Thursday, 7 September 2023

‘অগ্নিযুগৰ ফিৰিঙতি’ৰে ‘নতুন ভাৰত’ গঢ়ি উঠিছেনে ? (Has 'New India' formed by 'Agniyugor Phiringoti' ?)

 

            ড° ভূপেন হাজৰিকাই ১৯৩৯ চনত ৰচনা কৰা ‘অগ্নিযুগৰ ফিৰিঙতি মই’ শীৰ্ষক গীতটি ১৯৪৬ চনত বাণীবদ্ধ কৰা হৈছিল ।  ৰচনাৰ সময়ৰ জোখেৰে গীতটিয়ে আঠটা দশক পাৰ কৰিলে । যোৱা শতিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম দশকত ভাৰতত চলি থকা অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতিয়ে ড° ভূপেন হাজৰিকাক অস্বস্তিত পেলাইছিল ।  সেয়েহে তেখেতে নিজকে ‘অগ্নিযুগৰ ফিৰিঙতি’ হিচাপে অনুভৱ কৰিছিল । ড° ভূপেন হাজৰিকাই কাৰ্ল মাৰ্ক্সৰ লিখনি পঢ়াৰ আগতে ৰচনা কৰা এই গীতটিৰ যোগেদি দেশখনৰ নৱ-প্ৰজন্মক ‘অগ্নিযুগৰ ফিৰিঙতি’ হৈ ‘নতুন ভাৰত’ গঢ়িবলৈ আহ্বান জনাইছিল । কাহিনী আৰু দৃশ্যৰ সৈতে সংগতি থকাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা পৰিচালিত ১৯৪৮ চনত মুক্তিলাভ কৰা ‘ছিৰাজ’ কথাছবিখনত গীতটি প্ৰয়োগ কৰা হৈছিল । অৱশ্যে, গীতটিৰ ‘নতুন ভাৰত গঢ়িম’ শাৰীটো কথাছবিখনত ‘নতুন অসম গঢ়িম’ হিচাপে ব্যৱহাৰ কৰা হৈছিল । সি যি কি নহওক, ভাৰতে স্বাধীনতা লাভ কৰা পয়সত্তৰ বছৰ হৈ গ’ল ।  বিগত পয়সত্তৰ বছৰত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত দেশখনত বহু পৰিৱৰ্তন ঘটিল । এই দীঘলীয়া সময়ছোৱাত ড° হাজৰিকাই  ‘অগ্নিযুগৰ ফিৰিঙতি’ৰে গঢ়িব খোজা ‘নতুন ভাৰত’খন গঢ়ি উঠিল নে নাই সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

