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে নেকি ? 

     ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ১২.৪৫ শতাংশ লোক অনুসূচিত জনজাতিৰ ।  জনজাতিসকল কেৱল এটা সংগঠিত ধৰ্মৰ অন্তৰ্গত লোক নহয় । হিন্দু ধৰ্মালম্বী জনজাতিসকলকে গো মাংস ভক্ষণ নকৰে । কিন্তু, খ্ৰিষ্টান ধৰ্মালম্বী জনজাতিসকলে গো মাংস ভক্ষণ কৰে । অৱশ্যে, নতুনকৈ খ্ৰিষ্টান ধৰ্ম গ্ৰহণ কৰা জনজাতীয় লোকসকল এই ক্ষেত্ৰত ব্যতিক্ৰম ।  গো মাংস ভক্ষণ কৰক বা নকৰক জনজাতীয় লোকসকলে তেওঁলোকৰ পৰিয়ালটোৰ অৰ্থনৈতিক নিৰাপত্তাৰ বাবে ছাগলী আৰু গাহৰিৰ উপৰি গৰুও পোহে ।  দুই-এটা পৰিয়ালৰ বাহিৰে গাঁৱত বসবাস কৰা জনজাতীয় লোকসকলৰ প্ৰতিটো পৰিয়ালৰে দুটাৰ পৰা সাত/আঠটালৈকে গৰু থাকে । সকলোৱে জনা কথা যে বলধক  হাল বোৱা আৰু মৰণা মৰা কামত ব্যৱহাৰ কৰে আৰু গাই গৰুবোৰক বিশেষকৈ গাখীৰ আৰু গৰুৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে পোহে ।  কিন্তু, কেইটামান গৰু কেৱল বিক্ৰী কৰাৰ উদ্দেশ্য পোহে । পৰিয়ালটোৱে আৰ্থিক সংকটত পৰাৰ উপক্ৰম হ’লেই বিক্ৰিৰ বাবে পোহা গৰুকেইটাক বিক্ৰি কৰি দিয়ে ।  বহুতে গৰু বিক্ৰী কৰি ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ খৰচৰ পৰা আৰম্ভ কৰি পকা ঘৰ নিৰ্মাণ কৰালৈকে দীৰ্ঘকালীন পৰিকল্পনা কৰে । মুঠ কথা, জনজাতীয় লোকসকলৰ মাজত গৰুৰ মূল্য ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিতকৈ অৰ্থনৈতিক নিৰাপত্তাৰ সৈতেহে বেছি জড়িত । বিদ্যায়তনিক অধ্যয়নতো ইয়াৰ প্ৰতিফলন ঘটিছে । উদাহৰণস্বৰূপে, ২০১৪ চনত Economic Affairs নামৰ গৱেষণামূলক আলোচনীখনৰ ৫৯ সংখ্যক সংখ্যাটোত ডি কে মজুমদাৰ, ডি এন কলিতা আৰু এছ ছি কলিতাৰ জনজাতিসকলৰ পশুপালন সম্পৰ্কীয় এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল । কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ দহখন জনজাতি অধ্যূষিত অঞ্চলত অধ্যয়ন চলাই তেওঁলোকে পাইছিল যে জনজাতীয় লোকসকলৰ বছৰি মুঠ আয়ৰ ১৯.৪৬ শতাংশ পশুপালনৰ পৰা আহে । অধ্যয়নটোত তেওঁলোকে পশুপালনত ছাগলী আৰু গাহৰিৰ উপৰি গৰুকো অন্তৰ্ভূক্ত কৰিছে ।

    এইটো নিশ্চিত যে যদি প্ৰস্তাৱিত আইনখনে গৰুৰ বজাৰখনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, তেন্তে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব । গতিকে, প্ৰস্তাৱিত আইনখনে যাতে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কসকলে বিধানসভাত বিশেষভাবে আলোচনা কৰাৰ প্ৰয়োজন আছে ।  আন বিধায়কসকলে প্ৰস্তাৱিত আইনখনৰ ওপৰত কি মতামত দিয়ে সেয়া বেলেগ কথা । কিন্তু, জনজাতীয় মূলৰ বিধায়কসকলে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰস্তাৱিত আইনখনে পেলাব পৰা বেয়া প্ৰভাৱ সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰা উচিত ।  অন্যথা, জনজাতীয় লোকসকলে অদূৰ ভৱিষ্যতে প্ৰস্তাৱিত আইনখনৰ সন্দৰ্ভত আন বিধায়কসকলৰ মতামতবিলাক মনত নাৰাখিলেও জনজাতীয় মূলৰ বিধায়কসকল যে মৌন হৈ আছিল সেয়া মনত ৰাখিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ জুলাই ২০২১, পৃষ্ঠা: ৪]

Saturday 24 July 2021

ৰাইজে এইবোৰ কি দেখিবলৈ পাইছে ?

     

    শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ বিধানসভাৰ প্ৰথম অধিৱেশনখন যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হৈছে । এই অধিৱেশনখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ । প্ৰথম, দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হ'বলৈ অংগীকাৰবদ্ধ হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন অধিৱেশন । দ্বিতীয়, জনজাতীয় মূলৰ ব্যক্তি এজনে অধ্যক্ষৰ আসন শুৱনি কৰিছে । তৃতীয়, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিছে । চতুৰ্থ, অখিল গগৈয়ে প্ৰায় ডেৰ বছৰ ধৰি জেলত থাকি জেলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেইদিনমান আগতে নিৰ্দিষী হিচাপে প্ৰমাণ পোৱাৰ পিছত বিধানসভাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে । কিন্তু, যোৱা ১৫ জুলাইলৈকে বিধানসভাৰ ভিতৰত সংঘটিত কিছুমান দৃষ্টিকটু দৃশ্য দেখি অসমৰ জনসাধাৰণ নিৰাশ হোৱাৰ উপৰি অস্বস্তি অনুভৱ কৰিছে। 

     ফেচবুক আৰু অসমৰ বৈদ্যুতিন মাধ্যম খুলিলেই অসমৰ চলিত বিধানসভাত চলা এনেকুৱা কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়,  যিবিলাক দৃশ্য অসমৰ মানুহে কেতিয়াও দেখা নাছিল আৰু দেখিবলৈ পাম বুলিও কল্পনা কৰা নাছিল ।  অখিল গগৈয়ে বিধানসভাত মাত মাতিবলৈ আৰম্ভ কৰাৰ পৰাই কিছুমান দৃষ্টিকটু দৃশ্য দেখিবলৈ পোৱা গৈছে । অখিল গগৈৰ মুক্তিৰ পিছত অসমৰ মানুহে অন্তত: ভাবিছিল যে এইবাৰ অসম বিধানসভাৰ অধিৱেশনত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক হ’ব ।  কাৰণ, শত্ৰু হ’লেও এই কথা মানিব লাগিব যে অখিল গগৈ এগৰাকী সংগ্ৰামী নেতা হোৱাৰ লগতে প্ৰচুৰ অধ্যয়শীল ব্যক্তি ।  সেইদৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এগৰাকী অধ্যয়শীল আৰু অভিজ্ঞ ৰাজনীতিক । কিন্তু, প্ৰথম দিনটোৰ পৰাই বিধানসভাত অখিল গগৈয়ে কৰা কিছুমান আচৰণে বহুতকে নিৰাশ কৰিবলৈ ধৰিলে । অধ্যক্ষই নিয়ম অনুসৰি বিধানসভাৰ কাম চলাই নিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ।  দৃশ্যবোৰ দেখি এনেকুৱা লাগিছে  যে তেওঁ একেদিনাই তেওঁৰ ক’বলগীয়া কথাখিনি ক’বলৈ বিচাৰিছে ।  অৱশ্যে, তেওঁৰ এই আচৰণ বিধানসভাত অংশগ্ৰহণ কৰাৰ এটা কৌশলো হ’ব পাৰে । কিন্তু, কৌশল হ’লেও সেয়া গ্ৰহণযোগ্য নহয় ।  ইয়াৰ বিপৰীতে, মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলটোৰ একাংশ বিধায়কে অখিল গগৈৰ এনে আচৰণৰ বাবেই যেন বহুদিন ধৰি বাদ চাই আছিল । সকলো যেন অখিল গগৈক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে । তেওঁলোকে এনেধৰণৰ কিছুমান আচৰণ আৰু বাক্য প্ৰয়োগ কৰি অখিল গগৈক আক্ৰমণ কৰিবলৈ ধৰিলে যিবোৰ আচৰণ আৰু বাক্যৰ প্ৰয়োগ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিব পাৰে বুলি ভাবিবই নোৱাৰি । মুঠ কথা, “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ” , আপ্তবাক্যটো একাংশ মন্ত্ৰী আৰু বিধায়কে পাহৰি গৈছে ।

