Tuesday, 1 March 2011

পিতাই আৰু মোক চিগাৰেট, মদ আদি আনিবলৈ নপঠোৱা হ’ল


১৯৯২ চনৰ কথা৷ মই তেতিয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ৷ বছৰটোৰ আঠ/ মাহেই আমাৰ ঘৰৰ পৰা প্ৰায় ডেৰকিলমিটাৰ দূৰত অৱস্থিত চাহৰ দোকান এখনত ৰাতিপুৱা মান বজাত গাখীৰ দিবলৈ যোৱা মোৰ দৈনিক কাম আছিল৷ এই কামটোৰ বাবদ মই দৈনিক এটকাকৈ পাইছিলো (গাখীৰ দুই/আড়ৈ লিটাৰমান নিছিলো আৰু প্ৰতি লিটাৰ গাখীৰৰ দাম পাঁচ টকা আছিল) দোকানখনৰ পৰা গাখীৰৰ বাবদ পাবলগা টকাকেইটা লৈ ঘৰ আহি পাও মানে স্কুললৈ বুলি ওলাবৰে হয় (টকাকেইটা পাবৰ বাবে বহু সময় বাদ চাব লাগিছিল) স্কুলখন আমাৰ ঘৰৰ সম্মূখতে আছে বাবে পলম নহৈছিল৷ সি যি কি নহওক, দোকানখনৰ পৰা আহোতে পিতাই মোক প্ৰায়েই দুই/তিনিডাল চিগাৰেট আনিবলৈ দিছিল৷ পিতাৰ চিগাৰেট খোৱাৰ অভ্যসটো আয়ে ভাল নাপাইছিল৷ আন দিনাৰ দৰে সেইদিনাও পিতাই মোক দোকানৰ পৰা চিগাৰেট আনিবলৈ  দিছিল আৰু দিয়াচলাইলৰ সৈতে হাল বাই থকা পথাৰখনলৈ নিবলৈ কৈছিল৷ আনফালে আয়ে কিছুমান দৈনন্দিন প্ৰয়োজনীয় বস্তু যেনে- মিঠাতেল, চেনি, নিমখ আদি আনিবলৈ কৈছিল৷ আয়ে কিনিবলৈ কোৱা বস্তুখিনি কিনাৰ পিছত মোৰ হাতত পিতাৰ বাবে কেবল এডাল চিগাৰেটৰ পইচা আছিল৷ লাগতীয়াল বস্তুবোৰ ঘৰত থৈ লগত  দিয়াচলাই এটা লৈ পিতালৈ বুলি নিয়া চিগৰেটটো ৰাস্তাতে জ্বলাই দুবাৰমান হুপি অলপ চিঙি পিতাক দিলো৷ পিতাইইমান চুটি চিগাৰেট নে’ বুলি সোধোতেনতুন কোম্পানীৰ চিগাৰেট, কম দামতে পায়বুলি মিছা মাতিলো৷ পিতাই আৰু একো নসুধি চিগাৰেটটো জ্বলাই হুপিবলৈ ধৰিলে৷ সিদিনাৰ পৰা আৰু পিতাই মোক চিগাৰেট আনিবলৈ কোৱা মনত নপৰে৷ পিছত মন কৰিলো যে তেখেতে চিগাৰেট খোৱা অভ্যাসটোকে বাদ দি দিলে  (কিয় বাদ দিলে, কোৱা নিষ্প্রয়োজন)
সেইদৰে, ঘৰত মদ নথকা অৱস্থাত আলহি আহিলে (সাধাৰণতে জনজাতিসকলে মদেৰে অতিথিক আপ্যায়ন কৰে) লোকৰ ঘৰৰ পৰা মদ কিনি আনিবলৈ মোক নপঠোৱা ল৷ কাৰণ, মোক মদ আনিবলৈ পঠালে বটলটোৰ মদ কেতিয়াও সম্পূৰ্ণ অৱস্থাত নাহে৷ এতিয়া মনত পৰিলে ভাল লাগে যে মই নজনাকৈয়ে মোৰ এনে কু-অভ্যাসবোৰৰ বাবেই পিতাই তেখেতৰ কু-অভ্যাসবোৰ এৰিবলৈ বাধ্য হৈছিল।


(প্ৰকাশিত, ‘প্রান্তিক’ ০১-১৬ নৱেম্বৰ, ২০১০)

2 comments: