বৰ্তমান অসমত সঘনে আলোচিত বিষয়টোৱে হৈছে প্রস্তাৱিত সোৱণশিৰি নদীৰ বৃহৎ নদীবান্ধ। এই বৃহৎ নদীবান্ধ সম্পৰ্কে মূল আলোচিত বিষয়টো হ’ল বৃহৎ নদীবান্ধটো কাৰ্যকৰি হ’বলৈ দিয়া হ’ব নে নহ’ব। বিষয়টো জটিল। প্রচাৰ মাধ্যমসমূহে বিষয়টোক আৰু বেছি জটিল কৰি তুলিছে। অৱশ্যে তেওলোকৰ সেয়াই কাম। আজিকালি নিৰপেক্ষ বুলি আগবঢ়োৱা বাতৰিও সন্দেহৰ বাহিৰত নহয়। অপ্রিয় হ’লেও সত্য যে যিটো পক্ষই বেছি ‘ভিটামিন-এম’ (Money) আগবঢ়ায় তেওঁলোকৰ সপক্ষে অকাট্য যুক্তি আগবঢ়োৱা প্রচাৰ মাধ্যমসমূহৰ নতুন কথা নহয়। গণতন্ত্রৰ চতুৰ্থ স্তম্ভৰে আখ্যায়িত প্রচাৰ মাধ্যমসমূহৰ এনে চৰিত্ৰ গণতান্ত্রিক দেশ এখনৰ বাবে ইয়াতকৈ আৰু কি দুৰ্ভাগ্য থাকিব পাৰে!
এতিয়া আচল প্রসংগলৈ আহো। এক কথাত, কোনো কাৰণতে প্রস্তাৱিত বৃহৎ নদীবান্ধটো কাৰ্যকৰি হ’বলৈ দিব নালাগে। এইটোও সঁচা যে বৃহৎ নদীবান্ধটোৱে দেশৰ অৰ্থনৈতিক উন্নয়নত উল্লেখযোগ্য অৰিহনা আগবঢ়াব (প্রস্তাৱ মতে উত্তৰ প্রদেশ ৰাজ্যখন আটাইতকৈ বেছি উপকৃত হ’ব)। কিন্তু এইটো নহয় যে দেশৰ সামগ্রীক উন্নয়নৰ বাবে যুগ যুগ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া লোকসকল সৰ্বস্ব এৰি সেই স্থান পৰিত্যাগ কৰিব লাগিব। বৃহৎ নদীবান্ধটোৰ সপক্ষে মত আগবঢ়োৱা মানে হ’ল ‘জাতীয় লাভৰ কাৰণে থলুৱা যাতনা ভোগ কৰা’ (Local Pain for National Gain) । মহানদীৰ ওপৰত বন্ধা হিৰাকুড বান্ধৰ (Hirakud Dam) ফলত স্থানান্তৰিত হ’বলগীয়া লোকসকলক উদ্দেশ্যি ১৯৪৮ চনত ভাৰতৰ সেই সময়ৰ প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে এনেদৰে কৈছিল, “If you are to suffer, you should suffer in the interest of the country.” (Arundhati Roy, ‘The Algebra of Infinite Justice’, Penguin Books, 2002, Revised & Updated, Page: 47)।
নৈতিক দায়িত্বৰ খাতিৰত চৰকাৰে অৱশ্যে ক্ষতিপূৰণ আগবঢ়াব। কিন্তু বৃহৎ নদীবান্ধটো সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে কিমান আগ্রহ আৰু ক্ষীপ্রতাৰে ক্ষতিপূৰণ আগবঢ়োৱাৰ কাম কৰিব সেয়া সকলোৱে জনা কথা। দুৰ্নীতিৰ কথা নক’লোৱেইবা। সত্য কথাটো হ’ল, প্রস্তাৱিত বৃহৎ নদীবান্ধটো কাৰ্যকৰি হ’লেই সংশ্লিষ্ট অঞ্চলটোৰ হাজাৰ হাজাৰ খিলঞ্জীয়া পৰিয়াল স্থানান্তৰিত (Displaced) হ’ব। অখিল গগৈৰ তথ্যমতে অসমৰ প্রায় ৩৫ লাখ (অসমৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ) মাছমৰীয়াৰ জীৱিকা অনিশ্চিত হ’ব। পৰিয়াল এটাৰ স্থানান্তৰ মানে কেবল থকা ঘৰটোৰ স্থানান্তৰ কৰা নুবুজায়। থকা ঘৰটোৰ লগতে পৰিয়ালটোক থলুৱা সংস্কৃতি, থলুৱা বুৰঞ্জী, বৃত্তি, থলুৱা সামাজিক মূলধন ইত্যাদিৰ পৰাও স্থানান্তৰ কৰা হ’ব। বৃহৎ নদীবান্ধ সম্পৰ্কে চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া দিশটো হ’ল খিলঞ্জীয়া লোকসকলৰ সন্মতি (Consent)। কিন্তু বাস্তৱ ক্ষেত্ৰত সন্মতিৰ পৰিবৰ্তে শক্তি প্রয়োগ বা দাবী-দমকিৰে হ’লেও নদীবান্ধসমূহ কাৰ্যকৰি কৰি থকা দেখা হৈছে। ১৯৬১ চনত হিমাচল প্রদেশৰ পোংগ বান্ধ (Pong Dam) ফলৱতী কৰাৰ কাৰণে মোৰাৰজী দেচাইয়ে এখন ৰাজহুৱা সভাত খিলঞ্জীয়া লোকসকলক এনেদৰে ধমকি দিছিল, “We will request you to move from your houses after the dam comes up. If you move it will be good. Otherwise we shall release the waters and drawn you all.” (ibid, Page: 55)। এয়াই হ’ল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ প্রকৃত স্বৰূপ। জনসাধাৰণেই ৰজা পাতি দিয়ে আৰু সেই ৰজাই জনসাধাৰণক দাবী-ধমকি দিয়ে।
স্বাধীনোত্তৰ কালত দেখা গৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰসমূহে এনে বৃহৎ প্রকল্পবোৰে পৰিবেশ তথা খিলঞ্জীয়া লোকসকলৰ ওপৰত ভৱিষ্যতে কেনেধৰণে কুপ্রভাৱ পেলাব তাৰ বিস্তাৰ অধ্যয়ন নকৰাকৈয়ে স্থাপন কৰি গৈছে। মধ্যপ্রদেশৰ ‘ভূপাল গেছ ট্রেজেডি’ (The Bhupal Gas Tragedy) ইয়াৰ এক উত্তম উদাহৰণ। ৰাজনীতিকে বৃত্তি হিচাপে লোৱা লোকসকলে (দেশৰ হকে কাম কৰা ৰাজনীতিক আছে যদিও তেওঁলোক সংখ্যালঘুৰ শ্রেণীত পৰি মাত মাতিব নোৱাৰে, যিহেতু গণতন্ত্রত সংখ্যা গৰিষ্ঠৰহে ৰাজত্ব চলে) ৰাজনৈতিক লাভৰ বাবে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।
(প্ৰকাশিত, ‘প্রান্তিক’ ১৬-৩১ ডিচেম্বৰ, ২০১০, ৰঙা অংশ আলোচনীখনত প্ৰকাশ কৰা নাই।)
সকলো অসমীয়াই সহযোগিতা কৰা উচিত
ReplyDeleteঅাহক অামি ভয়ংকৰ নদীবান্ধ বন্ধোৱা কাম বন্ধ কৰো।।।
.
.
https://www.facebook.com/stopnhpc