‘আমাৰ অসম’ৰ ২৭ অক্টোবৰত প্ৰকাশিত সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোত ঠিকেই কৈছে যে জিলাখনৰ নাম সলনি হ’লেই শ্ৰীভূমিত অসমীয়া জাতিসত্তাৰ শ্ৰীবৃদ্ধি হ’ব বুলি কোনেও ভবাতো নাছিলেই, সাংস্কৃতিক দল এটাক শাৰীৰিকভাবে অপদস্থ কৰি হতশ্ৰী হ’ব বুলিও কোনেও ভবা নাছিল । সম্পাদকীয়টোৰ মতে ৰাজহুৱা অনুষ্ঠান এটাত এদল মানুহে বিহুদলটোক অপদস্থ কৰি থকা দেখিও কোনেৱে বাধা দিবলৈ অহা নাছিল । ইয়াৰ অৰ্থ হ’ল- অনুষ্ঠানটোত উপস্থিত থকা সৰহসংখ্যক মানুহৰে মন-মগজুত সেই সময়ত অসমীয়াৰ হিয়াৰ আমঠু বিহুৰ প্ৰতি ‘ভাল মনোভাৱ’ৰ অভাৱ আছিল বা বিহুদলটোক অপদস্থ কৰা লোকসকলক বাধা দিবলৈ কোনেও সাহস গোটাব পৰা নাছিল ।
কেৱল এটা বা একেজাতীয় সংগঠনৰ সৈতে অন্ধভাবে সংযুক্ত (Blindly Affiliated) হৈ থকা লোকসকলৰ একাধিক পৰিচয় নাথাকে । যিবোৰ মানুহৰ একাধিক পৰিচয় (Multiple Identity) নাথাকে, সেই মানুহবোৰৰ মানসিকতা অতি সংকীৰ্ণ হয় আৰু আনৰ প্ৰতি তেওঁলোকৰ বিদ্বেষ ভাব অধিক থাকে । একাধিক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা মানুহবোৰৰ সহিষ্ণুতা অধিক হয় (একাধিক পৰিচয় সম্পৰ্কে অধিক জানিবলৈ আগ্ৰহী পাঠকে অমৰ্ত্য সেনৰ ‘আইডেনটিটি এণ্ড ভাইঅ’লেঞ্চ’ নামৰ গ্ৰন্থখন চাব পাৰে) । মনকৰিবলগীয়া যে একশ্ৰেণীৰ মানুহে কিছুমান মানুহক একাধিক পৰিচয় গঢ়ি তুলিবলৈ সুযোগ নিদিয়াকৈয়ে ৰাখিব বিচাৰে । কাৰণ, একাধিক পৰিচয়ৰ পৰা বিৰত ৰাখিব পাৰিলে তেওঁলোকক শোষণ কৰি থাকিবলৈ সুবিধা হয় । এয়া মানুহক শোষণ কৰাৰ এটা নতুন প্ৰক্ৰিয়া । মজাৰ কথাটো হ’ল এই প্ৰক্ৰিয়াৰ দ্বাৰা শোষিত লোকসকলে ধৰিবই নোৱাৰে যে তেওঁলোকক শোষণ কৰিয়েই তেওঁলোকৰ তথাকথিত নেতাসকলে নিজৰ স্বাৰ্থ পূৰণ কৰি থাকে । বুজিবলৈ বাকী নাই যে ‘জয় শ্ৰীৰাম’ আওৰাই বিহুদলটোক অপদস্থ কৰা লোকসকলক একাধিক পৰিচয়ৰ পৰা বঞ্চিত কৰি ৰখা হৈছে । তেওঁলোকক যে মানসিকভাবে সংকীৰ্ণ কৰি তুলি শোষণ কৰি থকা হৈছে তেওঁলোকে ধৰিবই পৰা নাই ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ০২ নৱেম্বৰ ২০২৬, পৃষ্ঠা: ৬]