অসমৰ ছটা জনগোষ্ঠী-চাহ জনগোষ্ঠী,
কোচ-ৰাজবংশী, টাই-আহোম, মৰাণ, মটক আৰু চুতীয়াসকলে তেওঁলোকক ভাৰতীয় সংবিধানৰ
অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি
আহিছে। ১৯৯৬ চনত ভাৰতৰ মহাপঞ্জীয়কৰ অনুমোদন অনুসৰি এবাৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশযোগে
কোচ-ৰাজবংশীসকলক জনজাতিৰ তালিকাত অন্তৰ্ভূক্তও কৰা হৈছিল। পাছলৈ পুনৰ এই
জনগোষ্ঠীটোৰ নাম জনজাতিৰ তালিকাৰ পৰা উঠাই দিয়া হয়। শেহতীয়াকৈ উক্ত জনগোষ্ঠীসমূহৰ
প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষীক বৈঠক বিফল
হোৱাৰ পাছত বিষয়টোৱে কিছু ৰাজনৈতিক জটিলতা সৃষ্টি কৰিছে। ইফালে ইতিমধ্যে জনজাতিৰ
মৰ্যাদা লাভ কৰা অসমৰ জনগোষ্ঠীসমূহে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ
বিৰোধিতা কৰি আহিছে।
এইখিনিতে ভাৰতৰ সংবিধান অনুসৰি কোনো এটা
জনগোষ্ঠীক কেনেদৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় সেয়া জানি থোৱা ভাল হ’ব। ভাৰতৰ
সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি (১) ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্য (কেন্দ্ৰীয়
শাসিত অঞ্চল)ৰ বাবে সেই ৰাজ্যৰ ৰাজ্যপালৰ সৈতে আলোচনা কৰি সেই ৰাজ্যখনৰ বাবে
সংবিধানৰ স্বাৰ্থত কোনো জনগোষ্ঠীক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিব পাৰে, (২)
সংসদে আইন প্ৰণয়নৰ দ্বাৰা (১) নম্বৰত উল্লেখ কৰা প্ৰক্ৰিয়াৰে কোনো জনগোষ্ঠীক
জনজাতিৰ তালিকাৰ পৰা বাদ দিব পাৰে বা কোনো জনগোষ্ঠীক নতুনকৈ অনুসূচীত জনজাতিৰ
তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে। সংসদে কোনো এটা জনগোষ্ঠীক নতুনকৈ অনুসূচীত জনজাতিৰ
তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে জনগোষ্ঠীটো অনুসূচীত
জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ যোগ্য বুলি এক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে।
মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ অনুমোদন সাপেক্ষেহে ৰাষ্ট্ৰপতিয়ে কোনো এটা জনগোষ্ঠীক ভাৰতৰ
সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰে (‘অসমৰ জনজাতি
ৰাজনীতি: সত্য, সংশয়, সংঘাত’ , মনোজ কুমাৰ নাথ, ২০১৩, পৃষ্ঠা: ২৩)।
এতিয়া
আচল প্ৰসংগলৈ অহা যাওক। অসমৰ উল্লিখিত ছটা জনগোষ্ঠীক ভাৰতৰ সংবিধানৰ অনুসূচীত
জনজাতিৰ তালিকাত অন্তৰ্ভূক্তিৰ সপক্ষে প্ৰথম কাৰণ হ’ল-ৰাজনৈতিক ক্ষমতাৰ অস্তিত্ব