        এনেকুৱা নহয় যে বিধানসভাৰ চলিত অধিৱেশনখনত গঠনমূলক আলোচনা হোৱা নাই বা উপযুক্ত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক চল নাই । কিন্তু, যোৱা কেইদিনত যিবোৰ দৃষ্টিকটু দৃশ্য অসমৰ ৰাইজে দেখিবলৈ পাইছে তাৰ তুলনাত প্ৰচুত তথ্যভিত্তিক আৰু বাস্তৱিক বিষয়ৰ ওপৰত চলা যুক্তি-তৰ্কবোৰ তল পৰি গৈছে । এই ক্ষেত্ৰত একাংশ বৈদ্যুতিন মাধ্যমৰ ভুমিকাও সমালোচনাৰ বাহিৰত নহয় । টিআৰপি বৃদ্ধিৰ স্বাৰ্থত একাংশ বৈদ্যুতিন মাধ্যমে অসমৰ পবিত্ৰ বিধানসভাত চলি থকা ইতিবাচক দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দৃষ্টিকটু দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰা দেখা গৈছে ।  অসমৰ প্ৰতিজন মানুহ ইমান পৰিপক্ক হৈ উঠা নাই যে বিধানসভাত চলি থকা নেতিবাচক দৃশ্যবোৰক অৱজ্ঞা কৰি ইতিবাচক দৃশ্যবোৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে । 

  [প্ৰকাশিত, 'আমাৰ অসম', ২৫ জুলাই ২০২১, পৃষ্ঠা: ৪ ]

Monday 28 June 2021

প্ৰসংগ: ক্ষুদ্ৰ ঋণৰ ৰেহাই

           যোৱা নিৰ্বাচনৰ নিৰ্বাচনী সভাবোৰত অসম চৰকাৰৰ সেই সময়ৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৰাজ্যখনৰ যিসকল মহিলাই ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা ঋণ লৈছিল, তেওঁলোকৰ ঋণবিলাক ৰেহাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যথাসময়ত নিৰ্বাচন গ’ল । এসময়ৰ বিত্তমন্ত্ৰীগৰাকী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হ’ল । তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ক্ষুদ্ৰ ঋণ লোৱা মহিলাসকল এশ শতাংশ আত্মবিশ্বাসী হৈ পৰিল যে চৰকাৰে তেওঁলোকৰ ঋণবিলাক ৰেহাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা নাথাকিব নতুন চৰকাৰখনৰ প্ৰথম কেবিনেটখনতে এই সম্পৰ্কে আলোচনা হ’ল আৰু মন্ত্ৰী অশোক সিংঘালৰ সভাপতিত্বত এখন সমিতি গঠন কৰি দিয়া হ’ল ।   কিন্তু, ঋণ ৰেহাই সম্পৰ্কত সমিতিখনে কেইটামান কঠোৰ চৰ্ত বান্ধি দিয়াৰ লগে লগে সমস্যাটোৱে নতুন মোৰ ল’লে ।  মহিলাসকলৰ যুক্তি হ’ল- ঋণ ৰেহাইৰ ক্ষেত্ৰত নিৰ্বাচনী সভাবোৰত কোনো চৰ্তৰ কথা কোৱা হোৱা নাছিলসমিতিখনে যিকেইটা চৰ্ত বান্ধি দিছে সেইকেইটাৰ ভিত্তিত ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিলে বহু মহিলাই ঋণ ৰেহাই নাপাব আনফালে, চৰকাৰী পক্ষৰ যুক্তি হ’ল- ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নিয়মৰ বাহিৰত তেওঁলোকে যাব নোৱাৰে । সমিতিখনে যিকেইটা চৰ্ত বান্ধি দিছে সেইকেইটাই ৰিজাৰ্ভ বেংকৰ নিয়মৰ ভিতৰতে পৰে 

            ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠাৰ মূল উদ্দেশ্য হ’ল-(১) আৰ্থিকভাবে পিছপৰা পৰিয়ালবোৰক ঋণ প্ৰদান কৰি তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টিত সহায় কৰা, (২) মহিলাসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰা, (৩) মহিলা সবলীকৰণ কৰা, আৰু (৪) মহিলাসকলৰ মাজত থকা সামাজিক মূলধন শক্তিশালী কৰাউল্লেখযোগ্য যে আৰম্ভণিৰ সময়ত ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবিলাক মূলেমূলে (No profit, no loss) নীতিৰ আধাৰত গঢ়ি উঠিছিলসময়ৰ লগে লগে এই বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰম্ভণিৰ সময়ৰ নীতি পৰিহাৰ কৰি লাভজনক ব্যৱসায়ৰ নীতি (Profit making business policy) গ্ৰহণ কৰিলে মন কৰিবলগীয়া যে এই প্ৰতিষ্ঠানবোৰে আৰোপ কৰা সুদৰ হাৰ সচৰাচৰ বেংকৰ সুদৰ হাৰতকৈ বেছি হয় সি যি কি নহওক, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশিত তথ্যৰ পৰা এই কথা অনুমান কৰিব পাৰি যে সৰহ সংখ্যক মহিলাই ঋণ লৈ তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ ক’ভিড-১৯ৰ পৰিস্থিতিৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ ফলত তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । তদুপৰি, বহুতে ঋণ লৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰা নাই (এই সম্পৰ্কে আমি ২০১৯ চনত এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিলোঁ আৰু ইয়াৰ ফলাফল ইতিমধ্যে ২০১৯ চনৰ ২৯ নৱেম্বৰত ‘আমাৰ অসম’ত প্ৰকাশ পাইছে)আন উদ্দেশ্যকেইটাৰ ক্ষেত্ৰতো ব্যৱস্থাটোৱে উল্লেখযোগ্য সফলতা আৰ্জন কৰিব পৰা নাই ।  আচলতে, উদ্দেশ্যকেইটাৰ ইটোৰ সৈতে সিটোৰ সম্পৰ্ক আছে । এটা উদ্দেশ্য সফল নোহোৱাৰ ফলত বাকী উদ্দেশ্যকেইটাৰ ওপৰতো প্ৰভাৱ পৰিছে ব্যৱস্থাটোৱে বহু পৰিয়ালক আৰ্থিকভাবে বিধস্ত কৰাই নহয় সামাজিক আৰু পাৰিবাৰিক বিশৃংখলতাৰো সৃষ্টি কৰি আহিছে ।  

            নিৰ্বাচনী সভাবোৰৰ আগৰে পৰাই অঞ্চলবিশেষে মহিলাসকলে তেওঁলোকৰ ঋণবিলাক ৰেহাই দিব লাগে বুলি চৰকাৰক অনুৰোধ জনাই আহিছিল  ° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ এই বিষয়টোক তেওঁলোকৰ ৰাজনৈতিক দলটোৰ নিৰ্বাচনী বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ পিছত  বিষয়টোৱে ৰাজনৈতিক গুৰুত্ব লাভ কৰিলে ।  ৰাজনৈতিক গুৰুত্ব লাভ কৰাৰ ফলত বিষয়টো অধিক জটিল হৈ পৰিল ।  অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন নহ’লে বিষয়টোৱে নিৰ্বাচনৰ ফলাফলৰ পিছতে তল পৰিলেহেঁতেন ।  

            যদি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা সকলো মহিলাৰে  ঋণবিলাক ৰেহাই দিয়ে তেন্তে ব্যৱস্থাটোৱে কিছুমান দীৰ্ঘকালীন সমস্যাৰ সৃষ্টি কৰিব । ঋণ লোৱা (ৰেহাই পোৱা) মহিলাসকল  বিত্তীয় স্বাক্ষৰতা সম্পৰ্কে বৰ্তমানতকৈ কম সচেতন হ’ব  ঋণ লোৱা মহিলাৰ সংখ্যা আৰু ঋণৰ পৰিমাণ আগতকৈ বৃদ্ধি পাব । ভোট লাভৰ আশাত ৰাজনৈতিক দলসমূহে প্ৰতিটো নিৰ্বাচনতে ঋণ ৰেহাইৰ বিষয়টো আনিব ।  ঋণৰ সৈতে ৰিস্কৰ সম্পৰ্কে আছে ।  অৰ্থনীতিৰ মুনাফাৰ এটা তত্ত্ব অনুসৰি, ৰিস্কৰ সৈতে মুনাফাৰ সম্পৰ্ক আছে ।  ৰিস্ক আছে বাবে মুনাফা আছে । চৰকাৰে সকলো ক্ষুদ্ৰ ঋণ ৰেহাই দিলে ঋণৰ সৈতে থকা মুনাফাৰ সম্পৰ্ক নোহোৱা হৈ যাব ।  যদি চৰকাৰে ঋণ ৰেহাই নিদিয়ে তেন্তে চৰকাৰৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি ৰক্ষা নপৰিব । ভৱিষ্যতে ৰাজনৈতিক দলসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতা অধিক হ্ৰাস পাব । 

            এই সমস্যাটো সমাধানৰ বাবে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যাতে দুয়োটা পক্ষৰে বিত্তীয় বোজাৰ পৰিমাণ কম হোৱাৰ উপৰি দীৰ্ঘকালত সামাজিক কল্যাণ আৰু বিত্তীয় দক্ষতাৰ ওপৰত বেয়া প্ৰভাৱ নপৰে ।  এইটো ঠিক যে ঋণ লোৱাৰ সময়ত মহিলাসকলে চৰকাৰৰ অনুমতি লোৱা নাছিল । সেইদৰে, নিৰ্বাচনী সভাবোৰত ড° হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাইৰ কথা কোৱাৰ সময়ত কোনো চৰ্তৰ প্ৰসংগ অনা নাছিল । আমাৰ বোধেৰে ঋণ ৰেহাই সম্পৰ্কীয় চৰ্তসমূহ কিছু শিথিল কৰিব পাৰিলে দুয়ো পক্ষৰে বিত্তীয় বোজাৰ পৰিমাণ কম হ'ব আৰু ঋণ ৰেহাইৰ ফলত হ'ব পৰা দীৰ্ঘকালীন কু-প্ৰভাৱ কিছু কমকৈ পৰিব । 


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮জুন ২০২১, পৃষ্ঠা: ৪]


Thursday 6 May 2021

‘ষ্টুপিডৰ ষ্টুপিডিটী’ৰ প্ৰসংগত

 

যোৱা ৩০ এপ্ৰিলত ‘আমাৰ অসম’ত প্ৰকাশিত ডাº ভৃংগেশ্বৰ শৰ্মাৰ ‘ষ্টুপিডৰ ষ্টুপিডিটী’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখাটোৰ দ্বাৰা ডাº শৰ্মাই ধৰ্ম আৰু ৰাজনীতিৰ সৈতে জড়িত ষ্টুপিডসকলৰ প্ৰতি প্ৰকাশ কৰা ক্ষোভক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ ।  সংগঠিত ধৰ্মৰ ধৰ্মীয় পৰম্পৰাই একশ্ৰেণীৰ লোকক উন্মাদ কৰি তোলে ।  সেইদৰে নিৰ্বাচনৰ সময়তো একশ্ৰেণীৰ মানুহ প্ৰয়োজনাধিক উন্মাদ হৈ পৰে ।  শেহতীয়াকৈ, তথাকথিত ধৰ্মগুৰু আৰু স্বাৰ্থপৰ ৰাজনৈতিক নেতাই তেওঁলোকৰ স্বাৰ্থৰ বাবে ক্ৰমে ধৰ্মীয় পৰম্পৰা আৰু নিৰ্বাচনৰ নামত একাংশ মানুহক উন্মাদ কৰি তুলিছিল, যাৰ ফলত আজি সমগ্ৰ ভাৰততে এক ভয়াৱহ পৰস্থিতিৰ সৃষ্টি হৈছে ।   ধৰ্মীয় পৰম্পৰাৰ নামত সৃষ্টি কৰা উন্মাদ পৰিস্থিতয়ে যে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি কৰে, সেয়া বিগত বছৰতে দেখা গৈছিল । পৰিৱেশ এনেদৰেও সৃষ্টি কৰা হৈছিল যে এটা নিৰ্দিষ্ট সংগঠিত ধৰ্মৰ সৈতে জড়িত লোকসকলেই ভাৰতত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ বাবে জগৰীয়া । ইয়াৰ পিছতো কিছুমান সংগঠিত ধৰ্মৰ তথাকথিত ধৰ্মগুৰুসকলে নিজ ধৰ্মৰ সৈতে জড়িত পৰম্পৰাৰ নামত  উন্মাদনাৰ পৰিৱেশ সৃষ্টি কৰি কেইবা লাখ লোকক গোট খুৱালে । ভাৰতৰ তথাকথিত ধৰ্মগুৰুসকল যে অপৰিপক্ক এয়া এক উপযুক্ত প্ৰমাণ ।

দেশ বা ৰাজ্য এখনক সু-নেতৃত্ব প্ৰদানৰ লক্ষ্যৰে সংশ্লিষ্ট দেশখনৰ নাগৰিকসকলে ৰাজনৈতিক নেতাসকলক শাসনৰ গাদীত বহুৱায় । নাগৰিকসকলে সেই ৰাজনৈতিক নেতাসকলক নিৰ্বাচন কৰে যিসকলক সাধাৰণতে দক্ষ তথা দূৰদৰ্শী হিচাপে বিবেচনা কৰা হয় । অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ ৰাজনৈতিক নেতাই   নিৰ্বাচনী প্ৰচাৰৰ সময়ত সৃষ্টি কৰা উন্মাদনাৰ ফলতে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিস্থিতিটোৱে প্ৰমাণ কৰিলে যে ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলক দক্ষ বুলি ক’ব পৰিলেও দূৰদৰ্শী হিচাপে মুঠেই ক’ব নোৱাৰি ।  দুৰ্ভাগ্যজনক কথাটো হ’ল-সংশ্লিষ্ট ৰাজনৈতিক নেতাসকলে ৰাজ্যখনৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে তেওঁলোকে সৃষ্টি কৰা অদূৰদৰ্শী কৰ্মকাণ্ডৰ বাবে অলপো অনুশোচনা কৰা নাই ।  

ভাৰতৰ তথা অসমৰ ক’ভিড-১৯ৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতৰ বাবে ধৰ্মীয় বা ৰাজনৈতিক উন্মাদনাত অংশগ্ৰহণ কৰা লোকসকলো তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলৰ সমানেই দায়ী ।  তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ স্বাৰ্থৰ বাবে মানুহক উন্মাদ কৰি তুলিবলৈ চেষ্টা কৰিবই ।  নিজৰ মগজুটো অলপ সক্ৰিয় অৱস্থাত ৰাখিলেই ধৰিব পাৰি যে সেই উন্মাদনাবোৰ তেনেই ক্ষন্তেকীয়া । উন্মাদনাত অংশগ্ৰহণ নকৰাকৈয়ো ধৰ্মৰ সৈতে জড়িত সংস্কৃতিক ৰক্ষা কৰিব পাৰি । সেইদৰে, নিজৰ পছন্দৰ ৰাজনৈতিক নেতাগৰাকীক নিৰ্বাচিত কৰিবৰ বাবে ৰোড শ্ব’ আদিত অংশগ্ৰহণ কৰি ৰাজনৈতিক উন্মাদনাত যোগদান কৰাৰ প্ৰয়োজন নাই, বিশেষকৈ চৌদিশে ক’ভিড-১৯ৰ দৰে ভয়ানক অতিমাৰীৰ সময়ত । ভাৰতবৰ্ষৰ আৰ্থিক আৰু সামৰিক অৱস্থা যিমানেই শক্তিশালী (একাংশই দাবী কৰাৰ দৰে) নহওক কিয়, জনসাধাৰণে নিজৰ মগজুটো সক্ৰিয় অৱস্থাত ৰাখি এলান্দুকলীয়া ধৰ্মীয় পৰম্পৰা আৰু অপ্ৰয়োজনীয় ৰাজনৈতিক উন্মাদনা পৰিহাৰ কৰিব নোহোৱালৈকে আমাৰ দেশখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৭ মে’ ২০২১]

Friday 23 April 2021

তাহানিৰ ৰাজনীতি বনাম ঘোঁৰা কিনা-বেচাৰ ৰাজনীতি

যোৱা ১২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ সম্পাদকীয়টো পঢ়িলোঁ ।  সম্পাদকীয়টোৰ পৰা এটা কথা স্পষ্ট হৈছে যে প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপ ভাৰতীয় ৰাজনীতিৰ এটা ৰাজনৈতিক সংস্কৃতি ।  ৰামায়ণ, মহাভাৰতৰ দৰে ভাৰতৰ পৌৰাণিক কাহিনীবোৰো ইয়াৰ ব্যতিক্ৰম নহয় । অৱশ্যে, পৌৰাণিক কাহিনীবোৰত উল্লেখ থকা বা দেশখনৰ তাহানিৰ ৰাজনীতিৰ প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবিলাকৰ উদ্দেশ্য আৰু বৰ্তমানৰ ৰাজনীতিত ঘটি থকা তেনে কাৰ্যকলাপবোৰৰ উদ্দেশ্য একে নহয় । পৌৰাণিক কাহিনী বা তাহানিৰ ৰাজনীতিৰ প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবোৰৰ মূল উদ্দেশ্য আছিল সমাজখনত ধৰ্ম আৰু  ন্যায় প্ৰতিষ্ঠা কৰা । কিন্তু, বৰ্তমানৰ ৰাজনীতিকসকলৰ  এনে কাৰ্যকলাপবোৰৰ মূল উদ্দেশ্য হ’ল-ক্ষমতা আহৰণ কৰা । 

