Wednesday 29 November 2023

ইতিহাস প্ৰণয়নৰ নতুন ধাৰা সন্দৰ্ভত

         ‘আমাৰ অসম’ত ৩০ অক্টোবৰত প্ৰকাশিত দ্বীপনে কাকতিৰ ‘ইতিহাস প্ৰণয়নৰ নতুন ধাৰা’ শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰবন্ধকাৰ কাকতিয়ে কৈছে যে ইতিহাস প্ৰণয়নৰ নতুন ধাৰাত হিন্দুক ঐতিহাসিকভাবে মহীয়ান কৰাৰ প্ৰচেষ্টা স্পষ্ট ৰূপত দেখা গৈছে । তেখেতে কেইবাটাও উদাহৰণৰ দ্বাৰা এই উক্তিৰ প্ৰমাণ দাঙি ধৰিছে । ঐতিহাসিকসকলে ইতিহাস প্ৰণয়ন কৰাৰ সময়ত বিভিন্ন উপাদানৰ দ্বাৰা প্ৰভাৱিত হয় । ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ জেমছ মিলে কেনেধৰণৰ ভাৰতৰ ইতিহাস প্ৰণয়ন কৰিছিল সেয়া ইতিহাসৰ শিক্ষাৰ্থীসকলে ভালদৰে জানে ।  জেমছ মিলৰ ইতিহাস প্ৰণয়নৰ ধাৰাক ভাৰতীয় ঐতিহাসিকে প্ৰত্যাহ্বান জনাই ইতিহাস প্ৰণয়ন কৰিছিল ।

ব্ৰিটিছৰ শাসনকালত ভাৰতত দুই প্ৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদৰ উদ্ভৱ হৈছিল-সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ (Universal Nationalism) আৰু গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ (Ethnic Nationalism) । গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ প্ৰধানকৈ দুই প্ৰকাৰৰ- হিন্দু ৰাষ্ট্ৰীয়তাবাদ আৰু ইছলাম ৰাষ্ট্ৰীয়তাবাদ । ইছলাম ৰাষ্ট্ৰীয়তাবাদীসকলে পাকিস্তান নামেৰে নতুন ৰাষ্ট্ৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন পুহি ৰাখিলে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ শক্তিশালী হৈ আছিল বাবে ভাৰতৰ সংবিধানখন গণতান্ত্ৰিক, যুক্তৰাষ্টীয় আৰু ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাৰ ভিত্তিত প্ৰণয়ন কৰা হৈছিল ।  হিন্দু ৰাষ্ট্ৰীয়তাবাদে এক দেশ, এক ধৰ্ম আৰু এক ভাষাৰ ওপৰত গুৰুত্ব দি আহিছে । সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত সংবিধানখনক হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে মানি ল’বলৈ টান পায় । বিশেষকৈ ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাটোক তেওঁলোকে একেবাৰে সহ্য কৰিব নোৱাৰে । স্বাধীনতাৰ পিছত ভাৰতৰ ঐতিহাসিকসকলে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি ইতিহাস প্ৰণয়নৰ ধাৰা অব্যাহত ৰাখিছে । বিশেষকৈ বামপন্থী ঐতিহাসিকসকলে এই ধাৰাৰ পাতনি মেলিছিল । বৈজ্ঞানিক পদ্ধতিত বস্তুগতভাবে ইতিহাস প্ৰণয়ন কৰা হয়, য’ত আৱেগৰ প্ৰভাৱ নাথাকে । মন কৰিবলগীয়া যে ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰত পদ্ধতিগত সাদৃশ্য থকাৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে ৰাজনৈতিক ক্ষেত্ৰত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদীসকলৰ সৈতে বামপন্থীসকলক একাকাৰ কৰে । হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে বস্তুগত পদ্ধতিতকৈ হিন্দুধৰ্মৰ সৈতে জড়িত আৱেগক অগ্ৰাধিকাৰ দিয়ে । তেওঁলোকৰ উদ্দেশ্য হ’ল ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পথ সুগম কৰি তোলা । তেওঁলোকৰ ইতিহাস প্ৰণয়নৰ ধাৰা ৰাজনৈতিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে । যেতিয়াই হিন্দুত্ববাদী ৰাজনৈতিক শক্তিয়ে চৰকাৰ গঠন কৰাৰ সুযোগ পাইছে তেতিয়াই হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলৰ হিন্দু আৱেগৰ ভিত্তিত ইতিহাস প্ৰণয়ন কৰা ধাৰাটো তীব্ৰ হৈ পৰিছে ।  

