Monday 20 June 2016

সংৰক্ষণ ব্যৱস্থাৰ বিলোপতো সম্ভৱ নহয়েই, বিলোপ কৰা উচিতও নহয়

   'আমাৰ অসম’ৰ ৩০ মে’ ২০১৬ সংখ্যাত নিবেদিতা চন্দৰ ‘‘সংৰক্ষণ ব্যৱস্থাৰ বিলোপ সম্ভৱনে?’ লেখাটো পঢ়িলোঁ। লেখিকা চন্দই সংৰক্ষণৰ নামত চলা ৰাজনীতি, দুৰ্নীতি আদিৰ বাবে বৰ্তমান সময়ত সংৰক্ষণ ব্যৱস্থাৰ বিলোপ যে সম্ভৱ নহয়-সেয়া সুন্দৰকৈ বিশ্লেষণ কৰিছে। আমাৰ বোধেৰে বৰ্তমান সংৰক্ষণ ব্যৱস্থাটোৰ বিলোপতো সম্ভৱ নহয়েই, বিলোপ কৰা উচিতও নহয়।
   ভাৰতত শিক্ষাৰ ক্ষেত্ৰত উচ্চ জাতিৰ (সংবিধানৰ মতে সাধাৰণ শ্ৰেণীৰ) লোকসকলৰ তুলনাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ উপৰিও সংখ্যালঘু লোকসকল এতিয়াও বহুত পিছপৰি আছে। ২০০৬ চনত প্ৰকাশ পোৱা সচ্ছাৰ সমিতিৰ প্ৰতিবেদন মতে, ২০-৩০ বছৰ বয়সৰ উচ্চ জাতিৰ ১৮ শতাংশ লোক স্নাতক হোৱাৰ বিপৰীতে অন্যান্য পিছপৰা শ্ৰেণী, সংখ্যালঘু আৰু অনুসূচিত জাতি/জনজাতিৰ ক্ৰমে ৬.৫ শতাংশ, .৫ শতাংশ আৰু ৩.৩ শতাংশ লোকহে স্নাতক ডিগ্ৰী লাভ কৰিছে।
   বৰ্তমান সময়ত আৰ্থিক দুৰৱস্থা অনুযায়ী সংৰক্ষণ হ’ব লাগে বুলি সততে যুক্তি দিয়া দেখা যায়। অৰ্থাত, যি জাতিৰে নহওক লাগে, দুখীয়া পৰিয়ালৰ সদস্যাই সংৰক্ষণৰ জৰিয়তে চৰকাৰী সুবিধা লাভ কৰিব লাগে। এই ব্যৱস্থাৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে। কিন্তু জাতিগতভাবে তুলনা কৰিলে দেখা যায় যে উচ্চ জাতিৰ দুখীয়া লোকৰ তুলনাত নিম্ন জাতিৰ দুখীয়া লোকৰ সংখ্যা বহুত বেছি। সচ্ছাৰ সমিটিৰ প্ৰতিবেদন অনুসৰি, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে, সংখ্যালঘু, অনুসূচিত জাতি/জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। আটাইবোৰ জাতিৰ দুখীয়া লোকৰ সংখ্যা সমান হ’লেহে দুখীয়াৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন প্ৰকৃত অৰ্থত যুক্তিপূৰ্ণ হ’ব।
   ভাৰতত কি কি কাৰণত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লগা হৈছিল-সেয়া আজি সকলোৱে জানে। কথাত ক’ব পাৰি, সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে আজি ভাৰতত যিকোনো জাতিৰ লোকেই  ৰাষ্ট্ৰপতি হ’ব পাৰিব, কিন্তু নিম্ন জাতিৰ লোকে সংৰক্ষণ ব্যৱস্থাৰ অবিহনে চতুৰ্থ বৰ্গৰ চাকৰি এটাও পাব নোৱাৰিব। গৰিষ্ঠসংখ্যক চৰকাৰী বিভাগৰে উচ্চ জাতৰ লোক মূৰব্বী হৈ থকাৰ ফলত চতুৰ্থ বৰ্গৰ পৰা উচ্চ পদবীৰ আটাইবোৰ পদেই স্বজন-প্ৰীতিৰে (Nepotism) নিজৰ জাতিৰ লোককহে যে নিযুক্তি দিয়া হ’ব-তাত দ্বিমত নাই। প্ৰমাণ বিচাৰি ইমানদূৰ যাবই নালাগে। সংৰক্ষণৰ ব্যৱস্থা নথকা উচ্চ জাতিৰ ভাৰতীয় লোকৰ মালিকানাধীন টিভি চেনেল বা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত কিমানজন নিম্নজাতিৰ লোকে, কি পৰ্যায়ৰ কামত নিয়োজিত হৈ আছে-সেয়া হিচাপ কৰিলেই ছবিখন স্পষ্ট হৈ পৰিব। সংৰক্ষণ ব্যৱস্থাই স্বজন-প্ৰীতিৰ দৰে সামাজিক ব্যাধিৰ পৰা আমাৰ দেশখনক কিছু হ’লেও দূৰত ৰাখিছে। এইফালৰ পৰা চালে, স্বজন-প্ৰীতিতকৈ সংৰক্ষণ ব্যৱস্থা কিছু হ’লেও ভাল।
   সংৰক্ষণৰ জৰিয়তে নিম্ন জাতিৰ লোকসকলে কম নম্বৰ লাভ কৰিয়েই চিকিৎসা, অভিযান্ত্ৰিক, চাকৰি আদিত সুবিধা পায়, অথচ তেওঁলোকতকৈ বেছি নম্বৰ লাভ কৰা উচ্চ জাতিৰ লোকে সেইবোৰৰ পৰা বঞ্চিত হ’ব লগা হয়। এয়া নিশ্চিতভাবে অন্যায়। পিছে, অতি ঠেক অৰ্থতহে ইয়াক অন্যায় বুলি ক’ব পাৰি। শিক্ষাৰ উদ্দেশ্য অকল চিকিৎসা, অভিযান্ত্ৰিক প্ৰতিষ্ঠান আদিত আসন পোৱা বা চাকৰি এটা পোৱাতে সীমাবদ্ধনে? সমাজৰ সকলো শ্ৰেণীৰ লোককে সমানে আগবঢ়াই নিবলৈ হ’লে কিছুমান লোকক কিছু বিশেষ সুবিধা প্ৰদান কৰা-কোনো কাৰণতে অন্যায় হ’ব নোৱাৰে। দুজন মানুহক টুলত উঠাই বেৰৰ ওপৰেৰে বেৰৰ সিপাৰৰ দৃশ্য সমানে উপভোগ কৰিব পৰাকৈ ব্যৱস্থা প্ৰদান কৰিবলৈ হ’লে-ওখজনকৈ চাপৰজনক কিছু হ’লেও বেছি উচ্চতাৰ টুল দিলেহে ন্যায় প্ৰদান কৰা হ’ব। দুয়োকে সমান উচ্চতাৰ টুল দিলে চাপৰজনক অন্যায় কৰা হ’ব।
   দক্ষতাৰ প্ৰসংগত কোৱা হয় যে উচ্চ জাতিৰ লোকতকৈ নিম্ন জাতিৰ লোকৰ দক্ষতা কম। কাৰণ, উচ্চ জাতিৰ লোককৈ কম অৰ্হতাতে নিম্ন জাতিৰ লোকে চৰকাৰী সুবিধাবোৰ পায়। আচলতে, বাছনি প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা উচ্চ জাতিৰ লোকতকৈ নিম্ন জাতিৰ লোকৰ অৰ্হতাৰ পাৰ্থক্য অলপহে কম। তিনি বা চাৰি ঘণ্টাৰ পৰীক্ষা এটাৰে নিৰূপণ কৰা, অলপহে কম অৰ্হতাত সুবিধা লাভ কৰা নিম্ন জাতিৰ লোকৰ দক্ষতাৰ পাৰ্থক্য ইমান বেছি নাথাকে।
   মুঠ কথা, সংৰক্ষণ ব্যৱস্থাটো বিলোপ কৰা সম্ভৱ বুলি ধৰি ল’লেও যি উদ্দেশ্যৰ বাবে ভাৰতৰ সংবিধানত সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল, সংৰক্ষণ বিহীনভাবে সেই উদ্দেশত উপনিত হ’ব পৰাকৈ আমাৰ দেশখনৰ সামগ্ৰিক ব্যৱস্থা এতিয়াও পৰিপক্ক (Mature) হৈ উঠা নাই।  

                    [প্ৰকাশিত, ‘আমাৰ অসম’, ২১ জুন ২০১৬]

Saturday 18 June 2016

মৰম আৰু শ্ৰদ্ধা

আমি সৰু থাকোতে আমাক শিকোৱা হৈছিল যে বয়সত আমাতকৈ সৰু মানুহবোৰক মৰম কৰিব লাগে, ডাঙৰ মানুহবোৰক শ্ৰদ্ধা কৰিব লাগে আৰু সময় সাপেক্ষে সমবয়সীয়া মানুহবোৰক মৰম আৰু শ্ৰদ্ধা দুয়োটাই কৰিব লাগে। আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে বহুত মানুহ লগ পালোঁ আৰু আমাক সৰুতে শিকোৱা মৰম আৰু শ্ৰদ্ধা সম্পৰ্কীয় কথাবোৰ অনুধাৱন কৰিবলৈ ধৰিলোঁ। বুজিলোঁ যে বয়সত ডাঙৰ হ’লেই মানুহ এজন শ্ৰদ্ধাশীল নহ’বও পাৰে বা বয়সত সৰু হ’লেই অকল মৰমৰ যোগ্য নহ’বও পাৰে। আমাৰ তেত্ৰিছ বছৰীয়া বয়সলৈকে আমাতকৈ বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ পাইছোঁ যিসকল সচাঁকৈয়ে শ্ৰদ্ধাশীল। তেহেলৈ তেওঁলোকৰ বৃত্তি যিয়েই নহওক। আকৌ আমাতকৈ বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ পাইছোঁ, যিসকলৰ কাম আৰু কথাৰ মাজত কোনো সম্পৰ্কই নাই, সদায় নেতিবাচক মানসিকতা লৈ থাকে, অশুদ্ধটোকে শুদ্ধ বুলি নিজৰ মতত অটল থাকে, আনৰ কথা শুনাৰ প্ৰয়োজন অনুভৱ নকৰে, আচাৰ-ব্যৱহাৰত পক্ষপাতিত্ব কৰে, অনাহকত আনক হাৰাশাস্তি কৰে, আনৰ ভাল দেখিব নোৱাৰে, মানুহৰ জাত-পাত খুচুৰি ফুৰে ইত্যাদি। এনে চৰিত্ৰৰ মানুহ বয়সত ডাঙৰ হ’ল বুলিয়েই নিশ্চয় শ্ৰদ্ধাৰ পাত্ৰ হ’ব নোৱাৰে। অৱশ্যে ভদ্ৰতাৰ খাতিৰত শ্ৰদ্ধা দেখুৱাব লগা হয়। কিন্তু অন্তৰৰ পৰা কোনো কাৰণতে শ্ৰদ্ধা কৰিব নোৱাৰি। আনহাতে আমাতকৈ বয়সত সৰু এনে কিছুমান মানুহ লগ পাইছোঁ যিসকলক অকল মৰমৰেই তেওঁলোকৰ সজ আচৰণৰ বাবে পাব লগা স্বীকৃতি সম্পূৰ্ণ নহয়। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, কাম কৰাৰ পদ্ধতি, কথা কোৱাৰ ধৰণ আদিয়ে আমাক এনেদৰে মুগ্ধ কৰে যে তেওঁলোকক শ্ৰদ্ধা নকৰি নোৱাৰি। আমাৰ সমবয়সীয়া মানুহবিলাকৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। অৰ্থাত, কিছুমান মানুহ মৰম আৰু শ্ৰদ্ধা দুয়োটাৰে যোগ্য আৰু আন কিছুমান মানুহ কোনোটোৰে যোগ্য নহয়।