বৰ্তমান ভাৰতৰ ৰাজনীতিত দেখি থকা প্ৰকৃত নীতিৰ পৰিপন্থী কাৰ্যকলাপবোৰৰ সঘনে ঘটি থকা এটা কাৰ্যকলাপ  হ’ল -ঘোঁৰা কিনা-বেচাৰ ৰাজনীতি ।  আদৰ্শ আৰু সততাৰ ৰাজনীতি দেখি অহা লোকসকলৰ বাবে একাংশ ৰাজনীতিকৰ বৰ্তমানৰ এই কাৰ্যকলাপ অসহনীয়ই নহয়, কল্পনাৰো বাহিৰত ।  দুৰ্ভাগ্যৰ কথাটো হ’ল- যিসকল ৰাজনীতিক এই কাৰ্যকলাপত জড়িত তেওঁলোকে সততা আৰু আদৰ্শৰ ৰাজনীতিত বিশ্বাসী লোকসকলক হয় অৱজ্ঞা কৰে নাইবা অৱজ্ঞা কৰিবলৈ বাধ্য হৈ পৰে ।  আমাৰ বোধেৰে একাংশ  ৰাজনীতিকে বাধ্যত পৰিয়েই বিক্ৰী হৈ যায় ।  ইয়াৰ মূল কাৰণ তিনিটা ।  প্ৰথম, ৰাজনীতিক এজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয় ।  নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৰৱৰ্তী পাঁচ বছৰত বিধায়ক হিচাপে লাভ কৰা দৰমহাৰে তেওঁ সেইখিনি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা তেনেই কম ।  বিক্ৰী হোৱাৰ বিনিময়ত নিৰ্বাচনত ব্যয় হোৱা ধনখিনি ঘূৰাই পোৱাৰ উপৰি তেওঁৰ সাত পুৰুষে অৰ্থনৈতিক নিৰাপত্তা লাভ কৰিলে তুলনামূলকভাবে কম শিক্ষিত বিধায়কসকলে বিক্ৰী হৈ যোৱাৰ সম্ভাৱনাই অধিক । দ্বিতীয়, চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোত থকা বিধায়ক এজনৰ ৰাজনৈতিক ক্ষমতা, চৰকাৰ গঠন নকৰা বা বিৰোধী ৰাজনৈতিক দলত থকা বিধায়ক এজনতকৈ অধিক হয় ।  ৰাজনৈতিক ক্ষমতালোভী ৰাজনীতিকে এই সুবিধা  এৰি নিদিয়াটোৱেই স্বাভাৱিক । তৃতীয়, বিধায়ক হোৱাৰ আগতে দুৰ্নীতিত জড়িত ৰাজনীতিক এজনে দুৰ্নীতি সম্পৰ্কীয় অনুসন্ধানৰ পৰা হাত সৰাৰ উপায় হিচাপে একাংশ বিধায়কে ঘোঁৰা হ’বলৈ বাধ্য হৈ পৰে । 

নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাজনীতিক এজনে বিক্ৰী হৈ যোৱাৰ ক্ষেত্ৰত ভোটাৰসকলৰো অৱদান আছে । ভাৰতত এনে একাংশ ভোটাৰ আছে যিসকলে নিৰ্বাচনৰ সময়ত ৰাজনীতিকসকলৰ পৰা ধনৰ বিনিময়ত ভোটদান কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে । সমষ্টি এটাৰ এজন প্ৰাৰ্থীয়ে কোনো এটা অঞ্চলত ভোটাৰক ধনৰ বিনিময়ত ভোট লাভৰ চেষ্টা চলালে সংশ্লিষ্ট সমষ্টিটোৰ বাকী প্ৰাৰ্থীসকলেও একে নীতিকে অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰে । ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত আদৰ্শ আৰু সততাৰ ৰাজনীতিৰ বিলুপ্তি ঘটিছে । ব্যতিক্ৰমৰ বাহিৰে প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো সমষ্টিতে আদৰ্শ আৰু সততাৰ ৰাজনীতি কৰা প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হয় । আন কাৰণবোৰৰ উপৰি ধনৰ বিনিময়ত ভোট দিয়া ভোটাৰৰ সংখ্যা বেছি হয় বাবেহে তেনে প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ এপ্ৰিল ২০২১]

Thursday 25 March 2021

সভ্যতাৰ নে অজ্ঞতাৰ যুঁজ ?

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে হিন্দুত্ববাদী শক্তি আৰু একাংশ ৰাজনীতিকে ৰাজ্যখনত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছে । প্ৰচাৰ চলোৱা হৈছে যে অসমত ইছলামিক আৰু পশ্চিমীয়া সভ্যতাই (খ্ৰিষ্টান ধৰ্মৰ সৈতে সম্পৰ্ক থকা সভ্যতা) অসমত আক্ৰমণ চলাইছে । হিন্দুত্ববাদী শক্তিয়েহে  এই দুটা সভ্যতাৰ আক্ৰমণৰ পৰা অসমখনক ৰক্ষা কৰিব পাৰিব বুলি ৰাইজনক পতিয়ন নিয়াবলৈ চেষ্টা চলোৱা হৈছে । সেয়েহে সেই দুটা শক্তিৰ বিৰূদ্ধে হিন্দুত্ববাদী শক্তিয়ে একপ্ৰকাৰ ৰাজনেতিক আৰু সাংস্কৃতিক যুদ্ধ ঘোষণা কৰিছে ।

 সভ্যতাৰ যুঁজ সম্পৰ্কত অসমৰ মুষ্টিমেয় বু্দ্ধিজীৱীয়ে বিভিন্ন মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।  মন কৰিবলগীয়া যে অসমৰ বৌদ্ধিকমহলত সভ্যতাৰ যুঁজৰ প্ৰসংগ তুলনামূকভাবে  দেৰিকৈ আহিছে। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সভ্যতাৰ যুঁজ সন্দৰ্ভত যোৱা শতিকাৰ শেষৰ দশকৰ প্ৰথমভাগতেই বহুলভাবে আলোচনা চলিছিল, যেতিয়া ১৯৯২ চনত ছেমুৱেল হানটিংটন নামৰ এগৰাকী গোড়া (Orthodox) ৰাজনীতি বিজ্ঞানীয়ে এই বিষয়টোৰ সন্দৰ্ভত আমেৰিকাৰ বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানসমূহত ভাষণ প্ৰদান কৰিছিল । পিছলৈ (১৯৯৬ চনত) তেওঁ এই সম্পৰ্কে The Clash of Civilizations and the Remaking of World Order নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছিল । এই গ্ৰন্থখনে সভ্যতাৰ যুঁজ সম্পৰ্কত সমগ্ৰ পৃথিৱীৰ বৌদ্ধিকমহলত বিতৰ্কৰ সূচনা কৰিছিল।  

ছেমুৱেল হানটিংটনৰ মতে পৃথিৱীত মুঠ নটা মূল সভ্যতা আছে । মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, পশ্চিম আৰু কেন্দ্ৰীয় ইউৰোপ, ফিলিপাইনছ আৰু অষ্ট্ৰেলিয়াক সামৰি পশ্চিমীয়া সভ্যতা; অবিভক্ত ছোভিয়েট ৰাছিয়া, ৰোমানিয়া, গ্ৰীচ, যুগোশ্ল’ভিয়াক সামৰি গোড়া সভ্যতা; আৰ্মেনিয়া, ইথিয়োপিয়া, বাংলাদেশ, ইণ্ডোনেছিয়া, মালদ্বীপ আদিক সামৰি ইছলামিক সভ্যতা; ভূটান, কাম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা,  থাইলেণ্ড, মাংগোলিয়াক সামৰি বৌদ্ধ সভ্যতা; ভাৰত আৰু নেপালক সামৰি হিন্দু সভ্যতা; দক্ষিণ আফ্ৰিকা, পূৱ আফ্ৰিকা, মধ্য আফ্ৰিকাৰ অঞ্চলসমূহক সামৰি আফ্ৰিকান সভ্যতা; দক্ষিণ আমেৰিকা, কিউবা, মেক্সিকোক সামৰি লেটিন আমেৰিকান সভ্যতা; কোৰিয়া, ছিংগাপুৰ, টাইৱান, চীন, ভিয়েটনাম আদিক সামৰি চীনীয় সভ্যতা আৰু জাপানক লৈ জাপানী সভ্যতা । লেখকে দাবী কৰিছে যে একাবিংশ শতিকাত মানৱ অধিকাৰ, অৰ্থনৈতিক সমতা বা  উদাৰ গণতন্ত্ৰৰ দৰে বিষয়তকৈ সভ্যতাৰ সংঘাতহে মূল বিচাৰ্য বিষয় হৈ পৰিব । তেওঁৰ মতে, উল্লিখিত নটা সভ্যতাৰ মাজত সংঘাত সৃষ্টিৰ কাৰণসমূহ হ’ল-(১) ইতিহাস, ভাষা, সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মৰ ক্ষেত্ৰত সভ্যতাবিলাকৰ মাজত ব্যাপক পাৰ্থক্য আছে, যিবোৰ পাৰ্থক্য সোনকালে নিৰ্মূল হোৱাৰ সম্ভাৱনা নাই, (২) পৃথিৱীখন লাহে লাহে সৰু হৈ আহিছে । ইয়াৰ ফলত একে সভ্যতাৰ অন্তৰ্গত লোকসকলৰ মাজত যোগাযোগ সহজ হৈ পৰিছে । নিজ নিজ সভ্যতা সম্পৰ্কত সকলোৱে সচেতন হোৱাৰ সম্ভৱনা বৃদ্ধি হৈছে, (৩) অৰ্থনৈতিক কাৰণত মানুহে নিজৰ জন্মস্থান এৰি পৃথিৱীৰ বিভিন্ন স্থানত থাকিবলগীয়া হৈছে । ধৰ্ম আৰু সংস্কৃতিয়ে এই দূৰত্ব হ্ৰাস কৰিছে, (৪) যিবোৰ দেশ ক্ৰমে শক্তিশালী হৈ উঠিছে, আন দেশবোৰে সেই দেশবোৰৰ বিৰূদ্ধে আক্ৰোশমূলক মনোভাৱ পোষণ কৰিবলৈ ধৰিছে । সংস্কৃতিৰ পাৰ্থক্যই এই ক্ষেত্ৰত টনিক হিচাপে কাম কৰিছে, (৫) ৰাজনৈতিক বা অৰ্থনৈতিক পাৰ্থক্য সম্পৰ্কত মৌন হৈ থকা সম্ভৱ হ’লেও সাংস্কৃতিক পাৰ্থক্যৰ ক্ষেত্ৰত মৌন হৈ থকা  সম্ভৱ নহয়, আৰু (৬) যোৱা কিছু দশক ধৰি আঞ্চলিক অৰ্থনীতিৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে ।  কোনো এটা অঞ্চলৰ সভ্যতা একে হ’লে সংশ্লিষ্ট অঞ্চলটোৰ আঞ্চলিক অৰ্থনীতিক আগবঢ়াই নিয়াত সহজ হৈ পৰে । 

