Monday 21 October 2013

অসমত পৃথক ৰাজ্য গঠনৰ প্ৰাসংগিকতা

     ইউ পি এ-২ চৰকাৰৰ উদ্দেশ্য যিয়েই নহওক, ২০১৩ চনৰ ৩০ জুলাইত কংগ্ৰেছ ৱাৰ্কিং কমিটিয়ে পৃথক তেলেংগানা ৰাজ্য গঠনৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ বহু ঠাইত পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন গা কৰি উঠিল। যেনে-পশ্চিমবংগক বিভাজন কৰি গোৰ্খালেণ্ড, তামিলনাডুক বিভাজন কৰি কংগোনাডু, কৰ্ণাটকক বিভাজন কৰি কুৰ্ণ ৰাজ্য, মণিপুৰক বিভাজন কৰি কুকি ৰাজ্য, উত্তৰ প্ৰদেশক বিভাজন কৰি অৱধ ৰাজ্য, পূৰ্বাঞ্চল, বুণ্ডেলখণ্ড, হৰিত, বিধৰ্ভ, ভোজপুৰ ৰাজ্য ইত্যাদি। অসমতো ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা দুখনক সামৰি এখন পৃথক ৰাজ্য গঠনৰ দাবী উঠিল। স্বত:স্ফূৰ্তভাৱে গা কৰি উঠা আন্দোলনৰ ফলত কাৰ্বি আংলং জিলাত ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হ’ল। আনফালে, বড়োসকলে বিটিএডি অঞ্চলক লৈ পৃথক বড়োলেণ্ড আৰু কোঁচ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰিলে।
     এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে ভাৰতত পৃথক ৰাজ্য গঠনৰ ক্ষেত্ৰত কোনো সুনিৰ্দিষ্ট নীতি-নিয়ম নাই। কিছুমান ৰাজ্য যদি আৰ্থ-সামাজিক সমস্যাৰ ভিত্তিত গঠন কৰিছে, আন কিছুমান ৰাজ্য পৃথক ভাষা-সাংস্কৃতিৰ ভিত্তিত আৰু কিছুমান ৰাজ্য দুয়োবিধৰ ভিত্তিতে গঠন কৰা হৈছে। আমাৰ লেখাটোত শেহতীয়াকৈ অসমত উত্থাপিত পৃথক ৰাজ্যৰ দাবীৰ প্ৰাসংগিকতা সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।
    দীৰ্ঘদিনীয়া দাবীৰ (১৯৫৬ চনৰ পৰা) ফলস্বৰূপে, বিশেষকৈ, আৰ্থ-সামাজিক সমস্যাৰ ভিত্তিতে অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনৰ বিভাজন ঘটাই তেলেংগানা অঞ্চলটোক সুকীয়া ৰাজ্যৰ মৰ্যদা দিবলৈ বিচৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ আন অঞ্চল-ৰায়ালসীমা আৰু উপকূলীয় অন্ধ্ৰৰ সৈতে তুলনা কৰিলে ৰাজ্যখনৰ ৰাজধানী হায়দৰাবাদৰ বাহিৰে তেলেংগানা অঞ্চলটো সকলো ফালৰ পৰাই যে পিচপৰা তাত সন্দেহ নাই। সেইফালৰ চালে অসমত বড়োসকলে বিটিএডি অঞ্চলটোক পৃথক বড়োলেণ্ড, কাৰ্বিসকলে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাক সামৰি এখন পৃথক ৰাজ্য আৰু কোচঁ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্য দাবী কৰাৰ নিশ্চয় যুক্তি আছে। অসমৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আদি অঞ্চল, উক্ত জনগোষ্ঠীসকলে দাবী কৰা অঞ্চলসমূহৰ তুলনাত সকলো ফালৰ পৰাই আগবাঢ়ি যোৱা দেখা গৈছে। অসমৰ এই অঞ্চলসমূহতে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহ অৱস্থিত। নতুনকৈ, বড়ো অধ্যূষিত কোকৰাঝাৰ জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল যদিও ইয়াক অতি সাম্প্ৰদায়িক ভিত্তিত স্থাপন কৰা হৈছে৷ বিটিএডি অঞ্চলত চিকিৎসা আৰু ইঞ্জিনিয়াৰিং মহাবিদ্যালয় মঞ্জুৰ হোৱাৰ লগে লগে অজনজাতি অধ্যূষিত অঞ্চল যেনে-বৰপেটা, নলবাৰী আদিতো তেনে শিক্ষানুষ্ঠান স্থাপনৰ বাবে মঞ্জুৰি লাভ কৰা পৰিলক্ষিত হৈছে (১)। সেইদৰে ডিমা হাচাও জিলাত মাত্ৰ এখনহে মহাবিদ্যালয়ৰ অৱস্থিতিয়ে কি সূচায়? আনফালে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আদিত থকা মহাবিদ্যালয়ৰ সংখ্যা বাদ দি যদি মাজুলীৰ কথা ধৰা যায়, যিটো কেৱল এখন মহকুমাহে (Sub-division), তাতে পাঁচখন মহাবিদ্যালয় আছে।
    কেন্দ্ৰত এন ডি এ চৰকাৰৰ শাসনকালত ২০০০ চনত মধ্যপ্ৰদেশক বিভাজন কৰি ছটিশগড়, বিহাৰক বিভাজন কৰি ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশৰ বিভাজন ঘটাই উত্তৰাখণ্ড-এই তিনিখন পৃথক ৰাজ্য গঠন কৰা হৈছিল। এই ৰাজ্যকেইখন গঠনৰ ভিত্তি আছিল-প্ৰধানকৈ জনজাতি অধ্যূষিত, বনাঞ্চল তথা পাহাৰীয়া অঞ্চল (২)। বুজাত অকনো অসুবিধা নাই যে অসমত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হোৱা অঞ্চলসমূহ ছটিশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ড ৰাজ্য যি ভিত্তিত গঠন কৰা হৈছিল, আটাইকেইটা ভিত্তিয়েই আছে।
    অসমত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হোৱা অঞ্চলসমূহত পূৰ্বতে তথাকথিত অসমীয়া লোকসকলে শোষণ কৰি থকাৰ অভিযোগ উত্থাপন হোৱা দেখা যায়। ইয়াৰ ভিত্তি নথকাও নহয়। পূৰ্বতে এই অঞ্চলসমূহত অৱস্থিত বিভিন্ন বিভাগসমূহত চাকৰি কৰা লোকসকলৰ সৰহসংখ্যকেই আছিল তথাকথিত অসমীয়া। ১৯৩০ চন পৰ্যন্ত বড়োলোকৰ এজনো চৰকাৰী চাকৰিত নাছিল। চাকৰি-বাকৰিৰ পৰাতো তেওঁলোক বঞ্চিত হৈছিলেই, মহাবিদ্যালয়ত পঢ়িবলৈ আহিও আন জনগোষ্ঠীৰ ছাত্ৰৰ অৱজ্ঞা পাত্ৰ হৈছিল(৩)। ঐতিহাসিক অসম আন্দোলনৰ আৰম্ভনিতে ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ এটা ডাঙৰ প্ৰতিনিধি দল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ ওচৰত যিখন ২২ দফীয়া স্মাৰক পত্ৰ দাখিল কৰিছিল তাত বাহিৰাগতৰ প্ৰশ্নটো ৭ নম্বৰতহে আছিল। ১ নম্বৰ দাবী আছিল জাতি আৰু জনজাতিসকলে লাভ কৰি অহা বিশেষ সা-সুবিধাবিলাক বন্ধ কৰিব লাগে(৪)। কেৱল সেয়াই নহয়, ১৯৮৫ চনত সাক্ষৰিত হোৱা ‘অসম চুক্তি’ৰ ১০ নম্বৰ দফাৰ সুযোগ গ্ৰহণ কৰি অসম গণ পৰিষদ চৰকাৰে বেদখল উচ্ছেদ কৰাৰ নামত চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা মাথোন জনজাতীয় দুখীয়া কৃষকক ব্যাপক হাৰত উচ্ছেদ কৰাত লাগি গ’ল(৫)।