ৰক্ষা কৰা। নক’লেও হ’ব যে অতীতত অসমৰ শাসনৰ গাদী অসমৰ থলুৱা জনগোষ্ঠীয় নেতাৰ হাততে
আছিল। বৃটিছসকল অসমলৈ অহাৰ পাছত তথাকথিত বৰ্ণহিন্দুসকলে বিভিন্ন
কূটকৌশলেৰে বৃটিছৰ প্ৰিয়ভাজন হৈ পৰিল আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ থলুৱা
জনগোষ্ঠীসমূহ ৰাজনৈতিক ক্ষমতা লাভৰ পৰা বঞ্চিত হৈ পৰিল। ভূতৰ ওপৰত দানৱ পৰা দি
ক্ৰমবৰ্ধমান হাৰত বাহিৰাগতৰ আগমনে অসমৰ জনগাঁথনিৰ পৰিবৰ্তন কৰি থলুৱা
জনগোষ্ঠীসমূহৰ ৰাজনৈতিক ক্ষমতা একেবাৰে নোহোৱা হৈ যোৱাৰ সম্ভাৱনাই দেখা দিলে।
কাৰণ, বাহিৰাগত তথা হিন্দী বলয়ৰ লোকসকলে অসমখনক সদায় বৃহৎ পুঁজিৰ পাম হিচাপে গণ্য
কৰি আহিছে। অসমত ইতিমধ্যে অনা-অসমীয়া ভাৰতীয়ৰ এখন বিশাল সমাজ গঢ়ি উঠিছে আৰু
ৰাজ্যখনৰ অৰ্থনীতিৰ লগতে ৰাজনৈতিক নিয়ন্ত্ৰণো ক্ৰমাগতভাবে তেওঁলোকৰ হাতলৈ যোৱাৰ
উপক্ৰম হৈছে (‘জনগোষ্ঠীয় সুৰক্ষা আৰু জাতীয় সংহতি’,
হীৰেন গগৈ, ২০১৩, পৃষ্ঠা:৮৩)। উল্লিখিত
জনগোষ্ঠী কেইটাক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে
সাংবিধানিকভাবে অসমৰ থলুৱা জনগোষ্ঠীবিলাকৰ হাতলৈ ৰাজনৈতিক ক্ষমতা পুনৰ ঘূৰি আহিব।
কাৰণ উল্লিখিত জনগোষ্ঠী কেইটাক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ পাছত অসম
এখন জনজাতি ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সুবিধা হ’ব।
দেশী–বিদেশী প্ৰব্ৰজনকাৰীসকলৰ হেঁচাৰ ফলত
অসমৰ ৰাজনৈতিক বাঘজৰীহে যে গুচি যোৱাৰ উপক্ৰম হৈছে তেনে নহয়। অসমৰ থলুৱা
জনগোষ্ঠীবোৰে নিজৰ পৈতৃক ভেটিৰ পৰাও ক্ৰমাগতভাবে উচ্ছেদ হ’বলগীয়া হৈছে। বাহিৰাগত বৃহৎ
ব্যৱসায়ী, বিভিন্ন বৃত্তিজীৱী, পমুৱা, বেদখলকাৰী ইত্যাদিৰ হাতলৈ অসমৰ
মাটি-বাৰীসমূহ বৈধ আৰু অবৈধ দুয়ো প্ৰকাৰে ক্ৰমবৰ্ধমান হাৰত হস্তান্তৰিত হ’বলৈ
ধৰিছে। থলুৱা অসমবাসীৰ কিছুমান চাৰিত্ৰিক দুৰ্বলতা, কৰ্মবিমুখ সংস্কৃতি আৰু চৰকাৰৰ
পুঁজিপতি তথা বাহিৰাগত তোষণ নীতিৰ বাবেই তেওঁলোকে ভূমি দখলৰ অবাধ সুযোগ লৈছে। এই
প্ৰক্ৰিয়া বন্ধ নহ’লে এটা সময়ত অসমৰ থলুৱা জনগোষ্ঠীসকলৰ হাতত অসমৰ ভূমি নাথাকিবগৈ
(হীৰেন গগৈ, ২০১৩, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ৮০-৮১)।
উল্লিখিত জনগোষ্ঠী কেইটাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে বৰ্তমানৰ
জনজাতিসকলৰ লগ হৈ অসমৰ থলুৱা জনগোষ্ঠসমূহে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰাৰ সম্ভাৱনা
আছে।
ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰাৰ সময়ত
লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অনুভৱ কৰিছিল যে অসমৰ থলুৱা লোকসকলৰ মাটিবাৰীৰ ওপৰত
বাহিৰগতৰ আগ্ৰাসে জটিল সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে তেখেতে সংবিধান ৰচনাৰ বাবে গঠিত
অসম সম্পৰ্কীয় উপসমিতিখৰ অধ্যক্ষ হৈ থকাৰ সময়ত সেই সময়ৰ অবিভক্ত অসমৰ পাহাৰীয়া
জিলা কেইখনৰ অৱস্থা সম্পৰ্কে ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায় আৰু সেইবিলাকৰ বাবে বিশেষ
সাংবিধানিক সুৰক্ষা ব্যৱস্থা সম্পৰ্কে প্ৰতিবেদন যুগুত কৰে। পাছলৈ তেখেতৰ
প্ৰতিবেদনখনৰ ভিত্তিতে কিছুমান জনগোষ্ঠীয়ে পাহাৰীয়া আৰু ভৈয়াম-এই দুই প্ৰকাৰে
জনজাতিৰ মৰ্যাদা লাভ কৰিছিল। যিসময়ত বৰদলৈয়ে কিছুমান জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে
প্ৰতিবেদন প্ৰস্তুত কৰিছিল, সেই সময়ত তেখেতে বৰ্তমান জনজাতি মৰ্যাদাৰ দাবী উত্থাপন
কৰি থকা ছটা জনগোষ্ঠীক ভৈয়ামৰ জনজাতি হিচাপে গণ্য কৰা নাছিল (হীৰেন গগৈ, ২০১৩,
পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ১১৫-১১৬)। আচলতে সেই সময়ত
সময়মতে জনগোষ্ঠীয় জাগৰণ জাগি নুঠাৰ বাবে বৰদলৈয়ে কিছুমান জনগোষ্ঠীক জনজাতি হিচাপে
স্বীকৃতি দিবলৈ সুবিধা কৰি দিব নোৱাৰিলে। এই ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ প্ৰসংগ আনিব
পাৰি (‘মৰাণ জনগোষ্ঠীৰ জাগৰণ: একাষৰীয়াকৰণ আৰু পৰিচয় সংকট’, ইন্দিবৰ দেউৰী, নতুন
পদাতিক, জুলাই ২০০৯)। কিন্তু আজি দেখা গৈছে যে এই ছটা জনগোষ্ঠী, ইতিমধ্যে অনুসূচীত
জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠীকেইটাৰ সৈতে বিশেষ পাৰ্থক্য নাই।
উল্লিখিত জনগোষ্ঠী কেইটাৰ আটাইবোৰ জনগোষ্ঠীয়ে নৃঃগোষ্ঠীয় বা জনজাতীয় মূলৰ। গতিকে
এই ছটা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰাত কোনো বাধা থাকিব নোৱাৰে।
সামাজিক
দৃষ্টিকোণৰ ফালৰ পৰা চালেও দেখা যায় যে এই ছটা জনগোষ্ঠীয়ে আজিলৈকে আৰ্য হিন্দু
সমাজখনৰ সৈতে মিলি যাব নোৱাৰিলে বা আৰ্য হিন্দু সমাজেও এই ছটা জনগোষ্ঠীৰ সৈতে মিলি
যাব নোৱাৰিলে। বৃটিছ অহাৰ আগতে অসমত আৰ্য আৰু মংগোলীয় দুই গোষ্ঠী লগ লাগি এখন
উমৈহতীয়া সমাজ গঢ়ি উঠাৰ উপক্ৰম হৈছিল। বৃটিছ আগমনৰ পিছত আৰ্য-মংগোলীয় উমৈহতীয়া
সমাজখনে নাম ল’লে ‘আসাম’ৰ ‘অসমীয়া’। অধিবাসীসকলে অসমীয়া নাম লোৱাৰ লগে লগে
উমৈহতীয়া কথিত ভাষাটোও অসমীয়া নাম লৈ সকলোৱে অসমীয়া প্ৰজা হৈ পৰিল। পাছলৈ ১৮৭৩ চনত
