‘আমাৰ অসম’ত ৩০ অক্টোবৰত প্ৰকাশিত দ্বীপনে কাকতিৰ ‘ইতিহাস
প্ৰণয়নৰ নতুন ধাৰা’ শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰবন্ধকাৰ কাকতিয়ে কৈছে যে ইতিহাস
প্ৰণয়নৰ নতুন ধাৰাত হিন্দুক ঐতিহাসিকভাবে মহীয়ান কৰাৰ প্ৰচেষ্টা স্পষ্ট ৰূপত দেখা গৈছে
। তেখেতে কেইবাটাও উদাহৰণৰ দ্বাৰা এই উক্তিৰ প্ৰমাণ দাঙি ধৰিছে । ঐতিহাসিকসকলে ইতিহাস
প্ৰণয়ন কৰাৰ সময়ত বিভিন্ন উপাদানৰ দ্বাৰা প্ৰভাৱিত হয় । ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছ
চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ জেমছ মিলে কেনেধৰণৰ ভাৰতৰ ইতিহাস প্ৰণয়ন কৰিছিল সেয়া ইতিহাসৰ
শিক্ষাৰ্থীসকলে ভালদৰে জানে । জেমছ মিলৰ
ইতিহাস প্ৰণয়নৰ ধাৰাক ভাৰতীয় ঐতিহাসিকে প্ৰত্যাহ্বান জনাই ইতিহাস প্ৰণয়ন কৰিছিল ।
ব্ৰিটিছৰ শাসনকালত ভাৰতত দুই প্ৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদৰ উদ্ভৱ
হৈছিল-সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ (Universal
Nationalism) আৰু গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ
(Ethnic Nationalism) । গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ প্ৰধানকৈ দুই
প্ৰকাৰৰ- হিন্দু ৰাষ্ট্ৰীয়তাবাদ আৰু ইছলাম ৰাষ্ট্ৰীয়তাবাদ । ইছলাম
ৰাষ্ট্ৰীয়তাবাদীসকলে পাকিস্তান নামেৰে নতুন ৰাষ্ট্ৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত
হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন পুহি
ৰাখিলে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ শক্তিশালী হৈ
আছিল বাবে ভাৰতৰ সংবিধানখন গণতান্ত্ৰিক, যুক্তৰাষ্টীয় আৰু ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাৰ
ভিত্তিত প্ৰণয়ন কৰা হৈছিল । হিন্দু ৰাষ্ট্ৰীয়তাবাদে
এক দেশ, এক ধৰ্ম আৰু এক ভাষাৰ ওপৰত গুৰুত্ব দি আহিছে । সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ
ধাৰণাৰ দ্বাৰা প্ৰভাৱিত সংবিধানখনক হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে মানি ল’বলৈ টান পায়
। বিশেষকৈ ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাটোক তেওঁলোকে একেবাৰে সহ্য কৰিব নোৱাৰে । স্বাধীনতাৰ
পিছত ভাৰতৰ ঐতিহাসিকসকলে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি ইতিহাস প্ৰণয়নৰ ধাৰা অব্যাহত
ৰাখিছে । বিশেষকৈ বামপন্থী ঐতিহাসিকসকলে এই ধাৰাৰ পাতনি মেলিছিল । বৈজ্ঞানিক
পদ্ধতিত বস্তুগতভাবে ইতিহাস প্ৰণয়ন কৰা হয়, য’ত আৱেগৰ প্ৰভাৱ নাথাকে । মন
কৰিবলগীয়া যে ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰত পদ্ধতিগত সাদৃশ্য থকাৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে
ৰাজনৈতিক ক্ষেত্ৰত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদীসকলৰ সৈতে বামপন্থীসকলক একাকাৰ কৰে । হিন্দু
ৰাষ্ট্ৰীয়তাবাদীসকলে বস্তুগত পদ্ধতিতকৈ হিন্দুধৰ্মৰ সৈতে জড়িত আৱেগক অগ্ৰাধিকাৰ
দিয়ে । তেওঁলোকৰ উদ্দেশ্য হ’ল ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পথ সুগম