    স্বাধীনতা সংগ্ৰামত অসমৰ জনজাতিসকলে যি সাহসী, বীৰত্ব আৰু দেশপ্ৰমৰ পৰিচয় দিছিল অসমৰ বাকী মানুহৰ মাজত তাৰ তুলনা নাছিল। অথচ, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰিয়ে আছিল। পিছলৈ তেওঁলোকৰ মাজতো শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পালে যদিও নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতিৰ বিকাশ হোৱা নাছিল। এই সম্পৰ্কে ড° প্ৰফুল্ল মহন্ত ডাঙৰীয়াই মন্তৱ্য কৰিছে যে অসম সাহিত্য সভাই অসমৰ বিভিন্ন অঞ্চলত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু বিভিন্ন জনগোষ্ঠীক অসমীয়া কৰাৰ ওপৰত যিমান গুৰুত্ব দিছিল সেইদৰে তেওঁলোকৰ ভাষা-সংস্কৃতি বিকাশ আৰু অগ্ৰগতি সম্পৰ্কে মনোযোগ দিয়া নাছিল। সভাই এনে এটা মনোভাৱ গ্ৰহণ কৰিছিল যেন অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হ’লেই তেওঁলোকৰ বিকাশ হ’ব(৬)। ইফালে, ‘অসম চুক্তি’খনৰ ৬ নম্বৰ দফাৰ সুযোগ লৈ অসম গণ পৰিষদ চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰিৰ বিজ্ঞপ্তিযোগে অসমৰ শিক্ষানুষ্ঠাসমূহত অনা-অসমীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত অসমীয়া ভাষা বাধ্যতামূলক তৃতীয় ভাষা হিচাপে জাপি দিলে(৭)। অৱশ্যে, ডিমা হাচাও (তেতিয়াৰ উত্তৰ কাছাৰ) তথা কাৰ্বি আংলং জিলা আৰু বিটিএডি অঞ্চলত স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছত চৰকাৰী চাকৰি কৰা জনজাতীয়লোকৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমান জনজাতীয় লোকসকলক অৱজ্ঞা কৰাৰ প্ৰৱণতা কিছু কমিছে যদিও এতিয়াও বা ভৱিষ্যতেও তথাকথিত অসমীয়াসকলক বিস্বাসত ল’ব পৰাৰ সম্ভাৱনা নাই।
     কোনো সন্দেহ নাই, সমগ্ৰ অসমৰ লগতে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰা অঞ্চলসমূহতো অবাধ অবৈধ অনুপ্ৰৱেশকাৰীয়ে অঞ্চলসমূহৰ জনসংখ্যা গাঁথনিৰ ওপৰত চিন্তনীয়ভাৱে প্ৰভাৱ পেলাইছে। অবৈধ অনুপ্ৰৱেশকাৰী বোলোতে ১৯৭১ চনৰ পাছত অসমলৈ প্ৰব্ৰজন ঘটা সকলোবোৰ বিদেশীকে সামৰি লোৱা হৈছে যদিও অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰকোপেই যে বেছি তাত দ্বিমত নাই। মানৱীয় দৃষ্টিভংগীৰে অবৈধ বাংলাদেশীসকলেও মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। যিখন দেশৰ জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল’মিটাৰত ১,২০০ জনতকৈ অধিক, সেইখন দেশৰ জনসংখ্যাই মৌলিক প্ৰয়োজনৰ তাড়নাত চুবুৰীয়া দেশখনত অবৈধভাৱে অনুপ্ৰৱেশ কৰাটোৱেই স্বাভাৱিক। দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী হ’লে কথাটো বেলেগ হ’লেহেঁতেন। ভাৰতবৰ্ষৰ অৱস্থা যদি বাংলাদেশ আৰু বাংলাদেশৰ অৱস্থা ভাৰতবৰ্ষৰ দৰে হ’লে পৰিস্থিতি সম্পূৰ্ণ ওলোটা হ’লেহেঁতেন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘিষ্ঠ কৰক আৰু নিজৰ ভূমিতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওক। গতিকে, অঞ্চলটোৰ প্ৰতিজন অনুপ্ৰৱেশকাৰী চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা অতি আৱশ্যক। এই কাম কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে সমাপন কৰিব লাগিছিল যদিও ভোট বেংকৰ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি সমাপন নকৰাৰহে প্ৰৱণতা দেখা গৈছে(৮)। গতিকে, ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবিলাকে পৃথক ৰাজ্যৰ স্বীকৃতি পালে অন্ত:ত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চলত এই সমস্যাৰ সফল সমাধান আশা কৰিব পাৰি।
   চৰকাৰে অসমৰ ভূমিপুত্ৰ জনজাতিসকলক ভূমিস্বত্ত্বৰ নিৰাপত্তা দিব পৰা নাই। ভূমিস্বত্ত্বৰ নিৰাপত্তাহিনতাৰ বাবে অসমৰ জনজাতীয় লোকসকলৰ সৰহভাগেই দৰিদ্ৰ। স্বাধীনতাৰ আগেয়ে ভূমিস্বত্ত্বৰ নিৰাপত্তাই আছিল সদৌ অসম জনজাতি সংঘৰ মূল দাবী। সেই মৰ্মে ৮,৫৮,০৪২ বিঘা মাটি ৯টা জনজাতীয় মণ্ডল (Tribal Belt) আৰু ২৮টা জনজাতীয় খণ্ড (Tribal Block)ত ভাগ কৰা হৈছিল আৰু Assam Land and Revenue Regulation নামৰ দলিলখনৰ ১০ নম্বৰ অধ্যায়ত অন্তৰ্ভূক্ত কৰা হৈছিল(১৯৭৪ চনৰ ৫ ডিচেম্বৰত দলিলখন ছিলংৰ পৰা প্ৰকাশ পাইছিল)। কিন্তু সেই দলিলখনৰেই ১৬০ নম্বৰ ধাৰাৰ ২ নম্বৰ উপধাৰা মতে বান-খহনীয়াৰ বাবে ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ত্ব জিলা উপায়ুক্তক দিয়া হৈছিল। এইবোৰ অঞ্চলত জনজাতীয়লোককৰ পৰা সেই অঞ্চলত বাস কৰা অজনজাতীয়লোকক মাটিৰ স্বত্ত্ব হস্তান্তৰিত কৰাৰ অধিকাৰো জিলা উপায়ুক্তক দিয়া হৈছিল আৰু হস্তান্তৰো কৰিছিল(৯)।   
     এইটো সকলোৱে জনা কথা যে সমগ্ৰ দেশখনতে দুৰ্নীতিৰ প্ৰকোপ ব্যপক হাৰত বৃদ্ধি পাই আহিছে। দুৰ্নীতিৰ ক্ষেত্ৰত অসমো পিছ পৰি থকা নাই। Indian Corruption Study 2007 ৰ তথ্য অনুসৰি, ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ তালিকাখনত অসমো আছে। ক্ষুদ্ৰ ৰাজ্যৰ ক্ষেত্ৰত দুৰ্নীতিৰ দৰে ব্যাধি কমাব পৰাৰ সম্ভাৱনা ডাঙৰ ৰাজ্যতকৈ বেছি হয়। মুঠ কথা হ’ল-Small is beautiful
            পৃথক ৰাজ্য দাবী উত্থাপিত অঞ্চলসমূহৰ বিৰূদ্ধে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ যুক্তি হ’ল-সংশ্লিষ্ট অঞ্চলটোত বসবাস কৰি থকা আন লোকসকলক পৃথক ৰাজ্য দাবী উত্থাপন কৰা জনগোষ্ঠীটোৱে নিৰাপত্তা দিব পাৰিবনে? আজি যিবিলাক জনগোষ্ঠীয়ে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে তেওঁলোকৰ যুক্তি হ’ল তথাকথিত অসমীয়াসকলে তেওঁলোকক অসমৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে(১০)। তেওঁলোকে পৃথক ৰাজ্যৰ স্বীকৃতি পোৱাৰ পাছত আন লোকসকলক সংশ্লিষ্ট ৰাজ্যখনৰ(?) দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য নকৰিবনে?
