Sunday 27 March 2022

ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয়

         যোৱা ১১ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত ৰক্তিম গোস্বামীৰ ‘ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থানত  দিকভ্ৰষ্ট ভাৰত’ শীৰ্ষক লেখাটোৰ আঁত ধৰি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ ।  গোস্বামীয়ে ঠিকে কৈছে যে কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে একাংশ সাংস্কৃতিক (?) আৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ জনসাধৰণক ধৰ্মীয় সংকীৰ্ণতাৰ মাজলৈ ঠেলি দি ভাৰতক সভ্য সমাজৰ পৰা  ক্ৰমে নিলগাই আনি থকা হৈছে ।  সেই সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিবোৰৰ প্ৰকৃত উদ্দেশ্য অনুধাৱন কৰিব নোৱাৰা বা কৰিব পাৰিলেও ব্যক্তিগত স্বাৰ্থৰ বাবে এক শ্ৰেণীৰ মানুহে সেই সংকীৰ্ণতাত সোমাই পৰিছে । তেওঁলোকৰ ভিতৰত লিখা-পঢ়া নজনা সাধাৰণ লোকৰ পৰা বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী লোকলৈকে আছে । সুবিধা প্ৰদানৰ বিনিময়ত সংশ্লিষ্ট সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে তেওঁলোকক পাৰ্যমানে ব্যৱহাৰ কৰিবলৈ ধৰিছে । 

        ভাৰতত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থান একেদিনে গঢ়ি উঠা নাই । স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতত  ধৰ্ম আৰু জাত-পাতৰ উৰ্ধত ৰাষ্ট্ৰবাদৰ ধাৰণা গঢ়ি উঠিছিল । কিন্তু, দেশখনৰ একাংশ নেতা-পালিনেতাই ব্ৰিটিছৰ পৃষ্ঠপোষকতাত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা পোষকতা কৰি ৰাষ্ট্ৰবাদৰ উক্ত ধাৰণাক প্ৰৱলভাবে প্ৰত্যাহ্বান জনাইছিল ।  যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত তেওঁলোকৰ প্ৰত্যাহ্বান ইমানেই প্ৰৱল হৈ পৰিছিল যে তেওঁলোকে ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল ।  দেশ বিভাজনৰ সময়ত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ প্ৰভাৱত পাকিস্তান নামৰ এখন সুকীয়া ৰাষ্ট্ৰ গঠন কৰা হৈছিল । ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হোৱাৰ সময়তে ভাৰতকো হিন্দু ধৰ্মৰ ভিত্তিত ‘হিন্দু ৰাষ্ট্ৰ’ গঠনৰ পোষকতা কৰা হৈছিল । কিন্তু,  স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদৰ ধাৰণাৰ প্ৰভাৱে ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাত অন্তৰায় হিচাপে দেখা দিছিল । তদুপৰি, মহাত্মা গান্ধীক কৰা হত্যাই সেই শক্তিটোৰ আশাত চেঁচাপানী পেলাইছিল ।  

        ৰাজনৈতিক উদ্দেশ্যৰ বাবে বৰ্তমান ভাৰতত সনাতন ধৰ্মক ব্যাপকভাবে ব্যৱহাৰ কৰিবলৈ ধৰিছে । হিন্দু ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা শক্তিশালী কৰাৰ উদ্দেশ্যে স্বাধীনতা আন্দোলনৰ সময়তো সনাতন ধৰ্মক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।  যোৱা শতিকাৰ তৃতীয় দশকৰ মাজভাগত প্ৰতিষ্ঠা কৰা গীতা প্ৰেছৰ দ্বাৰা প্ৰকাশিত ‘কল্যাণ’ নামৰ প্ৰত্ৰিকাখনৰ যোগেদি সনাতন ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভাৰ কিছুমান নেতা আৰু সদস্যই উল্লিখিত পত্ৰিকাখনত লিখনি প্ৰকাশ কৰি স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা প্ৰগতিশীল, ধৰ্মনিৰপেক্ষ আৰু আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত প্ৰশ্ন কৰিছিল ।  মনকৰিবলগীয়া যে বহুতো নামজ্বলা কংগ্ৰেছী নেতা আৰু সদস্যও ‘কল্যাণ’ৰ যোগেদি হিন্দু ধৰ্মই বিপদৰ সম্মুখিন হোৱা বুলি বিভিন্ন সময়ত নিজৰ মত প্ৰকাশ কৰিছিল । হিন্দুসকলৰ বিপদৰ কথা লিখিবলৈ জৱাহৰলাল নেহৰুকো ‘কল্যাণ’ৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল (গীতা প্ৰেছ ন্যাসৰ এগৰাকী অন্যতম সদস্য হনুমান প্ৰসাদ পোদ্দাৰে নেহৰুক অনুৰোধ কৰিছিল) । কিন্তু, নেহৰুৱে সেই অনুৰোধ বাৰে বাৰে প্ৰত্যাখান কৰিছিল (ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদীসকলৰ নেহৰু বিদ্বেষৰ ইয়ো এটা কাৰণ) ।  সি যি কি নহওক, একাংশ সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে অতীতৰ পৰাই সকলোকে সামৰি লোৱা ভাৰতৰ ৰাষ্ট্ৰবাদৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাই আহিছে । স্বাধীনতাৰ পিছত দীঘলীয়া সময়ৰ বাবে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ সুবিধা পোৱা নাছিল বাবে তেওঁলোকৰ প্ৰত্যাহ্বান সিমান প্ৰৱল হৈ উঠা নাছিল যিমান সাম্প্ৰতিক সময়ত  প্ৰৱল হৈ পৰিছে ।  আন কথাত, দেশখনত যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত গঢ়ি উঠা ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণাই পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে ।  

            মনত ৰখা দৰকাৰ যে ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয় ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ হ’ল- জাতি, ধৰ্ম, বৰ্ণ আৰু সম্প্ৰদায় নিৰ্বিশেষে দেশখনৰ সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদ । ভাৰতৰ ব্যক্তি এজনৰ ৰাষ্ট্ৰবাদৰ ধাৰণা হ’ল, সংশ্লিষ্ট ব্যক্তিজনৰ দেশখনৰ প্ৰতি থকা আন্তিৰক অনুভৱ, সংবিধানিক অধিকাৰ উপভোগ কৰিবলৈ আৰু দেশখনৰ ব্যক্তি হ’বলৈ পোৱাৰ গৌৰৱবোধ । এই ধাৰণাবিলাক সংশ্লিষ্ট ব্যক্তিজনৰ হৃদয়ত এনেদৰে নিহিত হৈ থাকে যে আন কোনো দেশতে তেওঁ তেনে অনুভৱ কৰিব নোৱাৰে । ৰাষ্ট্ৰবাদৰ এই অনুভৱক আন কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে বা শক্তি প্ৰয়োগেৰে জাপি দিয়াৰ প্ৰয়োজনো নাই-সেয়া দেশখনৰ বাহিৰৰ বা দেশখনৰ ভিতৰৰ যি শক্তিয়েই নহওক কিয় সাম্প্ৰতিক সময়ত দেশখনত প্ৰৱল হৈ উঠা হিন্দু ৰাষ্ট্ৰবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰবাদ ৰাষ্ট্ৰবাদ সম্পৰ্কীয় এই জটিল সন্ধিক্ষণত ভাৰতৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে সংকীৰ্ণ ৰাষ্ট্ৰবাদৰ ধাৰণাৰ পৰা যিমান সোনকালে মুক্ত হ’ব পাৰিব সিমানেই দেশখনৰ বাবে মংগল । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ মাৰ্চ ২০২২]