সংস্কৃত
সৰ্বস্ব আৰ্য অসমীয়া ভাষাটোৰ স্বীকৃতিৰে
বৃটিছে ভাষাটোৰ গৰাকীৰূপে আৰ্য হিন্দুসকলকে অসমীয়া জাতিৰূপে স্বীকৃতি দিছিল।
মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত এই ছটা জনগোষ্ঠীৰ বহু সংখ্যক লোক বৃটিছে স্বীকৃতি দিয়া
অসমীয়া জাতিৰ ভিতৰত সোমাই পৰিলেও একেটা অসমীয়া সামাজিক আৰু ভৌগোলিক পৰিধিৰ মাজতো
মংগোলীয় আৰু আৰ্য কোনো কাৰো লগত জীণ যাব নোৱাৰিলে (‘বিষয়:
জনজাতিৰ মৰ্মবেদনা’, প্ৰফুল্ল মহন্ত, ২০১৪, পৃষ্ঠা:
১৮ আৰু ৮০)। তাৰ বিপৰীতে এই ছটা জনগোষ্ঠীয়ে নিজৰ
নিজৰ স্বকীয় বৈশিষ্ট্যসমূহৰ প্ৰতি বেছিহে আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে। আচলতে আৰ্য
হিন্দুসকলৰ উন্নত (?) জীৱন প্ৰণালীয়ে ইতিমধ্যে জনজাতিৰ
মৰ্যাদা পোৱা জনগোষ্ঠীসকলৰ লগতে এই ছটা জনগোষ্ঠীৰ লোকসকলক ওচৰ চপাই আনিলেও
জাত-পাতৰ লগত পৰিচয় নথকা সেই থলুৱা লোকসকলে বৰ্ণবাদী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুঠেই
সাজু নাছিল (‘জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ
প্ৰশ্ন’, প্ৰফুল্ল মহন্ত, ২০০৯, পৃষ্ঠা: ২৩) আৰু এতিয়াও সাজু নহয়।
এই
ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে অসমৰ থলুৱা জনগোষ্ঠীসকলৰ মাজতে
কিছুমান অবাঞ্ছিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। জনজাতিৰ মৰ্যাদা পোৱা
জনগোষ্ঠীসমূহৰ পৰৱৰ্তী পদক্ষেপ হ’ল-স্বায়ত্ত শাসন লাভ কৰা। ইতিমধ্যে বড়োসকলে
বিটিএডি পোৱাৰ পাছত সেই অঞ্চলৰ কোচ-ৰাজবংশীসকলে সমস্যাৰ সম্মুখীন হৈছেই। জনসংখ্যাৰ
বিশাল আয়তন সত্বেও জনজাতিৰ মৰ্যাদা নোপোৱাৰ বাবে বিটিএডি পৰিষদত কোঁচ-ৰাজবংশীসকলৰ
প্ৰতিনিধিত্বৰ অধিকাৰ পাঁচখন আসনৰ ভিতৰতে সীমাবদ্ধ হৈ আছে। বড়োসকলে তেওঁলোকৰ
অঞ্চলত সমান ক্ষমতা ভোগ কৰিবলৈ ইচ্ছুক নহয় আৰু সেয়েহে কোঁচ-ৰাজবংশীসকলক জনজাতিৰ
মৰ্যাদা প্ৰদান কৰাত বড়োসকলে বাধা দি আহিছে। যাৰ ফলত কেতিয়াবা অবাঞ্ছিত সংঘৰ্ষ
সংঘটিত হোৱাৰ সম্ভাৱনা থাকি গৈছে। সেইদৰে ধেমাজি আৰু লখিমপুৰ জিলাত মিচিংসকলক যদি
বড়োসকলৰ দৰে স্বায়ত্ত শাসন প্ৰদান কৰা হয়, তেন্তে সেই দুখন জিলাত আহোম আৰু
চুতীয়াসকলৰ অৱস্থা বিটিএডিত কোঁচ-ৰাজবংশীসকলৰ অৱস্থাৰ দৰে হ’ব (‘হে
মোৰ দুৰ্ভগীয়া দেশ’, হীৰেন গগৈ, ২০০৫, পৃষ্ঠা: ৫৪-৫৫)। ইফালে আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লাগে লগে যোৰহাট,