যদিও সংস্কৃতিৰ পাৰ্থক্যৰ বাবে দেশসমূহৰ মাজত সংঘাত সৃষ্টিৰ কোনো প্ৰমাণ নাই (হানটিংটনে অনুমানৰ ভিত্তিত সভ্যতাৰ সংঘাতৰ প্ৰসংগ আনিছে), হানটিংটনৰ এই ধাৰণাই প্ৰতিখন দেশৰে সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত গোড়া লোকসকলক অসীম উৎসাহ তথা অভাৱনীয় শক্তি প্ৰদান কৰিছিল । প্ৰগতিশীল ধ্যান-ধাৰণাক তল পেলাই ভাৰতক এখন সাম্প্ৰদায়িক তথা একক পৰিচয়ৰ ৰাষ্ট্ৰ (হিন্দুৰাষ্ট্ৰ) হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হিন্দুত্ববাদী শক্তিয়ে ব্ৰিটিছৰ দিনৰ পৰাই চেষ্টা চলাই আহিছে ।  হানটিংটনৰ দৰে  গোড়া ৰাজনীতি বিজ্ঞানীয়ে সূচনা কৰা সভ্যতাৰ সংঘাতৰ বিষাক্ত চিন্তাধাৰাই হিন্দুত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰা শক্তিটোক অধিক শক্তিশালী কৰি তোলাত সহায় কৰিছে । তাৎপৰ্যপূৰ্ণ যে হানটিংটনে সূচনা কৰা সভ্যতাৰ সংঘাতৰ ধাৰণাটো সমগ্ৰ পৃথিৱীত সম্প্ৰসাৰণ ঘটাই  থকাৰ সময়ছোৱাতে ভাৰতত বাবৰি মছজিদ ধ্বংসৰ ঘটনাটো ঘটিছিল । সি যি কি নহওক, প্ৰাসংগিকতা থাকক বা নাথাকক অসমৰ একাংশ স্বাৰ্থপৰ ৰাজনীতিকে ক্ষমতা দখলৰ উদ্দেশ্যে অনুমানৰ ভিত্তিত দাবী কৰা হানটিংটনৰ সভ্যতাৰ সংঘাত চিন্তাধাৰাটোক কাৰ্যকৰী ৰূপ দিবলৈ প্ৰয়াস চলাইছে ।

যোৱা দুটা দশকত ঘটি যোৱা  ঘটনাসমূহে প্ৰমাণ কৰিছে যে দেশসমূহৰ মাজত সংঘাত সৃষ্টিৰ মূল কাৰণ  সভ্যতাৰ সংঘাত নহয় ।  অৰ্থনৈতিক আৰু ৰাজনৈতিক বৈষম্যৰ বাবেহে দেশসমূহৰ মাজত সংঘাত সৃষ্টি হয় । সভ্যতাৰ এটা মূল উপাদান হ’ল –সংস্কৃতি । ৰাজনৈতিক আৰু অৰ্থনৈতিক পাৰ্থক্য হ্ৰাস কৰাত সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে ।  বিশ্বৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰিলে পোৱা যায় দেশসমূহৰ উদাৰপন্থী শক্তিসমূহে প্ৰতিখন দেশৰে বা প্ৰতিটো সভ্যতাৰে ইতিবাচক উপাদানসমূহক আকোঁৱালী লৈছে (এই সম্পৰ্কে আগ্ৰহী পাঠকে অমৰ্ত্য সেনৰ The Argumentative Indian গ্ৰন্থখনৰ শেষৰ অধ্যায় আৰু Identity & Violence: The Illusion of Destiny গ্ৰন্থখন চাব পাৰে) ।  কোনো এটা সভ্যতাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা মানে কি বুজায় ? প্ৰথম, যুদ্ধ ঘোষণা কৰা শক্তিটোৱে আন সভ্যতাৰ কোনো এটা দিশকে আকোঁৱালী ল’বলৈ সাজু নহয় । দ্বিতীয়, তেওঁলোকে নিজে অন্তৰ্ভূক্ত হোৱা সভ্যতাৰ সৈতে জড়িত সংগঠন বা প্ৰতিষ্ঠানসমূহৰ বাহিৰে আন কোনো সংগঠনৰ সৈতে জড়িত নহয়, যি মানসিকতাই আন সভ্যতাৰ সৈতে জড়িত সংগঠন বা প্ৰতিষ্ঠানসমূহৰ প্ৰতি অধিক ঘৃণা সৃষ্টি কৰাত সহায় কৰে ।  কোনো সন্দেহ নাই যে ইছলামিক আৰু পশ্চিমীয়া সভ্যতাৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰসংগই অসমৰ সংশ্লিষ্ট ৰাজনীতিকসকলৰ সমৰ্থনকাৰীসকলৰ মাজত সেই দুই সভ্যতাৰ প্ৰতি ঘৃণাৰ মনোভাৱ বৃদ্ধি কৰাত সহায় কৰিছে। 

হানটিংটনৰ চিন্তাধাৰা সভ্য সমাজৰ বাবে এক বৃহৎ অন্তৰায় । সভ্য সমাজত সংস্কৃতিসমূহৰ মাজত আদান-প্ৰদান ঘটি গোড়া সমাজ এখনক প্ৰগতিশীল সমাজৰ দিশলৈ আগবঢ়াই নিয়ে । যিসকলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে প্ৰগতিশীল সমাজক সমৰ্থন কৰিব নোৱাৰে বা নকৰে, সভ্য সমাজত ঘটি থকা সংস্কৃতিৰ আদান-প্ৰদান প্ৰক্ৰিয়া সম্পৰ্কত তেওঁলোকৰ অজ্ঞতা প্ৰকাশ পায় । সংস্কৃতিসমূহৰ মাজত চলি থকা পৰস্পৰ নিৰ্ভৰশীলতা সম্পৰ্কে থকা অজ্ঞতাৰ বাবেহে মানু্হৰ মাজত সংঘাত সৃষ্টি হয় । সাম্প্ৰতিক সময়ত অসমত যি যুঁজৰ প্ৰসংগ অনা হৈছে, সেয়া সভ্যতাৰ যুঁজ নহয় । যিসকলে সেই যুঁজৰ কথা কৈছে, তেওঁলোকে সভ্যতাৰ ধাৰণাক নেতিবাচকভাবে লোৱাই নহয়, ভাৰত তথা অসমৰ সভ্যতা সম্পৰ্কতো তেওঁলোকৰ অজ্ঞতা প্ৰকাশ পাইছে । এই অজ্ঞতাৰ দ্বাৰা তেওঁলোকে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক দিশত ব্যৱধান বৃদ্ধি কৰি (ইতিহাস বিকৃতি কৰি হ'লেও) ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত অসহনশীলতাৰ তীব্ৰতা বৃদ্ধি কৰাত সহায় কৰিছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৫ মাৰ্চ ২০২১, পৃষ্ঠা: ৪]

Friday 19 February 2021

‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ৰ প্ৰসংগত

 

যোৱা ১৬ ফেব্ৰুৱাৰীত ‘আমাৰ অসম’ৰ ‘প্ৰথম কলম’ত প্ৰকাশিত ড° ধ্ৰুৱজ্যোতি বৰাৰ ‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ শীৰ্ষক চিন্তাকৰ্ষক লেখাটো পঢ়িলোঁ ।  কিছু পলমকৈ হ’লেও অসমীয়াৰ ঐতিহ্যৰ ওপৰত ‘সনাতন ধৰ্ম’ৰ নামত ভাৰতৰ এক বিশেষ অঞ্চলৰ সংস্কৃতিয়ে আক্ৰমণ কৰিবলৈ ধৰা পৰিস্থিতি সম্পৰ্কে অসমীয়া মানুহক সচেতন হ’বলৈ আহ্বান জনোৱাৰ বাবে ড° বৰাক ধন্যবাদ জনালোঁ ।   প্ৰশ্ন হ’ল- কি কাৰণে ‘সনাতন ধৰ্ম’ই অসমীয়াৰ ঐতিহ্যৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হৈছে ? 

