‘নিয়মীয়া বাৰ্তা’ত যোৱা ১৮ জানুৱাৰী তাৰিখে ফৰহাদ ভূঞাৰ
‘হিন্দু-মুছলমানৰ সম্প্ৰীতিয়েহে বচাব অসমক’ শীৰ্ষক লেখাটোৱে আমাৰ অন্তৰ চুই গ’ল। লেখাটোৱে আমাক বৰ আবেগিক কৰি তুলিলে। কথাখিনি
পঢ়ি থাকোতে শেষৰ ফাললৈ আমাৰ চকু দুটা চলচলীয়া হৈ পৰিল। শেষৰ পেৰাগ্ৰাফটো পঢ়িবৰ
বাবে হাতেৰে দুচকু মহাৰিহে পঢ়িব লগা হ’ল। (ব্যক্তিগতভাবে আমাৰো এনে সম্প্ৰীতিৰ
অভিজ্ঞতা আছে)।
আচলতে তথাকথিত ধৰ্মক অতিক্ৰম কৰি গঢ়ি উঠা মানসিকতাৰ মানুহৰ
বাবে হিন্দু, মুছলমান, খ্ৰিষ্টান আদি শব্দবিলাকৰ অৰ্থ অতি সংকীৰ্ণ। সংশ্লিষ্ট
ধৰ্মটোত জন্ম লোৱাৰ বাবে সেই ধৰ্মটোৰ এৰাব নোৱাৰা কিছুমান নীতি-নিয়ম পালন কৰাতেই
তেওঁলোকৰ ধৰ্ম শেষ। তেওঁলোকে বুজে যে তাতকৈ বেছি কৰিবলৈ হ’লে ধৰ্ম, অধৰ্মহে হ’ব।
কিন্তু এইটো বুজিলে ভুল হ’ব যে ধৰ্মৰ নামত সমাজত ব্যভিচাৰ চলাই থকাসকলে এই কথা
নুবুজে। যদিও সেইসকল লোক তেওঁলোকৰ ধৰ্মটোৰ এখন কিতাপ পঢ়িয়েই পণ্ডিত (?) হয়,
তেওঁলোকেও গম পায় যে তথাকথিত ধৰ্মটোৰ ওপৰত উঠি ধৰ্মাচৰণ কৰিবলৈ হ’লে তেওঁলোকৰ
ব্যক্তিগত স্বাৰ্থ পূৰণ নহ’ব। তেওঁলোককে ধৰ্মগুৰু বুলি ভবা, ধৰ্মৰ ‘ধ’টোকে বুজি
নোপোৱা, কিছুমান মানুহৰ মাজত তেওঁলোকৰ সন্মান (?) লাঘব হ’ব আৰু সেই মানুহবিলাকৰ
মূৰত নাৰিকল ভাঙি পেট পুহি থকা বেপাৰৰ আধ্যা পৰিব।
যেতিয়ালৈকে এখন সমাজত তথাকথিত ধৰ্মৰ ওপৰত উঠি চিন্তা
কৰিব পৰা মানুহৰ প্ৰভুত্ব নচলিব, তেতিয়ালৈকে সেই সমাজত ধৰ্মৰ নামত বিশৃংখলতাৰ
সৃষ্টি হৈয়ে থাকিব। ফৰহাদ ভূঞাক ধন্যাবাদ যে বিশৃংখলতাৰ মাজতো তেখেতৰ দৰে লেখনিয়ে
নিশ্চয় কিছুমান মানুহক সহনশীল হোৱাত সহায় কৰিব।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ মাৰ্চ ২০১৭]
No comments:
Post a Comment