গোলাঘাট শিৱসাগৰ, ডিব্ৰুগড় আদি জিলাত চাহ জনগোষ্ঠীসকলৰ অৱস্থা আৰু বেয়াৰ ফালে গতি
কৰিব। এনেই চাহ জনগোষ্ঠী লোকসকলৰ নিজা স্থায়ী কৃষি ভূমি থকাৰ উদাহৰণ কম (‘চৰকাৰ
বনাম সংৰক্ষণ নীতি’, প্ৰান্তিক, বছৰ ৩২, সংখ্যা ২২)। একে দশাই হ’ব মৰাণ আৰু মটকসকলৰো। গতিকে এই ছটা জনগোষ্ঠীক
একেলগে একেসময়তে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ গত্যন্তৰ নাই।
প্ৰশ্ন হ’ল-এই ছটা জনগোষ্ঠীৰ ভাৰতৰ
সংবিধান অনুসৰি পাব লগা জনজাতীয় বৈশিষ্ট্যসমূহ আছেনে? এতিয়ালৈকে ভাৰত চৰকাৰে কোনো
জনগোষ্ঠীক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত
বৃটিছে প্ৰয়োগ কৰা বৈশিষ্ট্যসমূকে অনুসৰণ কৰি আহিছে। সেই অনুসৰি কোনো জনগোষ্ঠীয়ে
জনজাতিৰ মৰ্যাদা পাবৰ বাবে জনগোষ্ঠীটোৰ তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ থাকিব
লাগিব-(১)আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস (Indication
of Primitive Trait), (২) স্বতন্ত্ৰসূচক সংস্কৃতি (Distinctive
Culture), (৩) ভৌগোলিক অকলশৰীয়া অৱস্থা (Geographical
Isolation), (৪) সচৰাচৰ
উমৈহতীয়া সমাজখনৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত চুচুক-চামাক কৰা ব্যৱহাৰ (Shyness
of Contact with Community at Large), আৰু (৫) পিছমুৱা অৱস্থা (Backwardness)
(মনোজ কুমাৰ নাথ, ২০১৩, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ২৩)।
ওপৰৰ বৈশিষ্ট্যকেইটাৰ
ভিত্তিতে যদি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে প্ৰতিটো
বৈশিষ্ট্য সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ আছে নে নাই সেয়া বিচাৰ কৰি চাব লাগিব। (১) চাহ
জনগোষ্ঠীটোৰ বাহিৰে আটাইকেইটা জনগোষ্ঠীৰে আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস সামান্য
পৰিমানেহে পোৱা যায়। আহোমসকলেতো স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই ম্লেচাচাৰ পৰিত্যাগ
কৰি বৈদিক ধৰ্মত আশ্ৰয় গ্ৰহণ কৰিলে (প্ৰফুল্ল মহন্ত, ২০১৪, পূৰ্বোল্লেখিত গ্ৰন্থ,
পৃষ্ঠা: ২০)। চুতীয়া আৰু কোঁচ-ৰাজবংশীসকলৰ ক্ষেত্ৰটো
একে কথাই প্ৰযোজ্য। ‘আসাম’ৰ ‘অসমীয়া’ৰ সৈতে একাত্ম হৈ যাবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত
আহোম, চুতীয়া আৰু কোচ-ৰাজবংশীসকল বাকী তিনিটা জনগোষ্ঠীতকৈ কিছু আগবাঢ়ি গৈছে। আজিৰ
পৰা বিছ বছৰমান আগলৈকে পুৱ গোৱালপাৰা অঞ্চলৰ গৰিষ্ঠসংখ্যক কোঁচ-ৰাজবংশীৰ পৰিয়ালে
