Monday 18 September 2023

বায়ুমণ্ডলত কাৰ্বন নিৰ্গমনৰ অসমতা

              কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন আদি গৰম গেছসমূহক সেউজগৃহ গেছ বুলি জনা যায় দ্যোগীকৰণ আৰু আধুনিকীকৰণৰ ফলস্বৰূপে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল যান-বাহন, কল-কাৰখানা, শক্তি প্ৰকল্প আদিৰ পৰা কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, পশুধনৰ পাচন প্ৰক্ৰিয়া, পেলনীয়া জাৱৰ, ধাননি পথাৰৰ পৰা মিথেন, ৰেফ্ৰীজেৰেটৰ, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰৰ ফলত ক্ল’ৰ’ফ্ল’ৰ কাৰ্বপ্ৰতি মুহূৰ্ততে বায়ুমণ্ডললৈ নিৰ্গমন হৈ আছে । তদুপৰি, অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত বনাঞ্চল ধংস কৰি থকা হৈছে । ফলস্বৰূপে, তাপ শক্তি শোষণ কৰিব পৰা ক্ষমতা থকা এই সেউজগৃহ গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে মন কৰিবলগীয়া যে এক টন মিথেনৰ নিৰ্গমন প্ৰায় ত্ৰিছ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান আৰু এক টন নাইট্ৰাছ অক্সাইডৰ নিৰ্গমন প্ৰায় ২৮০ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান । সি যি কি নহওক, প্ৰতি মুহূৰ্ততে সেউজগৃহ গেছ নিৰ্গমন কৰি থকা হৈছে যদিও দেশবোৰৰ মাজত আৰু মানু্হৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ অসমতা আছে ।  সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত আৰু মানুহৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত কেনেধৰণৰ অসমতা আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে । লেখাটোত সেউজগৃহ গেছবোৰক একেলগে বুজাবৰ বাবে কাৰ্বন শব্দটো ব্যৱহাৰ কৰা হৈছে ।

            বিশ অসমতা প্ৰতিবেদনৰ (২০২২) তথ্য অনুসৰি, ১৮৫০ চনৰ পৰা ২০২০ চনৰ সময়ছোৱাত মুঠ ২, ৪৫,০০০ কৌটি টন কাৰ্বন নিৰ্গমন কৰা হৈছে । ইয়াৰে প্ৰায় ২৭ শতাংশ উত্তৰ আমেৰিকাই নিৰ্গমন কৰিছে । ইউৰোপ আৰু চীনে ক্ৰমে ২২ শতাংশ আৰু ১১ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়া, ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া, জাপানক সামৰি পূৱ এছিয়াই ক্ৰমে ৯ শতাংশ, ৯ শতাংশ আৰু ৬ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  লেটিন আমেৰিকা আৰু মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকাই ৬ শতাংশকৈ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকাই ৪ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । উল্লিখিত সময়ছোৱাত প্ৰতিবছত কাৰ্বন নিৰ্গমনৰ হাৰ ৭২৫ শতাংশ বৃদ্ধি পাইছে (১৮৫০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ আছিল ০.৮ টন । ২০২০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ ৬.৬ টন হৈছে) ।  Intergovernmental Panel for Climate Change (IPCC) এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে মুঠ কাৰ্বন নিৰ্গমন ক্ৰমে ৩০ হাজাৰ কৌটি আৰু ৯০ হাজাৰ কৌটি টনতকৈ বেছি হ’ব নালাগিব ।  মন কৰিবলগীয়া যে ২০১৬ চনৰ ৪ নৱেম্বৰত পেৰিছত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিৱেশনত (The United Nations Climate Change Conference) গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ অংগীকাৰবদ্ধ হৈছিল । ২০৫০ চনৰ আগলৈকে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ১.১ টন আৰু ৩.৪ টনৰ বেছি হ’ব নালাগিব । ২১০০ চনত এই লক্ষ্যত উপনীত হ’বলৈ হ’লে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ০.৪ টন আৰু ১.১ টনৰ বেছি হ’ব নালাগিব ।

