Thursday 28 April 2022

অসমীয়াৰ ব্ৰক্ষ্মতালুত দংশন প্ৰসংগত

 

         যোৱা ২২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টো অত্যন্ত স্পষ্ট আৰু সময়োপযোগী হৈছে । সম্পাদকীয়টোত ঠিকেই কৈছে যে অসমত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা উচ্চ চিন্তাৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক এচাম মতলবী মানুহে কুঠাৰাঘাত কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে । নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে এচাম অসমীয়া মানুহেই শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ঐতিহ্যৰ ওপৰত আঘাত কৰিবলৈ সুবিধা কৰি দিছে । অসমীয়াৰ বৰঘৰত কৰা এই সাংস্কৃতিক আক্ৰমণ ৰোধ কৰিবলৈ হ’লে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সেই মতলবী মানুহবোৰৰ সংগ দিয়া অসমীয়া লোকসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে । অন্যথা, অসমত প্ৰাক-শংকৰী যুগত চলি থকা ধৰ্মীয় বিশৃংখলতা পুনৰ ঘূৰি আহিবলৈ বেছি সময় নালাগিব ।

            উত্তৰ ভাৰতৰ হিন্দু সংস্কৃতিকে দেশখনৰ সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে একাংশ সামাজিক আৰু সাংস্কৃতিক সংগঠনে অতীতৰে পৰাই চেষ্টা চলাই আহিছে । অসমত যেতিয়াই জটিল ৰাজনৈতিক সন্ধিক্ষণ আহি পৰিছে তেতিয়াই সেই সংগঠনবোৰে (নামত সাংস্কৃতিক সংগঠন, কিন্তু ৰাজনৈতিক বিষয়বোৰতো হাত দিয়ে) সুযোগ বুজি অসমীয়াৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে আৰু তেওঁলোকৰ বাট সুগম কৰি লৈছে । উদাহৰণস্বৰূপে অসম আন্দোলনৰ প্ৰসংগ আনিব পাৰি । ছয়বছৰীয়া জটিল ৰাজনৈতিক সন্ধিক্ষণত সেই সংগঠনবোৰে আন্দোলনটোৰ বহিৰাগত খেদা বিষয়টোক বিদেশী খেদা বিষয়লৈ ৰূপান্তৰ কৰিছিল (বিশেষকৈ অবৈধ মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক টাৰগেট কৰি লোৱা হৈছিল)  আৰু ইয়াৰ দ্বাৰা অসমৰ গৰিষ্ঠসংখ্যক হিন্দু মধ্যবিত্তৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে The Last Battle of Saraighat গ্ৰন্থখন চাব পাৰে) ।

            সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হয় ।  অৰ্থনৈতিক শক্তিৰ বাবে ৰাজনৈতিক শক্তিৰ সমৰ্থনৰ প্ৰয়োজন হয় । দীৰ্ঘ সময় ধৰি অসমত সেই শক্তিটোৱে সমৰ্থন জনোৱা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে অসমত তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি লেহেমীয়া আছিল ।  কিন্তু, তেওঁলোকৰ সমৰ্থিত ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি দ্ৰুত হৈ পৰিল আৰু অসমীয়াই আজি তাৰে ফল ভোগ কৰিবলগীয়া হৈছে ।  এনেকুৱা নহয় যে অসমৰ যিবোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত উত্তৰ ভাৰতীয় সংস্কৃতিয়ে আঘাত কৰিবলৈ ধৰিছে সেই সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ নোহোৱা হৈ যাব । কিন্তু, এইটো সত্য যে অসমৰ জনজীৱনত সেই অনুষ্ঠানসমূহৰ ‘প্ৰভাৱ’ আগৰ তুলনাত হ্ৰাস পাব । 

        যোৱা কিছু বছৰ ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰতৰ গৌৰৱময় অতীতৰ ওপৰত প্ৰয়োজনাধিক গুৰুত্ব প্ৰদান কৰি থকা হৈছে । গৌৰৱময় অতীতক গুৰুত্ব প্ৰদান কৰাৰ নামত ধৰ্মীয়  নীতি-নিয়ম, আচাৰ-আচৰণবোৰক ঘূৰাই আনিবলৈ চেষ্টা চলোৱা হৈছে । অসমতো ইয়াৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।  মনত ৰখা দৰকাৰ যে গৌৰৱময় অতীতৰ পৰা শিক্ষা লোৱা আৰু অতীতৰ নীতি-নিয়ম, আচাৰ-আচাৰণবোৰক ঘূৰাই অনাৰ মাজত পাৰ্থক্য আছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ এপ্ৰিল ২০২২]