নিজকে ‘আসাম’ৰ ‘অসমীয়া’ আৰু উচ্চ জাতৰ বুলি চিনাকি দি ৰাভা, বড়ো, গাৰো আদি জনজাতীয়
লোকসকলক লেইলেই ছেইছেই কৰিছিল। চাহ জনগোষ্ঠীটোৰ আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস
পোৱা যায় যদিও তেওঁলোকৰ সমস্যা হ’ল-তেওঁলোক এটা জনগোষ্ঠীৰ নহয়। আচলতে তেওঁলোকৰ
মাজত কেইবাটাও জনগোষ্ঠীৰ লোক আছে (হীৰেন গগৈ, ২০০৫, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা:
৮৮)। গতিকে, তেওঁলোকক এটা জনগোষ্ঠী বুলি ধৰি লৈ অনুসূচীত জনজাতিৰ তালিকাত
অন্তৰ্ভূক্ত কৰাত কিছু অসুবিধা নথকা নহয়। সেইদৰে মৰাণ আৰু মটক-দুটা পৃথক জনগোষ্ঠী
নে একেটাই জনগোষ্ঠী সেয়া বিতৰ্কৰ বাহিৰত নহয়। এই সন্দৰ্ভত মৌচুমী ফুকনে (‘মটকেই
মৰাণ, মৰাণেই মটক’, প্ৰান্তিক, বছৰ ৩৩, সংখ্যা ২) লিখিছে, “সাম্প্ৰতিক সময়ত মৰাণ-মটকসকলে সুকীয়া জনগোষ্ঠী
হিচাপে পৰিচয় দিবলৈ যত্ন কৰিলেও কিন্তু ইতিহাসৰ পাত মেলি চালে দুয়োটা জনগোষ্ঠী,
পৰস্পৰ সম্পৰ্কযুক্ত আৰু একেডাল সূতাৰে গঁথা যেন অনুভৱ হয়।” ইয়াৰ সপক্ষে
যুক্তি আগবঢ়াবলৈ তেখেতে বহুকেইখন বুৰঞ্জীৰ প্ৰসংগ আনিছে। (২) স্বতন্ত্ৰমূলক
সংস্কৃতিৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীটোৱে অতীতৰে পৰাই তেওঁলোকৰ স্বতন্ত্ৰ সংস্কৃতি
ৰক্ষা কৰি আহিছে। বাকী পাঁচটা জনগোষ্ঠীৰ স্বতন্ত্ৰমূলক সংস্কৃতি কম-বেছি পৰিমানে
তথাকথিত অসমীয়া সমাজখনৰ সৈতে একে, যিহেতু ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে তেওঁলোকৰ
গৰিষ্ঠসংখ্যকেই বৃটিছে স্বীকৃতি দিয়া ‘অসমীয়া’ৰ সৈতে একাত্ম হৈ পৰিছে। বিশেষকৈ
ভাষাৰ ক্ষেত্ৰত তেওঁলোক নিজৰ ভাষাসমূহ এৰি কেতিয়াবাই প্ৰকৃত অসমীয়াভাষী হৈ পৰিল।
(৩) ভৌগোলিক অকলশৰীয়া অৱস্থাৰ ক্ষেত্ৰত কোঁচ-ৰাজবংশীসকল নামনি অসমত আৰু বাকী
পাঁচটা জনগোষ্ঠী উজনি অসমত বসবাস কৰি আছে। জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত উজনি
অসম আৰু নামনি অসম-এই দুটা ভৌগোলিক অৱস্থাক নিশ্চয় অকলশৰীয়া অৱস্থা হিচাপে
স্বীকৃতি দিব নোৱাৰি। তদুপৰি এই পাঁচটা জনগোষ্ঠীৰ লোক উজনি অসমৰ প্ৰায় আটাইকেইখন
জিলাতে সিচঁৰিত হৈ আছে। কোনো এখন বা দুখন জিলাতে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোক
অকলশৰীয়া অৱস্থাত আছে বুলি ক’ব নোৱাৰি। তদুপৰি চাহ জনগোষ্ঠীৰ লোকসকল ভাৰতৰ বিভিন্ন
ৰাজ্যৰ পৰা আহিছিল। তেওঁলোকৰ কিছুমান জনগোষ্ঠী তেওঁলোকে এৰি অহা সংশ্লিষ্ট
ৰাজ্যখনৰ একোটা অঞ্চলতহে ভৌগোলিক অকলশৰীয়া অৱস্থাত আছে। সেই হিচাপে সংশ্লিষ্ট
