Sunday 18 March 2018

বড়োভূমিৰ ভূমি বিবাদৰ প্ৰসংগ


যোৱা কিছুদিন ধৰি বড়োভূমিৰ ভূমি বিবাদ প্ৰসংগত অঞ্চলটোত অন্তৰ্গত অনাবড়ো লোকসকলৰ উপৰিও অঞ্চলটোৰ বাহিৰৰ বুদ্ধিজীৱীসকলে বিভিন্ন প্ৰচাৰ মাধ্যমত ভুল ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছে। তেওঁলোকে অঞ্চলটোৰ বড়োসকলৰ বাহিৰে আন জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা বুলি আলোচনা অব্যাহত ৰাখিছে (বড়ো আৰু অবড়ো শব্দ দুটা ব্যৱহাৰ কৰি)। আচলতে জনজাতীয় আৰু অজনজাতীয় লোকৰ ভূমি হস্তান্তৰ প্ৰসংগহে আলোচনা হ’ব লাগে। বড়ো আৰু অবড়োৰ নহয়। যিহেতু বিটিএডি নতুন ভূমি আইন প্ৰণয়ন নকৰি The Assam Land and Revenue Regulation 1886 আইন অনুসৰিয়ে ভূমি সম্পৰ্কীয় কামকাজ চলাই থকা হৈছে (যদিও বড়ো চুক্তি অনুসৰি তেওঁলোকে নতুন ভূমি আইন প্ৰণয়ন কৰিব পাৰে), গতিকে সেই আইনখনৰ ভিত্তিত অঞ্চলটোৰ জনসাধাৰণৰ ভূমিৰ অধিকাৰ সম্পৰ্কে কৰা আলোচনাহে যুক্তিসংগত হ’ব। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ মাৰ্চ ২০১৮]

