Saturday 3 February 2024

বিগত দহ বছৰৰ অসমৰ ৰাজহুৱা ব্যয়ৰ ধাৰা

           অৰ্থনীতিত ৰাজহুৱা ব্যয়ক অন্যতম গুৰুত্বপূৰ্ণ বিত্তীয় আহিলা হিচাপে গণ্য কৰা হয় । ৰাজহুৱা ব্যয়ৰ দ্বাৰা চৰকাৰে  অৰ্থনীতি এখনৰ উৎপাদন, উপভোগ আৰু বিতৰণৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলায় । ৰাজহুৱা ব্যয়ে সামাজিক উন্নয়নতো অৰিহণা যোগায় । ভাৰতৰ সংবিধানৰ ১১২ (২) অনুচ্ছেদ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ক পৃথকে পৃথকে দেখুৱাব লাগিব ।  ৰাজ্যসমূহৰ বাজেটৰ ক্ষেত্ৰতো একেধৰণে দেখুওৱাবলগীয়াৰ কথা সংবিধানখনৰ ২০২ (২) অনুচ্ছেদত উল্লেখ আছে । ৰাজহ ব্যয় হ’ল ৰাজ্য চৰকাৰৰ আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ বাহিৰে আন উদ্দেশ্যত কৰা ব্যয় । যিবোৰ ব্যয়ৰ ফলত বিত্তীয় আৰু ভৌতিক সম্পত্তিৰ সৃষ্টি হয়, সেইবোৰ মূলধনী ব্যয়ৰ ভিতৰত পৰে । ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজৰ পাৰ্থক্য কেৱল সাংবিধানিক প্ৰয়োজনীয়তাৰ বাবেহে বাজেটত দেখুওৱা নহয় । ৰাজহুৱা ব্যয়ৰ এনেধৰণৰ পৃথকীকৰণে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ আৰু সম্পদৰ সঠিক আবণ্টনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচিত হয় । সেইকাৰণে, চৰকাৰৰ ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ ধাৰা অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । এই প্ৰবন্ধটোত অসমৰ বিগত দহ বছৰৰ (২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈ) ৰাজহুৱা ব্যয়ৰ ধাৰা আলোচনা কৰা হৈছে । 

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কৰা বিত্তীয় ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত বিগত দহ বছৰত অসমৰ বিত্তীয় ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পৰিছে ।  উদাহৰস্বৰূপে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ পৰা আঁতৰোৱাৰ ফলত সেই মৰ্যাদাৰ পৰা পাবলগীয়া বিত্তীয় সাহাৰ্য কৰ্তন কৰা হৈছে । উক্ত সময়ছোৱাৰ ভিতৰত দেশখনত সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছে (১ জুলাই ২০১৭)। তদুপৰি, ৰাজ্যখনত দুটা ভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বত চৰকাৰৰ পৰিৱৰ্তন ঘটিছে । আলোচনাটোত সামৰি লোৱা প্ৰথম পাঁচ বছৰত (অৰ্থাৎ ২০১১ চনৰ পৰা ২০১৬ চনলৈকে) ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছ (প্ৰবন্ধটোত পিছলৈ কংগ্ৰেছ বুলি উল্লেখ কৰা হ’ব) নেতৃত্বাধীন চৰকাৰ চলি আছিল আৰু ২০১৬ চন ধৰি ভাৰতীয় জনতা দলৰ (চমুকৈ বিজেপি) নেতৃত্বৰ চৰকাৰ চলি আছে ।

Statistical Handbook of Assamৰ তথ্য অনুসৰি, যোৱা দুটা বিত্তীয় বৰ্ষ, অৰ্থাৎ ২০১৯-২০ আৰু ২০২০-২০২১ বৰ্ষৰ বাহিৰে ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ মুঠ ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল । এই সময়ছোৱাত (অৰ্থাৎ ২০১১-১২ আৰু ২০২০-২১) বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ১২% আছিল । ৰাজ্যখনত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ৰাজহ ব্যয় হ্ৰাস পাই অহাৰ বিপৰীতে মূলধনী ব্যয় বৃদ্ধি পাই আহিছিল ।  উক্ত সময়ছোৱাত মূলধনী ব্যয় (২৬%)ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ, ৰাজহ ব্যয়ৰ (১১%) গড় বাৰ্ষিক হাৰতকৈ বেছি আছিল । ইয়াৰ অৰ্থ হ’ল, অসম চৰকাৰে আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল । মুঠ ৰাজহুৱা ব্যয়ৰ ক্ষেত্ৰত, ৰাজ্যত বিজেপি আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৯%) বিজেপি নেতৃত্বাধীন চৰকাৰতকৈ (১০%) কম আছিল ।  ৰাজহ ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ (৯%) সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ (৭%) সময়তকৈ বেছি আছিল । কিন্তু, মূলধনী ব্যয়ৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি দেখা গৈছিল । কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত মূলধনী ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৪%) বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তকৈ সাতগুণ (২৮%) কম আছিল । ইয়াৰ অৰ্থ হ’ল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ৰাজহ ব্যয়ত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰে মূলধনী ব্যয়ত অধিক গুৰুত্ব দিছিল ।