গীতটিৰ যোগেদি ড° ভূপেন হাজৰিকাই কেনেধৰণৰ ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ? ড° ভূপেন হাজৰিকাৰ জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ প্ৰভাৱ পৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতে অন্যতম গুৰু হিচাপে মানি লৈছিল । সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী আৰু প্ৰগতিশীল চিন্তাধাৰা তেখেতৰ চিন্তাধাৰাৰ ওপৰত পৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভা সাম্যবাদত বিশ্বাসী আছিল । অৱশ্যে, গীতটি ৰচনা কৰাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই হাতত বন্দুক তুলি লোৱা নাছিল । সাম্যবাদে অৰ্থনৈতিক সমতা স্থাপনৰ ক্ষেত্ৰত আপোচ নকৰে ।  ভূপেন হাজৰিকাই দেখিছিল যে দেশখনৰ গৰিষ্ঠসংখ্যক লোক কেইজনমান পুঁজিপতিৰ শোষণৰ বলি হৈ সৰ্ব্বহাৰা হৈ পৰিছে ।  ব্ৰিটিছৰ শাসনকালত ভাৰতত আয়ৰ ক্ষেত্ৰত অসমতা অত্যন্ত বেছি আছিল । শীৰ্ষ ১ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ অংশ ৫০ শতাংশতকৈ বেছি আছিল ।  গীতটিত ভূপেন হাজৰিকাই সকলো ত্যাগ কৰি হ’লেও সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ঘূৰাই অনাৰ সংকল্পৰ কথা প্ৰকাশ কৰিছে । তেখেতে ‘নৰ-কঙ্কালৰ অস্ত্ৰ সাজি’ শোষণকাৰীক বধ কৰাৰ কথা কৈ নতুন প্ৰজন্মৰ মনত উদ্দীপনা সৃষ্টি কৰি ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । কিন্তু, বাস্তৱত সেই পৰ্যায়ৰ ‘নতুন ভাৰত’ গঢ়ি উঠিল নে ? স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰসমূহে সমাজবাদী আদৰ্শৰে অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ পিছত আয়ৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলাইছিল । পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণক এটা মূল লক্ষ্য আৰু উদ্দেশ্যে হিচাপে লৈ অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হৈছিল । ১৯৯১ চনৰ পৰা বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ পিছত দেশখনত আয়ৰ ক্ষেত্ৰত থকা অসমতা পুনৰ বৃদ্ধি পাবলৈ ধৰিলে । কাৰণ, ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত চৰকাৰৰ অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ পৰিৱৰ্তন ঘটিছে । চৰকাৰে প্ৰত্যক্ষভাবে অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক ক্ৰমবৰ্ধমান হাৰত সুবিধা প্ৰদান কৰি ব্যক্তিগত খণ্ডৰ মাধ্যমেৰে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে । ‘নিগৰি পৰা’ নীতি প্ৰয়োগেৰে জনসাধাৰণৰ আয় বৃদ্ধি কৰি অৰ্থনৈতিক অসমতা হ্ৰাস কৰিব বিচৰা হৈছে । কিন্তু, এই ব্যৱস্থাৰ ফলত সম্পদ আৰু আয়ৰ ক্ষেত্ৰত দেশখনত অসমতা তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধিহে পাবলৈ ধৰিছে । ১৯৯০ চনৰ পিছত ভাৰতৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ লোকৰ দেশখনত মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধি পাইছে ।  ১৯৬১-১৯৭০ৰ সময়ছোৱাত ভাৰতৰ শীৰ্ষ ১ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ১১.৮৭ শতাংশ । ২০১১-২০২২ৰ সময়ছোৱাত এই পৰিসংখ্যা ৩১.৫৫ শতাংশ হৈছে ।  ১৯৬১-১৯৭০ৰ সময়ছোৱাত শীৰ্ষ ১০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ৪৩.১৮ শতাংশ । ২০১১-২০২০ ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬৩.৬৮ শতাংশ হৈছে । কিন্তু, একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আধাতকৈ বেছি হ্ৰাস পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ দেশখনৰ মুঠ সম্পত্তিৰ গড় মালিকীস্বত্ব আছিল ১২.২৯ শতাংশ । ২০১১-২০২০ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬.১২ শতাংশ হৈছে ।  আয়ৰ ক্ষেত্ৰত দেশখনৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ গড় অংশ হ’ল ক্ৰমে ২২ শতাংশ আৰু ৫৭ শতাংশ । তলৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ জাতীয় আয়ৰ অংশ মাত্ৰ ১৩ শতাংশ । এক কথাত, অৰ্থনৈতিক অসমতাৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাই প্ৰতিষ্ঠা কৰিব বিচৰা ‘নতুন ভাৰত’খন আজিও গঢ়ি উঠা নাই ।