        প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা আছে । প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত উত্তৰ আমেৰিকা শীৰ্ষ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকা নিম্ন স্থানত আছে । উত্তৰ আমেৰিকা আৰু  ছাব-ছাহাৰীয়ান আফ্ৰিকাৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ২০.৮ টন আৰু  .১ টন । উত্তৰ আমেৰিকাৰ পিছতে শীৰ্ষত আছে ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপ ।  ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৯.৯ টন আৰু ৯.৭ টন ।  সেইদৰে, জাপানক সামৰি পূৱ এছিয়া, মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু দক্ষিণ-দক্ষিণ পূৱ এছিয়াৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৮.৬ টন, ৭.৪ টন, ৪.৮ টন আৰু ২.৬ টন ।  ইয়াৰ পৰা এইটো স্পষ্ট যে কেৱল ছাব-ছাহাৰীয়ান আফ্ৰিকা আৰু দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াইহে গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধিৰ তলত ৰাখিব পৰাকৈ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন কৰি আছে (.৪ টনৰ তলত) ।  আয়ৰ পাৰ্থক্যৰ ভিত্তিত দেখা গৈছে যে (২০১৯ চনৰ তথ্য অনুসৰি) বিশ্বৰ শীৰ্ষ ১ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ১৪.৬ শতংশ) লোকে প্ৰায় ১৬.৮ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  শীৰ্ষ ১০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৫২ শতাংশ, শীৰ্ষ ১ শতাংশ লোকৰ আয়ৰ অংশক সামৰি) আৰু মধ্য ৪০ শতাংশ  (মুঠ আয়ৰ অংশ প্ৰায় ৩৯.৫ শতাংশ) লোক  ক্ৰমে ৪৭.৬ আৰু ৪০.৪ শতাংশ কাৰ্বন নিৰ্গমনৰ বাবে দায়ী । তলৰ ৫০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৮.৫ শতাংশ) লোকৰ কাৰ্বন নিৰ্গমনৰ হাৰ হ’ল মাত্ৰ ১২ শতাংশ ।  বিশ্বৰ শীৰ্ষ ১ শতাংশ লোকে প্ৰতিবছৰত জনমূৰি ১১০ টন কাৰ্বন নিৰ্গমন কৰে । শীৰ্ষ ১০ শতাংশ (শীৰ্ষ ১ শতাংশৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ সামৰি) আৰু মধ্য ৪০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৩১ টন আৰু ৬.৬ টন । তলৰ ৫০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল মাত্ৰ ১.৬ টন ।  ১৯৯০ চনৰ পৰা ২০১৯ চনৰ সময়ছোৱাত শীৰ্ষ ১ শতাংশ আৰু তলৰ ৫০ শতাংশ লোকৰ কাৰ্বন নিৰ্গমনৰ অংশ বৃদ্ধি পাইছে ।  ১৯৯০ চনত শীৰ্ষ ১ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ১৪.১ শতাংশ আৰু ২০১৯ চনত ১৬.৮ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ১৯.১৫ শতাংশ)। একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ৯.৬ শতাংশ আৰু ২০১৯ চনত ১২ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ২৫ শতাংশ) ।  উল্লিখিত সময়ছোৱাত কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত (between countries) থকা অসমতা আৰু দেশৰ ভিতৰতে (within country) থকা অসমতাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে । ২০১৯ চনৰ তুলনাত ১৯৯০ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা বেছি আছিল । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা আজিৰ তুলনাত কম আছিল । ২০১৯ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা ১৯৯০ চনৰ তুলনাত কম হৈছে । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা ১৯৯০ চনৰ তুলনাত বেছি হৈছে ।  অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা নাই । 

            তথাকথিত উন্নত দেশ আৰু ধনী লোকসসকলে  অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত বেছি কাৰ্বন নিৰ্গমন কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে । উন্নত দেশ আৰু ধনী লোকসকলে বহনক্ষম গোলকীয় উষ্ণতাৰ (২০৫০ চনৰ আগতে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰখা) কাৰ্বন নিৰ্গমনৰ সীমা  (১.৫ ডিগ্ৰী ছেলছিয়াছৰ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ প্ৰতিবছত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে .১ টন আৰু ৩.৪ টনৰ কম) কেতিয়াবাই অতিক্ৰম কৰিছে ।  ইয়াৰ পৰা স্পষ্ট যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তথাকথিত উন্নত দেশ আৰু ধনী লোকসকল অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত অধিক দায়ী । 

 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ছেপ্টেম্বৰ ২০২৩, পৃষ্ঠা: ৭]

No comments:

Post a Comment