প্ৰশ্ন হ’ল- হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা কিমান ?  ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা কিমান, সেয়া কেইবাটাও উপাদানৰ ওপৰত নিৰ্ভৰ কৰে । দুটা গুৰুত্বপূৰ্ণ উপাদান আলোচনা কৰা যাওক । প্ৰথম, তথ্যৰ উপস্থাপনে ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ধাৰণ কৰে । একেখিনি তথ্যকে একে সময়তে দুজন ঐতিহাসিকে দুটা বেলেগ ধাৰাত উপস্থাপন কৰিব পাৰে   অথবা একেখিনি তথ্যকে একেজন ঐতিহাসিকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধাৰাত উপস্থাপন কৰিব পাৰে ।  এটা বিশেষ ধৰ্মক গৰিমামণ্ডিত কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰণয়ন কৰা ইতিহাসত তথ্যবিলাক যে একপক্ষীভাবে উপস্থাপন কৰা হয়, তাত কোনো সন্দেহ নাই ।  ইতিহাস প্ৰণয়নৰ উদ্দেশ্য সংকীৰ্ণ হ’লে ইতিহাস প্ৰণয়নৰ কৰা ধাৰাটোও সংকীৰ্ণ হয় । ভাৰতৰ প্ৰেক্ষাপটত হিন্দু ৰাষ্ট্ৰীয়তাবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ ।  গতিকে, হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা দীৰ্ঘকালত নি:শেষ হৈ যোৱাৰ সম্ভাৱনাই অধিক । দ্বিতীয়, কি পৰিৱেশ আৰু পৰিস্থিতিত ঐতিহাসিকসকলে ইতিহাস প্ৰণয়ন কৰিছে তাৰ ওপৰতো ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে । যোৱা কেইবছৰমান ধৰি ভাৰতত হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ প্ৰভুত্ব বিস্তাৰৰ পৰিৱেশ তীব্ৰগতিত চলি আছে । সেই উদ্দেশ্যে দেশখনত হিন্দু ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ পৰিৱেশ গঢ়ি তোলা হৈছে । এই পৰিস্থিতিত একাংশ ঐতিহাসিকে নিজৰ স্বাৰ্থৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ ধাৰাটোক গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে ।  হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগে লগে ইতিহাস প্ৰণয়ন কৰাৰ এই ধাৰাটোৰ গ্ৰহণযোগ্যতাও হ্ৰাস পাই আহিব ।   

বৰ্তমান যি চলি আছে, ভৱিষ্যতে সেয়া ইতিহাস হৈ পৰিব । ৰাজনৈতিক শক্তিৰ ওপৰত ভেজা দি এক বিশেষ উদ্দেশ্য আগত ৰাখি ইতিহাসৰ প্ৰণয়ন কৰা ধাৰাটো এটা সময়ত ইতিহাস হৈ পৰিব ।  বৰ্তমান যিসকল ঐতিহাসিকে হিন্দু ৰাষ্ট্ৰীয়তাবাদক অন্ধভাবে (বা সকলো জনাৰ পিছতো ব্যক্তিগত স্বাৰ্থৰ বাবে) সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰি আছে, ইতিহাসে তেওঁলোকক পক্ষপাতৰ বলি হোৱা ঐতিহাসিক হিচাপে স্বীকৃতি দিব ।   

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ নৱেম্বৰ ২০২৩, পৃষ্ঠা: ৪]

 


No comments:

Post a Comment