ধৰ্ম আৰু জাত-পাতত লুতুৰি-পুতুৰি সমাজখনক ‘অগ্নিযুগৰ ফিৰিঙতি’ৰে ধ্বংস কৰি ড° ভূপেন হাজৰিকাই ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল । তেখেতে গঢ়িব বিচৰা ‘নতুন ভাৰত’ত ধৰ্মক অগ্ৰাধিকাৰ দিয়া তথাকথিত ধৰ্ম ব্যৱসাসীসকলৰ কোনো স্থান নাথাকিব । ‘নতুন ভাৰত’ত উচ্চজাত বা নিম্নজাতৰ ব্যৱস্থা নাথাকিব । পুৰুষানুক্ৰমে চলি থকা তথাকথিত উচ্চ জাতৰ লোকসকলৰ অহংকাৰ মষিমূৰ কৰি  পেলোৱা হ’ব । অস্পৃশ্যতা নামৰ মহাদাৱনক নতুন প্ৰজন্মই নি:শেষ কৰি পেলাব ।  কিন্তু, বাস্তৱত দেশখনত সেয়া হৈ নুঠিল । ভাৰতত ধৰ্মৰ ব্যৱসায়ীসকলৰ ‘চাহিদা’ হ্ৰাস নাপালে ।  ধৰ্ম ব্যৱসায়ীসকলে দেশখনত নতুন নতুন ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰিয়েই আছে । ধৰ্মক ভিত্তি কৰিয়েই দেশখনত কেইবাটাও ৰাজনৈতিক দল গঠন কৰা হৈছে । নিৰ্বাচনৰ সময়ত দেশখনত ভয়ানক ৰূপত ধৰ্মীয় মেৰুকৰণ কৰা হয় । ভোট লাভৰ স্বাৰ্থত ধৰ্মৰ ব্যৱসায়িসকলক মুকলিকৈ তোষামোদ কৰি আহিছে । ৰাজনৈতিক শক্তিসমূহে ধৰ্মক সদায় ক্ষমতা লাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে । ধৰ্মৰ ব্যৱসায়ী আৰু ৰাজনৈতিক দলসমূ্হৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কই ড° ভূপেন হাজৰিকাই গঢ়িব বিচৰা ‘নতুন ভাৰত’খনক বহু দূৰত ৰখা হৈছে । দেশখনৰ একাংশ তথাকথিত সমাজকৰ্মী আৰু বুদ্ধিজীৱীয়ে ‘ফিৰিঙতি’ হৈ ‘নতুন ভাৰত’ গঢ়া দূৰৰে কথা,  সন্মান আৰু স্বীকৃতি লাভৰ স্বাৰ্থত নিজৰ আদৰ্শ আৰু চিন্তাধাৰা জলাঞ্জলি দি বিভেদকামী শক্তিবোৰক সহযোগ কৰি আহিছে । সেইদৰে উচ্চজাত আৰু নিম্নজাতৰ মাজত চলি থকা অপ্ৰীতিকৰ আৰু অপৰাধমূলক ঘটনা বৰ্তমানো চলি আছে । তথাকথিত উচ্চজাতৰ একাংশ লোকৰ অহংকাৰ আজিও অব্যাহত আছে । দেশখনৰ মূল ভূ-খণ্ডৰ কেইবাখনো ৰাজ্যত তথাকথিত উচ্চজাতৰ লোকে নিম্নজাতৰ লোকক শাৰীৰিক আৰু মানসিকভাবে হাৰাশাস্তি কৰাৰ খবৰ সঘনে প্ৰকাশ পাই থাকে । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড বুৰ’ৰ তথ্য অনুসিৰ, ২০২০ আৰু ২০২১ চনৰ সময়ছোৱাত দেশখনত অনুসূচিত জাতিৰ বিৰূদ্ধে কৰা অপৰাধৰ হাৰ ১.২ শতাংশ বৃদ্ধি পাইছে ।  এই ক্ষেত্ৰত উত্তৰপ্ৰদেশত আটাইতকৈ বেছি বৃদ্ধি পাইছে (২৫.৮২ শতাংশ) । ইয়াৰ পিছতে আছে ৰাজস্থান (১৪.৭ শতাংশ), মধ্যপ্ৰদেশ (১৪.১ শতাংশ), বিহাৰ (১১.৪ শতাংশ) আৰু উৰিষ্যা (৪.৫ শতাংশ) । একে সময়ছোৱাত অনুসূচিত জনজাতিৰ বিৰূদ্ধে কৰা অপৰাধৰ হাৰ ৬.৪ শতাংশ বৃদ্ধি পাইছে । এই ক্ষেত্ৰত মধ্যপ্ৰদেশ শীৰ্ষত আছে (২৯.৮ শতাংশ) । ইয়াৰ পিছত আছে ৰাজস্থান (২৪ শতাংশ), উৰিষ্যা (৭.৬ শতাংশ), মহাৰাষ্ট্ৰ (৭.১৩ শতাংশ) আৰু তেলেংগানা (৫.৮১ শতাংশ) ।  অপৰাধৰ ভিতৰত এনেকুৱা কিছুমান জঘন্য অপৰাধ আছে, যিবোৰক সভ্য মানুহে কল্পনাই কৰিব নোৱাৰে ।  সৌ সিদিনা তথাকথিত এজন উচ্চজাতৰ লোকে এজন নিম্নজাতৰ লোকৰ গাত পেচাৱ কৰি দিয়াৰ দৃশ্য কোনে পাহৰিব পাৰিব ?