ৰাজ্যখনত তেওঁলোকে জনজাতিৰ মৰ্যাদাও লাভ কৰিছে। (৪) সচৰাচৰ উমৈহতীয়া সমাজখনৰ লগত
সম্পৰ্কৰ ক্ষেত্ৰত চুচুক-চামাক কৰা ব্যৱহাৰ-আজি অসমৰ কোনো এটা জনগোষ্ঠীৰে একক
বৈশিষ্ট্য নহয়। আনকি ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীকেইটাৰ মাজতো এই
বৈশিষ্ট্য কিছু হ’লেও হ্ৰাস পাইছে। অৱশ্যে, জনজাতি বিশেষে ইয়াৰ তাৰতম্য নথকা নহয়।
বিশ্বায়নৰ ফলত ঘটা তথ্য প্ৰযুক্তিবিদ্যাৰ বিস্তাৰে জনগোষ্ঠীবোৰৰ এই বৈশিষ্ট্যটো
তীব্ৰগতিত হ্ৰাস পাবলৈ ধৰিছে। আচলতে বিভিন্ন সা-সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ
শংকাত তেওঁলোকে তেওঁলোকৰ একক বৈশিষ্ট্যসমূহ ধৰি ৰাখিবলৈহে অহোপুৰুষাৰ্থ কৰি আহিছে।
(৫) পিছমুৱা অৱস্থাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। কোনো জনগোষ্ঠীয়ে পিছমূৱা হৈ
থাকিবলৈ নিবিচাৰে। পিছমূৱা হৈ থাকিবলৈ নিবিচৰাৰ ফলতে আহোমসকলে শিৱসিংহৰ দিনতেই
বৈদিক আচাৰ-আচৰণ গ্ৰহণ কৰিছিল। তথ্য-প্ৰযুক্তিবিদ্যাৰ বিশাল উন্নয়ণৰ যুগত প্ৰতিটো
জনগোষ্ঠীয়ে আগমুৱা হৈ প্ৰগতিশীলতাৰ দিশে আগবাঢ়িবলৈ বাধ্য হৈ পৰিছে।
অসমৰ যি ছটা জনগোষ্ঠীয়ে তেওঁলোকক জনজাতিৰ মৰ্যাদা
প্ৰদানৰ বাবে দাবী কৰি আহিছে, তেওঁলোকে উল্লিখিত বৈশিষ্ট্যসমূহতকৈ ৰাজনৈতিক
লাভালাভৰ প্ৰতিহে প্ৰাধান্য দি আহিছে। কিন্তু তেওঁলোকক অকল ৰাজনৈতিক কাৰকৰ ওপৰতে
ভিত্তি কৰি জনজাতিৰ মৰ্যাদা দিলে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে ভাৰতৰ সংবিধানখনত
সন্নিৱিষ্ট বৰ্তমানৰ নীতি-নিয়মসমূহ গৌণ হৈ পৰিব। অৰ্থাৎ, জনজাতিৰ সংজ্ঞাই সলনি হৈ
যাব। জনজাতিৰ সংজ্ঞা সলনি কৰি জনজাতিৰ পৰম্পৰাগত বৈশিষ্ট্যসমূহক উপেক্ষা কৰা কোনো
কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে।
এই ছটা জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে,
ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰা জনগোষ্ঠীসমূহ বাৰুকৈ ক্ষতিগ্ৰস্ত হ’ব। বিশেষকৈ
ভৈয়ামৰ জনজাতিসকলৰ বাবে চাকৰি আৰু উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তি লাভৰ ক্ষেত্ৰত
সংৰক্ষণৰ যি ব্যৱস্থা আছে, এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকেই সৰহ
পৰিমাণৰ সা-সুবিধা লাভ কৰিব। এই শংকা দূৰ কৰাৰ বাবে বহুতে পৰামৰ্শ আগবঢ়ায় যে
যিহেতু এই ছটা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত সুবিধাসমূহ লাভ কৰি