নিজৰটোক এৰি আনৰটো ভাল বুলি সহজে মানি লোৱাৰ প্ৰৱণতা এটা ভাৰতীয় মানুহৰ আছে । সম্ভৱ:ত অসমীয়া মানুহৰ এই প্ৰৱণতা সৰ্বভাৰতীয় মানতকৈ বেছি ।  বহু ঘাত-প্ৰতিঘাতৰ অন্তত আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত  গঢ়ি উঠা অসমৰ গৌৰৱময় সংস্কৃতিক এৰি অসমীয়াই একাংশ স্বাৰ্থপৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰ প্ৰৰোচনাত পৰি ‘সনাতন ধৰ্ম’ৰ নামত আমদানীকৃত সংস্কৃতিক বৰপিৰাত বহুৱাবলৈ  উঠিপৰি লাগিছে ।

কোনো সন্দেহ নাই যে আন সংগঠিত ধৰ্মৰ দৰে ‘সনাতন ধৰ্ম’ও বিশ্বজনীন বজাৰ ব্যৱস্থাৰ সৈতে মোকাবিলা কৰিব নোৱাৰা হৈ পৰিছে ।  সেয়েহে  ‘সনাতন ধৰ্ম’ৰ স্বঘোষিত আৰু বহুবল্কী নেতাসকলে ভাৰতত বসবাস কৰা এক বিশেষ সংগঠিত ধৰ্মৰ লোকসকলক বাদ দি আন সকলো ধৰ্মৰ লোকক সাংস্কৃতিকভাবে এক কৰি প্ৰকৃত সমস্যাটোৰ পৰা আঁতৰত থকাৰ এটা উপায় হিচাপে ‘সনাতন ধৰ্ম’ক দ্ৰুতগতিত ব্যৱহাৰ কৰিবলৈ ধৰিছে ।  এই শোভাযাত্ৰাত অসমীয়াসকলকো অংশীদাৰ কৰি লোৱা হৈছে । দুখৰ কথাটো হ’ল- ক্ষন্তেকীয়া অৰ্থনৈতিক আৰু সামাজিক স্বীকৃতি লাভৰ স্বাৰ্থত একাংশ অসমীয়াই ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্যকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই । 

আন সংগঠিত ধৰ্মই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো আগ্ৰাসন চলাইছে বুলি ‘সনাতন ধৰ্ম’ৰ প্ৰবক্তাসকলে  ৰাজ্যখনত এটা ধৰ্মীয় আৰু ৰাজনৈতিক সংকটৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।  অসমীয়াসকল প্ৰয়োজনতকৈ বেছি আৱেগিক হয় বাবে তেওঁলোকে অসমীয়াৰ মাজত এই এজেণ্ডাটোক সহজে কাৰ্যকৰী ৰূপ দিব পাৰিছে ।  সেই সংগঠিত ধৰ্মবোৰে নৱ-বৈষ্ণৱ ধৰ্মৰ ওপৰতো আক্ৰমণ  চলাইছে বুলি পতিয়ন নিয়াব পাৰিছে বাবে একাংশ সত্ৰাধিকাৰে ড° বৰাই কোৱাৰ দৰে সনাতনী নৃত্যসভাত ধেই ধেই নাচ মাৰিবলৈ আগবাঢ়িছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ ফেব্ৰুৱাৰী, ২০২১]

Sunday 14 February 2021

হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে ড° প্ৰফুল্ল মহন্ত

 

অসমৰ যিসকল অজনজাতীয় মূলৰ বিশিষ্ট বুদ্ধিজীৱীয়ে জনজাতীয় লোকসকলৰ সামগ্ৰিক উত্তৰণৰ বাবে অবিৰতভাবে বৌদ্ধিক চিন্তাচৰ্চা চলাই আহিছে, তেওঁলোকৰ ভিতৰত ড° প্ৰফুল্ল মহন্তৰ নামো আহে ।  তথাকথিত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ দ্বাৰা শোষণ আৰু বঞ্চনাৰ বলি হৈ থকা অসমৰ জনজাতীয় লোকসকলক মুক্ত কৰাৰ উদ্দেশ্যে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অসমত হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে একাগ্ৰতাৰে বৌদ্ধিক সংগ্ৰাম চলাই আহিছে । এই সংগ্ৰামৰ বিনিময়ত তেওঁ কেতিয়াবা ‘অতি জনজাতীয় বুদ্ধিজীৱী’ হিচাপে সমালোচনাৰ সম্মুখিন হোৱাৰ উপৰি জন্মগতভাৱে নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়টোৰ একাংশ লোকৰ দ্বাৰা বহুবাৰ তিৰস্কাৰৰ সম্মুখিন হৈছে । শেহতীয়াকৈ, এই বৌদ্ধিক সংগ্ৰামখনত তেওঁ এক নতুন প্ৰত্যাহ্বানৰ সম্মুখিন হ’বলগীয়া হৈছে । যি শক্তিৰ বিৰূদ্ধে তেওঁ আজীৱন বৌদ্ধিক সংগ্ৰাম চলাই আহিছে, সেই শক্তিটোৰ সমৰ্থিত ৰাজনৈতিক দলে দুটা আঞ্চলিক ৰাজনৈতিক দলৰ সহযোগত ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিলে ।  দীৰ্ঘদীন ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসমত হিন্দুত্বৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাই থকা শক্তিটোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰত্যক্ষভাবে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত সেই শক্তিটো স্বাভাৱিকতে অধিক শক্তিশালী হৈ উঠিল ।  কোৱা বাহুল্য মাথো যে দুগুণ শক্তিৰে ড° মহন্তই এই বৌদ্ধিক সংগ্ৰামখন চলাই নিছে ।  

ড° প্ৰফুল্ল মহন্তৰ ধাৰণা স্পষ্ট যে ভাৰতীয় সংস্কৃতিৰ সৈতে অসমৰ সংস্কৃতিৰ বহুখিনি মিল থাকিলেও, অসমৰ সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে । ড° মহন্তই কৈছে যে অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি, কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতি নহয় । আৰ্য আৰু অনাৰ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰিত ৰূপটোৱেই হ’ল অসমীয়া সংস্কৃতি । অসমলৈ ব্ৰাক্ষ্মণ্যবাদৰ আগমনৰ পাছত জনজাতীয় উপাস্য দেৱ-দেৱীৰ উপাসনা স্থানৰ উপৰি পাহাৰ-পৰ্বত, নদ-নদী আদিকো আৰ্যীকৰণ কৰি অসমৰ অনাৰ্য সংস্কৃতিক ভাৰতৰ আৰ্য তথা হিন্দু সংস্কৃতিৰ সৈতে মিলোৱা হৈছিল (আজিও মিলাই থকা হৈছে) । অসমত ব্ৰাক্ষ্মণসকলে সমাজৰ শীৰ্ষস্থান অধিকাৰ কৰি জনজাতীয় লোকসকলকো ব্যাক্ষ্মণ্যবাদী হিন্দু ধৰ্মৰ চাৰিবেৰত সামৰি ল’বলৈ চেষ্টা কৰিছিল ।  কিন্তু, জাত-পাতৰ সৈতে পৰিচয় নথকা বহু জনজাতীয় লোক ব্ৰাক্ষ্মণ্যবাদৰ চাৰিবেৰত সোমাবলৈ ইচ্ছা কৰা নাছিল ।  ব্ৰাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰভুত্ব থকা হিন্দু ধৰ্মই ৰাজ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছতো যে অসমৰ বৃহৎসংখ্যক জনজাতীয় লোক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ সাজু নাছিল সেয়া ড° মহন্তই তথ্য সহকাৰে প্ৰমাণ কৰিছে । মহাপুৰুষ শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু কালিচৰণ ব্ৰক্ষ্মৰ বিষয়ে অধ্যয়ন কৰি ড° মহন্তই অসমৰ আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰিত সংস্কৃতি অথচ সমন্বয়ৰ ছবিখন প্ৰতিফলিত কৰি নিজেও সমন্বয়ৰ বাৰ্তা বিলাবলৈ চেষ্টা চলাই আহিছে ।

আহোমৰ দিনত অসমত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰৱেশ ঘটাৰ পাছত কেনেদৰে ধৰ্মীয় সংঘাতৰ সৃষ্টি হৈছিল, অসম আন্দোলনৰ সময়ৰ পৰা সাম্প্ৰদায়িক শক্তিবোৰে কেনেদৰে ৰাজ্যখনত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা চলাইছে, সেই বিষয়ে বস্তুনিষ্ঠভাবে অধ্যয়ন কৰি ড° মহম্তই অসমবাসীক বুজাবলৈ চেষ্টা কৰিছে যে হিন্দুত্বৰ দ্ৰুত আগ্ৰাসন অসমৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।  ২০১৬ চনৰ ২৪ মে’ৰ শপতগ্ৰহণ অনুষ্ঠানত ৰামদেৱকে আদি কৰি ভালেকেইগৰাকী হিন্দু ধৰ্মগুৰুৰ লগতে সত্ৰাধিকাৰসকলক আমন্ত্ৰণ জনোৱা কাৰ্যক ওঠৰ শতিকাত আহোম ৰাজ্যত পৰ্বতীয়া গোসাইৰ দৰে শাক্ত ব্ৰাক্ষ্মণসকলক আমন্ত্ৰণ জনোৱাৰ সৈতে ড° মহন্তই তুলনা কৰিছে, যিসকলৰ চূড়ান্ত অতপালিৰ পৰিণতি আছিল ‘মোৱামৰীয়া বিদ্ৰোহ’ । হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনে যে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ পৰিৱেশ ধ্বংস কৰি সমাজত বিভাজন আনিব, সেয়া সমাজবিজ্ঞানীগৰাকীয়ে অসমবাসীক সতৰ্ক কৰি দিছে । 

দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ পৰা ড° প্ৰফুল্ল মহন্তই এই কথা উপলব্ধি কৰিছে যে জনজাতীয় ধ্যান ধাৰণাৰ দ্বাৰা গঠিত ৰাজনৈতিক দলৰ নেতাই অসমখন শাসন কৰাতো হিন্দুত্বত বিশ্বাসী অসমৰ মধ্যশ্ৰেণীয়ে কেতিয়াও নিবিচাৰে ।  এই প্ৰৱণতাৰ উপযুক্ত উদাহৰণ  বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে দাঙি ধৰিছে ।  অসম বিধানসভাৰ ২০১৬ চনৰ নিৰ্বাচনৰ আগে আগে অসমৰ পাহাৰ-ভৈয়ামৰ সকলো জনজাতিক সামৰি জনজাতীয় নেতাসকলে ২০১৫ চনৰ ১৯ নৱেম্বৰত ‘ইউনাইটেড পিপুলছ্ ফ্ৰন্ট’ গঠন কৰিছিল । ড° মহন্তই কৈছে যে এই ঐক্য-সংহতি হিন্দুত্বৰ আদৰ্শত বিশ্বাসী শক্তিটোৰ সহ্য হোৱা নাছিল আৰু সেয়েহে সেই শক্তিটোৱে অসমৰ মধ্যশ্ৰেণীৰ সহযোগত সেই ঐক্য-সংহতি চুৰমাৰ কৰি দিছিল  । হিন্দুত্ববাদী শক্তিৰ ৰাজনীতিৰ মেৰপাকত সোমাই ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত অসমৰ জনজাতীয় নেতৃত্বই হিন্দুত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰা ৰাজনৈতিক দলটোক সমৰ্থন দিছিল ।  ড° মহন্তই অসমৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বৰ এই সিদ্ধান্তৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু উপযুক্ত সময়ত তেওঁলোকক সতৰ্ক কৰি দি আহিছে ।   হ্ৰস্বকালীন সা-সুবিধাৰ স্বাৰ্থত যি ৰাজনৈতিক শক্তিৰ সৈতে জনজাতীয় ৰাজনৈতিক নেতৃত্বই সহযোগ কৰিছে, তেওঁলোকে যে মংগোলীয় ‘জনজাতি অসম’ক ‘হিন্দু ৰাজ্য’ত পৰিণত কৰিবলৈ সচেতনভাবে প্ৰয়াস কৰিছে, সেয়া ড° মহন্তই জনজাতীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিছে ।

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে অসমবাসীক সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাবে বান্ধি ৰখা মহাপুৰুষ শংকৰদেৱক হিন্দুত্ববাদী শক্তিয়ে ‘নিজৰ কৰি লোৱা’ৰ ক্ষেত্ৰত ড° মহন্তৰ ঘোৰ আপত্তি  আছে । তেওঁৰ যুক্তি হ’ল- মহাপুৰুষ শংকৰদেৱ হিন্দু ধৰ্মৰে এটা শাখা  নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যদিও সেয়া ‘অতি হিন্দু’ নাছিল । প্ৰকৃততে গুৰুজনাই ‘অতি হিন্দু’ৰ গ্ৰাসৰ পৰা অসমখনক ৰক্ষাহে কৰিছিল । সেই ‘অতি হিন্দু’সকলে শংকৰদেৱক ‘নিজৰ কৰি লোৱা’ কিমান বিপদজনক হ’ব পাৰে, সেই সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সত্ৰসমূহক ড° মহন্তই সতৰ্ক কৰি দিছে । অসমবাসীয়ে বুজা উচিত যে হিন্দুত্ববাদী শক্তিয়ে অসমৰ বৈষম্যহীন সমাজ জীৱনৰ প্ৰাণপুৰুষ শংকৰদেৱক ‘বেছিকৈ ব্যৱহাৰ’ কৰিছে ।  তেওঁ কৈছে যে গুৰুজনাৰ উদাৰ মানৱতাবাদী আদৰ্শক উগ্ৰ হিন্দুত্ববাদী ধ্যান-ধাৰণাৰে বান্ধি পেলোৱাৰ নিৰলস প্ৰয়াস চলাই থকা হৈছে ।  

কোনো এখন সমাজ বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হ’লেই বস্তুনিষ্ঠ অধ্যয়নৰ দ্বাৰা বুদ্ধিজীৱীসকলে সংশ্লিষ্ট সমাজখনক বাট দেখুৱাই দিয়ে । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমৰ সমাজখনত বিভাজনৰ সম্ভেদ পোৱা মাত্ৰেই অদম্য সাহসেৰে উপযুক্ত সময়ত ড° প্ৰফুল্ল মহন্তই নিজৰ বৌদ্ধিক দক্ষতাৰে সঠিক পথৰ সন্ধান দি আহিছে । বিশেষকৈ অসমৰ তথাকথিত বৰ্ণহিন্দু সমাজখনে জনজাতীয় লোকসকলক কৰি অহা অৱহেলা আৰু ৰাজ্যখনত হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনৰ ফলত অসমীয়াত্বৰ ওপৰত পৰা আঘাত সম্পৰ্কত ড° প্ৰফুল্ল মহন্তই তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে । দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতা সত্বেও এই সন্দৰ্ভত চলাই থকা বৌদ্ধিক সংগ্ৰামখনত তেওঁ কেতিয়াও ভাগি পৰা নাই ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ ফেব্ৰুৱাৰী ২০২১, পৃষ্ঠা: ৫]

Sunday 24 January 2021

ৰাজনীতিকৰ পাভলুটি আৰু এটা কৌতুক

   ‘আমাৰ অসম’ত যোৱা ৩ জানুৱাৰীত প্ৰকাশিত ‘ৰাজনীতিকৰ পাভলুটি’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোত ঠিকেই কৈছে যে সুযোগ-সুবিধা অনুসৰি পাভলুটি মৰাত ৰাজনীতিকসকল সিদ্ধহস্ত ।  ব্যতিক্ৰমৰ বাহিৰে ব্যক্তিয়ে এবাৰ তুলনামূলকভাবে উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হোৱাৰ পাছত পৰিস্থিতি সাপেক্ষে নিম্ন পৰ্যায়লৈ নামি আহিলে ব্যক্তিজনৰ আত্মসন্মানত আঘাত লাগে আৰু তেওঁ হীনমন্যতাত ভোগে ।  ৰাজনীতিকসকলো ইয়াৰ ব্যতিক্ৰম নহয় । দেশ বা ৰাজ্যৰ শাসনত থকা ৰাজনৈতিক দলৰ সদস্য হৈ থকাৰ সময়ত এবাৰ মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত শাসনত নথকাৰ সময়ত বিধায়ক হিচাপে ৰাইজৰ সেৱা কৰি যোৱা (পাভলুটি মৰাসকলৰ ভাষাত) সকলো জনপ্ৰতিনিধিৰ বাবে সহজ নহয় ।  বিশেষকৈ আদৰ্শহীন, ক্ষমতালোভী তথা সুবিধাবাদী ৰাজনীতিকৰ বাবে এনে পৰিস্থিতি বৰ কষ্টকৰ হৈ পৰে । কেনেকৈ শাসনত থকা ৰাজনৈতিক দলটোলৈ ঢাপলি মেলি পূৰ্বৰ সমপৰ্যায়ৰ বা তাতোকৈ উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হ’ব পাৰি তেওঁলোকে তাৰে সুযোগ বিচাৰি থাকে ।  সেই সুযোগ কিছুমানৰ বাবে তুলনামূলকভাবে সোনকালে আহে আৰু আন কিছুমানৰ বাবে কিছু দেৰিকৈ আহে । 