বিভিন্ন শিতান অনুযায়ী যোৱা দহ বছৰৰ মুঠ ৰাজহ ব্যয়ৰ অংশ বিবেচনা কৰিলে দেখা যায় যে সাধাৰণ সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৪- ১৫ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছে । কিন্তু, ২০১৫-১৬ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত বৃদ্ধি পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত পুনৰ হ্ৰাস পাইছে । এই সময়ছোৱাত সাধাৰণ সেৱাৰ শিতানৰ বাৰ্ষিক গড় বৃদ্ধি হাৰ  ১১% আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৫-১৬ বিত্তীয় বৰ্ষলৈ বৃদ্ধি পাইছে ।  কিন্তু, ২০১৫-১৬ বিত্তীয় বৰ্ষ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ হ্ৰাস পাইছে । ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত পুনৰ বৃদ্ধি পাইছে । ২০১১-১২ বিত্তীয় বৰ্ষৰ তুলনাত ২০২০-২১ বিত্তীয় বৰ্ষত সামাজিক আৰু সামূহিক সেৱাৰ শিতানত কৰা ব্যয় প্ৰায় আধালৈ হ্ৰাস পাইছে । এই সময়ছোৱাত সামাজিক আৰু সামূহিক সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৭% আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ২০২০-২১ বিত্তীয় বৰ্ষত অৰ্থনৈতিক সেৱাৰ শিতানত কৰা ব্যয়ৰ বৃদ্ধি দ্ৰুত আছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অৰ্থনৈতিক সেৱা শিতানৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৯% আছিল । অনুদান-সাহায্যৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৫-১৬ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছিল আৰু ২০১৫-১৬ বিত্তীয় বৰ্ষ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈকে ই সুস্থিৰ হৈ পৰিছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অনুদান-সাহায্যৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪% আছিল ।

ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত শিতান অনুযায়ী মুঠ ৰাজহ ব্যয়ৰ অংশ তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সাধাৰণ সেৱা শিতানৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৭%) বিজেপি নেতৃত্বাধীন (৯%) চৰকাৰতকৈ কম আছিল । এফালে সামাজিক আৰু সামূহিক সেৱাৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্যিক গড় বৃদ্ধিৰ হাৰ ১৫% আছিল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত ঋণাত্মক (৮%) আছিল । আনহাতে, অৰ্থনৈতিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৪১%) কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ (১৩%) সময়তকৈ তিনিগুণ বেছি আছিল । অনুদান-সাহায্যৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্যিক গড় বৃদ্ধিৰ হাৰ ২৯% আছিল । কিন্তু, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত ১৯% আছিল । অৰ্থাৎ সাধাৰণ সেৱা, অৰ্থনৈতিক সেৱা আৰু অনুদান-সাহায্যৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰতকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজহ ব্যয় বেছি আছিল । কিন্তু, সামাজিক আৰু সামূহিক সেৱাৰ শিতানত ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰতকৈ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে অধিক ব্যয় কৰিছিল ।

যোৱা ৯ বছৰত, অৰ্থাৎ ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষলৈকে বিভিন্ন শিতান অনুযায়ী মূলধনী ব্যয় বিবেচনা কৰিলে (২০২০-২১ বিত্তীয় বৰ্ষত শিতান অনুযায়ী মূলধনী ব্যয়ৰ তথ্য উপলব্ধ নহয়), সাধাৰণ সেৱাৰ শিতানত মূলধনী ব্যয় সুস্থিৰ হৈ আছিল (৩%ৰ পৰা ৫% ৰ ভিতৰত) । এই সময়ছোৱাত সাধাৰণ সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪১% আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত মূলধনী ব্যয় ২০১১-১২ বিত্তীয় বৰ্ষ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈকে সুস্থিৰ আছিল । ২০১৪-১৫ বিত্তীয় বৰ্ষ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ  এই শিতানত মূলধনী ব্যয় বৃদ্ধি পাইছিল । কিন্তু, ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত হ্ৰাস পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত সামাজিক আৰু সামূহিক সেৱাৰ শিতানত মূলধনী ব্যয়ৰ হ্ৰাস দ্ৰুত আছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষলৈকে সামাজিক আৰু সামূহিক সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৮% আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈকে মূলধনী ব্যয় প্ৰায় সুস্থিৰ আছিল । কিন্তু, ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছিল । ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত এই শিতানত মূলধনী ব্যয় বৃদ্ধি পাইছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অৰ্থনৈতিক সেৱাৰ শিতানত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৮% আছিল ।

ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত শিতান অনুযায়ী মূলধনী ব্যয় তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সাধাৰণ সেৱাৰ শিতানত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (১১%) বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তকৈ (৩৯%) তিনিগুণকৈ কম আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰতকৈ (১৩%) কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত (৫৭%) চাৰিগুণতকৈ অধিক আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪৬% আছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত এক শতাংশতকৈ কম আছিল । অৰ্থাত, মূলধনী ব্যয়ৰ শিতান অনুযায়ী, বিজেপি নেতৃত্বাধীন চৰকাৰে সাধাৰণ সেৱা আৰু অৰ্থনৈতিক সেৱাৰ শিতানত অধিক গুৰুত্ব দিছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সামাজিক আৰু সামূহিক সেৱাত অধিক গুৰুত্ব দিছিল ।

দুটা বিত্তীয় বৰ্ষৰ (২০১৯-২০ আৰু ২০২০-২১) বাহিৰে, বিগত দহ বছৰত অসমৰ মুঠ ৰাজহুৱা ব্যয় ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল । মূলধনী ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৰাজহ ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰতকৈ অধিক আছিল । ইয়াৰ অৰ্থ হ’ল অসম চৰকাৰে বিগত দহ বছৰত আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব দিছিল । বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজহ ব্যয়তকৈ মূলধনী ব্যয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজহ ব্যয়ৰ ওপৰত অধিক গুৰুত্ব দিছিল ।

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ৩ ফেব্ৰুৱাৰী ২০২৪]

No comments:

Post a Comment