Friday 22 January 2016

‘সংবাদ বিবাদ’ সম্পৰ্কে'

   যোৱা ৩ জানুৱাৰী ২০১৬ তাৰিখে ‘আমাৰ অসম’ কাকতখনত প্ৰকাশিত আৰণ্যক শইকীয়াৰ ‘সংবাদ বিবাদ’ লেখাটি পঢ়ি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ। অসমত লেকামহীনভাবে বৈদ্যুতিন মাধ্যমৰ সম্প্ৰসাৰণ ঘটা দহ বছৰমানহে হ’ল। আচলতে এই মাধ্যমটো কেনেকুৱা, এইবোৰৰ উদ্দেশ্য কি, এইবোৰ কাৰ স্বাৰ্থত কাম কৰে-সেয়া বুজি উঠিবলৈ অসমৰ সৰহসংখ্যক মানুহ এতিয়াও পৰিপক্কভাবে বুজি উঠা নাই।
   আমি মনত ৰখা দৰকাৰ যে ভাৰতৰ অৰ্থনীতি যদিও মিশ্ৰ, ৰাষ্ট্ৰ ব্যৱস্থা আৰু বজাৰ ব্যৱস্থাক তুলাচনী এখনৰ এটাক আনটোৰ বিপৰীতফালে উঠালে দেখিম যে ১৯৯১ চনৰ পৰা বজাৰ ব্যৱস্থাৰ ওজন ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। আন কথাত, ৰাষ্ট্ৰৰ ভূমিকা দ্ৰুতগতিত হ্ৰাস পাই আহিছে। ফলত সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটোক বজাৰ ব্যৱস্থাই নিয়ন্ত্ৰণ কৰি আহিছে। বৈদ্যুতিন মাধ্যমৰ লেকামহীন সম্প্ৰসাৰণৰ কাৰণো বজাৰ ব্যৱস্থাৰ ওজন বৃদ্ধিৰ ফলতে ঘটিছে। ইয়াৰ প্ৰভাৱ ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়াবাই পৰিল, অসমৰ বাবেহে ই নতুন হৈ আছে। প্ৰশ্ন হ’ল-এই মাধ্যমটোৰ কু-প্ৰভাৱৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিম?
   যিহেতু বজাৰ ব্যৱস্থাত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়, বজাৰ সম্পৰ্কে সঠিক জ্ঞান প্ৰতিজন ব্যক্তিৰে থকা বুলি ধৰি লোৱা হয়। সেয়েহে সংবাদ মাধ্যমসমূহৰ প্ৰচাৰ কোনবোৰ ভাল বা কোনবোৰ বেয়া-সেয়া প্ৰতিজন ব্যক্তিয়ে নিজে ধাৰণা কৰি ল’ব পাৰে বুলি ধৰি লোৱা হয়। অৰ্থাত, প্ৰতিজন ব্যক্তিয়ে নিজে সচেতন হ’লেহে এইবোৰৰ কু-প্ৰভাৱৰ পৰা হাত সাৰি থাকিব পৰা যাব। তদুপৰি যিহেতু বজাৰ ব্যৱস্থাৰ অনুগ্ৰহতে এই মাধ্যমসমূহ গঢ়ি উঠিছে, গতিকে বজাৰ ব্যৱস্থাই এইবোৰৰক পৰিপক্ক কৰি তুলিব। শইকীয়াৰ দৰে লেখনিয়ে নি:সন্দেহে এই প্ৰক্ৰিয়াত সহযোগ আগবঢ়াব। 

[প্ৰকাশিত, ‘আমাৰ অসম’ ১৪ জানুৱাৰী, ২০১৬]

নিজৰ বেগ নিজে কঢ়িওৱাৰ অভ্যাস

   ২০১০ চনৰ ১৮ ছেপ্টেম্বৰ গধূলি। স্থান-হায়দৰাবাদৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু অষ্ট্ৰেলিয়াৰ Deakin Universityৰ সহযোগত  ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ “Pharmaceuticals in Developing and Emerging Economies: Production, Innovation and Access to Medicines in the Wake of TRIPS” শীৰ্ষক এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। ১৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ বিশেষ সমল ব্যক্তি হিচাপে বিশিষ্ট্য স্বাধীন গৱেষক, মানৱ অধিকাৰ কৰ্মী আনন্দ গ্ৰোভাৰক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতক বিমান বন্দৰৰ পৰা আগবঢ়াই অনাৰ দায়িত্ব মোকে দিয়া হৈছে। নিৰ্দিষ্ট সময়ত তেখেতে যাত্ৰা কৰা বিমানখন, বিমান বন্দৰটোত লেণ্ড কৰাৰ খবৰ পোৱাৰ পাছত আনন্দ গ্ৰোভাৰৰ নাম লিখা কাগজ এখন লৈ যাত্ৰী আগমনৰ নিৰ্দিষ্ট পথত তেখেতলৈ বাদ চাই আছোঁ। ‘ময়ে আনন্দ গ্ৰোভাৰ’ বুলি তেখেতে চিনাকি দি মোৰ সৈতে হাত মিলালে। দুয়োখন কান্ধত দুটা ডাঙৰ ডাঙৰ বেগ। তাৰে এটা বেগ আমাৰ গাড়ীখন ৰখাই থোৱা স্থানলৈ মই কঢ়িয়াবলৈ বিছৰাত তেখেতে ক’লে যে তেখেতে নিজৰ বেগ নিজে কঢ়িয়াই লৈ ফুৰে। মই থতমত খালোঁ। আচলতে সেই পৰ্যায়লৈ মই ভাবিবই পৰা নাছিলোঁ। কাৰণ, তেখেতক আগবঢ়াই অনাৰ আগতে মই আৰু দুগৰাকী সমল ব্যক্তিক আগবঢ়াই আনিছিলোঁ, তেওঁলোকে বিনা আপত্তিৰে মোলৈ তেওঁলোকৰ বেগ আগবঢ়াই দিছিল।
   ঘটনাটো সৰু যদিও মোৰ মনত খুউব দকৈ সাঁচ বহুৱালে। বেগ কঢ়িওৱাৰ পৰিস্থিতি সৃষ্টি হ’লেই তেখেতলৈ মনত পৰি যায়। ময়ো মোৰ বেগ আনক কঢ়িয়াবলৈ দিবলৈ বেয়া পোৱা হ’লোঁ। সেইদৰে যিমানেই সন্মানীয় ব্যক্তি নহওক কিয়, তেখেতৰ বেগ মোক কঢ়িয়াবলৈ দিলে বিৰক্তি অনুভৱ কৰোঁ। অৱশ্যে, ব্যক্তিজনে বেগটো কঢ়িয়াব নোৱাৰিলে কথাটো সুকীয়া।
   পুনচ্চ: আমাৰ অসমৰ কাৰ্যালয়বিলাকৰ মূৰব্বীয়ে তেখেতৰ গাড়ীখন ৰখোৱা স্থানৰ পৰা সংশ্লিষ্ট কাৰ্যালয়টোলৈ নিজৰ সৰু হাতবেগটো তেখেতৰ তলতীয়া কৰ্মচাৰীক কঢ়িয়াবলৈ দি কৰ্মচাৰীজনৰ পিছে পিছে গৈ কাৰ্যালয়টোত উপস্থিত হোৱা এটা অতি সাধাৰণ দৃশ্য। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জানুৱাৰি, ২০১৬]