    ৰাজনীতিকসকল হ’ল সমাজৰ এনে এক উৎপাদনহীন শ্ৰেণী, যিসকলৰ মূল উদ্দেশ্য ৰাজনৈতিক কাৰ্যকলাপেৰে আনৰ উৎপাদনৰ ৰাহি আত্মসাৎ কৰি ক্ৰমে ক্ষমতাশালী হৈ উঠি সকলো শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা । ব্যতিক্ৰমসকলৰ বাহিৰে ক্ষমতা দখলৰ স্বাৰ্থতহে তেওঁলোকে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে ।  আচলতে, ক্ষমতা লাভৰ প্ৰতিযোগিতাত তিস্তি থাকিবলৈ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে ।  অন্যথা, সেইখিনিও নকৰিলেহেঁতেন । মন কৰিবলগীয়া যে পাভলুটি মৰাৰ সময়ত তেওঁলোকৰ বহুতেই উন্নয়নৰ প্ৰসংগ টানি আনে, যাতে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য তল পৰি যায় ।  আমি ভাবোঁ, ৰাজনৈতিক দিশত আমাৰ দেশৰ ৰাজনীতিকসকল যিমান পৰিপক্ক হৈ উঠিছে, দেশখনৰ প্ৰতিজন ব্যক্তি (বিশেষকৈ প্ৰতিজন ভোটাৰ) সিমান পৰিপক্ক হৈ উঠা নাই বা পৰিপক্ক হ’বলৈ আগ্ৰহ কৰা নাই (বহুতৰে সেইবোৰত লাগি থাকিবলৈ সময়ো নাই) । ইয়াৰে সুযোগ গ্ৰহণ কৰি ৰাজনীতিকসকলে জনসাধাৰণক বাৰে বাৰে প্ৰতাৰণা কৰিব পাৰিছে । অৱশ্যে, এনেকুৱা নহয় যে দেশখনত ৰাজনৈতিক দিশত ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক লোক নাই ।  কিন্তু, ৰাজনীতিসকলে জনসাধাৰণক কৰা প্ৰতাৰণা ৰোধ কৰিব পৰাকৈ তেওঁলোক শক্তিশালী হে উঠা নাই বা উঠিব পৰা নাই । আমি আশাবাদী, ৰাজনৈতিক দিশত ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তি (ভোটাৰ) ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক হৈ উঠিব আৰু তেওঁলোকক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিব ।  এনে ভাল দিন নিশ্চয় আহিব ।

    ৰাজনীতিকসকল হ’ল সমাজৰ আটাইতকৈ বেছি বিশ্বাসঘাটক লোক (অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ তথাকথিত একাংশ শিল্পীও একে শাৰীতে পৰা পৰিলক্ষিত হৈছে) । এই প্ৰসংগত প্ৰখ্যাত হাস্য কবি সুৰেন্দ্ৰ শৰ্মাৰ এটা কৌতুক পাঠকসকলৰ সৈতে ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ ।  কৌতুকটো এনেধৰণৰ-ৰাজনীতিক এজনৰ পুতেকে নতুনকৈ ৰাজনীতিৰ পথাৰত নামিব বিচাৰিছে আৰু সেই উদ্দেশ্যে পুতেকে বাপেকৰ পৰা ৰাজনীতিৰ শিক্ষা ল’বলৈ ইচ্ছা কৰিছে । ৰাজনীতিৰ প্ৰথম পাঠ হিচাপে বাপেকে পুতেকক তেওঁলোকৰ ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিবলৈ নিৰ্দেশ দিলে । প্ৰথম মহলাৰ পৰা জাপ মাৰিলে দুখ পাব বুলি পুতেকে কোৱাত বাপেকে ক’লে যে তেওঁ (বাপেকে) পুতেকক এনেদৰে ধৰিব যাতে পুতেকে দুখ নাপায় । বাপেকৰ কথামতে পুতেকে ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিলে । কিন্তু, বাপেকে পুতেকক নধৰিলে ।  ধৰিম বুলি কথা দি কিয় নধৰিলে বুলি পুতেকে সোধাত বাপেকে উত্তৰ দিলে যে এয়াই ৰাজনীতি, য’ত বাপেককো বিশ্বাসত লোৱা উচিত নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ জানুৱাৰী ২০২১]

Tuesday 5 January 2021

‘ৰাজনীতি আৰু মনুষ্যত্ব’ সন্দৰ্ভত

   

যোৱা ২৩ ডিছেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত হোমেন বৰগোহাঞিৰ 'ৰাজনীতি আৰু মনুষ্যত্ব' শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলে যিয়ে যুক্তি নিদিয়ক কিয়, বিটিএডিৰ সদ্য-নিৰ্বাচিত তিনিটা ৰাজনৈতিক দলৰ সদস্যসকলক যে প্ৰলোভনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যই কোকৰাঝাৰ পৰা নিলগাই ৰখা হৈছিল তাত কোনো সন্দেহ নাই । দুখজনক কথাটো হ'ল-ভাৰতৰ ৰাজনীতিত এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে । যেতিয়াই কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে তেতিয়াই চৰকাৰ গঠনৰ উদ্দেশ্যে নিৰ্বাচিত লোকসকলক লৈ একপ্ৰকাৰ বজাৰৰ সৃষ্টি হয় ।

 উন্নয়নৰ ৰাজনীতিক ঢাল হিচাপে লৈ আদৰ্শৰ ৰাজনীতিক তল পেলোৱাৰ পৰিৱেশ সম্প্ৰসাৰণ হোৱাৰ ফলত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ মাজত দল-বাগৰা ৰাজনীতি ক্ৰমান্বয়ে বৃদ্ধি  পাবলৈ ধৰিছে । মূলত: ব্যক্তিগত স্বাৰ্থৰ বাবে বৰ্তমানৰ বহু ৰাজনীতিকে পূৰ্বৰ ৰাজনৈতিক আদৰ্শ এৰি সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঠিত ৰাজনৈতিক দলত যোগদান কৰে । আদৰ্শ বিক্ৰি কৰাৰ বাবদ মোটা অংকৰ ধন তথা ৰাজনৈতিক ক্ষমতা লাভ কৰি উন্নয়নৰ স্বাৰ্থত দল সলনি কৰা বুলি তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰে  । দুৰ্ভাগ্যজনকভাবে বহুতে এই ধাৰাক সহজভাবে গ্ৰহণ কৰিবলৈ ধৰিছে ।

  ভাৰতৰ ৰাজনীতিত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰাৰ পৰিৱেশ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কোনে, কোন মুহূৰ্তত, কোন ৰাজনৈতিক দলত যোগদান কৰি চৰকাৰ গঠনত বা চৰকাৰ ভঙাত সহায় কৰে, তাৰ কোনো ঠিক নাই । নিৰ্বাচিত জনপ্ৰতিনিধিসকলক লৈ বজাৰ সৃষ্টিৰ ইয়ো এটা কাৰণ ।  উত্তৰ আধুনিক যুগৰ মেৰপাকত পৰি মানুহৰ মাজত বিশ্বাসযোগ্যতাৰ লগতে নিৰ্ভৰযোগ্যতাও ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে । নক’লেও হ’ব যে দলীয় ৰাজনীতিত জড়িত লোকসকলকৰ গাত এইবোৰ গুণ (?) বেছিকৈ থাকে । নিৰ্বাচনবোৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতো বহু ৰাজনীতিকে ধনৰ বিনিময়ত পূৰ্বৰ ৰাজনৈতিক আদৰ্শক জলাঞ্জলি দিবলৈ বাধ্য হৈ পৰে ।  এনে পৰিস্থিতিত মনুষ্যত্বৰ কোনো মূল্য নাথাকে । মজাৰ কথা যে এইসকল লোকেই আমাক দুৰ্নীতিহীন সুন্দৰ সমাজ গঠনৰ কথা কয় ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৬ জানুৱাৰী ২০২১]