Tuesday 31 July 2018

গোষ্ঠী সংঘৰ্ষৰ কাৰণ আৰু ইয়াৰ সমাধান


    সাম্প্ৰতিক সময়ত বহুলভাবে প্ৰচলিত শব্দবিলাকৰ ভিতৰত সম্ভৱ:ত ‘গোষ্ঠী সংঘৰ্ষ (Ethnic Conflict)’ শব্দ দুটাও পৰিব। নিজৰ স্বাৰ্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা লোকসকলৰ বাহিৰে, ‘গোষ্ঠী সংঘৰ্ষ’ৰ দৰে ভয়ানক পৰিস্থিতিক কোনো স্বাভাৱিক ব্যক্তিয়েই সহজভাবে ল’ব নোৱাৰে।
    ‘গোষ্ঠী সংঘৰ্ষ’ৰ বিষয়ে আলোচনা কৰাৰ আগয়ে ‘জনগোষ্ঠী (Ethnicity)’ মানে কি, সেয়া স্পষ্ট কৰি লোৱা ভাল হ’ব। ‘জনগোষ্ঠী’ শব্দটোৰ অৰ্থ বুজাবলৈ বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰে। কিছুমানে ‘জনগোষ্ঠী সম্প্ৰদায় (Ethnic Community)’, আৰু কিছুমানে ‘সংখ্যালঘু (Minority)’, কেতিয়াবা আকৌ ‘জনগোষ্ঠী গোট (Ethnic Group)’ হিচাপে ব্যৱহাৰ কৰে। শব্দৰ ব্যৱহাৰ যিয়েই নহওক, ‘জনগোষ্ঠী’ মানে হ’ল-এটা নিৰ্দিষ্ট নামেৰে ঐতিহাসিক দৃষ্টিকোণৰ পৰা সমূহীয়া তথা মনস্তাত্বিভাবে সংগঠিত মানুহৰ এটা গোট, যি গোটৰ প্ৰতিজন সদস্যই উমৈহতীয়া অনুৰাগ (Interests) আৰু পৰিচয়ৰ (Identity) প্ৰতি অনুৰক্ত, যি অনুৰাগ আৰু পৰিচয় একে ইতিহাসৰ অভিজ্ঞতাৰে পুষ্ট, একে সাংস্কৃতিক মূল্য, একে ভাষা, একে বিশ্বাস আৰু একে জীৱন ধাৰণ প্ৰণালী দ্বাৰা প্ৰভাৱিত হৈ এটা নিৰ্দিষ্ট ভূখণ্ডত শান্তিৰে বসবাস কৰে 
    ওপৰৰ সূত্ৰটোৰ পৰা স্পষ্ট যে মানুহৰ গোট এটাক ‘জনগোষ্ঠী’ বুলি ক’বলৈ হ’লে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। প্ৰথমতে, গোটটোৰ এটা নিৰ্দিষ্ট নাম থাকিব লাগিব। গোটটোৰ নামটো অকল ‘আত্ম পৰিচয় (Self Identity)’ৰ বাবে প্ৰয়োজন নহয়, নামটোৱে গোটটোৰ ‘সমূহীয়া ব্যক্তিত্ব (Collective Personality)’ৰ বাবেহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। দ্বিতীয়তে, ভাষা বা দেৱান হ’ল ‘জনগোষ্ঠী’ এটাৰ অন্য এটা মাপকাঠী। এটা ‘জনগোষ্ঠী’, আন ‘জনগোষ্ঠী’ৰ পৰা কিমান পৃথক ভাষাটোৰ পৰাই নিৰ্ণয় কৰিব পাৰি। ভাষাৰ বিভিন্নতাৰ বাবে বহু সময়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সূত্ৰপাত হয়। সাধাৰণতে, তুলনামূলকভাবে কম প্ৰচলিত ভাষা এটাক তুলনামূলকভাবে বহুল প্ৰচলিত ভাষাই সদায় দমন কৰি ৰাখিবলৈ চেষ্টা চলায়। তৃতীয়তে, ধৰ্মই বহু সময়ত ‘জনগোষ্ঠী’ এটাক আন ‘জনগোষ্ঠী’ৰ পৰা পৃথক কৰি ৰাখে। ধৰ্মই যেতিয়া মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ ধৰে, তেতিয়া ধৰ্মই কিছুমান মানুহৰ গোটক ‘জনগোষ্ঠী’ হিচাপে নিৰ্ধাৰণ কৰাত অৰিহণা যোগায়। আন কথাত, ধৰ্ম ‘জনগোষ্ঠী’ৰ এটা নিৰ্ণায়ক হৈ পৰে। যেনে-ভাৰতবৰ্ষত হিন্দু আৰু ইছলাম ধৰ্মই মানুহৰ অকল ব্যক্তিগত বিশ্বাসকে সামৰি নলয়, ধৰ্ম দুটাই একে ধৰ্মৰ মানুহবিলাকৰ মাজত সমূহীয়া আচৰণো প্ৰতিফলিত কৰে। চতুৰ্থতে, ভৌগোলিক অঞ্চল ‘জনগোষ্ঠী’ এটাৰ আন এটা উপাদান। আধুনিক ৰাষ্ট্ৰৰ ‘জনগোষ্ঠী’সমূহে নিজৰ পৰিচয় আৰু প্ৰতিপত্তি বৰ্তাই ৰাখিবলৈ স্বাধীন ৰাষ্ট্ৰৰ ভিতৰতে নিজৰ বাবে একোটা অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। শেষত, একে কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা হ’ল ‘জনগোষ্ঠী’ এটাৰ উল্লেখযোগ্য উপাদান        
    এতিয়া আচল প্ৰসংগলৈ অহা যাওক। প্ৰসংগটো হ’ল- ‘গোষ্ঠী সংঘৰ্ষ’ মানে কি? ঊনৈশ শতিকাত ব্যৱহাৰ কৰা ‘বৰ্ণ সংঘৰ্ষ’ শব্দ দুটাক বিংশ শতিকাত ‘গোষ্ঠী সংঘৰ্ষ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু সেই শব্দ দুটাকে একৈশ শতিকাতো ব্যৱহাৰ কৰি থকা হৈছে। একেখন ভৌগোলিক অঞ্চলৰ ভিতৰত বিভিন্ন গোষ্ঠীবিলাকৰ মাজত অস্ত্ৰ-শস্ত্ৰেৰে সংঘটিত জঘন্য সংঘৰ্ষবোৰেই হ’ল ‘গোষ্ঠী সংঘৰ্ষ’। ‘গোষ্ঠী সংঘৰ্ষ’ক ‘গোষ্ঠী যুদ্ধ (Ethnic War)’ বুলিও কোৱা হয়। ‘গোষ্ঠী সংঘৰ্ষ’ বা ‘গোষ্ঠী যুদ্ধ’ আৰু ‘গৃহ যুদ্ধ (Civil War)’ একে নহয়। গৃহ যুদ্ধ’ হ’ল একে গোষ্ঠীৰ মাজতে চলা যুদ্ধ। দেশ বা ৰাজ্য এখনৰ ভিতৰত এটা পক্ষই চৰকাৰ বিৰূদ্ধে বিদ্ৰোহ কৰিলেও ‘গৃহ যুদ্ধ’ বুলিয়ে জনা যায়। সাধাৰণতে সংঘটিত হৈ থকা নিয়মীয়া যুদ্ধৰ (Regular War) পৰাও ‘গোষ্ঠী সংঘৰ্ষ’ পৃথক। নিয়মীয়া যুদ্ধবোৰ সাধাৰণতে দুখন বা ততোধিক সাৰ্বভৌম ৰাষ্ট্ৰৰ (ৰাষ্ট্ৰ নহ’বও পাৰে) মাজত সংঘটিত হয়। ২০১১ চনৰ আৰম্ভনিতে অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সীমান্ত অঞ্চলত গাৰো আৰু ৰাভা জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ আৰু ২০১২ চনত অসমৰ বিটিএডি অঞ্চলত মুছলমান সম্প্ৰদায় আৰু বড়ো জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ দুটা হ’ল ‘গোষ্ঠী সংঘৰ্ষ’ৰ উৎকৃষ্ট উদাহৰণ।
 এন্থনি ডি স্মিথৰ মতে গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ (Identity Conflict) এটা উপাদান অৰ্থাত, গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ অন্তৰ্ভূক্ত, যিটো এটা আভ্যন্তৰীণ সংঘৰ্ষ (Internal Conflict) আভ্যন্তৰীণ সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ উপৰিও আন কিছুমান সংঘৰ্ষক সামৰি লয়। যেনে-আদৰ্শগত সংঘৰ্ষ (Ideological Conflict), শাসন সম্পৰ্কীয় সংঘৰ্ষ (Governance Conflict), বৰ্ণ সংঘৰ্ষ (Race Conflict), পৰিবেশ সম্পৰ্কীয় সংঘৰ্ষ (Environmental Conflict) ইত্যাদি। এই সকলোবিলাক আভ্যন্তৰীণ সংঘৰ্ষৰ বৰ্ণনাৰ বাবে কেতিয়াবা ‘গোষ্ঠী সংঘৰ্ষ’কে ব্যাপকভাবে ব্যৱহাৰ কৰা হয়। যেনে-আফগানিস্তান, ছামলীয়া, কামবোডিয়াত যি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সেয়া ‘গোষ্ঠী সংঘৰ্ষ’ নাছিল। কাৰণ সেইবোৰত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা নাছিল, একে জনগোষ্ঠীৰ লোকৰ মাজতে বেলেগ বেলেগ ৰাজনৈতিক মতাদৰ্শৰ বাবেহে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। কিন্তু সেই সংঘৰ্ষবোৰ বৰ্ণনা কৰোতে ‘গোষ্ঠী সংঘৰ্ষ’ শব্দ দুটাকে বহুলভাবে ব্যৱহাৰ কৰা হৈছিল।    
     ১৯৫০ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীবোৰে অধিক অধিকাৰ আৰু স্বীকৃতিৰ বাবে দাবী উত্থাপন কৰিবলৈ ধৰাৰ ফলতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সংখ্যা বেছি আছিল। বহুতে ইয়াক ‘শীতল যুদ্ধ (Cold War)’ এটা প্ৰভাৱ বুলিও ক’ব খোজে। সংঘৰ্ষবোৰৰ উদ্দেশ্যবোৰ একে নহয়। দেশ আৰু জনগোষ্ঠীভেদে সংঘৰ্ষবোৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ পাৰ্থক্য স্পষ্টভাবে পৰিলক্ষিত হয়। কিছুমান জনগোষ্ঠীয়ে প্ৰচলিত সংশ্লিষ্ট সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰা পৃথক হৈ নিজস্ব সাৰ্ভভৌম ৰাষ্ট্ৰ গঠন বা অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছে। যেনে-ছোভিয়েট ৰাছিয়াৰ কুৰ্ড (Kurds) জনগোষ্ঠীটোৱে অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছিল। কিছুমান জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীটোৰ স্বীকৃতি বা মৰ্যাদা আন জনগোষ্ঠীৰ সমান পাবৰ বাবে দাবী উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত, আফ্ৰিকাৰ কৃষ্ণাংগসকলে শ্বেতাংগসকলৰ সমানে মৰ্যাদা পাবলৈ দাবী উত্থাপন কৰাৰ উদাহৰণ দিব পাৰি। কিছুমান জনগোষ্ঠীয়ে আকৌ সংখ্যালঘিষ্ঠ হোৱাৰ বাবে নিজৰ পৰিচয় সংকটৰ প্ৰতি সচেতন হৈ নিজৰ জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ বাবে দাবী উত্থাপন কৰি আহিছে  ৰাভাসকলে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবী, অসমৰ ছয় জনগোষ্ঠীয়ে অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰাপ্তিৰ দাবী উত্থাপন ইত্যাদি ইয়াৰ উদাহৰণ।
      গোষ্ঠী সংঘৰ্ষৰ কাৰণবিলাক বিশ্লেষকসকলে তিনিটা পৰ্যায়ত বিশ্লেষণ আগবঢ়ায়। বিশ্লেষণৰ সেই পৰ্যায় তিনিটা হ’ল-পদ্ধতিগত পৰ্যায় (Systemic Level), ঘৰুৱা পৰ্যায় (Domestic level) আৰু চিৰস্থায়ী পৰ্যায় (Perpetual Level)। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণে গোষ্ঠী সংঘৰ্ষত লিপ্ত গোষ্ঠীবোৰৰ নিৰাপত্তাৰ প্ৰকৃতি বিশ্লেষণ কৰে। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণ অনুসৰি দুটা বা ততোধিক জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলতে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। সাধাৰণতে বহুতো জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰিলে সংখ্যাগৰিষ্ঠ জনগোষ্ঠীয়ে সংখ্যালঘু জনগোষ্ঠীবোৰক ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিকভাবে দমন কৰি ৰাখিব বিচাৰে। এনে অৱস্থাত সংখ্যালঘু জনগোষ্ঠীবোৰ নিৰাপত্তাহীনতাত ভোগে। কৰ্তৃপক্ষই যেতিয়া সংখ্যালঘু জনগোষ্ঠীবোৰক নিৰাপত্তা দিব নোৱাৰে, তেওঁলোকে নিজে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উঠিপৰি লাগে। সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৱে সংখ্যালঘিষ্ঠ জনগোষ্ঠীবোৰৰ আত্মপৰিচয়ৰ সংগ্ৰামক সহজভাবে ল’ব নোৱাৰে। অৰ্থাত, এনে দমন নীতি আৰু নিৰাপত্তাহীন পৰিস্থিতিৰ ফলতে কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। ঘৰুৱা পৰ্যায়ৰ বিশ্লেষণত ৰাষ্ট্ৰক প্ৰত্যক্ষভাবে সামৰি লোৱা হয়। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰখনৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিব লাগে। তাৰ পৰাই জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈ জাতীয়তা (Nationalism) ভাৱৰ সৃষ্টি হয়। কিন্তু, ৰাষ্ট্ৰই কেতিয়াবা সকলো জনগোষ্ঠীৰ মাজত সমানে জাতীয়তা ভাৱ গঢ়ি তুলিব নোৱাৰে। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা ভোগ কৰিব বিচাৰে। সেয়া তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে। ৰাষ্ট্ৰই যেতিয়া কিছুমান জনগোষ্ঠীক বিশেষ সা-সুবিধা প্ৰদান কৰে আৰু কিছুমান জনগোষ্ঠী সকলো ফালৰ পৰাই পিছ পৰি থাকে, তেনে অৱস্থাত পিছপৰি থকা জনগোষ্ঠীটোৱে বিশেষ সা-সুবিধা লাভ কৰা জনগোষ্ঠীটোৰ সমানে সা-সুবিধা লাভৰ বাবে দাবী উত্থাপন কৰে। একে সময়তে বিশেষ সা-সুবিধা লাভ কৰি থকা জনগোষ্ঠীটোৱে তেওঁলোকৰ বাহিৰে আন কোনো জনগোষ্ঠীকে তেনে সা-সুবিধা প্ৰদান নকৰিবলৈ আহ্বান জনালে গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, চিৰস্থায়ী পৰ্যায়ৰ বিশ্লেষণত জনগোষ্ঠীবোৰৰ ইতিহাসৰ বিশ্লেষণ জড়িত থাকে। বিদ্যায়তনিক পৰ্যায়ত কিছুমান জনগোষ্ঠীৰ ভুল ইতিহাসৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ব পাৰে। নিজৰ জনগোষ্ঠীটোক ওপৰলৈ নিয়াৰ স্বাৰ্থত সংশ্লিষ্ট জনগোষ্ঠীটোৰ তথাকথিত কিছুমান পণ্ডিতে ইতিহাসক ভুল ব্যাখ্যাৰে নিজ স্বাৰ্থ সিদ্ধি নকৰে বুলি ক’ব নোৱাৰি।