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ জুন ২০১৬]  

Wednesday 1 June 2016

‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’

     যোৱা ২১ মাৰ্চ ২০১৬ তাৰিখে ডাº অজিত কুমাৰ পটংগীয়াৰ ‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’ শীৰ্ষক লেখাটো পঢ়ি আমাৰো দু-আষাৰ লিখিবলৈ মন গ’ল। প্ৰযুক্তিবিদ্যাৰ বিস্তৰ উন্নতিৰ ফলত উদ্ভাৱন কৰা টিভি, ৰেডিঅ’, ফোন, নিউক্লিয়াৰ বোম, মটৰগাড়ী আদি ‘প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা’ বুলি আমাৰ দেশৰ কিছুমান মানুহে প্ৰচাৰ চলোৱা নতুন কথা নহয়। বেদ-পুৰাণৰ ওপৰত অন্ধভাবে অগাধ বিশ্বাস কৰা লোকসকলৰ মাজত তেওঁলোক যথেষ্ঠ জনপ্ৰিয়। তেওঁলোকে বিস্তৰ গৱেষণাৰ (?) ফলত এই সত্য (?) পোহৰলৈ আনিছে বুলি নিজকে একো একোজন খুউব পৰিশ্ৰমী গৱেষক (?) হিচাপে জাহিৰ কৰি থাকে।
     ইতিমধ্যে উদ্ভাৱিত বস্তুবিলাকৰ কল্পনাখিনি প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলি ধৰি ল’লেও, সেয়া সদায় ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ কিয় হয়? আন দেশৰ লোকে সেইবোৰ বস্তু উদ্ভাৱন কৰাৰ আগতে ভাৰতৰ লোকে উদ্ভাৱন কৰিব পৰাকৈ সহায় কৰিবলৈ পৰিশ্ৰমী গৱেষকসকল (?) ক’ত লুকাই থাকে? কেইদিনমান পাছত আন দেশৰ লোকে অদৃশ্য হৈ যাব পৰা যন্ত্ৰ উদ্ভাৱন কৰিলে সেয়াও প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলিয়ে কোনোবা পণ্ডিতে সত্যৰ (?) উন্মোচন কৰিব। আচলতে এনেধৰণৰ লাক-বান্ধ নোহোৱা, অলৌকিক গৱেষণাই (?) ভাৰতৰ দুৰ্বলতা প্ৰকাশ কৰাৰ লগতে ভাৰতক ঠাট্টাৰ পাত্ৰহে কৰি তুলিছে।  
    আচৰিত কথা-আজিকালি তেনে ভণ্ড পণ্ডিতক কিছুমান শিক্ষানুষ্ঠানতো বিশেষ বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা দেখা গৈছে। মজাৰ কথাটো হ’ল- সেই শ্ৰেণীৰ পণ্ডিতে তেখেতৰ বক্তব্য ৰখাৰ আগতে কৌশলেৰে সভাৰ সভাপতিজনৰ হতুৱাই সভাত উপস্থিতসকলক জনায় যে বক্তব্য শেষ হোৱাৰ পাছত তেখেতে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে (আচলতে সাহস নাই)। সি যি কি নহওক, তেনে পণ্ডিতক (?) আমন্ত্ৰণ কৰি অনা লোকসকলৰ জ্ঞান আহৰণৰ প্ৰতি থকা স্পৃহা দেখিহে আমাৰ দুখ লাগে। বিজ্ঞানীৰ পৰিচয় থকা ব্যক্তিয়ে তেনে লোকক সমৰ্থন কৰা দেখিলে আমাৰ মুখমণ্ডলত থকা চকুকেইটা আমাৰেই নে আনৰেই ধৰিব নোৱাৰা হওঁ। 
    বৈজ্ঞানিক দৃষ্টিভংগীৰে চলা প্ৰতিজন মানুহে শাস্ত্ৰত বিজ্ঞান দেখা পোৱা পণ্ডিতসকলক সততে অৱহেলা কৰে। এদিন হ’লেও সত্য প্ৰতিষ্ঠা হৈ সেই শ্ৰেণীৰ লোকসকলৰ চকু মেল খাব বুলি ভাৱিয়েই তেওঁলোকৰ ভণ্ডামিৰ প্ৰতি অৱহেলা কৰা হয়। কিন্তু তেওঁলোকে এনে অৱহেলাকে সুযোগ হিচাপে লৈ থাকিলে দীৰ্ঘকালত সমগ্ৰ সমাজখনকে বিপথে পৰিচালিত কৰিব পাৰে। ডাº পটংগীয়াক আমি ধন্যবাদ জনাইছোঁ, কাৰণ এনেধৰণৰ লেখাই সমাজত সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সহায় কৰিব।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ এপ্ৰিল ২০১৬]