     ধৰা হ’ল-পৃথক ৰাজ্য গঠনৰ পাছত উন্নয়নমূলক কামকাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক অনুদান আগবঢ়াই থাকিব। সৰু সৰু ৰাজ্যসমূহে প্ৰশাসনিক কামকাজ নিয়াৰিকৈ চলাব পৰাকৈ আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পাৰিবনে? প্ৰশাসনীয় ব্যয় (Administrative Costs)ৰ বাবেও যদি আনৰ হাত পাতিব লগা হয়, পৃথককৈ ৰাজ্য এখন গঠন কৰাৰ যুক্তি বিচাৰি পোৱা টান। অৱশ্যে, কৰৰ হাৰ বৃদ্ধি কৰি জোৰা মাৰিব পৰা যাব। কিন্তু তাৰ হেঁচা ৰাইজৰ ওপৰতহে পৰিব।
           অসমৰ নেতাসকলে ৰাজ্যখনৰ দুখীয়াসকলক শোষণ কৰি আহিছে। সকলোৱে বুজা উচিত যে শাসনৰ গাদী অব্যহত ৰাখিব বিচৰা নেতাসকলে অসমৰ জনগোষ্ঠীবিলাক একগোট হৈ থকাটো কেতিয়াও নিবিচাৰে আৰু বিচ্ছিন্নতা যাতে অব্যহত থাকে জনগোষ্ঠীয় তথা আন বৈশিষ্ট্যৰে বিচ্ছিন্ন নেতাসকলক লুণ্ঠনৰ অংশ দিয়াৰ টোপ দি থাকে। সুদীৰ্ঘ সংগ্ৰামৰ শেষত মাজে মাজে বুজা-বুজি হয় আৰু বিচ্ছিন্নতাবাদী নেতাসকলো শাসক শ্ৰেণীৰ অংশীদাৰ হৈ নিজ নিজ জাতি-গোষ্ঠীৰ সাধাৰণ ৰাইজক সংগ্ৰামৰ পথৰ পৰা কিছুদিনৰ বাবে আঁতৰাই ৰাখে(১১)। পৃথক ৰাজ্য দাবী উত্থাপন কৰা অঞ্চলৰ নেতাসকলেও একে নীতিকে অনুসৰণ নকৰিব বুলি কোনোবাই নিশ্চিয়তা দিব পাৰিবনে? আচল কথা হ’ল, ক্ষমতাৰ সুষম বিতৰণ হ’ব লাগে। কাৰণ, ক্ষমতাৰ সুষম বিতৰণে কিছুমান বিশেষ গোষ্ঠীৰ প্ৰভাৱ (Hegemony) সৃষ্টি হোৱাৰ সম্ভাৱনা দূৰ কৰে। ক্ষমতাৰ সুষম বিতৰণ এনেদৰে হ’ব লাগে যাতে দেশখনৰ শেষৰো শেষ গৰাকী ব্যক্তিৰ স্বকীয় প্ৰতিভাৰ পূৰ্ণ বিকাশ উন্মুক্ত, অবাধ আৰু নিৰংকুশভাৱে সম্ভৱ হয়(১২)।
      আজি বড়ো, কাৰ্বি, ডিমাচা আৰু কোঁচ-ৰাজবংশীসকলে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে। এওঁলোককে অনুসৰণ কৰি আহোম, মিচিং, ৰাভা, তিৱা আদি জনগোষ্ঠীবোৰেও সুকীয়া ৰাজ্য বিচাৰি দাবী উত্থাপন নকৰিব বুলি ক’ব নোৱাৰি। বৰ্তমান অসমত ২৩টা জনজাতি আছে। আটাইকেইটা জনজাতিয়ে   নিবিচাৰিলেও আঠটা মুখ্য জনজাতিয়ে পৃথক ‘লেণ্ড’ বিচাৰি সফল হ’ব পাৰিলে (সময়ৰ গতিত ৰাজনীতিৰ কুটিল পাকচক্ৰত পৰি সফল নহ’ব বুলি ক’ব নোৱাৰি) অসমৰ ভূখণ্ড কিমান থাকিবগৈ?