ড° ভূপেন হাজৰিকা সমন্বয়ৰ প্ৰতীক । ধৰ্মীয়, জনগোষ্ঠীগত আৰু ভৌগোলিক ভেদাভেদৰ প্ৰাচীৰ ভাঙি তেখেতে সাম্যই বিৰাজ কৰা এখন ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ।   তেখেতে গীতটিত কৈছে, “হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ/বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ/অন্তৰ ভেদি মৌ বোয়াম/ভেদাভেদৰ প্ৰাচীৰ ভাঙি/সাম্যৰ সৰগ ৰচিম/ নতুন ভাৰত গঢ়িম”।  বাস্তৱত ড° হাজৰিকাই আশা কৰাৰ দৰে সাম্যৰ ভাৰত গঢ়ি উঠা নাই । ভৌগোলিক পাৰ্থক্যৰ ভিত্তিত ভাৰতত বৰ্তমানো সংঘাত চলি থাকে । উদাহৰণস্বৰূপে, দেশখনত এটা ভৌগোলিক অঞ্চলৰ ভাষাক সকলো অঞ্চলতে প্ৰয়োগ কৰিবলৈ বিচৰাৰ প্ৰৱণতাই মাজে সময়ে দেশখনত সংঘাতৰ সৃষ্টি কৰি থাকে ।  হিন্দু আৰু মুছলমানৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠাৰ উপক্ৰম হ’লেই নিজৰ স্বাৰ্থৰ বাবে বিভেদকামী শক্তিবোৰে সম্প্ৰদায় দুটাৰ মাজত বিদ্বেষৰ বীজ সিঁচি দিয়ে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত হিন্দু আৰু মুছলমানৰ মাজত কেইবাটাও অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ।  দেশখনে স্বাধীনতাৰ পিছতো বিভিন্ন সময়ত ধৰ্মৰ ভিত্তিত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে ।  উদাহৰণস্বৰূপে, ১৯৬৪ চনত পশ্চিম বংগত, ১৯৬৯ আৰু ২০০২ চনত গুজৰাটত, ১৯৮৩ চনত অসমত, ১৯৮৪ আৰু ২০১৩ চনত উত্তৰপ্ৰদেশত, ১৯৮৯ চনত বিহাৰ, ১৯৯২ চনত মহাৰাষ্ট্ৰত ২০২০ চনত দিল্লীত আৰু শেহতীয়াকৈ হাৰিয়ানাত (জুলাই-আগষ্ট, ২০২৩) ধৰ্মৰ ভিত্তিত সংঘৰ্ষ সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । চলিত বৰ্ষৰ যোৱা তিনিমাহ ধৰি মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষৰ বিভিন্ন কাৰণৰ ভিতৰত ধৰ্মীয় কাৰণো আছে । ব্যক্তিগত সংঘাতবোৰকো সম্প্ৰদায়ভিত্তিক সংঘাতৰ ৰূপ দিয়াৰ ফলত আজিও অঞ্চলভেদে অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ থাকে । ড° ভূপেন হাজৰিকাই অসমতো জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল ।  দুখৰ কথা যে ৰাজ্যখনৰ জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ সম্পূৰ্ণৰূপে গঢ়ি উঠা নাই । ধৰ্ম আৰু জনগোষ্ঠীৰ ভিত্তিত গঢ়ি উঠা সামাজিক আৰু ৰাজনৈতিক শক্তিবোৰে ৰাজ্যখনত ভেদাভেদৰ বীজ সিঁচিয়েই আছে ।  সময় আৰু পৰিস্থিতি সাপেক্ষে ভেদাভেদৰ পৰিৱেশ অধিক হৈ পৰে । যোৱা কিছু বছৰ ধৰি ৰাজ্যখনত ধৰ্মীয় বিদ্বেষৰ পৰিৱেশ ইমান ভয়ংকৰভাবে সিঁচি থকা হৈছে যে সমন্বয়ৰ পৰিৱেশ সৃষ্টি হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব ।  