আহিছে, গতিকে তেওঁলোকক জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে অন্যান্য পিচপৰা শ্ৰেণীৰ
সংৰক্ষণৰ অংশৰ পৰা কিছু অংশ জনজাতিৰ বাবে সংৰক্ষণৰ অংশলৈ আনিলে জনজাতিৰ বাবে
সংৰক্ষণৰ অংশ বৃদ্ধি হ’ব। কিন্তু সমস্যাটো হ’ল-এই ছটা জনগোষ্ঠীৰ উপৰিও যিবিলাক
জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীৰ সংৰক্ষণৰ অন্তৰ্ভূক্ত তেওঁলোকে তেওঁলোকৰ
সংৰক্ষণৰ অংশ হ্ৰাস কৰা কাৰ্য কেনেদৰে গ্ৰহণ কৰিব? কাৰণ, সুবিধা দিয়া যিমান টান,
কাঢ়ি নিয়া আৰু বেছি টান।
সন্দেহ নাই যে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা
প্ৰদান কৰিলে অসমখনক জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সুবিধা হ’ব। কিন্তু
ইয়াতো সমস্যা আছে। অসমখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি পোৱা বুলি ধৰি ল’লে, অসমৰ
খিলঞ্জীয়া অজনজাতীয় লোকসকল তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাৰ বাবে বিতুষ্ট হৈ পৰিব।
অৰ্থাত, এটা আন্দোলন সমাপ্ত হোৱাৰ পাছত আন এটা আন্দোলনে গা কৰি উঠিব (‘জনজাতিকৰণ:
অসমক জনজাতিপ্ৰধান ৰাজ্য ঘোষণাৰ কচৰৎ’, মৃণালকান্তি চক্ৰৱৰ্তী, আমাৰ অসম, ০১
চেপ্টেম্বৰ, পৃষ্ঠা: ৪)। ফলস্বৰূপে, তেওঁলোকৰ বাবেও সংৰক্ষণ নীতি প্ৰস্তুত কৰাৰ
প্ৰয়োজনীয়তা আহি পৰিব। এক কথাত, অসমৰ স্বাৰ্থৰ বাবে বৰ্তমান যি সাংবিধানিক বিধান
আছে সেয়া সম্পূৰ্ণ ওলোটা হৈ পৰিব। অসমৰ এই পৰিস্থিতিত ৰাজনৈতিক দল আৰু
বিছিন্নতাবাদী শক্তিসমূহে সোণালী সুযোগ গ্ৰহণ কৰিব।
সম্প্ৰতি অসমত যিবিলাক অনাকাংক্ষিত জটিল সমস্যাৰ
সৃষ্টি হৈছে, সেইবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অসমৰ আটাইবোৰ থলুৱা
জনগোষ্ঠী একগোট হোৱাৰ সময় আহি পৰিছে। যদি কিছুমান জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা
প্ৰদান কৰিলে অসমৰ বৃহত্তৰ স্বাৰ্থ সুৰক্ষিত হয়, তেন্তে ইতিমধ্যে জনজাতিৰ মৰ্যাদা
পোৱা জনগোষ্ঠীসমূহে জনজাতিৰ মৰ্যাদা লাভৰ বাবে দাবী উত্থাপন কৰি অহা জনগোষ্ঠীসমূহৰ
সৈতে এক উমৈহতীয়া মঞ্চত মিলিত হোৱাৰ প্ৰয়োজন আছে। অৱশ্যে, লক্ষ্য ৰাখিব লাগিব যাতে
সেই জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ফলত ইতিমধ্যে জনজাতিৰ তালিকাভুক্ত
জনগোষ্ঠীসকলে তেওঁলোকৰ সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত হ’ব লগা নহয়।।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০২ আগষ্ট,
২০১৮, পৃষ্ঠা: ৪]