    শেষত, যি সময়ত অসমৰ সকলো জনগোষ্ঠী একগোট হ’ব লাগিছিল তেনে সময়ত বিভাজন বিচৰাটো নিশ্চয় সমগ্ৰ অসমবাসীৰ বাবে শুভ খবৰ নহয়। সিংহ আৰু ভালুকৰ যুঁজত শিয়ালে সুবিধা গ্ৰহণ কৰাৰ দৰে আজি অসমত নিজৰ মাজতে সংঘাত বৃদ্ধি হোৱাৰ ফলত বাংলাদেশ আৰু মহাচীনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ পাইছে। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডে অসমৰ সীমা অতিক্ৰম কৰি নিজৰ সীমা বৃদ্ধি কৰাৰ খবৰ কোনে নোপোৱাকৈ আছে? অসমৰ সকলো জনগোষ্ঠী একগোট হৈ মাত মাতি  চৰকাৰক হেঁচা প্ৰয়োগ কৰিলে (পৃথক ৰাজ্য গঠনৰ বাবে বা আন দাবীৰ ক্ষেত্ৰত যেনেদৰে হেঁচা প্ৰয়োগ কৰে) ৰাজ্যখনৰ বিভিন্ন সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। 

         
তথ্যসূত্ৰ:
() বসুমতাৰী, জনকলাল (২০১৩): ‘তেলেংগানা বনাম বড়োলেণ্ড’, আমাৰ অসম, ১৩ আৰু ১৪ আগষ্ট, পৃষ্ঠা:৪।
(২)Nambath, Suresh (2013):More Boundaries, Demand for New States, The Hindu, Lead Article, 24 August 2013.  
(৩)চৌধুৰী, মেদিনী (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৩৭-২৮৩।
(৪)বৰবৰা, গোলাপ (২০০৭): ‘বিদেশী বিতাৰণ আন্দোলন ব্যৰ্থ হৈছিল কিয়? এতিয়াও বাস্তৱ সমাধানৰ উপায় কি?’ ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:৯৬-১১৯।
(৫)দেউৰী, ইন্দিবৰ (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীয় প্ৰশ্ন’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৮৪-২৯৮।
(৬)মহন্ত, ড° প্ৰফুল্ল (২০০৯): অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, দ্বিতীয় প্ৰকাশ, লয়াৰ্ছ বুক ষ্টল (এল বি এচ পাব্লিকেশ্বনৰ এটা গোট), পৃষ্ঠা:৩৮২।
(৭)দেউৰী, ইন্দিবৰ (২০০৭): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৯৫।
(৮)ৰাভা, বিপুল কুমাৰ (২০১২): ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১, সংখ্যা ১৮, পৃষ্ঠা: ১৩।
(৯)গোহাঁই, ড° হীৰেন (২০১৩): ‘অসমৰ জনগোষ্ঠীয় সমস্যা (৩)’, গৰীয়সী, মাৰ্চ, বছৰ ২০, সংখ্যা ৬, পৃষ্ঠা: ১৬-২০।
(১০)বসুমতাৰী, জনকলাল (২০১৩):পূৰ্বোল্লেখিত, পৃষ্ঠা: ৪।
(১১)গোহাঁই, ড° হীৰেন (২০১৩): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২০।
(১২)চৌধুৰী, মেদিনী (২০০৭): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৮১।

                                                                                                          

[প্ৰকাশিত, প্ৰান্তিক ১৬-৩১ অক্টোবৰ ২০১৩]