Saturday 3 March 2018

বড়োভূমিত ভূমি বিতৰ্ক


শেহতীয়াকৈ বড়োভূমিত ভূমিৰ বেচা-কিনা সম্পৰ্কে এক বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। বাতৰি অনুসৰি বিটিএডিৰ মূৰব্বীৰ দ্বাৰা এখন জাননী প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে বিটিএডিৰ ভিতৰত অজনজাতীয় লোকসকলে জনজাতীয় লোকৰ পৰা মাটি কিনিব নোৱাৰিব। কোনো এজন জনজাতীয় লোকে অঞ্চলটোৰ বা আন অঞ্চলৰ অজনজাতীয় লোকক মাটি বিক্ৰি কৰিলেও মাটিখিনিৰ স্বত্ত্ব সংশ্লিষ্ট জনজাতীয় লোকজনৰ হাততে থাকিব। আনহাতে, জনজাতীয় লোকে মাটি কিনাৰ ক্ষেত্ৰত তেনে বাধা নাথাকিব। অৰ্থাত, কোনো এজন জনজাতীয় লোকে কোনো অজনজাতীয় বা জনজাতীয় লোকৰ পৰা মাটি কিনিলে মাটিৰ স্বত্ত্ব হস্তান্তৰযোগ্য হ’ব। অঞ্চলটোৰ অজনজাতীয়সকলৰ দৃষ্টিকোণেৰে চালে ভাব হয় যে সকলো জাতি-জনজাতিৰ মানুহৰে সমান উত্তৰণৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা, ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত অঞ্চলটোৰ বৰ্তমানৰ প্ৰশাসককসকলে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। কিন্তু, বড়োকে ধৰি অসমৰ জনজাতিসকলৰ ভূমি সম্পৰ্কীয় সমস্যাৰ প্ৰতি কিঞ্চিৎ সচেতন ব্যক্তি মাত্ৰেই মানি ল’ব যে বিটিএডিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিতৰ্ক কৰিবলগীয়া মাৰাত্মক জাননী প্ৰকাশ কৰা নাই।
বৃটিছৰ দিনৰে পৰাই অসমৰ ভূমিপুত্ৰ জনজাতিসকলে ভূমিস্বত্ত্বৰ নিৰাপত্তা লাভ কৰা নাই। ভূমিস্বত্ত্বৰ নিৰাপত্তাহীনতাৰ বাবে অসমৰ জনজাতীয় লোকসকলৰ সৰহভাগেই এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন কটাবলগীয়া হৈছে। ভাৰতৰ স্বাধীনতাৰ আগেয়ে সদৌ অসম জনজাতি সংঘৰ মূল দাবীয়েই আছিল-জনজাতিসকলক ভূমিস্বত্ত্বৰ নিৰাপত্তা প্ৰদান কৰা। সেই মৰ্মে ৮,৫৮,০৪২ বিঘা মাটি ৯টা জনজাতীয় মণ্ডল (Tribal Belt) আৰু ২৮টা জনজাতীয় খণ্ড (Tribal Block)ত ভাগ কৰা হৈছিল আৰু ‘The Assam Land and Revenue Regulation নামৰ দলিলখনৰ ১০ নম্বৰ অধ্যায়ত অন্তৰ্ভূক্ত কৰা হৈছিল (১৯৭৪ চনৰ ৫ ডিচেম্বৰত দলিলখন ছিলংৰ পৰা প্ৰকাশ পাইছিল)। কিন্তু সেই আইনখনৰেই ১৬০ নম্বৰ ধাৰাৰ ২ নম্বৰ উপধাৰা অনুসৰি ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ব জিলা উপায়ুক্তক দিয়া হৈছিল। সেইবোৰ অঞ্চলত জনজাতীয়লোকৰ পৰা সেই অঞ্চলত বসবাস কৰা অজনজাতীয়লোকক মাটিৰ স্বত্ত্ব হস্তান্তৰিত কৰাৰ অধিকাৰো জিলা উপায়ুক্তক দিয়া হৈছিল (হীৰেন গোহাঁই, গৰীয়সী, মাৰ্চ ২০১৩: পৃষ্ঠা:১৬-২০)। আইনখনৰ ২ নম্বৰ উপধাৰাটোৰ সুযোগতে অজনজাতীয় নেতা, আমোলা আৰু বুদ্ধিজীৱীসকলে দুৰ্বল তথা সৰল স্বভাৱৰ জনজাতিসকলক বিশ্বাসঘাতকতা কৰিবলৈ উঠিপৰি লাগিছিল। উদাহৰণস্বৰূপে, ১৯৪৭ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত কেৱল তামোলপুৰ জনজাতীয় মণ্ডলতে মুঠ ৫০,০০০ অজনজাতীয় লোকক ভূমিৰ পট্টা দিয়া হৈছিল বুলি অসমৰ সেই সময়ৰ ৰাজহ মন্ত্ৰীয়ে স্বীকাৰ কৰিছিল (হীৰেন গোহাঁই, ‘তেজৰ আখৰে লিখা’, ২০১৭, পৃষ্ঠা: ৩১)।  
এতিয়ালৈকে কোনো এখন চৰকাৰেই জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই। ইফালে জনজাতীয় মণ্ডল আৰু জনজাতীয় খণ্ডত অন্তৰ্ভূক্ত ভূমিসমূহত অবৈধভাবে অজনজাতীয় লোকৰ বেদখলৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাই আহিছে। কেৱল বিটিএডিতে ৩,৪৯,৫০৫ বিঘা ৪ কঠা ৮ লেচা ভূমি বেদখল হৈছে (The Telegraph, 4 July 2014)। জনজাতীয় লোকসকলে ধাৰণা কৰি লৈছে যে অজনজাতীয় নেতাৰ দ্বাৰা গঠিত চৰকাৰবোৰে ভৱিষ্যতেও যে তেওঁলোকক ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰিব তাৰ কোনো আশা নাই। সৰল স্বভাৱৰ জনজাতীয় লোকসকলে আৰ্থিক বিপদত পৰিলে নিজৰ নামত যিখিনি ভূমি আছে, সেইখনিকো কম দামতে বিক্ৰি কৰি দিয়াৰ প্ৰসংগতো আছেই।
সন্দেহ নাই যে সামগ্ৰিকভাবে অসমৰ জনজাতিৰবোৰৰ ভিতৰত বড়োসকল শীৰ্ষত আছে। তেওঁলোকে পৃথক ৰাজ্য গঠন কৰি সাংবিধানিক নীতিৰ ভিত্তিত নিজে নিজৰ ভূমিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰচেষ্ঠা চলাইছে। কিন্তু, দেখা গৈছে যে তেওঁলোকে পৃথক ৰাজ্য লাভ কৰাৰ আগতেই ভূমিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে। সেইকাৰণে তেওঁলোকে বিটিএডিৰ অন্তৰ্ভূক্ত নিজৰ মানুহখিনিৰ উপৰিও সেই অঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰি ৰাখিব বিচাৰিছে।


[প্ৰকাশিত, ‘আমাৰ অসম’, ৪ মাৰ্চ ২০১৮, পৃষ্ঠা: ৪]