আজিৰ পৰা ৮৪ বছৰ আগতে ড° ভূপেন হাজৰিকাই দেশখনত চলি থকা শোষণ-বঞ্চনা, জাত-পাতৰ বিচাৰ, সাম্প্ৰদায়িকতা আৰু সামাজিক বৈষম্য দূৰ কৰি এখন ‘নতুন ভাৰত’ গঢ়িবলৈ বিচাৰিছিল ।  দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত উল্লিখিত সমস্যাবোৰ দূৰীকৰণৰ প্ৰচুৰ সুযোগ আছিল । কিন্তু, চাৰি দশকৰ পিছতো ড° হাজৰিকাই বিচৰা ধৰণৰ ‘নতুন ভাৰত’খন গঢ়ি নুঠিল । ইয়াৰ বিপৰীতে দেশখনত অৰ্থনৈতিক অসমতা আৰু ধৰ্মীয় উন্মাদনা ক্ৰমান্বয়ে বৃদ্ধিহে হ’বলৈ ধৰিছে ।

তথ্যসূত্ৰ

দত্ত, দিলীপ কুমাৰ (২০১১): ভূপনে হাজৰিকাৰ গীত আৰু জীৱন ৰথ , পঞ্চম সংস্কৰণ, ( গুৱাহাটী: বনলতা), পৃষ্ঠা: ৩১-৪১ ।

শইকীয়া, প্ৰবীণ (২০০৭): “গীতত অসমৰ জাতীয় সমন্বয়ৰ প্ৰসংগ”, পুলিন কলিতা, গোপাল জালান আৰু অনুভৱ পৰাশৰ সম্পাদিত, বিশ্বনাগৰিক ভূপেন হাজৰিকা,  দ্বিতীয় প্ৰকাশ, (গুৱাহাটী: চন্দ্ৰ প্ৰকাশ), পৃষ্ঠা: ১০০-১০৪ । 

হাজৰিকা, ভূপেন (১৯৯৩): দিহিঙে-দিপাঙে, ৰতিমোহন নাথৰ সম্পাদনা, (গুৱাহাটী: বাণী মন্দিৰ), পৃষ্ঠা: ৯ । 

হাজৰিকা, সূৰ্য্য (২০০৮): ড° ভূপেন হাজৰিকাৰ গীত সমগ্ৰ, (সম্পাদনা আৰু প্ৰকাশক সূৰ্য্য হাজৰিকা), দ্বিতীয় সংস্কৰণ, পৃষ্ঠা: ৪১ আৰু ৪২ । 

Government of India (2021): Crime in India, National Crime Records Bureau.  

United Nations Development Programme: World Inequality Report, 2022.

[প্ৰকাশিত, 'সমন্বয়', ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ ডি আৰ কলেজত উৎযাপন কৰা 'সমন্বয় দিৱস'ত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ, ২০২৩]  

No comments:

Post a Comment