‘মংগোল’

   ‘আমাৰ অসম’ কাকতত যোৱা ৬ মে’ ২০১৬ তাৰিখে প্ৰকাশিত বিমল ফুকনৰ ‘মংগোল’ লেখাটো পঢ়ি আমিও দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাই ফুকনক “সৌ ‘মংগোলয়ড’ চেহেৰাৰ মানুহজন কোন?” বুলি প্ৰশ্ন কৰাত আচৰিত হোৱা বুলি তেখেতে উল্লেখ কৰিছে। আচলতে, একে পৰিস্থিতিয়ে কিছুমান মানুহক আচৰিত কৰি তুলিলেও কিছুমান মানুহৰ বাবে সেয়া সাধাৰণ ঘটনা। উল্লিখিত পৰিস্থিতিটো ফুকনৰ দৰে বিদ্বান লোকৰ বাবে আচৰিত হ’বৰে ঘটনা যদিও সেই সম্ভ্ৰান্ত (প্ৰকৃত অৰ্থত সম্ভ্ৰান্ত নহয়) পৰিয়ালৰ মহিলা গৰাকীৰ বাবে সেয়া একেবাৰে সাধাৰণ ঘটনা।
    একৈশ শতিকা পালেহি। এতিয়াও কিছুমান মানুহে সত্ৰৰ সত্ৰাধিকাজনক ‘সত্ৰাধিকাৰ প্ৰভু’, ‘প্ৰভু ঈশ্বৰ’, আদি অভিধা ব্যৱহাৰ কৰি সম্বোধন কৰাৰ দেখা যায়। ফুকনে কোৱাৰ দৰে এইবোৰ অভিধা ব্যংগাত্মক বা বিদ্ৰুপৰ সুৰত ব্যৱহাৰ নকৰে। প্ৰকৃত সুৰতে ব্যৱহাৰ কৰে। যিসকলে এইবোৰ অভিধা এতিয়াও ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ বাবে এইবোৰ নিতান্ত্যই সাধাৰণ ঘটনা। মানুহক ভগবানৰ দূত হিচাপে গ্ৰহণ কৰিব নোৱাৰা আমাৰ দৰে ব্যক্তিকহে এইবোৰ অভিধাই আশ্চৰ্যান্বিত কৰি তোলে। সত্ৰ অনুষ্ঠানৰে ভৰপূৰ অসমৰ বিখ্যাত অঞ্চল এটাত চাকৰি কৰিবলৈ গৈ, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী কেইজনমান সহকৰ্মীসকলৰ মুখত উল্লিখিত অভিধাসমূহ যেতিয়া প্ৰথম শুনিছিলোঁ নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলোঁ। সি যি কি নহওক, এই পৰিস্থিতিবোৰৰ পৰাই গম পোৱা যায় কোনজন মানুহ কিমান সম্ভ্ৰান্ত বা প্ৰগতিশীল। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ মে’ ২০১৬]