     কোনো সন্দেহ নাই যে আধুনিক ৰাষ্ট্ৰ, আনকি ৰাজ্য এখনতো, একেটা ভৌগোলিক অঞ্চলতে একাধিক জনগোষ্ঠীৰ লোকে বসবাস কৰি থাকে। প্ৰতিটো জনগোষ্ঠীয়ে নিজস্বতাৰ বাবেই হওক বা অধিক স্বায়ত্ব শাসনৰ বাবেই হওক, অবিৰতভাবে উত্থাপন কৰি অহা দাবীবোৰৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট দেশখনত বা ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সৃষ্টি কৰে। সমাজবিজ্ঞানী আৰু ৰাজনীতিৰ নীতি নিৰ্ধাৰকসকলে ক্ৰমাগতভাবে বাঢ়ি অহা এই সমস্যাবোৰৰ প্ৰতি উদাসীন হৈ বহি থকা নাই। নিৰবিছিন্ন অধ্যয়ন আৰু অভিজ্ঞতাৰ ফলত তেওঁলোকে জনগোষ্ঠী সম্পৰ্কীয় সমস্যাবোৰৰ সমাধানৰ বাবে তিনিটা বিকপ্লৰ সন্ধান পাইছে। সেইবোৰ হ’ল-এৰাধৰাৰ মাজেৰে একেলগে থকা, শান্তিপূৰ্ণভাবে পৃথক কৰা আৰু গোষ্ঠী যুদ্ধ। সাধাৰণতে এৰাধৰাৰ মাজেৰে একেলগে থকা বিকল্পটোৰে গোষ্ঠী সংঘৰ্ষৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংঘৰ্ষত লিপ্ত জনগোষ্ঠীবোৰৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে সাংবিধানৰ গণ্ডিৰ ভিতৰতে আলোচনা কৰি সমস্যাটোৰ সমাধান কৰে। কেতিয়াবা দেখা যায় যে সংবিধানত সন্নিৱিষ্ট সমাধানৰ পদ্ধতিয়ে গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সমাধান কৰা কোনো পদ্ধেই সম্ভৱ নহয়। তেনে ক্ষেত্ৰত প্ৰচলিত সংবিধানখন সংশোধন কৰি পৃথকভাবে থাকিব বিচৰা জনগোষ্ঠীটোক শান্তিপূৰ্ণভাবে পৃথক কৰি দিয়া হয়। এইটো হ’ল দ্বিতীয় বিকল্প। তৃতীয় বিকপ্লটো কাৰো পক্ষেই উচিত নহয়। উল্লেখিত বিকল্প দুটাৰ কোনো এটা বিকল্পৰেই সমস্যাৰ সমাধান কৰিব নোৱাৰিলেহে তৃতীয় বিকল্পটো গ্ৰহণ কৰা হয়। এই পদ্ধতি অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰৰ কৰ্তৃপক্ষই যুদ্ধৰ দ্বাৰা গোষ্ঠী সংঘৰ্ষবোৰ দমন কৰে। নক’লেও হ’ব যে উল্লেখিত তিনিটা বিকপ্লৰ, কোনটো গ্ৰহণ কৰিব সেয়া সংশ্লিষ্ট দেশখনৰ বা ৰাজ্যখনৰ চৰকাৰৰ নীতি নিৰ্ধাৰণৰ দক্ষতা আৰু সমস্যাটোৰ সৈতে জড়িত সংশ্লিষ্ট জনগোষ্ঠীবোৰৰ সহনশীলতা, দূৰদৰ্শীতা, প্ৰগতিশীল মনোভাৱ ইত্যাদি সজ গুণৰ ওপৰত নিৰ্ভৰ কৰে।   
তথ্যসূত্ৰ

Brown, Michael E (1993): “Causes and Implications of Ethnic  Conflict”, in Michael E Brown (ed), Ethnic Conflict and International Security, (Princeton University Press), Chapter: I, Pp. 3-26.
Brown, Michael E (1993): ibid.
http://en.wikipedia.org/wiki/Ethnic_conflict
Smith, Anthony D (1993): “The Ethnic Sources of Nationalism”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.48-62.
Gurr, Ted Robert & Barbara Garff (2004): Ethnic Conflict in World Politics, (Westview Press: A Member of the Perseus Books Group), Second Edition.
Brown, Michael E (1993): ibid.
Brown, Michael E (1993): ibid.
Snyder, Jack (1993): “Nationalism and the crisis of the postSoviet state”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.5-26.
Brown, Michael E (1993): ibid.

[প্ৰকাশিত, 'প্ৰান্তিক', ১-১৫ আগষ্ট, ২০১৮, পৃষ্ঠা: ১৯-২০]