কৰি তোলা । তেওঁলোকৰ ইতিহাস প্ৰণয়নৰ ধাৰা ৰাজনৈতিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ
আহিছে । যেতিয়াই হিন্দুত্ববাদী ৰাজনৈতিক শক্তিয়ে চৰকাৰ গঠন কৰাৰ সুযোগ পাইছে
তেতিয়াই হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলৰ হিন্দু আৱেগৰ ভিত্তিত ইতিহাস প্ৰণয়ন কৰা
ধাৰাটো তীব্ৰ হৈ পৰিছে ।
প্ৰশ্ন হ’ল- হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য
আগত ৰাখি ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা কিমান ? ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা কিমান,
সেয়া কেইবাটাও উপাদানৰ ওপৰত নিৰ্ভৰ কৰে । দুটা গুৰুত্বপূৰ্ণ উপাদান আলোচনা কৰা
যাওক । প্ৰথম, তথ্যৰ উপস্থাপনে ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ধাৰণ
কৰে । একেখিনি তথ্যকে একে সময়তে দুজন ঐতিহাসিকে দুটা বেলেগ ধাৰাত উপস্থাপন কৰিব
পাৰে । অথবা একেখিনি তথ্যকে একেজন ঐতিহাসিকে বেলেগ
বেলেগ সময়ত বেলেগ বেলেগ ধাৰাত উপস্থাপন কৰিব পাৰে । এটা বিশেষ ধৰ্মক গৰিমামণ্ডিত কৰাৰ উদ্দেশ্য আগত
ৰাখি প্ৰণয়ন কৰা ইতিহাসত তথ্যবিলাক যে একপক্ষীভাবে উপস্থাপন কৰা হয়, তাত কোনো
সন্দেহ নাই । ইতিহাস প্ৰণয়নৰ উদ্দেশ্য সংকীৰ্ণ
হ’লে ইতিহাস প্ৰণয়নৰ কৰা ধাৰাটোও সংকীৰ্ণ হয় । ভাৰতৰ প্ৰেক্ষাপটত হিন্দু
ৰাষ্ট্ৰীয়তাবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ । গতিকে, হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ
উদ্দেশ্যে ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা দীৰ্ঘকালত নি:শেষ হৈ যোৱাৰ
সম্ভাৱনাই অধিক । দ্বিতীয়, কি পৰিৱেশ আৰু পৰিস্থিতিত ঐতিহাসিকসকলে ইতিহাস প্ৰণয়ন কৰিছে
তাৰ ওপৰতো ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে । যোৱা কেইবছৰমান ধৰি
ভাৰতত হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ প্ৰভুত্ব বিস্তাৰৰ পৰিৱেশ তীব্ৰগতিত চলি আছে । সেই
উদ্দেশ্যে দেশখনত হিন্দু ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ পৰিৱেশ
গঢ়ি তোলা হৈছে । এই পৰিস্থিতিত একাংশ ঐতিহাসিকে নিজৰ স্বাৰ্থৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদক
সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ ধাৰাটোক গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে । হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগে
লগে ইতিহাস প্ৰণয়ন কৰাৰ এই ধাৰাটোৰ গ্ৰহণযোগ্যতাও হ্ৰাস পাই আহিব ।
বৰ্তমান যি চলি আছে, ভৱিষ্যতে সেয়া ইতিহাস হৈ পৰিব । ৰাজনৈতিক
শক্তিৰ ওপৰত ভেজা দি এক বিশেষ উদ্দেশ্য আগত ৰাখি ইতিহাসৰ প্ৰণয়ন কৰা ধাৰাটো এটা
সময়ত ইতিহাস হৈ পৰিব । বৰ্তমান যিসকল
ঐতিহাসিকে হিন্দু ৰাষ্ট্ৰীয়তাবাদক অন্ধভাবে (বা সকলো জনাৰ পিছতো ব্যক্তিগত
স্বাৰ্থৰ বাবে) সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰি আছে, ইতিহাসে তেওঁলোকক পক্ষপাতৰ বলি
হোৱা ঐতিহাসিক হিচাপে স্বীকৃতি দিব ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ নৱেম্বৰ ২০২৩, পৃষ্ঠা: ৪]